স্থান : শ্ৰেণী, ঘৰ
গোটৰ আকাৰ : গাই গুটীয়া বা ২/৩ জনীয়া
সময় : প্ৰায় দুসপ্তাহ
যোগাৰ : এটা পিঁয়াজ, ৩ ডাল শলা বা জুইকাঠি, এগিলাচ পানী
পিঁয়াজৰ গজালি মেলা নিৰীক্ষণ।
এটা পিঁয়াজৰ তলফালে তিনিডাল শলা মাৰক আৰু পিঁয়াজটো এগিলাচ পানীত এনেকৈ ৰাখক যেন তাৰ মাত্ৰ একেবাৰে তলৰ অলপ অংশহে পানীত সোমাই থাকে।
এখন ৰ’দ পৰা খিৰিকিৰ কাঠত গিলাচটো থৈ দিয়ক। লাগিলে মাজে মাজে অলপ অলপ পানী দিব।
অলপ দিনতে পিঁয়াজটোৱে গজালি মেলিব আৰু সেউজীয়া পাতো ধৰিব।
এই পৰীক্ষা আলু, মিঠা আলু, গাজৰ আদি লৈও কৰক।
পানী অৱিহনে গজালি মেলিব নে নেমেলে, সেই কথা ছাত্ৰ ছাত্ৰী সকলক সোধক।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
চজিনা-পিঁয়াজৰ তৰকাৰী
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
আলুৰ টিক্কীৰ প্ৰস্তুত প্ৰণালী
আধুনিক বিজ্ঞানৰ দৃষ্টিত পিঁয়াজ আৰু নহৰু