অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দেহা শাঁত পেলোৱা

স্থান : শ্ৰেণী আৰু বাহিৰ

গোটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : ৩০ মিনিট

যোগাৰ : নালাগে

উদ্দেশ্য

দেহটোৰ তাপৰ সমতা ৰাখিবৰ বাবে শাঁত পেলোৱা বিশেষ কৌশল থাকিব লাগে এই ধাৰণা ছাত্ৰ ছাত্ৰী সকলক দিয়া।

কি কৰিব

শাঁত পেলাবলৈ লোৱা কিছুমান উপায়ৰ কথা ছাত্ৰ ছাত্ৰী সকলক ক’বলৈ কওক। তেওঁলোকে হয়তো ক’ব ছাঁলৈ যোৱা বা ফেনৰ তলত বহাৰ কথা। আমাৰ দেহাটোৰো যে যাঁত পেলোৱা নিজা কৌশল আছে তাৰ বিষয়ে আলোচনা কৰক। নিশাহত উলিয়াই দিয়া বতাহ অনুভৱ কৰিব দিয়ক। চেঁচা নে গৰম? মূখত খোলা মুঠি ধৰি এবাৰ বতাহ ভিতৰলৈ শুহি নিবলৈ আৰু এবাৰ বাহিৰলৈ উলিয়াই দিবলৈ কওক। ভিতৰলৈ নিয়া আৰু বাহিৰলৈ উলিয়াই দিয়া বতাহৰ উষ্ণতাৰ পাৰ্থক্য তেওঁলোকে তৎক্ষণাত ধৰিব পাৰিব। দেহটো শাঁত পৰি থাকিবলৈ ইও যে এটা উপায় তাক ব্যাখ্যা কৰক। তেওঁলোকক জোৰেৰে দৌৰিব কওক। যেতিয়া তেওঁলোক যাব, তেওঁলোকে হেঁপাবলৈ ধৰিব। হেঁপোৱাৰ এটা কাৰণ হ’ল দেহটোৱে প্ৰচুৰ তাও উৎপাদন কৰিছে আৰু সেয়ে বেগাই শাঁত পেলাবৰ আৱশ্যক হৈছে।

ঘাম ওলোৱাটোও যে দেহটো শাঁত হৈ থকাৰ এটা উপায় তাক ব্যাখ্যা কৰক। তেওঁলোকক নিজৰ হাতৰ পিটঃি খন চেলেকিব দিয়ক আৰু তাত ফুৱাই দিব কওক। ছালৰ সেই ঠাই খিনি শাঁত অনুভৱ কৰিব। বাষ্পীভৱনেও যে একে কামকে কৰে তাক ব্যাখ্যা কৰক।

পৰিৱৰ্তন/পৰিবৰ্ধন

আমাৰ সাধাৰণ ঘৰুৱা জনুবোৰ কেনেকৈ শাঁট হৈ থাকে ক’ব কওক। ম’হে যে ঘণ্টাৰ পিছত ঘণ্টা পানীত পৰি থাকিব লাগে বা কুকুৰে যে জিভা উইয়াই দি হেঁপাই থালে সেই বিষয়ে আলোচনা কৰক। যদি কিবা ধৰণে দেখুৱাব পাৰে, তেন্তে বনৰীয়া জন্ত বোৰে কেনেকৈ দেহা শাঁত পেলায় তাক আলোচনা কৰক।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate