অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰৰ বতৰা

স্থান : শ্ৰেণী

গোটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : বছৰ ধৰি

যোগাৰ : ডাঠ কাগজ, পঞ্জীকা/কেলেণ্ডাৰ, ৰঙীন পেঞ্চিল, ৰং বা খৈ

উদ্দেশ্য

বতৰৰ যে পৰিৱৰ্তন হয়, তাৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক সজাগ কৰা। বতৰ পৰিৱৰ্তন নিৰীক্ষণ কৰাত দক্ষ কৰা। লেখা চিত্ৰ অংকনত পাৰদৰ্শিতা অৰ্জা।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলে বতৰৰ বিষয়ে আলোচনা কৰিব। কিমান বিধ বতৰ তেওঁলোকে বৰ্ণনা কৰিব পাৰে? তলত চিত্ৰ আঁকি দেখোৱাৰ দৰে ভিন ভিন বতৰৰ প্ৰতীকমূলক চিত্ৰ আঁকিব। তেওঁলোকে নিজৰ নিজৰ ঠাইত হোৱা বতৰ অনুসৰি চিত্ৰৰুপ ব্যৱহাৰ কৰিব।

প্ৰতিদিনৰ বাবে ৪ চে.মি. x ৪ চে.মি. বৰ্গ আকাৰৰ ঘৰ কৰি মাহটোৰ একোখন চিনন (চিহ্নন) (চাৰ্ট) প্ৰস্তুত কৰিব। দিনটোৰ বতৰৰ ধৰণ অনুসৰি এই ঘৰবোৰত চিত্ৰ লগাব। উদাহৰণ : যেনিবা বাৰিষাৰ কোনো মাহৰ প্ৰথম দিনটো সোমবাৰ আৰু সিদিনা বৰ ডাৱৰীয়া আছিল। ঘৰটোত “বৰ ডাৱৰীয়া” প্ৰতীকটো আঠাৰে লগাই দিব। দুই তাৰিখ মঙল বাৰ যেনিবা বৰ বৰষুণ। সেই তাৰিখৰ ঘৰত “বৰ বৰষুণৰ দিন” প্ৰতীক লগাব ইত্যাদি।

ছাত্ৰ ছাত্ৰী সকলে স্কুললৈ আঁহোতে প্ৰতি ৰাতিপুৱা বতৰৰ ভৱিষৎ বাণী কৰিবলৈ ক’ব আৰু সেইবোৰ লিখি ৰাখিব। তেওঁলোকৰ আগলি বতৰা শুদ্ধ হ’লনে? তেনেকৈ মাহটোত কেইদিন তেওঁলোকে শুদ্ধ আগলি বতৰা দিব পাৰিলে? টোকা বহীত প্ৰতিদিনৰ বাবে নিৰ্দিষ্টকৈ থকা ঘৰৰ এচুকত P বা x চিহ্নৰে শুদ্ধ বা অশুদ্ধ ভৱিষৎ বাণী লিপি বদ্ধ কৰিব পাৰিব।

পৰিৱৰ্তন/পৰিবৰ্ধন

ছাত্ৰ ছাত্ৰী সকলে নিজৰ নিজৰ ‘আগলি বতৰা’ বাতৰি কাকত, ৰেডিও দূৰদৰ্শনৰ আগলি বতৰাৰে মিলাই চাব।

ছাত্ৰ ছাত্ৰী সকলক বতৰ বিষয়ক স্থানীয় বিশ্বাসবোৰ গোটাই লিপি বদ্ধ কৰিব কওক। এইবোৰৰ শুদ্ধা শুদ্ধতাৰ প্ৰমাণ বহু দিনীয়া নিৰক্ষণৰ পৰা কৰি চাব। ভিন ভিন বতৰত কেনে কেনে অনুভৱ কৰে বুজ ল’ব : নগৰৱাসী, কৃষক, কামলা, বিহুকৰ্মী আদি।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate