অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাতৰ চিন

স্থান : বাহিৰ

গোটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : আধা ঘণ্টাৰ পৰা ২ ঘণ্টালৈ

উপযুক্ত সময় : সকলো ঋতু

যোগাৰ : কাগজ, মমকৈ, বেজীসূতা, পানী ৰং বা এঙাৰ, দাঁত মজা

উদ্দেশ্য

ভিন ভিন ধৰণৰ পাত চিনাক্ত কৰা আৰু সেইবোৰৰ ছাব লোৱা।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক বাহিৰলৈ ফুৰাবলৈ লৈ যাওক আৰু ভিন ভিন পাত নিৰীক্ষণ কৰিবলৈ কওক।

শিক্ষকে তেওঁলোকক ভিন ভিন পাত গোটাবলৈ কওক আৰু তলত দিয়া ধৰণে সেইবোৰৰ ছাব/স্বাক্ষৰ ল’বলৈ দিয়ক।

১) পাতটো এখন টোকা বহীৰ ওপৰত এনেদৰে ৰাখিব যাতে তাৰ তল পিঠি খন অৰ্থাৎ যিটো পিঠিত শিৰাবোৰ স্পষ্ট সেইখন ওপৰমুৱা হৈ থাকে।

২) এখন কাকত পাতখিলাৰ ওপৰত হেঁচা দি ধৰক আৰু খৈদালেৰে ওপৰে ওপৰে ঘঁহি দিয়ক। পাতখিলাৰ ছাব বা স্বাক্ষৰ কাকত খনত দেখা যাব।

এনেদৰে ভিন ভিন পাতৰ ছাব ল’ব। ছাত্ৰ ছাত্ৰী সকলক ভিন ভিন সৰা পাত গোটাই টোকা বহীত চিলাই কৰি ৰাখিবলৈও ক’ব পাৰে। তাৰ বাবে এনেদৰে আগ বাঢ়িব :

বুটলি অনা পাতবোৰ কাগজ এখনৰ ওপৰত থওক। পানীৰং সাজু কৰি ৰাখিব। দাঁত মজা এডাল ৰঙত ডবাওক আৰু হাতৰ আঙুলি এটা বা পেঞ্চিল এডাল দাঁত মজাডালৰ শুঙৰ ওপৰেদি লৈ যাওক। ৰঙবোৰ ছিটিকি কাগজ খিলাৰ ওপৰত পৰিব আৰু পাতখিলাৰ চাৰিওকাষ স্পষ্টকৈ দেখা যাব।

পৰিৱৰ্তন/পৰিবৰ্ধন

পাতৰ ৰঙৰ লগত খৈৰং বা পানীৰং মিলাবলৈ চেষ্টা কৰক। পাত খিলা কি গছৰ পাত লিখক।

মূল্যায়ন

ছাত্ৰ ছাত্ৰী সকলে পাতবোৰৰ একো একোটা নমুনা প্ৰদৰ্শন বাকচত সজাব। তেওঁলোকে পাত দেখি গছজোপাও চিনিব পাৰিব লাগিব।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

 

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate