স্থান : বাহিৰ
গোটৰ আকাৰ : পূৰা শ্ৰেণী
সময় : ৪৫ মিনিট
উপযুক্ত সময় : যিকোনো ঋতু
যোগাৰ : একো নালাগে
পানীৰ ঢৌ নিৰীক্ষণ কৰা আৰু ঢৌবোৰ কেনেকৈ উঠে আৰু কেনেকৈ আগবাঢ়ি যায় সেই বিষয়ে অনুসন্ধান কৰক।
ওচৰৰ কোনো নো, বিল, পুখুৰী বা সাগৰৰ পাৰলৈ শ্ৰেণীটো লৈ যাব।
তেওঁলোকক পানীত উঠা ঢৌবোৰ চাবলৈ দিব আৰু কেনেকৈ সেইবোৰ উঠে তাক নিৰ্ণয় কৰিব দিব।
পানীলৈ এখিলা পাত দলিয়াই দিব আৰু তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব যে পাতখিলা একে ঠাইতে ৰৈ আছে, অথচ ঢৌবোৰ আগবাঢ়ি গৈ আছে। পাৰৰ ওচৰ চাপি আহে মানে ঢৌ বোৰ উখ হৈ আহে আৰু শেষত মূধচত আগলৈ হাউলি ভাঙি পৰে। সাগৰত অথবা জোৰেৰে বতাহ বলি থকা অৱস্থাত এটা ডাঙৰ জলাশয়ত এইটো ভালকৈ দেখ যাব।
ছাত্ৰ ছাত্ৰী সকলে পানীত বতাহে তোলা ঢৌ আৰু পানীত শিলগুটি দলিয়াই তোলা ডঃৌ বা মাছে উশাহ ল’বলৈ ওপৰলৈ উঠোঁতে হোৱা ঢৌ যে ভিন ভিন ধৰণৰ তাক আলোচনা কৰিব।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
খাদ্য, সোৱাদ আৰু ৰসায়ন
অসমীয়া আহাৰ-পানী
অসমত ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ মাৰাত্মক