অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বা’ মাৰলী কৰা

স্থান : শ্ৰেণী

গোটৰ আকাৰ : যিকোনো

সময় : ৩০ মিনিট

উপযুক্ত সময় : গৰম ফৰকাল দিন, পাৰিলে দুপৰীয়া

যোগাৰ : প্ৰায় এক মিটাৰ বৰ্গ আকাৰৰ এখন বগা পাত আৰু ০.৩০ মিটাৰ অৰ্থাৎ ৩০ চে.মি. বৰ্গৰ আন এখন ক’লা পাত (দুয়ো খন যিহৰে তিহৰে হ’ব পাৰে), ধূপ, জুইশলা আৰু জুইবাহ

উদ্দেশ্য

সূৰ্য্যৰ কিৰণে অসমান ভাৱে মাটি তপত কৰাৰ কাৰণে কেনেকৈ বা’ মাৰলী হয়, তাক দেখুওৱা।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক বগা পাত খিলাৰ মাজতে  ক’লা পাতখিলা থ’ব কওক। এতিয়া দুয়ো খিলা তেনেদৰে চোকা ৰ’দত ৰাখক।

কেই মিনিট মানৰ পিচত দেখা যাব যে ক’লা পাত খিলাৰ ওপৰৰ বায়ুখিনি কঁপিছে। শিক্ষকে বুজাই দিব যে বায়ু গৰম হোৱা বাবে ওপৰলৈ উঠিছে। তেনে সময়তে ধূপ কেইডালমান জ্বলাই বগা পাতখিলাৰ চাৰিওফালে পুতি দিব।

ধোঁৱাৰ গতি নিৰীক্ষণ কৰক। ক’লা পাত টুকুৰাৰ ফালে ধোঁৱা সোমাই যোৱা দেখা পাব আৰু তাৰ কাৰণ বুজাই দিব।

তেওঁলোকক আকৌ দেখুৱাব যে ক’লা পাত খিলাৰ ওপৰতহে ধোঁৱাবোৰ পাক ধৰি ওপৰলৈ উঠিছে- কাৰণ তাৰে পৰাই গৰম বায়ুও ওপৰলৈ উঠিছে।

তেওঁলোকক দেখুৱাই দিব যে ধোঁৱা খিনি যিমানে ওপৰলৈ উঠিছে, সিমানে বহল হৈ গৈ আছে।

টোকা : বতাহৰ সোঁত যাতে নাহে তালৈ মন দিব।

পৰিৱৰ্তন/পৰিবৰ্ধন

দিনৰ প্ৰখৰ তাপত চিমনিৰ ধোঁৱা ওলাই যোৱা নিৰীক্ষণ কৰিব।

সাগৰ বা বহল নদী আদিৰ পাৰত দিনৰ গৰম আৰু পুৱাৰ শীতল অৱস্থাত বতাহ কেনেকৈ বলে মন কৰক। স্থল আৰু জলবতাহৰ কাৰণ ব্যাখ্যা কৰক।

বতাহ নবলা গৰম দিন এটাত আকাশৰ মেঘলৈ মন কৰক আৰু চিলনী বা শগুণ কেনেকৈ অকাই পকাই মেঘৰ তললৈ উঠি যায় লক্ষ্য কৰক। সেইবোৰে পাখি নমৰাকৈ অকাই পকাই উৰাৰ কাৰণ আলোচনা কৰক। যিমান পাৰে সিমান বাৰ বা’ মাৰলী উঠা মন কৰক। মন কৰিব যে সেইবোৰৰ পাকৰ দিশ সদায় একে।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate