মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / সেউজ অসম সেউজ ধৰণী:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সেউজ অসম সেউজ ধৰণী:

সেউজ অসম সেউজ ধৰণীৰ বিষয়ে লিখা হৈছে

 

প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে দেশৰ মাটিকালিৰ ৩৩ শতাংশত অৰণ্য থকা প্ৰয়োজন। কিন্তু আমাৰ দেশত বৰ্তমানে ২৩ শতাংশ মাটিকালিতহে অৰণ্য আছে। আনহাতে অপৰিকল্পিতভাৱে হাবি-বন ধ্বংস কৰাৰ ফলত সদ্যহতে আমাৰ ৰাজ্যত প্ৰাক স্বাধীনতা কালৰ ৩৫ শতাংশ হাবিৰ বিপৰীতে ২১ শতাংশ মাটিকালিতহে অৰণ্য বিৰাজমান। আমাৰ দেশত প্ৰতি বছৰে প্ৰায় ১.৫ নিযুত হেক্টৰ মাটিত থকা অৰণ্য নাইকিয়া হৈ আছে। বননিৰ ওপৰত মানুহে চলোৱা অবিবেকী লুন্ঠন কাৰ্যৰ বাবে ব্যাপক বনাঞ্চল ধ্বংস হৈ আছে। বনাঞ্চল ধ্বংস হোৱাৰ ফলত পৃথিৱীৰ পৰা বহু প্ৰজাতিৰ বনজ সম্পদ লুপ্ত হোৱাৰ উপৰি বাসস্থানৰ অভাৱত বহুতো প্ৰজাতিৰ চৰাই-চিৰিকটি বিলুপ্ত হোৱাটো চিন্তাৰ কাৰণ। আমি সদায় নিৰ্মমভাৱে ধ্বংস কৰি অহা বননি আমাৰ জীৱনৰ বাবে কিমান অপৰিহাৰ্য, সেয়া আমি কোনো দিনেই হৃদয়ংগম কৰা নাই। আমাৰ এনে দূৰদৃষ্টিহীন আৰু অবিবেকী কাৰ্যৰ বাবে আমাৰ মাজৰ পৰা অৰণ্যবোৰ নাইকিয়া হ’বলৈ ধৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। কেৱল সভ্যতাৰ দাবী পূৰণৰ অৰ্থে জীৱ-জন্তু হত্যা কৰাই নহয়, খেতি আৰু উদ্যোগ স্থাপনৰ বাবে বনাঞ্চল ধ্বংস কৰি জীৱ-জন্তুৰ আৱাসভূমি সংকুচিত কৰি পেলোৱা হৈছে। সম্ৰাট অশোকে বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ বাবে তাহানিতে অভয়াৰণ্য প্ৰতিষ্ঠা কৰিছিল আৰু ৰাস্তাৰ দাঁতিত গছ-গছনি ৰোপণ কৰিছিল। বৰ্তমান বন্যপ্ৰাণীৰ ওপৰত চলোৱা মানুহৰ শোষণে এক ভয়াৱহ অৱস্থা পাইছেহি। এনে অৱস্থাত বন্যপ্ৰাণীক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অশোকৰ দিনতকৈ আজি বেছি অনুভূত হৈছে। এনে উপলব্ধিৰ ফলত সম্প্ৰতি প্ৰায় বিশ্বৰ সকলো প্ৰান্ততে বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিছে। সৃষ্টিৰ আদিম পুৱাৰে পৰাই অলেখ প্ৰাণীৰ আবিৰ্ভাৱ হ’ল আৰু বহু প্ৰাণী ইতিমধ্যে কালৰ বুকুত বিলীন হৈ গ’ল। প্ৰাকৃতিক দুৰ্যোগ, প্ৰতিকূল পৰিৱেশ, খাদ্যাভাৱ, মানুহৰ অত্যাচাৰ আদিৰ লেখীয়া বিভিন্ন কাৰণত বহুতো প্ৰাণী ধৰাৰ বুকুৰ পৰা নাইকিয়া হৈছে।

মনোৰম সেউজীয়া প্ৰকৃতিৰ মুক্ত বুকুত, মুক্ত আৰু নিৰুদ্বেগ পৰিৱেশ-নিৰাপত্তাৰ মাজত বন্যপ্ৰাণীসমূহৰ মুক্ত বিচৰণে অনিৰ্বচনীয় সৌন্দৰ্যৰ সৃষ্টি কৰি মানৱ মনত সুবিমল আনন্দৰ সমল যোগায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমী আৰু সৌন্দৰ্য পিয়াসী লোকসকলে যাতে আপুৰুগীয়া প্ৰাণীবোৰ দৰ্শনৰ দ্বাৰা সৌন্দৰ্য উপভোগ কৰি মানসিক প্ৰশান্তি লাভ কৰিব পাৰে, তাৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ সকলো প্ৰকাৰৰ ব্যৱস্থা বৰ্তমানৰ চৰকাৰে কৰিছে। প্ৰকৃতিৰ বিচিত্ৰ শ্যামলিমাৰে ৰঞ্জিত অসমত প্ৰকৃতিৰ সুষমা যি এবাৰ দেখিছে তেওঁৰ স্মৃতি ফলকত সি সদায় জীৱন্ত হৈ ৰয়। পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় কাজিৰঙাৰ আপুৰুগীয়া সম্পদ। ভ্ৰমণকাৰীৰ ভূস্বৰ্গ প্ৰকৃতিৰ এইখন মনোৰম শ্যামল ৰাজ্যত গঁড়, হাতী, ম’হৰ মুক্ত বিচৰণে প্ৰতিজন প্ৰকৃতিপ্ৰেমী আৰু সৌন্দৰ্য পিয়াসী লোকৰে চিত্তাকৰ্ষণ কৰি চিৰস্মৰণীয় বিমল আনন্দৰ খোৰাক যোগায়। বিনন্দীয়া প্ৰকৃতিৰ মোহনীয়, কমনীয় চিৰসেউজ ৰূপ মানৱৰ চিৰন্তন প্ৰশান্তিৰ উৎস। মহাজীৱনৰো পাতনি চিৰসেউজ অৰণ্যৰ বুকুতে। অৰণ্যৰ নিৰ্জন বুকুতেই ভাৰতীয় সভ্যতাৰ উন্মেষ ঘটিছিল। যি অৰণ্যত এটা সময়ত শীতল ছাঁ পৰিছিল, ঋষি-মুনিসকলে তপস্যা কৰিছিল, যি বনভূমিত আমাৰ ঐতিহ্যই জন্মলাভ কৰিছিল, সেই অৰণ্য উৎখাত কৰি প্ৰকৃতিক উলংগ কৰি স্বাৰ্থপৰ মানুহে বিনন্দ বিলাস আৰু মহাসম্ভোগৰ স্বপ্ন ৰচনাত নিমগ্ন হৈছে। এক সমীক্ষা মতে প্ৰতি হেক্টৰ অৰণ্যই বৃষ্টিপাতৰ সহায়েৰে বছৰি এশ টনতকৈ অধিক ধূলি-আৱৰ্জনা আঁতৰাই পৃথিৱীক মানুহৰ বাসোপযোগী কৰি ৰাখিছে। সেই প্ৰতি হেক্টৰ অৰণ্যই আকৌ মানুহক প্ৰায় প্ৰায় ত্ৰিশ টনকৈ অক্সিজেন যোগান ধৰি উশাহ নিৰুদ্ধ হৈ মৃত্যুক সাবটি লোৱাৰ পৰা মানুহক ৰক্ষা কৰি আহিছে। এজন মানুহে সুস্থভাৱে জীয়াই থাকিবলৈ হ’লে কমেও ৩৫ জোপা গছৰ প্ৰয়োজন। এইদৰে অৰণ্যৰ আশ্ৰয়তে সম্ভৱ হৈছে আমাৰ যথাৰ্থ জীৱন যাত্ৰা। দেখা গৈছে য’তেই মানুহে সৃষ্টিৰ ওপৰত হস্তক্ষেপ কৰিছে, ত’তেই প্ৰকৃতিয়ে লৈছে নিৰ্মম প্ৰতিশোধ। জীৱনক সুস্থ আৰু সুন্দৰভাৱে উপভোগ কৰিবলৈ হ’লে অৰণ্যৰ শ্যামল স্নিগ্ধতাত অৱগাহন কৰিবই লাগিব।

আজিৰ সুসভ্য মানুহে জীৱনদায়িনী বিনন্দীয়া অৰণ্যৰ ধ্বংস সাধনত ৰত হৈছে। অহৰ্নিশে দেশে-দেশে-প্ৰান্তে প্ৰান্তে চলিছে অৰণ্যৰ ধ্বংস যজ্ঞ। অৰণ্য ধ্বংসৰ ফলত ভূমিস্খলনৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাইছে। বৃষ্টিপাত কমি গৈছে। কৃষি উপযোগী বহু মাটি খৰাং অঞ্চলত পৰিণত হৈ কৃষি অনুপযোগী হৈছে। অৰণ্য কমি যোৱাত অক্সিজেনৰ পৰিমাণ কমি গৈছে, কাৰ্বন-ডাই-অক্সাইড দ্ৰুত গতিত বৃদ্ধি পাইছে। পৃথিৱীত গছ-গছনি নাথাকিলে মানুহৰো অস্তিত্ব নাথাকিব। মানুহ আৰু প্ৰকৃতিৰ বিচিত্ৰ বান্ধোনক অস্বীকাৰ কৰাৰ কোনো উপায় নাই। পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱা বাবে পশু-পক্ষীৰ জীৱনো বিপন্ন হৈ পৰিছে। পৃথিৱীৰ জলবায়ু ক্ৰমশঃ উষ্ণ হৈ আহিছে। আজি বিধ্বস্তপ্ৰায় মানৱ জীৱন, বিপন্ন মানৱ সভ্যতা। সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহে ভৱিষ্যতৰ কথা চিন্তা নকৰি নিৰ্বিচাৰে অৰণ্যহনন কৰি নিজৰ বাবে, মানৱ জাতিৰ বাবে, সমগ্ৰ প্ৰাণীকূলৰ বাবে সৰ্বনাশ মাতি আনিছে। প্ৰতি বছৰে ভাৰতত ১৪ লাখ হেক্টৰ বনভূমি নিঃশেষ হয়। অতিপাত গৰম বাঢ়ি যোৱাৰ লগে লগে অক্সিজেনৰ অভাৱজনিত কাৰণত প্ৰাণীকুলৰ মৰণ যন্ত্ৰণাৰ দুৰ্ভাৱনাও বাঢ়ি গৈছে। কল-কাৰখানা, শিল্পদ্যোগ, বিমান বন্দৰ, বিভিন্ন প্ৰকাৰৰ যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা আদিয়ে বায়ু প্ৰদূষিত কৰিছে। পৰিৱেশ প্ৰদূষণে মানুহৰ জীৱনক ক্ষতিগ্ৰস্ত কৰে। তাৰ বাবে বৃক্ষৰোপণ, অৰণ্য প্ৰসাৰ আমাৰ বাবে অতি জৰুৰী হৈ পৰিছে। পৰিৱেশক প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই ১৯৭২ চনৰ পৰা ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস ৰূপে পালন কৰি আহিছে। মানৱ জীৱনৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ অতি নিবিড়। পৰিৱেশজনিত সমস্যা কোনো নিৰ্দিষ্ট ভূখণ্ডৰ মাজত আবদ্ধ নহয়। ইয়াৰ বাবে জনসাধাৰণৰ মাজত ব্যাপকভাৱে পৰিৱেশ সচেতনতা জগাই তুলিব লাগিব। বৰ্তমান পৃথিৱীৰ প্ৰতিখন দেশতে বন সংৰক্ষণৰ বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰিছে। বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ গুৰুত্ব অনুধাৱন কৰাটো সকলোৰে বাবে আশাপ্ৰদ। বিশ্বজুৰি আজি মানুহে বৃক্ষৰোপণৰ প্ৰতি সচেতন হৈছে। প্ৰাকৃতিক পৰিৱেশৰ সমতা ৰক্ষা কৰিবলৈ দেশৰ মুঠ ভূখণ্ডৰ অন্ততঃ ৩০ ভাগ বনভূমি থাকিব লাগে। ভাৰতৰ বননীতি অনুসৰি দেশখনৰ সমতলত ৩৩ ভাগ আৰু পাৰ্বত্য অঞ্চলত ৬৩ ভাগ বনভূমি থকা আৱশ্যক। অৱশ্যে, সুখৰ কথা এয়ে যে দেশৰ তুলনাত অসমত বনভূমিৰ পৰিমাণ এতিয়াও বেছি। ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবোৰ এফালে জীৱ-জন্তুৰ আশ্ৰয়স্থল আৰু আৱাসভূমি, আনফালে সৌন্দৰ্য উপভোগৰ মনোৰম ৰংগভূমি। সুন্দৰৰ মনোৰম সৃষ্টিত সকলোটি প্ৰাণী, তৰু-তৃণ আদি প্ৰত্যেকেই সৌন্দৰ্যৰ প্ৰতিমূৰ্তি। এইটো ঠিক যে বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে প্ৰত্যেকজন নাগৰিকৰে সহযোগিতাৰ উপৰি বনাঞ্চলৰ ওচৰে-পাঁজৰে থকা মানুহখিনিয়ে বনাঞ্চল ৰক্ষা কৰিবলৈ নিজে আগবাঢ়ি নহা পৰ্যন্ত বন বিভাগৰ এমুঠিমান বিষয়া-কৰ্মচাৰীয়ে বনাঞ্চলৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰিব নোৱাৰে। অতি আনন্দৰ কথা সম্প্ৰতি অসমৰ জনসাধাৰণ বিশেষকৈ প্ৰকৃতি আৰু বন্যপ্ৰাণীপ্ৰেমী সংগঠনসমূহে বনভূমি আৰু বনজ সম্পদৰাজি সংৰক্ষণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। চৰকাৰে গ্ৰহণ কৰা বননীতিৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰাকৃতিক ভাৰসাম্য অটুট ৰাখি বনাঞ্চলৰ লগতে আমাৰ অতি চহকী জীৱ বিচিত্ৰ সংৰক্ষণ কৰা। ৰাজ্য চৰকাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গতিশীল নেতৃত্ব আৰু বনমন্ত্ৰীৰ উদ্যোগত অসমত বিনন্দীয়া বনজ সম্পদৰাজি আৰু বিতোপন প্ৰাকৃতিক সৌন্দৰ্যৰাজি সমৃদ্ধ এখন সেউজীয়া অসম গঢ়াৰ যি প্ৰয়াস কৰিছে সিয়ে বন মহোৎসৱ সপ্তাহৰূপে অভিহিত কৰি উদযাপনৰ আঁচনি লৈ সপ্তাহটোৰ আৰু তাৰ পিছৰে পৰা পৰ্যাপ্ত পৰিমাণৰ বৃক্ষ ৰোপণৰ চৰকাৰী আৰু ৰাজহুৱা কাৰ্যসূচী হাতত লৈছে। ১৯৫০ চনৰ পৰা ভাৰতত বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ উদ্দেশ্য ‘বন মহোৎসৱ’ কাৰ্যসূচীক এটি উৎসৱৰ ৰূপ দান কৰি সফলতাৰে পালন কৰি অহা হৈছে। ‘একবিংশ শতিকাৰ মানৱ সমাজলৈ অহা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে প্ৰদূষণ। প্ৰদূষণৰ লগত মোকাবিলা কৰিবলৈ হ’লে আমি অসমৰ বুকুত সেউজীয়া বাতাবৰণ গঢ় দিব লাগিব। এই উদ্দেশ্য আগত ৰাখিয়ে ৬৮ সংখ্যক বন মহোৎসৱ সপ্তাহ উপলক্ষে কলিয়াবৰ তিনিআলিৰ পৰা বোকাখাত-নুমলীগড়লৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দুয়োকাষে গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে’।

যোৱা ২ জুলাইত কলিয়াবৰত ৬৮ সংখ্যক বন মহোৎসৱ সপ্তাহ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে মন্তব্য কৰে। কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুঁজাৰু ভৱন প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বন মহোৎসৱ উপলক্ষে আয়োজিত মুকলি সভাত অংশ লৈ মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সন্মুখভাগ কলিয়াবৰৰ পৰা বোকাখাতলৈ পথৰ দুয়োকাষে সোণাৰু, আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া গছৰে সুশোভিত কৰি দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। ৰাজ্যত আগন্তুক সময়ত ১০ কোটি জোপা গছপুলি ৰোপণৰ আঁচনি হাতত লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় অধিক গছ-গছনি ৰোপণৰে প্ৰদূষণ দূৰ কৰাটো সম্ভৱ। পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে চৰকাৰে নানা পদক্ষেপ গ্ৰহণ কৰিছে। সম্প্ৰতি মানুহে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে। বন মহোৎসৱৰ লগত সংগতি ৰাখি চৰকাৰে ন ন বনাঞ্চল সৃষ্টিৰ বাবে নানা উদ্যোগ গ্ৰহণ কৰিছে। বন্যপ্ৰাণী আৰু বনজ সম্পদ সংৰক্ষণৰ বাবে এক জনজাগৰণৰ বৰ প্ৰয়োজন হৈছে। চৰকাৰে বৰ্তমান বিভিন্ন চৰকাৰী প্ৰচাৰ মাধ্যমৰ জৰিয়তে বন সংৰক্ষণ সম্পৰ্কে জনসাধাৰণক সচেতন কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী-বেচৰকাৰী উদ্যোগত বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ এক নতুন অধ্যায় ৰচনা হৈছে। মানৱ জাতি আৰু সমগ্ৰ জীৱকূলৰ নিৰাপত্তাৰ বাবেই আজি প্ৰয়োজন হৈ পৰিছে বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰাকৃতিক ভাৰসাম্য ওভোতাই আনিবই লাগিব। সেয়ে বৃক্ষৰোপণৰ কাৰ্যসূচী আধুনিক মানুহৰ জীৱনৰ এক প্ৰাণৱস্ত উৎসৱ। মানুহৰ বৌদ্ধিক বিচক্ষণ আৰু কুশলী হাতৰ পৰশত ৰাজস্থানৰ দৰে মৰুৰ বুকুত সেউজীয়া শস্যই আজি হাঁহিছে। মানুহৰ স্বাৰ্থতেই, মানুহৰ কল্যাণৰ বাবেই অৰণ্যৰ ৰক্ষণাবেক্ষণ আৰু নতুন নতুন অৰণ্য সৃষ্টি আজি একান্ত প্ৰয়োজন, অন্যথা মানুহ আৰু পৃথিৱীৰ অস্তিত্ব এদিন ইতিহাসত পৰিণত হ’ব।

উৎস:ৰাইজৰ বাতৰি

2.86206896552
ধ্ৰুৱ জ্যোতি দাস Dec 16, 2018 10:41 AM

ধুনীয়া লাগিল পঢ়ি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top