মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / শব্দ যেতিয়া ঘাতক হৈ পৰে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শব্দ যেতিয়া ঘাতক হৈ পৰে :

শব্দ যেতিয়া ঘাতক হৈ পৰে । সেই বিষয়ে লিখা হৈছে ।

 

শব্দ –বৰ্তমান এৰাই চলা এটা প্ৰদুষণ। বৰ্তমান শব্দ প্ৰদুষণে ভয়াৱহ ৰুপ লৈছে। আমাৰ দেশৰ বেছিভাগ মানুহে শব্দ প্ৰদুষণৰ ভয়াৱহতাৰ কথা গম নাপায় বা ইয়াক এৰাই চলা দেখা যায়। বৰ্তমান বিজ্ঞান আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিমান অগ্ৰগতি লাভ কৰিছে, ঠিক তেনেকৈ মানৱ সমাজৰ জীৱন-প্ৰণালীও সলনি হৈ আহিছে। শব্দ হৈছে এনেকুৱা এবিধ প্ৰদুষণ, যাৰ বাবে দায়ী মানৱ সমাজ। সকলো জীৱ- জন্তুৰ শব্দ শুনাৰ প্ৰাৱল্যৰ পৰিমাণ সীমিত থাকে। ঠিক তেনেকৈ মানুহৰো শব্দ শুনাৰ হিচাপ আছে। কিন্তু যেতিয়া শব্দই এই সীমা পাৰ হয়, তেতিয়া শব্দৰ প্ৰদুষণ হোৱা বুলি ধৰিব পাৰি। বৰ্তমান আমি শব্দৰ আতংক বন্ধ কৰিব নোৱাৰোঁ, কিন্তু তাক কমাব পৰা যায়। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন সা-সৰঞ্জামবোৰেই অত্যধিক শব্দৰ সৃষ্টি কৰি আহিছে। কিন্তু কাহানিও আমাৰ উপলব্ধি নহয় যে এই শব্দই মানৱ সমাজ তথা পৰিৱেশৰ ব্যাপক ক্ষতি কৰি আহিছে। শব্দই মানৱ সমাজ তথা বন্যপ্ৰাণীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। শব্দৰ মুল উৎসবোৰ হৈছে বিভিন্ন উদ্যোগ, কল-কাৰখানা, যান-বাহন ইত্যাদি। আমাৰ দেশৰ জনসংখ্যা বৃদ্ধি পাই আহিছে। ঠিক তেনেকৈ বৰ্তমান সময়ত অতি কম দামত যান-বাহন উপলব্ধ হোৱাৰ লগে লগে ব্যৱহাৰকাৰীৰ সংখ্যাও বঢ়া দেখা পোৱা গৈছে। ফলত ব্যৱহাৰকাৰীৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে, ঠিক তেনেকৈ যান-বাহনৰ পৰা নিৰ্গমন হোৱা শব্দৰ প্ৰাৱল্যও বেছি হৈছে। ৰাস্তা-ঘাটত বৃদ্ধি পোৱা পোৱা যান-বাহনত ব্যৱহৃত গান-বাজনা, ট্ৰেফিক জাম, ছাইৰেন ইত্যাদিৰ ফলত  অধিক উচ্চ হাৰত শব্দৰ প্ৰাবল্য বেছি হৈ আহিছে। কিছুমান দেশত যান-বাহনত অত্যধিক উচ্চ স্তৰত গান বজোৱা তথা অযথা হৰ্ণ মৰা কামবোৰ বন্ধ কৰিছে যদিও আমাৰ দেশত লাঘৱ নহয়। এনেক্ষেত্ৰত ভাৰত চৰকাৰেও কঠোৰ নীতি-নিয়ম অৱলম্বন কৰিব লাগে। উদ্যোগ, কল-কাৰখানা, গাড়ীৰ গেৰেজৰ পৰা নিৰ্গত হোৱা শব্দই শান্তিৰ পৰিৱেশ এটাক কিদৰে বিনষ্ট কৰি তোলে, সেয়া সকলোৰে জ্ঞাত। মানুহৰ বাসস্থলৰ পৰা নিৰ্হমন হোৱা শব্দও কোনোগুণে কম নহয়। বিশেষকৈ ধৰ্মীয় অনুষ্ঠান মঠ-মন্দিৰ, গিৰ্জা ঘৰ, মছজিদ , নামঘৰ ইত্যাদিৰ পৰা সৃষ্টি হোৱা শব্দ মানুহৰ বাবে অতি বিপজ্জনক। এনে অনুষ্ঠানৰ ওচৰ-পাঁজৰে যিয়ে বসবাস কৰি পোৱা নাই, এই শব্দৰ পৰা পোৱা মানসিক যন্ত্ৰণাৰ কথা বুজি নাপাব। বিভিন্ন ধৰ্মীয় উৎসৱ-পাৰ্বণত ভগৱানৰ নামত, পুজাৰ নামত, আল্লাৰ নামত, ভাগৱত পাঠ আদিত মাইক ব্যৱহাৰ কৰি উচ্চ স্তৰত বজোৱা পৰম্পৰবোৰ বন্ধ কৰিব লাগে। কিয়নো মাইক অবিহনেও ঈশ্বৰৰ স্তুতি কৰিব পাৰি। কিছুমান বস্তু আমি পৰম্পৰা বুলি ধৰি লওঁআৰু এৰি চলিব নোৱাৰোঁ বুলি ভাবোঁ। কিন্তু এনে পৰম্পৰাৰ বেছিভাগেই আমি মানৱ জাতিয়ে সৃষ্টি কৰি লোৱা পৰম্পৰা। দেৱালীৰ সময়ত কি ভয়ংকৰ শব্দৰ সৃষ্টি হয়, এই কথা আপুনিও জ্ঞাত। আজিকালি আমাৰ নতুন পৰম্পৰা সৃষ্টি হৈছে। যিকোনো উৎসৱেই হওক বা পাৰ্টীয়েই হওক, আমি শব্দ সৃষ্টি কৰি ভাল পোৱা হৈছোঁ।

এনে পৰম্পৰা কমাৰ পৰিৱৰ্তে দিনকদিনে বাঢ়ি যোৱা দেখা পোৱা গৈছে। আমি প্ৰতি বছৰে পিকনিক, সাংস্কৃতিক অনুষ্ঠান, থিয়েটাৰ আদিৰ নামত সৃষ্টি হোৱা শব্দৰ কথা সকলোৱে জানো। উচ্চতম ন্যায়ালয়ে নিশা দহ বজাৰ পিছত উচ্চ স্তৰত গান-বাজনা তথা শব্দৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ আইন প্ৰণয়ন কৰিছিল, কিন্তু কোনেও নীতি-নিয়মবোৰ মানি চলা দেখা নাযায়। আপুনি আচৰিত হ’ব যে দিনৰ সময়খিনিত শিক্ষামুলক অনুষ্ঠান, চিকিৎসালয়, ধৰ্মীয় মঠ-মন্দিৰ, মছজিদ আদিৰ পৰা অত্যধিক পৰিমাণত শব্দৰ সৃষ্টি কৰে। যদি এনে পৰম্পৰাবোৰ মানৱ সমাজৰ বাবে ক্ষতিকাৰকেই হয়, তেন্তে এনে পৰম্পৰা বন্ধ কৰা উচিত। শব্দই মানৱ সমাজৰ জীৱন-প্ৰণালী তথা স্বাস্থ্যত ঋণাত্মক প্ৰভাৱ পেলায়। শব্দই মানুহৰ মানসিক আৰু স্বাভাৱিক কৰ্ম প্ৰক্ৰিয়া দুয়োটাত নেতিবাচক  স্বাস্থ্যত ঋণাত্মক প্ৰভাৱ পেলায়। শব্দই মানুহৰ মানসিক আৰু স্বাভাৱিক কৰ্ম প্ৰক্ৰিয়া দুয়োটাত নেতিবাচক প্ৰভাৱ পেলায়। অত্যধিক শব্দই শৰীৰৰ মানসিক চাপ বৃদ্ধি পোৱা, কাণৰ শুনাৰ সমস্যা আৰু নিদ্ৰাহীনতা আদি ৰোগৰ সৃষ্টিত সহায় কৰে। তদুপৰি শব্দৰ ফলত ৰক্তচাপ অৰু হাৰ্ট এটেক হয়। শব্দই এগৰাকী যুৱক-যুৱতীৰ ওপৰত যিমান প্ৰভাৱ পেলায়, তাতোকৈ বয়স্ক এজনৰ ওপৰত অধিক প্ৰভাৱ পেলায়। অত্যধিক শব্দৰ কবলত বা উচ্চ স্তৰত শব্দৰ প্ৰভাৱ থাকিলে চিৰদিনৰ বাবে মানুহ নুশুনা বা কলা হৈ পৰে। শব্দই অকল মানৱ জাতিৰ ওপৰতে প্ৰভাৱ নেপেলায়, ই বন্য জীৱ-জন্তুৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়। গতিকে শব্দ মানৱ জাতিৰ বাবে বিপজ্জনক নহয়, ই ভয়ংকৰো। শব্দৰ সজাগতাৰ বাবে ‘আৱাজ’ নামৰ বেচৰকাৰী সংস্থাই বহু বছৰৰ পৰা কাম কৰি আহিছে। অকল চৰকাৰে নীতি-নিয়ম বান্ধি দিলেই নহ’ব, তাৰ বাবে আমাৰো মানসিক চিন্তাধাৰা সলনি হ’ব লাগিব, তেতিয়াহে শব্দৰ প্ৰতিৰোধ কৰিব পাৰিম। শব্দৰ সৃষ্টি হয়, তাক আমি বন্ধ কৰিব নোৱাৰোঁ। কিন্তু অলপ হ’লেও আমি কমাব পাৰোঁ।

লেখিকা: লীলাকান্ত পায়েং (দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top