মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / শব্দ প্ৰদূষণ ৰোধ কৰো আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শব্দ প্ৰদূষণ ৰোধ কৰো আহক

 

বর্তমান সমগ্ৰ বিশ্বৰ চৌদিশে ভয়ানক ৰূপ ধাৰণ কৰা গুৰুত্বপূর্ণ সমস্যাটো হৈছে পৰিবেশ প্ৰদূষণ। এই পৰিৱেশ প্ৰদূষণ সমস্যাটোৱে বৰ্তমান সময়ত মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া চৌদিশে কেৱল প্ৰদূষণেই প্ৰদূষণ। প্ৰদূষণৰ হাত সাৰিবলৈ মানুহৰ উপায় নোহোৱা হৈ পৰিছে। প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ দিনে দিনে যিমানে মাত্ৰাও বৃদ্ধি হৈছে। আমি বসবাস কৰা ঠাইখনৰ প্ৰাকৃতিক উপাদানসমূহ যেনে- মাটি, পানী, বায়ু, সূৰ্যৰ তাপ আৰু পোহৰ, গছ-গছনি আদিয়েই আমাৰ পৰিবেশ। প্রাণী আৰু মানুহৰ জীৱন-ধাৰণ প্ৰক্ৰিয়াৰ স’তে প্রকৃতিৰ এই উপাদানসমূহৰ এক এৰাব নোৱাৰা সম্পর্ক জড়িত হৈ আছে। এক কথাত ক’বলৈ গ’লে প্রকৃতিৰ এই উপাদানসমূহ পৃথিৱীত আছে বাবেই প্রকৃতিৰ এই উপাদানসমূহৰ ওপৰত মানুহৰ অধিকাৰ, মানুহৰ দখল, মানুহৰ অত্যাচাৰ দিনে দিনে ইমানেই বৃদ্ধি হ’বলৈ ধৰিছে যে, সেই কাৰণেই প্রাকৃতিক পৰিবেশ থৰক-বৰক হৈ পৰিছে। জল-স্থল, আকাশ-বতাহ সকলোতে বৃদ্ধি পাইছে কেৱল মানুহৰ অধিকাৰ। মানুহৰ দখল আৰু ইয়াৰ লগে লগে প্ৰত্যক্ষ বা পৰোক্ষভাবে বৃদ্ধি পাইছে প্ৰদূষণ। আমাৰ জীৱন ধাৰণ প্রক্রিয়াৰ লগত প্রকৃতিৰ উপাদানসমূহ জড়িত হৈ আছে যদিও আমি প্রকৃতিৰ উপাদানসমূহৰ ক্ষয়-ক্ষতিৰ কথা চিন্তা নকৰি অপ্ৰয়োজনীয় কিছুমান কাম কৰি পৰিৱেশ প্ৰদূষণৰ অৰিহণা যোগাই আহিছো। বর্তমান পৰিবেশৰ থৰক-বৰক অৱস্থাৰ সময়তো সেইবোৰ কথা চিন্তা-চর্চা কৰা লোকৰ সংখ্যা আমাৰ সমাজত তেনেই নগণ্য। অকল সেয়ে নহয়, কাগজৰ বাঘহে হৈ আছে। বাৰু, যি কি নহওক, আজিৰ লেখাটোত আমাৰ বিচাৰ-বিবেচনাহীন কাৰ্য কলাপৰ কাৰণে দিনকদিনে বৃদ্ধি পাবলৈ ধৰা এক ভয়ানক প্ৰদূষণৰ বিষয়ে এক বাস্তৱ অভিজ্ঞতা উল্লেখ কৰিব খুজিছো। সাম্প্রতিক সময়ত আমাৰ পৰিবেশৰ বায়ু, পানী, মাটি আদি দ্রুত গতিত বিভিন্ন প্ৰকাৰে প্ৰদূষিত হোৱাৰ দৰে শব্দ প্ৰদূষণেও ভয়ানক ৰূপ ধাৰণ কৰিছে। বিভিন্ন মাধ্যমৰ পৰা উদ্ভৱ হোৱা বিৰক্তিকৰ শব্দ তৰংগই মানুহৰ শ্ৰৱণেন্দ্ৰিয়ত আঘাত কৰাকে আমি শব্দ প্ৰদূষণ হোৱা বুলি কওঁ। অর্থাৎ শব্দই যেতিয়া অবিৰাম গতিত আহি ভয়ানকভাৱে আমাৰ কাণৰ পর্দাখনত আঘাত কৰিবলৈ ধৰে, তেতিয়াই সি হৈ পৰে প্ৰদূষিত, অৰ্থাৎ শব্দৰ প্ৰদূষণ। বিভিন্ন শব্দ-তৰংগৰ দৈৰ্ঘ্য অনুদৈর্ঘ্য আৰু প্ৰাবল্যই শব্দ প্ৰদূষণৰ মূল প্রভাৱ সৃষ্টি কৰে। প্রচণ্ড শব্দ বা তীব্র শব্দৰ কোলাহলৰ মাজত শ্ৰৱণ শক্তি নোহোৱা হৈ যাবও পাৰে। শব্দ তৰংগ সৃষ্টি বিভিন্ন প্ৰকাৰে হ’ব পাৰে। যেনে-বিভিন্ন কল-কাৰখানাৰ যন্ত্ৰ-পাতি আৰু ৰাসায়নিক বিস্ফোৰণ। বায়ু পানী আৰু মাটিৰে চলাচল কৰা যান-বাহনৰ ইঞ্জিনৰ শব্দ আদিৰ পৰাও শব্দ প্ৰদূষণ সৃষ্টি হয়। তদুপৰি আমি নিজেও অনাহকত কিছুমান শব্দ তৰংগৰ সৃষ্টি কৰি শব্দ প্ৰদূষণ সৃষ্টিত বিশেষ অৰিহণা যোগাই আহিছে।

বৰ্তমান সময়ত প্ৰাকৃতিক পৰিৱেশৰ দ্ৰুত অৱনতি ঘটাত পৃথিৱী ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত অসমৰ্থ হৈ পৰা পৰিলক্ষিত হৈছে। এই বিষয়টো সকলোৱে উপলব্ধি কৰিছে যদিও প্ৰাকৃতিক পৰিবেশ বিনষ্ট হ’ব পৰা কেতবোৰ অপ্ৰয়োজনীয় কাৰ্য এতিয়াও আমাৰ সমাজত চলিয়েই আছে। এচাম লোকে এইবোৰ কথালৈ লক্ষ্য নকৰি জধে মধে এনে কিছুমান কাম কৰা পৰিলক্ষিত হয়, যিবোৰ নকৰিলেও সমাজৰ কোনো বিশেষ ক্ষয়-ক্ষতি নহয় বুলি আমাৰ মনে ধৰে। সেই অপ্রয়োজনীয় কামবোৰৰ পৰা আমি বিৰত থাকি প্রাকৃতিক পৰিবেশ অলপ হ’লেও সুন্দৰ আৰু নিকা কৰি ৰখাত অৰিহণা যোগাব পাৰো।

এইক্ষেত্ৰত অনুষ্ঠান-প্রতিষ্ঠানত মাইক বজোৱাৰ বিষয়ে দুই-এটা উদাহৰণ উল্লেখ কৰিলো। বর্তমান আমাৰ সমাজ ব্যৱস্থাত ধর্মীয় অনুষ্ঠানেই হওক বা আন উৎসৱ-পাৰ্বণবোৰতেই হওক,দিনে-নিশাহ মাইক বজাই হৈ-চৈ কৰি অযথা শব্দ প্ৰদূষণ সৃষ্টি কৰা যেন এক এৰাব নোৱাৰা কাৰ্যলৈ ৰূপান্তৰ হৈছে৷ যিবোৰ কামত মাইক বজোৱাত বোধহয় কাৰো আপত্তি নাথাকে। উদাহৰণস্বৰূপে এই ধৰক অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ’ব আবেলি দুই বজাৰ পৰা। কিন্তু ৰাতিপুৱাই কোনো কাম-বন নোহোৱা মানুহৰ দৰে জধে-মধে উৎকট শব্দত মাইকটো বজাই ওচৰ-পাঁজৰৰ আন লোকসকলক অশান্তি দিয়াৰ লগতে অনাহকত শব্দ কোলাহল সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰা কাৰ্য্যৰ কিবা প্ৰয়োজন আছেনে বাৰু ? অকল সেয়ে নহয়, অনুষ্ঠানৰ উদ্যোক্তাসকলে সীমিত শব্দত আনৰ অসুবিধা নোহোৱাকৈ মাইক বজায়ো অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে। কিন্তু তাকে নকৰি গছ-বাঁহৰ ওপৰত তিনি-চাৰি তলা বিলডিঙৰ ওপৰত একাধিক হৰ্ণ লগাই উৎকট শব্দত মাইক বজাই সমগ্ৰ পৰিৱেশটোত অশান্তিৰ সৃষ্টি কৰাৰ কিবা প্ৰয়োজন আছেনে বাৰু? আমি ভাবো নিশ্চয় নাই। এইবোৰো কিছুমান অপকৰ্ম তথা অমানৱীয় কাৰ্যকলাপ। এই অপকৰ্মবোৰৰ কথা আমাৰ সমাজৰ কেইটা অনুষ্ঠানৰ কেইজন উদ্যোক্তাই ভাবিছে বাৰু?

একেদৰে ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়নৰ নামত মাইক বজোৱা কাৰ্যই সীমা চেৰাই গৈ বহুদূৰ অতিক্ৰয় কৰা দেখা যায়। উদাহৰণস্বৰূপে অখণ্ড ভাগৱত পাঠ, মহা পালনাম, বলব’ম আদিৰ কথাকে ধৰো, আজিকালি গাঁও অঞ্চলবোৰত খেল সমাজৰ সীমা-সংখ্যা নাই। এখন গাঁৱতে কেইবাখনো খেল। এই কথাই প্রমাণ কৰে গাঁৱৰ লোকসকলৰ মাজত মিলা প্ৰীতি কিমান আছে। ইয়াৰ ফলত কোনোবা এখন খেলে যদি অখণ্ড ভাগৱত পাঠ পাতিছে, আন এখনে কেইদিনমানৰ পিচতে আকৌ মহা পালনাম পাতিছে। অখণ্ড ভাগৱত পাঠ মানে হ’ল তিনি-চাৰিদিন ধৰি অবিৰতভাবে ভাগৱত পাঠ চলি থকা কার্য। অখণ্ড ভাগৱত পাঠ, পালনাম আদি কাৰ্যসূচী ৰূপায়ণৰ নামত একেলেথাৰিয়ে নেৰানেপেৰাকৈ তিনি-চাৰিদিন ধৰি দিনে-নিশাই মাইকত তীব্ৰ শব্দত ভাগৱত পাঠ কৰি কোলাহল সৃষ্টি কৰি পৰিবেশ বিনষ্ট কৰাৰ কিবা প্ৰয়োজন আছেনে বাৰু? সীমিত শব্দত মাইক বজাই তেনে অনুষ্ঠানৰ কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিব লাগে। কাৰণ ভাগৱত পাঠ, পালনাম আদিবোৰ শান্তিৰ কাৰণে কৰা হয়। গতিকে অধিক শব্দত মাইক বজাই হৈ-চৈ কৰি অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে শব্দ প্ৰদূষণ সৃষ্টি কৰাৰ কোনো প্রয়োজন নাই।

বর্তমান সময়ত ব্যাপকভাবে শব্দ প্ৰদূষণ সৃষ্টি কৰা আন এটা ধমীয় অনুষ্ঠান হ’ল— বলব’ম বা বলেবম। প্রতিবছৰে শাওণ মাহত অনুষ্ঠিত হোৱা বলব’ম নামৰ ধৰ্মীয় অনুষ্ঠানটো পালন কৰাৰ নামত এচাম লোকে মটৰ গাড়ীবোৰত মাইক বান্ধি লৈ ৰাস্তাই ৰাস্তাই বিকট শব্দত মাইক বজাই হৈ-চৈ কৰি যোৱা, আনক অশান্তি দিয়া, প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা কিবা প্ৰয়োজন আছেনে বাৰু? এই সংস্কৃতিটো ৰক্ষাৰ নামত মাইক বজোৱা প্ৰৱণতা দিনে দিনে ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে, ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অতি ব্যস্ত পথবোৰত যান-বাহন চলাচলৰ ক্ষেত্ৰত গভীৰ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে দূর্ঘটনাও ঘটা দেখা যায়। এনেদৰে ৰাজপথৰ তীব্র শব্দত মাইক বজোৱা কার্যক নীতিবিৰোধ কার্য বুলি গণ্য কৰি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। এনে কার্য বনভোজৰ সময়তো দেখা যায়। মাইক বজাই হৈ-চৈ কৰা কাৰ্য্যই সীমা চেৰাই যোৱা দেখা যায়। এই কাৰ্যও বন্ধ হ’ব লাগে।

সেয়ে সময় থাকোতেই এই কার্যবোৰ নীতিবিৰোধ কাৰ্যৰূপে গণ্য কৰি বন্ধ কৰাৰ ব্যৱস্থা কৰি অসম তথা ভাৰতবাসীয়েও পৃথিৱীখন সুন্দৰ, সুৰক্ষিত, সুৱাসিত আৰু নিকা কৰি ৰখাৰ ব্যৱস্থাত গুৰুত্ব দিব লাগে। এনে কৰিলেহে স্বচ্ছ ভাৰত বা স্বচ্ছ অসম কার্য সাফল্যমণ্ডিত হ’ব। পৃথিৱীখনৰ পৰিবেশ ৰক্ষা বা সুৰক্ষিত কৰি আমি নিজেও ৰক্ষা পৰো আহক।

লিখক: অৱনী কুমাৰ শইকীয়া।

 

2.94285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top