মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / সম্পদ পৰিৱৰ্তনশীলঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সম্পদ পৰিৱৰ্তনশীলঃ

সম্পদ পৰিৱৰ্তনশীল বুলি কোৱাৰ কাৰণ-

সম্পদ পৰিৱৰ্তনশীল হয় কাৰণ-


সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও, ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ’ব পাৰে। ইয়াৰে পৃথিৱীত পোৱা সমাগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে, সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। উদাহৰণ স্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল, তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণ স্বৰূপে, অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো-একোটা প্ৰতিৰোধক। এইখিনিতে উল্লেখযোগ্য যে পশ্চিমবংগত সঘনে বানপানী সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সুপ্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত কৰা হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনাৰ সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় হিচাপে ৰূপান্তৰ ঘটিব পাৰে।

সম্পদৰ প্ৰয়োজনীয়তাঃ

 

প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো-একোটা সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত- সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদেই যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগৰে ব্যৱহাৰিক দিশটো মানুহে প্ৰয়োজন অনুসৰি দি লয়। ইয়াৰোপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন-নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অৰ্থাৎ, প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ, কাৰখানা, স্কুল-কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ (মেন মেড্ ৰিছোৰ্চ) বোলা হয়। ইয়াৰোপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ- যাক মানৱ সম্পদ (হিউমেন ৰিছোৰ্চ) বুলি গণ্য কৰা হয়। মন কৰিবলগীয়া যে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত। সেয়ে একেটা সম্পদৰে অৰ্থ ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হ’ব পাৰে।

(উৎসঃ জিজ্ঞাস)।

3.19047619048
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top