অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জকমকীয়া তৰালি আকাশ

স্থান : বাহিৰ

গোটৰ আকাৰ : গাইগুটীয়া ৱা ১৫-২০ জনীয়া

সময় : এঘণ্টা

উপযুক্ত সময় : ফৰকাল কোনো নিশা

যোগাৰ : প্ৰধান নক্ষত্ৰ পুঞ্জৰ চিত্ৰ, মমবাতি বা টৰ্চ, ক’লা ডাঠ কাগজ, পিন

পূৰ্ৱাৱশ্যকতা : প্ৰাথমিক জ্যোতোৰ্বিজ্ঞানৰ বিষয়ে শিক্ষকে ধাৰণা দিব।

উদ্দেশ্য

কেইটামান মুখ্য তৰা আৰু নক্ষত্ৰ মণ্ডলৰ লগত চা-চিনাকি।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক তৰাবোৰ দেখুৱাবলৈ উলিয়াই নিয়াৰ আগতে এইখিনি কথা শ্ৰেণীতে কৰিব : প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ১০ চে.মি. X ১৫ চে.মি. আকাৰৰ ১০ খনকৈ ডাঠ কাগজ কেইখনত বিন্ধা কৰি ল’বলৈ দিয়ক আৰু লাগিলে সহায় কৰক। প্ৰতিখন কাগজত মাত্ৰ এটাকৈহে নক্ষত্ৰ মণ্ডল ল’ব।

বেচি উজ্জ্বল তৰাৰ বাবে বিন্ধাটোও ডাঙৰ কৰিব। কাগজ খনৰ সমূখৰ ফালে নক্ষত্ৰ মণ্ডলটোৰ নাম লিখিব। বছৰৰ কোনো নহয় কোনো সময়ত দেখা পোৱা এই নক্ষত্ৰ মণ্ডল সমূহ বাছনি কৰিব

(১) সপ্তৰ্ষি (Great Bear/Big Dipper),

(২) লঘু সপ্তৰ্ষি (Little Bear/Little Dipper) লগতে ধ্ৰুৱতৰাটোও (Pole Star),

(৩) শৰ্মিষ্ঠা (Cassiopeia),

(৪) মৃগ (Orion), লগতে আদ্ৰা (Betelgeuse), আৰু বাণৰাজ (Rigel),

(৫) ব্যাধ (Sirius),

(৬) কৃত্তিকা (Pleiades),

(৭) বৃষভ (Taurus), লগতে ৰোহিণী (Aidebaran),

(৮) বৃশ্চিক (Scorpio), লগতে পাৰিজাত (Antares), আৰু

(৯) সিংহ (Leo), লগতে মঘা (Regulus)।

ছাত্ৰ ছাত্ৰী সকলে তৰা চাবলৈ ওলাই গ’লে, তেওঁলোকৰ কগজেবোৰ এখন এখনকৈ মমবাতিৰ সমুখত ধৰিব আৰু আকাশৰ নক্ষত্ৰ মণ্ডলৰ কোনটোৰে মিলে ৰিজাই চাই চিনাক্ত কৰিব। আলোচনাৰ মাজেদি ইজনে সিজনক সহায়ো কৰিব পাৰে।

এনেকৈ সাত দিনমান তৰা নিৰীক্ষণ কৰিলে তেওঁলোকে কমেও ৫-৬ টা মান নক্ষত্ৰ মণ্ডলৰ লগত চিনাকি হ’ব আৰু দিনৌ সেইবোৰৰ কোনটো কোন অঞ্চলত দেখা যাব তাকো আয়ত্ব কৰিব পাৰিব। ধ্ৰুৱতৰাটোও দেখুৱাই দিব।

পৰিৱৰ্তন/পৰিবৰ্ধন

ছাত্ৰ ছাত্ৰী সকলক দুটা দল হ’বলৈ কওক। এটা দলে এটা নক্ষত্ৰ মণ্ডল হোৱাকৈ থিয় হওক। আনটো দলে কি নক্ষত্ৰ মণ্ডল সাজিছে ক’ব।

মূল্যায়ন

ছাত্ৰ ছাত্ৰী সকলে অন্ততঃ কেইটা মান নক্ষত্ৰ মণ্ডল দেখিলেই চিনিব পৰা হোৱা উচিত।

PICTURE

ওপৰত চাৰিখন তালিকা দিয়া হৈছে। প্ৰত্যেক খনত তাৰকা মণ্ডল আৰু নক্ষত্ৰ সমূহ দেখুওৱা হ’ল। নিশা ৯ বজাত উল্লেখিত তাৰিখ বা আগৰ পাচৰ কিছুদিনত চিত্ৰত দেখুওৱাৰ দৰে দেখা যাব।

প্ৰথম চিত্ৰত ধ্ৰুৱতৰাক কেন্দ্ৰ কৰি অৱস্থান দেখুওৱা হৈছে। বাকী তিনি খনত বিষুৱ ৰেখাৰ ওচৰৰ অঞ্চল দিয়া হ’ল। দক্ষিণ আকাশৰ কিছু তৰা উত্তৰ আকাশৰ পৰা দেখা নাযায়। দক্ষিণ ভাৰতৰ পৰা দক্ষিণ আকাশত কিছু তৰা দিগন্ত ফালে দেখা যায়।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate