অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰাইক স্নান কৰোৱা

স্থান : শ্ৰেণী, বাহিৰ, ঘৰ

গোটৰ আকাৰ : ৫-৬

যোগাৰ : মাটি বা ধাতুৰ চৰিয়া/থাল, টান তাঁৰ, ডাঙৰ গজাল, হাতুৰী

উদ্দেশ্য

ছাত্ৰ ছাত্ৰীৰ চৰাইৰ প্ৰতি ধাউতি বঢ়োৱা।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক মাটিৰ থাল এখন ল’ব দিয়ক।

গজাল আৰু হাতুৰীৰে থাল খনৰ কাষে কাষে তিনিটা বা চাৰিটা বিন্ধা কৰক, যাতে আঁৰি থব পাৰি।

বিন্ধা কেইটাত তাঁৰ সুমুৱাই বান্ধি থাল খনত পানী ভৰাই গছৰ ডালৰ বা বাৰাণ্ডাৰ মাৰলিৰ পৰা আঁৰি থ’ব দিয়ক। এইটোৱেই হ’ল চৰাইৰ স্নানপাত্ৰ। এনেকৈ আঁৰি থোৱা বাবে চৰাইবোৰ মেকুৰীৰ পৰা হাত সাৰি থাকিব পাৰিব, ন’হলে মেকুৰীয়ে সিঁহতক গা ধুবলৈ বা পানী খাবলৈ আঁহোতে মাৰি পেলাব পাৰে।

প্ৰতিদিনে পুৱাতে থালখন পৰিষ্কাৰ কৰিব আৰু পানী ভৰাই দিব, তালৈ যেন সদায় চকু ৰাখে। তেওঁলোকে স্নানপাত্ৰলৈ অহা চৰাইবোৰ নিৰীক্ষণ কৰিব আৰু সেইবোৰৰ আকাৰ আকৃতিও টুকি থ’ব।

স্নানপাত্ৰৰ ওচৰতে আহাৰ্স্থান এখনো সাজিব পাৰে আৰু কি চৰাইয়ে কি কি আহাৰ খায় লক্ষ্য কৰিব পাৰে।

পৰিৱৰ্তন/পৰিবৰ্ধন

ছাত্ৰ ছাত্ৰী সকলক চৰাইবোৰৰ চিত্ৰ আঁকিবলৈ ক’ব আৰু প্ৰধান কথাবোৰ যেনে আকাৰ, ৰং, ঠোঁটৰ আকৃতি আদি টুকি থ’ব।

লগতে কি চৰীইয়ে মুখ দাঙি পানী গিলে আৰু কি চৰায়ে শোহা মাৰি পানী খায় তাকো টুকি থ’ব।

অতিৰিক্ত পঢ়াৰ বাবে

স্নানপাত্ৰ আৰু আহাৰ স্থানলৈ অহা চৰাইবোৰৰ প্ৰজাতি চিনাক্তকৰণৰ বাবে চৰাই নিৰ্দেশিকা পুস্তিকা পঢ়ি চাওক।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate