অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাটি হে মাটি

স্থান : শ্ৰেণী, ঘৰ

গটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : ৬০ মিনিট

যোগাৰ : বহল মুখৰ বটল আৰু সমান আকাৰৰ ঢাকনি, স্কেল, পানী

উদ্দেশ্য

মাটি যে বিভিন্ন পদাৰ্থৰে তৈয়াৰী তাক নিৰীক্ষাৰে হৃদয়ংগম কৰা। ইয়াৰ উপৰিও বিভিন্ন মাটিৰ যে ভিন ভিন গঠন তাকো বুজা।

কি কৰিব

ছাত্ৰ ছাৰী সকলে এনেকৈ কাম কৰিব- পৃথক পৃথক ঠাইৰ পৰা মাটি সংগ্ৰহ কৰিব, যেনে স্কুলৰ চোতাল, স্বাভাৱিক বাট, বাগিচা, গছৰ তল, পুখুৰীৰ যুঁৱলি আদিৰ।

প্ৰতিবিধ মাটি একো একোটা বটলত আধা মানলৈ ভৰাব। প্ৰতিটো বটলেই একে উচ্চতালৈ ভৰোৱা অতি আৱশ্যকীয়। প্ৰতি বটলতে মাটিৰ স্থান অনুসৰি নাম দিব।

এতিয়া প্ৰতি বটলতে মাটিৰ ৫ চে.মি. ওপৰলৈ পানী ভৰাব। পাৰিলে ভৰোৱা আগেয়ে পানীখিনি জুখিব- যাতে কোন বিধ মাটিয়ে কিমান পানী শোহে লিপিবদ্ধ কৰিব পাৰি।

বটলত ঢাকনি দিয়ক আৰু জোকাৰি জোকাৰি মিহলি কৰক। দুঘণ্টা মান নিজনি পৰিবলৈ দিয়ক।

এতিয়া বটলত দেখা যোৱা স্তৰ বোৰ দাগ দিয়ক- ডাঙৰ দানাৰ, সৰু দানাৰ, মিহি, যিবোৰ পানীত ওপঙে। প্ৰতিটো স্তৰৰে ৰঙো টুকি লওক।

প্ৰতিটো স্তৰৰ উচ্চতা স্কেলেৰে জুখি লওক। চিন দিয়া বা জোখঁমাপ কঁৰোতে যেন বটল নলৰে। দেখা কথাখিনি ছাত্ৰ ছাত্ৰী সকলে পৰস্পৰে আলোচনা কৰিব।

পৰিৱৰ্তন/পৰিবৰ্ধন

ভিন ভিন বিধৰ মাটিৰ একে আয়তনৰ পৰিমাণ ওজন কৰক আৰু ওজনৰ পাৰ্থক্য টুকি থওক।

বেচি সময় পালে বটলৰ ঢাকনি খন খুলি পানীখিনি ভাপ হৈ উৰি যাবও দিব পাৰে আৰু তাৰ পিছত স্তৰবোৰ দাগ দিব পাৰে।

মূল্যায়ন

মাটিৰ যে ভিন ভিন উপাদান আছে ছাত্ৰ ছাত্ৰীয়ে জানেনে বা বুজিলেনে?

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate