অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটা পৰুৱা ধৰা

স্থান : শ্ৰেণী, বাহিৰ

গোটৰ আকাৰ : যিকোনো

সময় : ৩০-৪৫ মিনিট

যোগাৰ : ৰঙীন ডাঠ কাগজ, কেঁচি

উদ্দেশ্য

জীৱবোৰে কেনেকৈ কৱচৰুপে ৰং ব্যৱহাৰ কৰে তাকে বুজোৱা।

কি কৰিব

ডাঠ কাগজৰ সৰু সৰু টুকুৰা কৰক আৰু দুয়ো পিঠিতে একে ৰঙ দিয়ক। নানা ৰং ব্যৱহাৰ কৰক। আনকি মিহলি ৰঙো ব্যৱহাৰ কৰক। এই ৰঙীন টুকুৰাবোৰ যেনিবা কিছুমান পোক পতংগ। বনৰ ওপৰত সিঁচৰিত কৰি দিয়ক।

প্ৰতিজন ছাত্ৰ ছাত্ৰীকে একোটা চৰাইৰ নাম দিয়ক, যেনে হেটুলুকা, কাউৰী আদি।

তাৰ পিচত এটা এটাকৈ সেই চৰাইবোৰৰ নাম মাতি যাওক। কোনো এটা চৰাইৰ নাম মতাৰ লগে লগে সেই নাম দিয়া ছাত্ৰ/ছাত্ৰী গৰাকীয়ে ‘উৰা’ মাৰিব আৰু ঘাঁহনি ডৰাৰ ওপৰত সিঁচি দিয়া ‘পতংগ’ৰ যিটোকে প্ৰথমে দেখে ধৰিব।

ল’ৰা ছোৱালীবোৰ ‘পতংগ’বোৰ লৈ ‘উৰা’ মাৰি ঘূৰি আহিলে তেওঁলোকক এখন বগা কাগজত ধৰি অনা ‘পতংগ’বোৰ এফালৰ পৰা ক্ৰমেৰ্সজাই যাব কওক।

এনেদৰে আগবাঢ়ক যাতে প্ৰত্যেক ছাত্ৰ/ছাত্ৰীয়ে কমেও এবাৰ এই কামটো কৰে।

তাৰ পিচত ল’ৰা ছোৱালীবোৰক ‘পতংগ’ৰ ৰঙৰ ক্ৰমলৈ মন কৰিব কওক।

দেখা যাব যে যিবিলাক ‘পতংগ’ৰ পৰি থকা ঠাইৰ সৈতে মিলে সেইবোৰ বহু পিচত ধৰা হৈছে আৰু যিবোৰ ‘পতংগ’ৰ ৰং পৰি থকা ঠাইৰ ৰঙতকৈ ভিন সেইবোৰ প্ৰথমেই ধৰা গৈছে।

এই খেলটো এতিয়া খেলপথাৰ বা বন নথকা ঠাইত কৰি চাওক।

ৰঙে কেনেকৈ ‘পতংগ’বোৰক শত্ৰুৰ পৰা ৰক্ষা কৰে সেই বিষয়ে আলোচনা কৰক।

পৰিৱৰ্তন/পৰিবৰ্ধন

পোক পতংগৰ দৰেই চৰাই আৰু জন্ত্বোৰেও কেনেকৈ ৰঙৰ কৱচেৰে নিজকে ৰক্ষা কৰে, সেই কথা ব্যাখ্যা কৰক।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

 

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate