অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰৰ পানী

স্থান : ঘৰ, বাহিৰ

গোটৰ আকাৰ : গাইগুটীয়া বা পূৰা শ্ৰেণী

সময় : কেবাদিন

উপযুক্ত সময় : ওৰে বছৰে

যোগাৰ : নালাগে

উদ্দেশ্য

এইবোৰৰ জ্ঞান দিয়া :

  • ঘৰলৈ পানী কঢ়িওৱাত শক্তি খৰচ হয়।
  • পানী এটা অতি আৱশ্যকীয় সম্পদ।
  • পানী পোৱাটো নানা কথাৰ ওপৰত নিৰ্ভৰ কৰে।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলে তলৰ কথাখিনিলৈ মন কৰিব :

  • ঘৰলৈ পানী কেনেকৈ আহে?
  • ঘৰলৈ কোনে/কিহে আনে?
  • ঘৰৰ কি কি কামৰ বাবে পানী লাগে?
  • পানীৰ উৎসলৈ কিমান দূৰ?
  • তোমাৰ ওচৰ চুবুৰীয়া মানুহে তোমালোকৰ দৰেই পানী পায়নে?
  • পানীৰ উৎস কোনে নিয়ন্ত্ৰণ কৰে?কিয়?
  • তোমাৰ ঘৰত প্ৰতিদিনে কমেও কিমান পানী লাগে?
  • যদিহে কুঁৱাৰ পৰা অনা হয় : কুঁৱাৰ পৰা তিৰোতা মানুহে পানী কঢ়িয়াব লাগে কিয়? পানী আনোঁতে তেওঁলোকে কিমান সময় লয়?
  • ঘৰত ব্যৱহাৰ কৰাৰ পিচত পানীখিনি ক’লঈ যায়?
  • বছৰৰ কোন কোন সময়ত ডয়েৰিয়া আদি ৰোগ হয়?

পৰিৱৰ্তন/পৰিবৰ্ধন

  • খোৱা পানী কেনেকৈ বিশুদ্ধ কৰিব?
  • পানীৰ উৎস কেনেকৈ পৰিষ্কাৰকৈ ৰাখিব? পুখুৰী? কুৱা?
  • পানীৰ উৎসৰ ওচৰত কি কি কাম কৰিব নালাগে?

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate