অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতিত গণনা

উদ্দেশ্য

প্ৰকৃতিৰ প্ৰণালীবদ্ধ নিৰীক্ষণৰ অংশ ৰুপে গণনা আৰু শ্ৰেণীবদ্ধকৰণৰ ধাৰণা দিয়া।

কি কৰিব

প্ৰথমে ছাত্ৰ-ছাত্ৰীক চকুৰে দেখা পোৱা বস্তু গণিবলৈ দিব। সৰু আৰু সহজে গণিব পৰা স্ংখ্যাৰে আৰম্ভ কৰিব। যেনে মকৰাৰ ঠেঙৰ স্ংখ্যা, অমৰা, বেল আদি গছ্ৰ পাতৰ স্ংখ্যা, একোটা ফুলৰ পাহিৰ স্ংখ্যা আদি।

ইয়াৰ পিছত জটিল গণনালৈ যাব, শ্ৰেণীবদ্ধকৰণ আৰু সজ্ঞাৰো আৱশ্যক হ’ব। যেনে এডাল গছৰ ডালৰ স্ংখ্যা ছাত্ৰছাত্ৰীয়ে তত্ক্ষণাত স্ংজ্ঞাদানৰ সমস্যাত পৰিব। কোনটো ডাল গণিব ডাঙৰ গছৰ ডালহে গণিব নে সৰুবোৰো?

আন এটা কাম হ’ব পাৰে, জাকত থকা মতা আৰু মাইকী গৰুৰ স্ংখ্যা গণনা। এনে গণনাবোৰে শ্ৰেণীবদ্ধকৰণৰ ধাৰণা আনি দিব।

এতিয়া গণিবলৈ টান উদাহৰণলৈ আহক, য’ত অনুমানৰ আৱশ্যক হ’ব। যেনে উৰি গৈ থকা জাক এটাত চৰাইৰ স্ংখ্যা, ডাঙৰ জাক এটাত গৰু, ম’হৰ স্ংখ্যা বা ঘনকৈ লগোৱা গছৰ স্ংখ্যা। এনে ক্ষেত্ৰত সৰু এডোখৰ ঠাইত হ’ব পৰা স্ংখ্যাৰ পৰা গোটেই ডোখৰ পথাৰ বা বাৰীত হ’ব পৰা স্ংখ্যাৰ অনুমান কৰা আৱশ্যক হ’ব পাৰে।

সময়ৰ হিচাপৰ ধাৰণাও আৰম্ভ কৰিব। যেনে ঘৰচিৰিকাৰ বাহ এটাত নিৰীক্ষণ কৰিব মতা আৰু মাইকীজনীৰ কোনে কিমান ঘনাই বাহলৈ আহে। ছাত্ৰছাত্ৰীয়ে পৰুৱা এলানি নিৰীক্ষণ কৰি লানিটোৰ কোনো এটা বিন্দুৱেদি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, যেনে আধা মিনিটত যিমান পৰুৱা পাৰ হৈ যায়, তাৰ স্ংখ্যা উলিয়াব পাৰে। তেওঁলোকে দুয়ো মুখে যোৱা পৰুৱাও গণিব পাৰে। তাকে কৰি উভয় দিশত যোৱা পৰুৱাৰ স্ংখ্যা মোটামোটি সমান হয়নে নহয় ধৰিব পাৰে। ঘৰৰ বেৰৰ জেঠি এটাই কিমান ঘনাই পোক একোটা ধৰিব পাৰে তাকো নিৰীক্ষণ কৰিব পাৰে।

পৰিৱৰ্তন/পৰিৱৰ্ধন

দুই বা ততোধিক ছাত্ৰছাত্ৰীয়ে একেটা নিৰীক্ষণকে কৰিব। এজনৰ হিচাপ আনজনৰ লগত মিলাই চাব। হিচাপ বা জোখত হ’ব পৰা অশুদ্ধিৰ ধাৰণাও এনেকৈ আৰম্ভ কৰিব। আনকি একেজন ছাত্ৰ/ছাত্ৰীয়ে একোটা নিৰীক্ষণ দুবাৰ কৰিও এই ধাৰণা কৰিব পাৰে।

উৎস: শিকাৰ আনন্দ।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate