মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কঃ

সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে লিখা হৈছে

 

মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন- খাদ্য, আশ্ৰয়, বস্ত্ৰ আৰু অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে। কিন্তু উল্লেখযোগ্য যে পৃথিৱীত পোৱা যিকোনো বস্তুৱেই সম্পদ নহয়। সম্পদ হ’বলৈ ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। এনে দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। উল্লেখযোগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত- সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদেই যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগৰে ব্যৱসায়িক দিশটো মানুহে প্ৰয়োজন অনুসৰি দি লয়। ইয়াৰোপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলা হয়। ইয়াৰোপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ- যাক মানৱ সম্পদ বুলি গণ্য কৰা হয়। মন কৰিবলগীয়া যে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত সেয়ে একেটা সম্পদৰে অৰ্থ ঠাই আৰু সময়ভেদে বেলেগ বেলেগ হ’ব পাৰে।

 

সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহৰ ওপৰত এটি মতামতঃ

 

বিকল্প সম্পদৰ সন্ধানঃ কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে, কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ, প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি একো-একোটা বিকল্প সম্পদ। ইয়াৰোপৰি অনবীকৰণযোগ্য সম্পদ, যেনে- কয়লা, খনিজ তেল আদিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।

পুনৰাৱৰ্তনঃ সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ পৰিমাণ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পূৰ্ণ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।

অভিযোজন বা নৱপ্ৰচলনঃ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰোপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।

বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাসঃ

কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে।

জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণঃ

সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।

সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণঃ


সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ’ব লাগে।

সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ণঃ

সম্পদ ব্যৱহাৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ণ কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব আনিব পাৰি।

সম্পদসমূহৰ ভৱিষ্যৎ প্ৰয়োজন নিৰ্ধাৰণঃ

সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ।

 

(উৎসঃ জিজ্ঞাস)।

3.16279069767
Arabinda Das Nov 15, 2018 08:57 PM

Question answer for class 11 on Economic

মিনা ছেত্ৰী Aug 10, 2017 10:46 AM

সম্পদ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে সেয়েহে ওপৰত উল্লেখ কৰা পদ্ধতি সমূহৰ লগতে দ্ৰুত হাৰত বৃদ্ধি হোৱা জনসংখ্যৰ হেচা কমোৱাৰ বাবে প্ৰচেষ্টা চলাব লাগে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top