অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাঁৰ খেল

সময় : এদিন

উপযুক্ত সময় : কোনো ফৰকাল দিন

যোগাৰ : জোখা ফিতা বা ৰুলমাৰি

উদ্দেশ্য

সূৰ্য্যৰ অৱস্থানৰ লগে লগে কেনেকৈ ছাটোৰ দীঘ বা দিশৰ সলনি হয়, তাক বিজোৱা।

কি কৰিব

এই খেলটো শিকোৱাৰ কেইদিন মান আগতে শিক্ষকে ছাত্ৰ ছাত্ৰী সকলক ভিন ভিন সময়ত নিজৰ ছাঁটো নিৰীক্ষণ কৰিবলৈ ক’ব। স্কুললৈ অহা যোৱা কৰোঁতে, বাহিৰত খেলাধূলা কৰোঁতে, আদি। তেওঁলোকে তৎক্ষণাত ধৰিব পাৰিব যে যেতিয়া সূৰ্য্যটো বেচি ওপৰত থাকে তেতিয়া ছহাঁটো চুটি হয় আৰু যেতিয়া সূৰ্য্যটো ওপৰত থাকে, তেতিয়া ছাঁটো দীঘল হয়।

এতিয়া তেওঁলোকক এটা খুটি, এজোপা গছ বা আন কিবা এটা বস্তু বাছি ল’ব দিয়ক, যিটো গোটেই দিনটোতে ঘনাই নিৰীক্ষণ কৰি থাকিব পৰা যাব। প্ৰথমে আগতে বাছি লোৱা বস্তুটোৰ ছাটোৰ দীঘ আৰু দিশ চিন দি ল’ব, ইয়াৰ পিচত প্ৰতি পিৰিয়ডৰ পাচতে নিৰীক্ষণ কৰি যাব। যিকোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে বাহিৰলৈ গৈ এই কামটো কৰিব পাৰে, যাতে শ্ৰেণীৰ কামত ব্যাঘাত নহয়।

দিনৰ শেষত শ্ৰেণীটোওৰ আটাইবোৰকে লৈ যাব পাৰিব দিনটোৰ কাম দেখুৱাবলৈ। প্ৰতিটো ছাঁৰ মূৰৰ চিনত দিনটোৰ কোন সময়ত সেই চিন দিয়া হৈছিল সেই সময় লিখি থ’ব পাৰিব, যেনে প্ৰতি পিৰিয়ডৰ আৰম্ভনি বা শেষ সময়।

এতিয়া ছাত্ৰ ছাত্ৰী সকলক সোধক:

  • কোন সময়ত দীৰ্ঘতম আছিল?
  • কোন সময়ত সবাতিকৈ ছুটি ?
  • কোন সময়ত কেনে আছিল ?
  • দুপৰীয়াৰ কোন্টো ?

ছাত্ৰ ছাত্ৰী সকলে এই কামটো পিচৰ দুই বা তিনি দিনত দুনাই কৰিব পাৰে আৰু ছাঁবোৰৰ দীঘ আৰু স্থিতি সলনি হয় নেকি চাব পাৰে।

পৰিৱৰ্তন/পৰিবৰ্ধন

এই প্ৰক্ৰিয়া বছৰটোত চাৰিবাৰ মানে মাৰ্চ, জুন, ছেপ্তেম্বৰ আৰু ডিচেম্বৰৰ ২৩ তাৰিখ বা তাৰ ওচৰে পাজৰে কৰিলে ছাত্ৰ ছাত্ৰী সকলে বুজিব পাৰিব আকাশেদি সূৰ্য্যৰ আপাত পাথ কেনেকৈ সলনি হৈ থাকে।

ছাত্ৰ ছাত্ৰী সকলে নিজা নিজাকৈ সূৰ্য্য ঘণ্টা বা সূৰ্য্য ঘড়ী এনেকৈ সাজিব পাৰিব- খুটি এটা থিয়কৈ পুতি ল’ব আৰু ইয়াৰ ছাঁটোত প্ৰ্তি ঘণ্টাতে চিন দি যাব। এইটো তিনি চাৰি সপ্তাহ পৰ্য্যন্ত সময়ছোত ব্যৱহাৰ কৰিব পৰা যাব। তাৰ পিচত শুধৰণিৰ নিয়ম ব্যৱহাৰ কৰিব।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate