অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সবাতোকৈ ওখ ঘাঁহ

সবাতোকৈ ওখ ঘাঁহ

পৃথিৱীত যিমান প্ৰকাৰৰ ঘাঁহৰ প্ৰকাৰ আছে, সেই সকলোবোৰৰ ভিতৰত বাঁহেই হ’ল সবাতোকৈ ওখ। একোবিধ বাঁহ ৩৫ মিটাৰ পৰ্যন্ত ওখ। ঠিক সেই দৰে একোডাল বাঁহৰ ব্যাস ৩৫ ছেণ্টিমিটাৰলৈকে হয়। ওলমা বাঁহ এবিধ আছে, যি ৬০ মিটাৰলৈকে ওখ হয়। বহুতৰ ধাৰণা যে কেৱল এছিয়াৰ দেশ বোৰতে বাঁহ আছে। এই ধাৰণা শুদ্ধ নহয়। পশ্চিম গোলাৰ্দ্ধতো বাঁহ আছে। আমেৰিকা যুক্তৰাজ্যৰ দক্ষিণৰ পৰা আৰ্জেণ্টিনা আৰু উত্তৰ চিলিলৈ গ’লেই বাহঁৰ সেউজীয়া অৰণ্য দেখিবলৈ পোৱা যায়। উত্তৰ কেলিফৰ্ণিয়াৰ সাগৰৰ উপকূলত বাঁহ-বনৰ সেউজীয়া পাত খাই গৰু গাইবোৰ চৰি ফুৰা দৃশ্য দেখিবলৈ পোৱা যায়। অৱশ্যে এইবিধ ওখ ঘাঁহ এছিয়াতে প্ৰচুৰ পৰিমাণে পোৱ যায়। অকল চীন দেশতে এই ঘাঁহৰ ১৬০ টা প্ৰজাতি আছে।

বাঁহ হ’ল বহু ব্যৱহাৰযোগ্য গছ। ই হৰেক ৰকমৰ কামত লাগে। বহুতে নজনা কথাতো হ’ল বাঁহ চেপি ৰস উলিয়াই তাৰ পৰা পনীয়া ডিজেল উৎপাদন কৰিব পাৰি। বাঁহৰ পৰা হৰমনৰ ঔষধ আৰু অন্যান্য দ্ৰব্যও উৎপাদন কৰিব পাৰি। বেমাৰৰ বীজাণু পৰীক্ষা কৰিবলৈ হ’লেও কোনো কোনো ক্ষেত্ৰত বাঁহৰ পৰা উলিওৱা দ্ৰব্যৰ ব্যৱহাৰ কৰা হয়। বাঁহৰ সাধাৰণ ব্যৱহাৰ অলেখ। বাঁহে আমাৰ মৃত্যুৰ সময়লৈকে আমাৰ সংগ নেৰে। লোকগীতত আছে : ‘বাৰীৰে পিছৰ জাতি বাঁহ এজুপি / সিও মোৰ সোদৰৰ ভাই / জীয়াই থাকো মানে কৰো কাথি-কামি / মাৰিলে লগত যায়’।

বাঁহ উৎপন্ন হোৱা এছিয়াৰ প্ৰায় সকলো দেশতেই বাঁহ গাঁজ খাদ্য হিচাপে ব্যৱহাৰ হয়। ভাৰতৰ পূৰ্বাঞ্চল আৰু বহুত দেশৰ গাঁও অঞ্চলত সাধাৰণতে বাঁহেৰে ঘৰ সজা হয়। সমগ্ৰ পৃথিৱীতে বাঁহেৰে তৈয়াৰী আচবাব, খেলনা আদিৰ আদৰ আছে। চীন, অসম আৰু অন্যান্য ঠাইত বাঁহৰ চুঙাত পাগ কৰা হয়। বাঁহ থকা অঞ্চলত মাছমৰীয়াই মাছ ধৰা বৰশীত বাঁহৰ ডাৰি ব্যৱহাৰ কৰে। মাছ ধৰাৰ পিছত মাছটো বাহঁৰ খালৈত ভৰাই থয়। ভালেমান পৰ্বতীয় ঠাইত নিজৰাৰ পানী বাহঁৰ নলাৰে নামনিৰ গাঁৱলৈ নিয়া হয়। নক’লেও হ’ব যে লাগনি খৰি হিচাপে বাঁহ সকলোতে ব্যৱহাৰ হয়। কাগজ তৈয়াৰীত বাহঁৰ ব্যৱহাৰ কেইবাশ বছৰৰ ধৰি চলি আহিছে, যাৰ আজিও অন্ত পৰা নাই। বাহেঁৰে সজা বাঁহী এবিধ শ্ৰেষ্ঠ বাদ্যযন্ত্ৰ। টকিঅ’ চহৰত বাহঁৰ চুঙাৰে অৰ্গেনো তৈয়াৰ কৰা হয়। অসমৰ বাঁহেৰে নিৰ্মিত ফুলাম জাপি বিশ্ব বজাৰত বৰ আদৰ আৰু ই অসমৰ বাবে গৌৰৱৰ বস্তূ। বাঁহেৰে সজা কুলা, চালনি, জাকৈ, খালৈ ইত্যাদিৰ আজিও আদৰ আছে। পকা কৰোতে ঢালাই কামত বাঁহৰ প্ৰয়োগৰ কিমান গুৰুত্ব, তাকে সকলোৱে জানে।

সকলো উদ্ভিদৰ ভিতৰত বাঁহেই আটাইতকৈ সোনকালে ডাঙৰ হয়। দক্ষিণ-পূব এছিয়াত হোৱা কেইবিধ মান বাঁহ দিনে প্ৰায় ডেৰ মিটাৰকৈ বাঢ়ে। বহু কেইবিধ বাঁহ আছে যি কেই মাহমানৰ ভিতৰতে পূৰঠ হয়। এটা সময়ত বাঢ়িবলৈ এৰে যদিও পিছৰ চোৱাত মাটিৰ তললৈ বাঢ়ি যায়। যেতিয়া বসন্ত কাল আহে, তেতিয়া বাঁহৰ গুৰিত ওলোৱা পোঁখাবোৰৰ বৃদ্ধি কিছুদিনৰ কাৰণে বন্ধ হৈ থাকে। তাৰ পিছত ইয়াৰ গাঁজবোৰ মাটি ফুটি ওলায় আৰু সৰ্বশক্তিৰে ই তড়িৎ গতিত অদ্ভুত ধৰণেৰে ওপৰেলৈ বাঢ়ি যায়।

বাহঁৰ জীৱন কাল এশ বছৰো অধিক। কিন্ত আচৰিত কথা এইটোৱেই যে প্ৰতি বছৰৰ গাঁজৰ বয়স তাৰ আগৰ বছৰৰ গাঁজৰ বয়সতকৈ এবছৰকৈ কমি আহে। সেই কাৰণে কোনো অঞ্চলত বাহঁবোৰ একে সময়তে মৰি থাকে, যদিও তাৰে কিছুমানৰ বয়স এশ বছৰো হয় আৰু কিছুমানৰ মাত্ৰ এবছৰহে হয়। যেতিয়া বাঁহ গছবোৰ ফুলে, তেতিয়া গোটেই বাঁহনি ডৰা এক-দুই বছৰৰ ভিতৰতে মৰি থাকে।

লেখক: প্ৰদীপ নাৰায়ণ ভট্ট, দৈনিক অসম

3.03333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top