মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / ৰাজহুৱা সজাগতা আৰু পৰিৱেশ আন্দোলন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাজহুৱা সজাগতা আৰু পৰিৱেশ আন্দোলন

ৰাজহুৱা সজাগতা আৰু পৰিৱেশ আন্দোলন

পৰিৱেশ আন্দোলন

পৰিৱেশৰ প্ৰতি সজাগতাৰ ধাৰণাটো তেনেই আধুনিক, আনকি পৰিৱেশ সংৰক্ষণ, পৰিৱেশ প্ৰদূষণ আদি কথাবোৰ উন্নয়নশীল বা অনুন্নত দেশবোৰত এতিয়াও বহুত মানুহে ভালদৰে অনুভৱ নকৰে। দৰাচলতে পশ্চিমীয়া দেশবোৰত হোৱা শিল্প আৰু উদ্যোগৰ বিকাশ, জনসংখ্যাৰ দ্ৰুতবৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, স্বাস্থ্য আৰু অন্যান্য সেৱাসমূহৰ দ্ৰুত বিকাশ আদিৰ ফলত সমগ্ৰ বিশ্বতে মানুহৰ ক্ৰিয়া কলাপ বাঢ়িবলৈ ধৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব অগ্ৰগতিৰ ফলত বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে মানুহৰ ক্ৰিয়া-কলাপৰ গতি ত্বৰান্বিত হ’বলৈ ধৰিছে। গতিকে পৰিৱেশৰ যি সমস্যা পশ্চিমীয়া দেশত কুৰি শতিকাৰ আদি ভাগৰেপৰা অনুভূত হৈছিল, সেই সমস্যাই একবিংশ শতিকাত প্ৰায় সমগ্ৰ বিশ্বৰে মনোযোগ আকৰ্ষণ কৰিছে। এই আকৰ্ষণৰ প্ৰতিফলন ঘটিছে বিভিন্ন দেশত ঘটা বিভিন্ন পৰিৱেশ আন্দোলনবোৰৰ ৰূপত।

বহুতো স্বেচ্ছাসেৱী সংগঠনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিৱেশ সংৰক্ষণ তথা উন্নয়ণৰ বাবে কাম কৰি আছে। তেনে এটি আন্তৰ্জাতিক সংগঠন হ’ল- ‘গ্ৰীণ পিচ ইণ্টাৰনেছনেল’। ১৯৭১ চনত গঠন হোৱা এই সংস্থাটোৰ মূল লক্ষ্যৰ ভিতৰত আছে-

  • পৃথিৱীৰ জীৱমণ্ডল সংৰক্ষণ কৰা আৰু সম্ভৱ হ’লে আগৰ অৱস্থালৈ ঘূৰাই অনা।
  • যি স্থানত পৰিৱেশ ক্ষতিকাৰক কাম চলে তাতে সেই কামৰ বিৰোধিতা কৰা আৰু শান্তিপূৰ্ণ আন্দোলন গঢ়ি তোলা।
  • পৰিৱেশ ধ্বংসকাৰী পাৰমাণৱিক পৰীক্ষাবোৰ বন্ধ কৰা।

এই সংস্থাটোৰ সদৰ কাৰ্য্যালয় আছে হ’লেণ্ড দেশৰ ৰাজধানী আমষ্টাৰডাম মহানগৰীত। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক কমিটীয়ে ‘গ্ৰীণ পিচ ইণ্টাৰনেছনেল’ সংস্থাটোক নিজৰ উপদেষ্টা সংস্থাৰ মৰ্য্যাদা দিছে।

সমগ্ৰ পৃথিৱীৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে আৰু পৰিৱেশ নিয়ন্ত্ৰিত কৰি ৰখাৰ গঢ়ি উঠা আন কেইবাটাও আন্তঃৰাট্ৰীয় সংগঠন আছে, সেইবোৰৰ ভিতৰত আছে-

(ক) ইউৰোপিয়ান এনভাইৰনমেণ্ট এজেণ্সি।

(খ) ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অৱ ক্লাইমেট চেঞ্জ।

(গ) ইউনাইটেড নেছনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম ইত্যাদি।

পৰিৱেশ সংৰক্ষণৰ বাবে ১৯৭২ চনৰ ৫ জুনৰ পৰা ১৪ জুনলৈ চুইডেন দেশৰ ৰাজধানী ষ্টকহ’মত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন পতা হৈছিল। ঠিক সেইদৰে আফ্ৰিকাৰ কেনিয়া দেশৰ ৰাজধানী নাইৰোবিত ১৯৮২ চনত ‘বিশ্ব পৰিৱেশ সন্মিলন’, দক্ষিণ আমেৰিকাৰ ব্ৰাজিল দেশৰ ৰাজধানী ৰিঅ’ডি জেনেৰ’ত ১৯৯২ চনত ৩ জুনৰ পৰা ১৪ জুনলৈ ‘বসুধা সন্মিলন’ আৰু জাপানৰ কিয়’ট মহানগৰীত ১৯৯৭ চনত ‘পৰিৱেশ সন্মিলন’ অনুষ্ঠিত হৈছিল। ২০০২ চনৰ ২৬ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈ দক্ষিণ আফ্ৰিকাৰ জোহাণ্সবাৰ্গত ‘ৱৰ্ল্ড চামিট অন ছাষ্টেইনেইবেল ডেভেল’পমেম্ট’ শীৰ্ষক এখন ডাঙৰ সন্মিলন হৈছিল। এইধৰণে পাতি অহা বিশ্ব সন্মিলনবোৰৰ উল্লিখিত উদ্দেশ্য বেলেগ বেলেগ হ’লেও মূলতঃ প্ৰতিখন সন্মিলনতে পৃথিৱীৰ পৰিৱেশজনিত সমস্যাবোৰ আলোচনা কৰা হৈছে আৰু সেইবোৰ সমাধান কৰাৰ বিভিন্ন কাৰ্য্য ব্যৱস্থাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে।

ভাৰতত পৰিৱেশ আন্দোলন

ভাৰততো পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে কেইবাটাও আন্দোলন গঢ়ি উঠিছে আৰু তেনে কিছুমান আন্দোলন যথেষ্ট সফলো হৈছে। এই আন্দোলনবোৰৰ মূল লক্ষ্য এনেধৰণৰঃ

  • পৰিৱেশৰ সমস্যা সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱা আৰু সজাগ কৰি তোলা।
  • কোনো এটা পৰিস্থিতি তন্ত্ৰৰ বাসিন্দাসকলৰ মাজত চৰকাৰী আইন-কানুন আৰু পৰিৱেশ সম্পৰ্কীয় নিয়মাৱলী সঠিক ৰূপত প্ৰচাৰ কৰা।
  • পৰিৱেশ সম্পৰ্কে বিভিন্ন কৰ্মশালা, আলোচনাচক্ৰ, সজাগতা, শিবিৰ আদি পতা আৰু বিভিন্ন পুস্তিকা প্ৰকাশ কৰা।
  • পৰিস্থিতি তন্ত্ৰ একোটাৰ বিভিন্ন সমস্যাৰ তথ্যপাতি সংগ্ৰহ কৰি আইনগতভাৱে সেইবোৰ সমাধানৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা।

অৱশ্যে এনে আনুষ্ঠানিকতা আৰম্ভ হোৱাৰ আগতেই ভাৰতত পৰিৱেশ আন্দোলন গঢ়ি উঠিছিল। আনকি বিভিন্ন সামাজিক ৰীতি-নীতি তথা পৰম্পৰাগত ক্ৰিয়া-কলাপসমূহ পৰ্য্যবেক্ষণ কৰিলে দেখা যায় যে সেইবোৰৰ অধিকাংশই পৰোক্ষভাৱে হ’লেও অত্যন্ত পৰিৱেশ মিত্ৰ।

বিষ্ণৈৰ সংৰক্ষণ আন্দোলন

ৰাজস্থানত বিষ্ণৈ নামৰ এটা সম্প্ৰদায় আছে। কথিত আছে যে পোন্ধৰ শতিকাত ৰাজস্থানৰ বিকানীৰত শ্ৰীজন্মেশ্বৰ ভগৱান নামৰ সাধু পুৰুষ এগৰাকীয়ে আশ্ৰম পাতিছিল। সেই আশ্ৰমত তেওঁ প্ৰাকৃতিক দুৰ্যোগৰ কথা আৰু সেইবোৰৰ পৰা ৰক্ষা পোৱাৰ উপায় সম্পৰ্কে সাধাৰণ লোকক বুজাইছিল। প্ৰাকৃতিক সম্পদবোৰ যে জধে-মধে ধ্বং কৰিব নালাগে আৰু সেইবোৰ সংৰক্ষণ কৰিব লাগে, সেই বিষয়েও তেওঁ মানুহক বুজনি দিছিল। তেওঁৰে শিষ্যসকলক বিষ্ণৈ বোলা হৈছিল। বিষ্ণৈসকলে ঊনৈশটা বিভিন্ন নীতিশিক্ষা গুৰুৰপৰা লাভ কৰিছিল আৰু তেওঁলোক সেই তেতিয়াৰ দিনতে পৰিৱেশ সচেতন হৈ উঠিছিল।

আজিৰপৰা প্ৰায় দুশ পঞ্চাশ বছৰ আগতে (১৭৩১) ৰাজস্থানৰ যোধপুৰত থকা ৰজাৰ সৈতে বিষ্ণৈসকলৰ এক সংঘাত হৈছিল আৰু সেই সংঘাতৰ ফলত তেতিয়াই একপ্ৰকাৰ পৰিৱেশ আন্দোলন এটা গঢ়ি উঠিছিল। কথিত আছে যে ৰজাই দুৰ্গ এটা সাজিবলৈ ইচ্ছা কৰিছিল আৰু তাৰ বাবে প্ৰয়োজন হোৱা কাঠখিনি বিষ্ণৈ সম্প্ৰদায়ে বাস কৰা গাঁও এখনৰ ওচৰতে থকা অৰণ্যৰপৰা কাটিবলৈ হুকুম দিছিল। কিন্তু গাঁৱৰ মানুহবোৰে অমৃতা দেৱী নামৰ এগৰাকী মহিলাৰ নেতৃত্বত ৰজাৰ আদেশ অমান্য কৰি ৰজাৰ মানুহক গছ কাটিবলৈ দিয়া নাছিল আৰু খেদি পঠাইছিল। এই কথাত খং উঠি ৰজাই সৈন্য সামন্ত পঠাই বলপূৰ্বক গছ কটাৰ হুকুম দিছিল। বিষ্ণৈসকলেও একগোট হৈ ৰজাৰ মানুহক বাধা দিছিল, প্ৰতিজন লোকে একোডাল গছ সাৱটি ধৰিছিল। উপায়ন্তৰ হৈ সৈন্যসকলে গাঁৱৰ মানুহবোৰক আক্ৰমণ কৰিছিল। এই আক্ৰমণত প্ৰায় ৩৬০ জন লোকৰ মৃত্যু হৈছিল। অমৃতা দেৱী, তেওৰ স্বামী ৰামোজী আৰু তেওঁলোকৰ কন্যা আশী বাঈ, ৰত্নী বাঈ আৰু ভাগৱতীৰো মৃত্যু হৈছিল। এই মৰ্মান্তিক ঘটনাৰ পিছত ৰজাঘৰীয়া লোকসকল গছ কাটিবলৈ অমান্তি হৈ উভতি গৈছিল। এই ঘটনা অপ্ৰত্যাশিত আছিল, ৰজাও বৰ অনুতপ্ত হৈছিল। কথিত আছে যে তেওঁ নিজে বিষ্ণৈসকলৰ গাঁৱলৈ গৈ সমবেদনা জ্ঞাপন কৰিছিল আৰু নিৰ্দেশ দিছিল যে ভৱিষ্যতে বিষ্ণৈসকল বাস কৰা গাঁৱৰ ওচৰত কোনেও গছ কাটিব নোৱাৰিব আৰু কোনো প্ৰাণী বধ কৰিব নোৱাৰিব। সেই দিন ধৰি আজিলৈকে বিষ্ণৈসকলে বনাঞ্চল ৰক্ষা কৰি আহিছে। তেওঁলোকৰ গাঁৱত এতিয়াও নীলগাই, হৰিণা আদি মুক্তভাৱে বিচৰণ কৰে।

চিপকো আন্দোলন

বনাঞ্চল ৰক্ষা কৰাৰ উদ্দেশ্যে পূৰ্বৰ উত্তৰ প্ৰদেশ (বৰ্তমান উত্তৰাঞ্চল) ৰাজ্যৰ তেহৰি-গাড়োৱাল জিলাত ১৯৭২ চনত চিপকো আন্দোলনৰ সূচনা হয়। ৰেণী নামৰ গাঁও এখনৰ ওচৰত থকা বনাঞ্চলত গছ কাটিবলৈ চৰকাৰী অনুজ্ঞাপত্ৰ লৈ এজন ঠিকাদাৰৰ মানুহ সেই গাঁওখনলৈ আহিছিল। সেই গাঁওখনৰ মানুহখিনি জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে ভালদৰে জানিছিল যে সেই বনাঞ্চলৰ পৰাই মানুহৰ খাদ্য, গৰু-ম’হৰ খাদ্য, ইন্ধনৰ বাবে খৰি, সূতা বা আঁহ আৰু সাৰ আদি বিভিন্ন বস্তু পোৱা যায়, অৰ্থাত্ এইসমূহৰ বাবেই বনাঞ্চলৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল আছিল। গতিকে গৌৰী দেৱী নামৰ এগৰাকী মহিলাৰ নেতৃত্বত আন ২৭ গৰাকী মহিলাৰ দল এটাই ৰেণী গাঁৱত ঠিকাদাৰৰ মানুহে গছ কটা কাৰ্য্যৰ প্ৰতিবাদ কৰিছিল। কিন্তু ঠিকাদাৰৰ মানুহে মহিলাসকলক হেয়জ্ঞান কৰি গছ কটা কাম আৰম্ভ কৰিছিল। মহিলাসকলেও নিজৰ কথা এৰা নাছিল, প্ৰতিগৰাকীয়ে একোডালকৈ গছ সাৱটি ধৰিছিল। এই সংবাদ পাই পিচদিনা বহুত মানুহ গোট খাইছিল। ওচৰ-পাঁজৰৰ প্ৰায় বাৰখন গাঁৱৰ মানুহ লগলাগি সেই গছ কটা কাৰ্য্যৰ বিৰোধিতা কৰিছিল। অৱশেষত গছ কটা কাম বন্ধ কৰিবলৈ ঠিকাদাৰ বাধ্য হৈছিল।

গছ সাৱটি ধৰি অৰণ্য ৰক্ষা কৰিছিল কাৰণে ৰেণী অঞ্চলত আৰম্ভ কৰা সেই আন্দোলনটোক মানুহে চিপকো আন্দোলন নাম দিলে। (হিন্দী ভাষাত চিপকো শব্দৰ অৰ্থ সাৱটি ধৰা)। লাহে লাহে উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আদিত এই আন্দোলন সম্প্ৰসাৰিত হ’বলৈ ধৰিলে। উত্তৰ খণ্ডৰ ছামলি, পিথোৰগড়, আলমোৰা, উত্তৰ কাশী, নাইনিতাল, ডেৰাডুন, তেহৰি আৰু পুৰাই আদি জিলাতো এনে আন্দোলন আৰম্ভ হ’ল।

তেহৰি অঞ্চলত শ্ৰীসুন্দৰলাল বহুগুণাৰ নেতৃত্বত চিপকো আন্দোলন আৰম্ভ হ’ল আৰু সেই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিলে। ১৯৭৮ চনত এই আন্দোলনে চূড়ান্ত ৰূপ ধাৰণ কৰে। গাড়োৱাল জিলাৰ গাঁও অঞ্চললৈও আন্দোলন বিয়পি পৰিল। অৰণ্য অঞ্চলত মহিলাসকলে গছবোৰ সাৱটি ধৰি ৰক্ষা কৰিবলৈ যত্ন কৰিলে। এই আন্দোলনৰ জৰিয়তে ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰচাৰ চলোৱা হ’ল। আন্দোলনটো ক্ৰমান্বয়ে ৰাইজৰ আন্দোলন হৈ উঠিল, পৰিৱেশ আন্দোলন হৈ উঠিল। এই আন্দোলনৰ বাণী হিমালয়ৰ পাদদেশ অঞ্চলত বিয়পি পৰিল। চিপকো আন্দোলনৰ মূল উদ্দেশ্যবোৰ হ’ল-

  • অৰণ্যত গছ কটা ঠিকাদাৰী ব্যৱস্থাৰ বিলোপ সাধন কৰা। সমবায় আৰু গ্ৰাম্য প্ৰতিষ্ঠানৰ যোগেদি গছ কটা আৰু বৃক্ষ ৰোপণ কৰা।
  • সংবেদনশীল অৱবাহিকা অঞ্চলত পুনৰ বনানীকৰণ কৰা আৰু গছ কটা বন্ধ কৰা।
  • বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি জীৱন ধাৰণ কৰা বাসিন্দাসকলৰ দৈনন্দিন প্ৰয়োজন অনুসৰি বনজ সম্পদ আহৰণৰ সুবিধা দিয়া।
  • বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল উদ্যোগৰ বাবে স্থানীয় শ্ৰমিক, উদ্যোগ কৰ্মী আৰু গাঁওবাসীক সুবিধা দিয়া।
  • উদং হৈ পৰা পাহাৰ অঞ্চলত পুনৰ বনানীকৰণ কৰা আৰু কৃষি অৰণ্য অথবা বনানী পাম খোলাত স্থানীয় লোকক সহায় কৰা।
  • বন বিভাগ বা অন্য চৰকাৰী বিভাগে বনাঞ্চলত ল’ব খোজা যিকোনো প্ৰকল্প বা নিৰ্মাণ কাৰ্য্য ৰূপায়ণ কৰাৰ আগতে তেনে কাৰ্য্যৰ দ্বাৰা পৰিস্থিতি তন্ত্ৰ কিদৰে প্ৰভাৱিত হ’ব পাৰে সেই বিষয়ে অধ্যয়ন কৰি তথ্য সংগ্ৰহ কৰা।

আশা কৰা হৈছে যে চিপকো আন্দোলনৰ দৰে আন্দোলনৰ দ্বাৰা সামগ্ৰিকভাৱে সমাজৰ প্ৰগতি হ’ব, স্থায়ী শান্তি বিৰাজ কৰিব আৰু জীৱন আনন্দময় হ’ব। সেই আন্দোলনে মানুহৰ মাজত এক জাগৰণ আনি দিছে। শ্ৰীসুন্দৰলাল বহুগুণাৰ কাম-কাজৰদ্বাৰা উত্সাহিত হৈ দেশী বিদেশী বহু লোকে পৰৱৰ্তী কালত পৰিৱেশ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে তেওঁৰ পৰা মূল্যৱান দিহা-পৰামৰ্শ লাভ কৰিছে।

নিজম উপত্যকা আন্দোলন

কেৰেলা ৰাজ্যৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰা আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ বাবে চলা এটা বিখ্যাত পৰিৱেশ আন্দোলনৰ নাম নিজম উপত্যকা আন্দোলন।

কেৰেলা ৰাজ্যৰ পালঘাট জিলাৰ পাৰ্বত্য অঞ্চলত এক সুবিস্তীৰ্ণ বৰ্ষাৰণ্য আছে, ইয়াকে নিজম উপত্যকা বনাঞ্চল বা ‘চাইলেণ্ট ভেলি ট্ৰপিকেল ফৰেষ্ট’ বোলে। এই অঞ্চলৰ মাটিকালি প্ৰায় ৮৯৫২ হেক্টৰ। ইয়াত বহুসংখ্যক পাহাৰ আৰু উপত্যকা আছে। এই অঞ্চলটো জৈৱ বৈচিত্ৰ্যৰ উত্কৃষ্ট ভঁৰাল আৰু পৃথিৱীৰ ভিতৰতে এটা বিশেষ উল্লেখযোগ্য সংৰক্ষিত অঞ্চল। এই অঞ্চলত বহু প্ৰকাৰৰ বিপন্ন প্ৰজাতি এতিয়াও সংৰক্ষিত হৈ আছে। হাজাৰ হাজাৰ বছৰ পুৰণি এই বনাঞ্চলত থকা বহুতো উদ্ভিদ প্ৰজাতিৰ প্ৰাচুৰ্য্য এতিয়াও উদ্ঘাটন কৰিবলৈ বাকী আছে। ইয়াত বহুতো বিশিষ্ট প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী আছে। সিংহনেজীয়া বান্দৰ নামৰ এবিধ বিপন্ন বান্দৰ প্ৰজাতি ইয়াতে পোৱা যায়। এইবিধ বান্দৰে অকল গছতহে বাস কৰে। বান্দৰ প্ৰজাতিৰ জৈৱ বিৱৰ্ত্তন আৰু সামাজিক বিৱৰ্ত্তনৰ বিষয়ে বুজিবলৈ হ’লে এইবিধ বান্দৰৰ বৈশিষ্ট্য জনাটো অপৰিহাৰ্য্য। এই অৰণ্যত নীলগিৰি লেংগৰ, বাঘ আৰু পেন্থাৰ আদি বিপন্ন প্ৰজাতিৰ প্ৰাণীও আছে। এইবোৰৰ উপৰিও কেইবাবিধো আপুৰুগীয়া উদ্ভিদো এই অৰণ্যত আছে।

কেৰেলাৰ বিদ্যুত্ চাহিদা পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ১৯৭৩ চনত নিজম উপত্যকা অঞ্চলৰ মাজেদি বৈ যোৱা কুন্থিপুঝা নামৰ উপনদী এখনত জলবিদ্যুত্ প্ৰকল্প এটা নিৰ্মাণ কৰা আঁচনিত অনুমোদন জনায়। সেইমৰ্মে নদীত এটা বান্ধ নিৰ্মাণ কৰি ৬০ মেগাৱাট বিদ্যুত্ শক্তি উত্পন্ন কৰাৰ পৰিকল্পনা কৰা হয়। বান্ধত জমা হোৱা পানীৰে প্ৰায় ১০,০০০ হেক্টৰ খেতিৰ মাটিত জলসিঞ্চন কৰিব পৰা যাব বুলিও আশা কৰা হয়।

প্ৰথম অৱস্থাত এই প্ৰস্তাৱিত জলবিদ্যুত্ প্ৰকল্পটো ৰূপায়ণ কৰিব খোজাত ৰাইজ আশাবাদী হৈছিল। মালাৱাৰ অঞ্চলত সেইটো আছিল প্ৰস্তাৱিত দ্বিতীয় বৃহত্ জলবিদ্যুত্ প্ৰকল্প। ইয়াৰদ্বাৰা ৰাজ্যখনৰ বিদ্যুতৰ নাটনিৰ সমস্যা লাঘৱ হ’ব বুলি আশা কৰা হৈছিল। বান্ধ নিৰ্মাণৰ কামত দুই-তিনি হাজাৰমান লোকে অন্ততঃ পাঁচ বছৰৰ বাবে নিযুক্তি পাব বুলি আশা কৰিছিল। প্ৰকল্পটোৰ প্ৰস্তাৱনাত কোৱা হৈছিল যে বৰষুণৰ বতৰত জমা হোৱা অতিৰিক্ত পানী বান্ধ দি জমা কৰি ৰাখিব পাৰিলে বানপানীৰ ভয় হ্ৰাস হ’ব আৰু সেই পানী খৰালি কালত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। এইদৰে মানুহৰ বহু আশা-আকাংক্ষা পূৰ কৰিব পৰা যাব বুলি কোৱা হৈছিল।

১৯৭৬ চনত প্ৰকল্পটোৰ কাম আৰম্ভ হ’ল যদিও ঠিক সেই সময়তে ইতিমধ্যে পৰিৱেশ অধ্যয়নৰ বাবে গঠন কৰি দিয়া টাস্ক ফোৰ্ছৰ প্ৰতিবেদন প্ৰকাশ পালে। প্ৰতিবেদনত কোৱা হ’ল যে প্ৰকল্পটোৰ কাম আৰম্ভ কৰিলে, চাইলেণ্ট ভেলি বা নিজম উপত্যকাৰ পৰিস্থিতি তন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব, সেই অঞ্চলৰ চহকী জৈৱ বৈচিত্ৰ্য বিনষ্ট হ’ব। কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদ নামৰ স্বয়ংসেৱী সংস্থা এটাই সেই সময়তে চলোৱা অধ্যয়ন এটাৰ পৰাও প্ৰকাশ পালে যে-

  • উপত্যকাটো জৈৱ বৈচিত্ৰ্যত অতি চহকী।
  • এই অঞ্চলৰ অৰণ্যত বহুতো মূল্যৱান গছ-গছনি থাকে।
  • ইয়াৰ ঘন হাবিত মেকাকু, বাঘ, পেন্থাৰ, লেংগুৰ আদি কেইবাবিধো দুষ্প্ৰাপ্য প্ৰাণী আছে।
  • কুন্থিপুঝা নদীত বান্ধ দিলে প্ৰায় ৮৫০ হেক্টৰ বনাঞ্চল পানীত ডুব যাব আৰু ভূমি প্ৰদূষণ হ’ব।

গতিকে প্ৰকল্পটো ৰূপায়ণ কৰিলে লাভতকৈ লোকচানৰ মাত্ৰা বেছি হ’ব। এই কথা আগত ৰাখি ৰাইজৰ সহযোগত কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদে প্ৰকল্পটোৰ বিৰোধিতা কৰিলে আৰু আন্দোলন আৰম্ভ কৰিলে। অৱশেষত চৰকাৰে ৰাইজৰ দাবী মানি ল’লে আৰু প্ৰকল্পটো বাতিল কৰিবলৈ বাধ্য হ’ল। ১৯৮০ চনত নিজম উপত্যকাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হ’ল।

পৰিৱেশ সংৰক্ষণৰ প্ৰতি মানুহৰ সজাগতা

পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন পৰিৱেশত মানুহে বাস কৰে। যিয়ে যি ঠাইত বাস কৰে, সেই ঠাইৰ পৰিৱেশৰ সৈতে নিজকে অভ্যস্ত কৰি লয়। গতিকে এটা পৰিৱেশৰ মানুহৰ জীৱন ধাৰণ পদ্ধতি আন এটা পৰিৱেশৰ মানুহৰ সৈতে নিমিলে। উদাহৰণস্বৰূপে, মৰুভূমি অঞ্চলত থকা লোকৰ সাজ-পোছাক বৰফাবৃত মেৰু অঞ্চলত থকা এস্কিম’ সকলতকৈ বেলেগ, থকা ঘৰ, খোৱা পদ্ধতি আদিও বেলেগ। এনেকুৱা বহুত উদাহৰণ দিব পৰা যায়।

কিন্তু পৰিৱেশ বিজ্ঞানৰ আনুষ্ঠানিক জ্ঞান নথকা সময়তো পৰম্পৰাগত কৃষিজীৱি সমাজত পৰিৱেশ মিত্ৰ বহুতো কাম-কাজ মানুহে কৰি গৈছিল। তেতিয়া সাধাৰণ মানুহবোৰ অশিক্ষিত আছিল যদিও পৰম্পৰাগত বিধি-বিধান তেওঁলোকে সসম্ভ্ৰমে পালন কৰিছিল, শাস্ত্ৰ পঢ়িব নাজানিলেও শাস্ত্ৰৰ আজ্ঞা বা গুৰুৰ আজ্ঞা পালন কৰিছিল। আমাৰ সমাজত চলা এনে কামৰ মাত্ৰ কেইটামান উদাহৰণ ইয়াত দিয়া হ’ল, আমাৰ সমাজতে এনে উদাহৰণ কিন্তু আৰু বহুত আছে।

পৰিৱেশ মিত্ৰ কিছুমান লোক বিশ্বাস

এতিয়াও চলি থকা কিছুমান লোকবিশ্বাস-

  • বেলগছৰ তলত চাকি জ্বলাই পূজা কৰা হয়।
  • তুলসীৰ আগত চাকি জ্বলোৱা হয়।
  • আঁহত গছ, বৰগছ আদি কাটিব নাপায়।
  • সিজু গছৰ গুৰিত পূজা কৰা হয়।
  • সাপ মাৰিব নাপায়।
  • বহাগ বিহুত গৰু ধুওৱা হয় আৰু পূজা কৰা হয়।
  • মেকুৰী মাৰিব নাপায়।

এনেধৰণৰ লোকবিশ্বাস অসমৰ অঞ্চলে অঞ্চলে বহুত আছে আৰু এইবোৰৰ ভিত্তিত কৰা বহুতো কাম-কাজে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে পৰিৱেশ সংৰক্ষণ কৰি ৰখাত সহায় কৰে। বিয়া-সবাহ, পূজা-পাৰ্বণ, বিহু উত্সৱে আৰু বিভিন্ন লোক উৎসৱত নানা প্ৰকাৰৰ ফুল, তুলসী, উদ্ভিদ, জীৱ-জন্তু আদি ওতঃপ্ৰোতভাৱে জড়িত। এইবোৰ কাৰ্য্যৰ দ্বাৰা সাব্যস্ত কৰা হৈছে যে মানুহৰ জীৱনৰ সৈতে প্ৰাণী তথা উদ্ভিদৰ গভীৰ সম্পৰ্ক আছে। এইবোৰ কাৰ্য্যৰদ্বাৰা মানুহৰ অজানিতে পৰিৱেশ সুৰক্ষিত হয়, প্ৰাণী আৰু উদ্ভিদৰ যথাযথ আদৰ কৰাৰ প্ৰৱণতাও মানুহৰ মাজত স্বাভাৱিকতে আহি যায়।

অৱশ্যে শিক্ষাৰ অধিক প্ৰসাৰ হোৱাৰ লগে লগে বিধান একোটাৰ অৰ্থ বিচাৰি প্ৰশ্ন কৰোতে বিজ্ঞানসন্মত সদুত্তৰ নাপাই সেইবোৰ অন্ধবিশ্বাস বুলি ভবাৰ প্ৰৱণতাও এতিয়া অধিক মাত্ৰাত দেখা গৈছে। ইয়াৰ ফলত পৰম্পৰাগত সমাজত পৰিৱেশ সংৰক্ষণৰ যি স্বাভাৱিক প্ৰক্ৰিয়া বৰ্ত্তি আছিল সেই প্ৰক্ৰিয়া এতিয়া বহুলাংশে বিনষ্ট হৈছে। সেইকাৰণে পৰিৱেশ সংৰক্ষণৰ নতুন পদ্ধতিৰ কথা চিন্তা কৰিবলগীয়া হৈছে, পৰিৱেশ আন্দোলন গঢ়ি তোলাৰ কথা চিন্তা-চৰ্চা কৰিবলগীয়া হৈছে।

মানুহ আৰু প্ৰকৃতি

এই কথা নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই যে মানুহ আৰু প্ৰকৃতিৰ সম্বন্ধ ওতঃপ্ৰোত। কিন্তু সাম্প্ৰতিক কালত দ্ৰুতগতিত নগৰীকৰণ হোৱাৰ ফলত নতুন প্ৰজন্মৰ বহুতো ল’ৰা-ছোৱালীয়ে এই সম্বন্ধ অনুভৱ কৰিব নোৱাৰা হৈছে। নগৰ চহৰত বাস কৰা বহুতেই এতিয়া প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। কংক্ৰিটৰ জংঘলত বাস কৰা এই মানুহবোৰৰ প্ৰকৃতিৰ সৈতে সম্পৰ্ক হোৱাৰ সুযোগ কমি গৈছে। আনকি গ্ৰাম্যাঞ্চলতো প্ৰকৃতি আৰু মানুহৰ মাজত থকা এনাজৰীডাল ঢিলা হৈছে।

আজিকালি সমাজ অধিক মাত্ৰাত বস্তুবাদী তথা ভোগবাদী হৈ পৰিছে। এনে সমাজত প্ৰকৃতিৰ বহুতো কথা অৰ্থপূৰ্ণ নহয় বা প্ৰকৃতিয়ে বিশেষ অৰ্থ বহন নকৰে। যিবোৰ বস্তু প্ৰত্যক্ষভাৱে কামত, সেইবোৰ প্ৰত্যাখ্যান কৰা প্ৰৱণতাই গা-কৰি উঠিছে। যেনে, অৰণ্যত বাস কৰা বাঘ, ভালুক, বান্দৰ, শিয়াল আদি জন্তুবোৰ মানুহৰ বিশেষ একো কামত নাহে, বৰঞ্চ সেইবোৰে বহুত সময়ত বিৰক্তিকৰ তথা প্ৰতিকূল পৰিৱেশৰহে সৃষ্টি কৰে। গতিকে তেনেবোৰ বনৰীয়া জন্তু সংৰক্ষণ কৰাৰ নামত ধন-জন ব্যৱহাৰ কৰাটো বহুতৰে মনত অৰ্থহীন যেন লাগিব পাৰে।

কিন্তু প্ৰকৃতিত থকা নানা তৰহৰ উদ্ভিদ তথা জীৱ-জন্তুৰ মাজত এক ভাৰসাম্য থাকে, কোনোটো জীৱেই অলাগতিয়াল নহয়। বৰঞ্চ কোনো প্ৰজাতিৰ জীৱ ধ্বংস কৰিলে প্ৰকৃতিৰ ভাৰসাম্য নষ্টহে হয় আৰু পৰিৱেশত কুপ্ৰভাৱ পৰে। এটা তেনেই সহজ উদাহৰণ লোৱা যাওক। ধৰাহল, এখন হাবীত কেইটামান বাঘ আছে। সেই বাঘকেইটা গৰু, ম’হ, হৰিণা আদি খায় আৰু মানুহৰ অনিষ্ট কৰে। গতিকে সাহসী মানুহ কেইজনমানে লগলাগি এদিন বাঘকেইটা বধ কৰিলে, সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। সেই হাবিখনত সোমাবলৈ মানুহে ভয় নকৰা হল। লাহে লাহে মানুহে হৰিণাবোৰ ধৰি ধৰি খাবলৈ ধৰিলে আৰু জধে-মধে গছ-গছনি কাটিবলৈ ধৰিলে। ক্ৰমান্বয়ে হাবিখনত গছ-গছনি নোহোৱা হ’ল। জীৱ-জন্তুবোৰ মৰি শেষ হ’ল। এইদৰে এটা সুন্দৰ পৰিৱেশ ধ্বংস হ’ল। এনে ধৰণৰ আন বহুতো উদাহৰণ আছে।

মানুহে হাতীদাঁতৰ কাৰণে হাতী আৰু খড়গৰ কাৰণে গঁড় বধ কৰে, মাংসৰ লোভত হৰিণা বধ কৰে আৰু আসুৰিক আনন্দৰ কাৰণে বাঘ আদি যিকোনো জন্তুকে বধ কৰে। অথচ হাতী, গঁড়, হৰিণা আদিয়ে মানুহৰ একো অপকাৰ নকৰে, ঘাঁহ-বন খাই জীয়াই থাকে। বাঘ আদি বনৰীয়া জন্তুবোৰেও যিমান পাৰি নিজৰ পৰিস্থিতি তন্ত্ৰৰ ভিতৰতে থাকে, মানুহৰ পৰা আঁতৰি থাকে। এইবোৰ প্ৰাণী জধে-মধে নিধন কৰাৰ ফলত খাদ্য-শৃংখলত বাধা জন্মে, পৰিস্থিতি তন্ত্ৰ ব্যাহত হয় আৰু সামগ্ৰিক পৰিৱেশ বিনষ্ট হয়।

মানুহ আৰু কৃষি পদ্ধতি

কৃষি কৰ্মৰ যোগেদিও মানুহে প্ৰত্যক্ষভাৱে প্ৰকৃতিৰ ওপৰত আঘাত হানি আছে। যিসকল সাধাৰণ মানুহ খেতিবাতিৰ কামত জড়িত তেওলোকৰ বহুতেই এই সম্পৰ্কে বিশেষ কথা নাজানে।

পুৰণিকলীয়া কৃষিপদ্ধতি যথেষ্ট প্ৰকৃতি-মিত্ৰ আছিল। গৰুৰে হাল বাই খেতি কৰোতে মাটি যিমানখিনি চহাব লাগে ঠিক সিমানখিনিহে চহোৱা হৈছিল, তাৰ বাবে নাঙলত উপযুক্ত আকাৰৰ ফাল ব্যৱহাৰ কৰা হৈছিল। যেনে- কমকৈ খান্দিব লাগিলে বুটা নাঙল ব্যৱহাৰ কৰা হৈছিল। গতিকে বৰষুণ পৰিলে, পানীৰ ঢল আহিলে বা বানপানী হ’লে মাটি বেছিকৈ উটুৱাই নিব পৰা নাছিল, মাটিৰ উৰ্বৰতা অক্ষুণ্ণ আছিল। ইয়াৰ উপৰিও থলুৱা জাতৰ ধান, মাহ আদি শস্যৰ খেতি বিভিন্ন ঋতুত এনেদৰে কৰা হৈছিল যে সেই শস্যবোৰে নিজেই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিছিল। গোবৰ আৰু পাচন সাৰহে খেতিত ব্যৱহাৰ কৰা হৈছিল। গতিকে আজিৰ দৰে উৎপাদন বেছি হোৱা নাছিল যদিও কৃষি কৰ্মৰদ্বাৰা পৰিৱেশ সন্তুলিত হৈ আছিল, বিনষ্ট হোৱা নাছিল।

কিন্তু অধিক উৎপাদনৰ প্ৰয়োজন হোৱা কাৰণে আধুনিক কৃষি পদ্ধতিত নাঙলৰ সলনি পাৱাৰ টিলাৰ ব্যৱহাৰ কৰা হৈছে। পাৱাৰ টিলাৰে মাটি দকৈ খান্দে। গতিকে প্ৰতিবছৰে খেতিপথাৰৰ ওপৰৰ সাৰুৱা মাটিৰ একাংশ পানীয়ে ধুই নিয়ে। ইয়াৰ ফলত মাটিৰ স্বাভাৱিক উৰ্বৰতা ক্ৰমান্বয়ে হ্ৰাস পাই গৈছে। আজিকালি কৃষি বিজ্ঞানীসকলে গৱেষণাৰদ্বাৰা বিভিন্ন শস্যৰ অধিক উৎপাদনক্ষম জাতৰ উদ্ভাৱন কৰিছে। সেই নতুন জাতৰ শস্য পৰিপক্ক হওঁতে কম দিন লাগে, সেইবোৰৰ উৎপাদনৰ পৰিমাণ থলুৱা জাতবোৰতকৈ যথেষ্ট বেছি। কিন্তু এনে শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে যথেষ্ট পৰিমাণৰ কৃত্ৰিম সাৰ দিব লাগে আৰু প্ৰতিপালনৰ বাবে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও উপযুক্ত জলসিঞ্চন ব্যৱস্থাও অত্যাৱশ্যকীয়। অধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ স্বাভাৱিক উৰ্বৰা শক্তি দিনে দিনে হ্ৰাস হৈ গৈ আছে। কীটনাশক দ্ৰব্য অধিক মাত্ৰাত প্ৰয়োগ কৰাৰ ফলত বহুতো উপকাৰী কীট-পতংগও ধ্বংস হৈ যাব ধৰিছে। আনহাতে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ অধিকাংশই পানীত মিহলি হয় আৰু খাল, বিল, নদী আদিত পৰে, ফলস্বৰূপে পানী প্ৰদূষিত হয়। এইবোৰ কথাৰপৰা সহজে অনুমান কৰিব পাৰি যে আধুনিক কৃষি পদ্ধতি প্ৰকৃতি মিত্ৰ নহয়। গতিকে এনে পদ্ধতি প্ৰয়োগ কৰা কৃষকসকলে বিজ্ঞানসন্মতভাৱে অতি সাৱধানে কৃত্ৰিম সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা উচিত যাতে প্ৰকৃতিৰ ওপৰত অৰ্থাত্ পৰিৱেশৰ ওপৰত এইবোৰৰ কুপ্ৰভাৱ নিম্নতম কৰি ৰাখিব পাৰি।

প্লাষ্টিকৰ কুপ্ৰভাৱ

আগতে মানুহে বিভিন্ন উৎসৱ-পাৰ্বণ তথা ঘৰুৱা কাম-কাজত কলপাত, কলদোনা, কলচটীয়া ব্যৱহাৰ কৰিছিল, চেগুণ গছৰ পাত ব্যৱহাৰ কৰিছিল। বজাৰ-ঘাট কৰিব লাগিলে সাঙীভাৰ নিছিল, খৰাহী-পাচি ব্যৱহাৰ কৰিছিল, ধান-মাহ আৰু বিবিধ শস্য জমা কৰি থ’বলৈ আৰু অন্যান্য বিবিধ কামৰ বাবে বাঁহৰ বস্তু ব্যৱহাৰ কৰিছিল। মানুহে পানী থ’বলৈ মাটিৰ কলহ, কাঁহ-পিতলৰ বাচন ব্যৱহাৰ কৰিছিল, পানী খাবলৈ লোটা, ঘটী, কাঁহৰ গিলাছ বাতি ব্যৱহাৰ কৰিছিল। সেইদৰে ভাত খাবলৈ কাঁহৰ কাঁহী ব্যৱহাৰ কৰিছিল। এতিয়া হঠাত্ যুগৰ পৰিৱৰ্তন হ’ল, প্লাষ্টিকৰ সামগ্ৰীয়ে সকলোকে বিতাৰিত কৰিলে। আনকি মিঠাতেল, গাখীৰ আদি থ’বলৈও প্লাষ্টিকৰহে বটল বা পেকেট ব্যৱহাৰ কৰা হ’ল। দোকানে দোকানে এতিয়া প্লাষ্টিকৰ বটলত বা পেকেটত পানীয়ে ভিৰ কৰিছে। দোকানত প্ৰায় সকলো ধৰণৰ খোৱা বস্তু আৰু অন্যান্য বস্তু এতিয়া প্লাষ্টিকৰ পেকেটতহে ৰখা হয়। অৰ্থাত্ প্লাষ্টিকৰ এক মহা পয়োভৰ ঘটিছে আৰু আমাৰ থলুৱা, পৰম্পৰাগত সকলো ব্যৱস্থা প্লাষ্টিকৰ আঘাতত প্ৰায় পৰিত্যক্ত হৈছে। পিচে ইয়াৰ ফল মাৰাত্মক। যিসকলে এইবোৰ কথা ভালদৰে অধ্যয়ন কৰিছে, তেনে লোকে বাৰম্বাৰ সকীয়াই দিছে যে প্লাষ্টিকে নানা প্ৰকাৰৰ বিষ বিয়পাইছে, মাটিৰ গুণাগুণ বিনষ্ট কৰিছে, পৰিৱেশ প্ৰদূষিত কৰিছে, আনকি কিছুমান নতুন নতুন ৰোগৰো জন্ম দিছে। গতিকে এই বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাটো অতি আৱশ্যকীয় হৈ পৰিছে।

পৱিত্ৰ কুঞ্জ

ভাৰতবৰ্ষকে ধৰি সমগ্ৰ এচিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন অঞ্চলত কিছুমান বিশেষ ধৰণৰ অৰণ্য আছে, সেইবোৰৰ নাম দিয়া হৈছে পৱিত্ৰ কুঞ্জ। এনে অৰণ্যৰ গছ-বন মানুহে নাকাটে, তাত থকা জীৱ-জন্তু বধ নকৰে, আনকি তেনে অৰণ্যত মল-মূত্ৰ ত্যাগ কৰাটোও নিষিদ্ধ। যুগ যুগ ধৰি ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ বশৱৰ্ত্তী হৈ মানুহে এনে অৰণ্য প্ৰতিপালন কৰি আহিছে। ভাৰতৰ ৰাজস্থান, কেৰালা, তামিলনাডু, মণিপুৰ, চিকিম আৰু মেঘালয়ত এনে অৰণ্য আছে। মেঘালয়ত প্ৰতিখন গাঁৱৰে একোখন নিজা পৱিত্ৰ কুঞ্জ আছে।

ৰাজস্থানত ‘ওৰাণ’ নামৰ এনে এক প্ৰকাৰ নিষিদ্ধ অৰণ্য আছে। বিষ্ণৈ জনজাতিৰ লোকসকলে ওৰাণবোৰ চোৱাচিতা কৰে। সেইবোৰ অৰণ্যত কৃষ্ণসাৰ, চিনকাৰা আৰু বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে। সেই ওৰাণবোৰে মৰুভূমিৰ ৰুক্ষ পৰিৱেশ সজীৱ কৰি ৰাখিছে। সেইদৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে সংৰক্ষিত হৈ থকা এনে অৰণ্যবোৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

আমাৰ অসমতো গাঁও অঞ্চলত প্ৰায় প্ৰতিঘৰ মানুহৰে একোখন বাৰী থাকে আৰু সেই বাৰীত লাগতিয়াল, অলাগতিয়াল নানা প্ৰকাৰৰ গছ-গছনি হ’বলৈ দিয়া হয়। সেইবোৰত শিয়াল, জহামাল, হাপা, হুদু, নেউল, ফেঁচা, ডাউক, বাদুলী, কপৌ আদি বিভিন্ন জন্তু তথা চৰাই থাকে। প্ৰায় প্ৰতিখন গাঁওতে একোখন এৰাবাৰী বা শ্মশানৰ ঠাই এটুকুৰা ৰখা হয়। সেই এৰাবাৰীবোৰ জয়াল। গতিকে দিনৰ ভাগতো মানুহে তেনে বাৰীবোৰলৈ যাবলৈ ভয় কৰে। মানুহৰ মুখে মুখে কিছুমান ভয়লগা কাহিনীও প্ৰচলিত হৈ থাকে। পিচে এনে বিশ্বাস তথা কাহিনীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই যদিও আজিও বহুতো গাঁৱৰ মানুহে এনে অহেতুক ভয় অথবা আশংকাৰ বশৱৰ্ত্তী হৈ এৰাবাৰীবোৰত চলাচল কমকৈ কৰে, ফলস্বৰূপে সেইবোৰত নানা প্ৰকাৰৰ গছ-গছনি হ’ব পাৰিছে আৰু সেইবোৰত সৰু-বৰ নানা প্ৰকাৰৰ জীৱ-জন্তু বাস কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিছে।

অৱশ্যে শিক্ষাৰ প্ৰসাৰৰ লগে লগে আৰু বিভিন্ন উন্নয়নমূলক কাম কৰাৰ অজুহাতত এনে এৰাবাৰীবোৰ ধীৰে ধীৰে ধ্বংসপ্ৰাপ্ত হ’বলৈ ধৰিছে। পুৰ্বপুৰুষসকলে অতি পৱিত্ৰ বুলি জ্ঞান কৰি পথৰ দাঁতিত বা চাৰিআলিৰ চুকত ৰোপণ কৰি থৈ যোৱা আঁহত গছ, ধোপ গছ. বৰগছ, বকুল গছ আদি উন্নয়নৰ নামত নিষ্ঠুৰভাৱে কাটি পেলোৱা হৈছে। এনে ক্ৰিয়াৰ প্ৰতিকূল প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিছে।

কিছুমান উল্লেখযোগ্য পাৰিভাষিক শব্দ

পৰিৱেশ সজাগতা, প্ৰাকৃতিক ভাৰসাম্য, কৃষি অৰণ্য, নিজম উপত্যকা, জৈৱ-বৈচিত্ৰ্য, পৰিৱেশ মিত্ৰ, লোকবিশ্বাস, বস্তুবাদী, ভোগবাদ, খাদ্য শৃংখল, বুটা নাঙল, বুটী নাঙল, ফাল-মাটি চহাবলৈ নাঙলৰ মূৰত লগাই লোৱা লোহাৰ ছটা, অধিক উৎপাদনক্ষম জাত, কলদোনা, কলপটুৱা, কৃষ্ণসাৰ, পৰিভ্ৰমী পক্ষী, বৰগছ, আঁহত গছ।

উৎস: পৰিবেশ।

3.28
গীতুমনী দাস May 29, 2018 07:15 PM

আমি পৰিবেশ পৰিষ্কাৰ কৈ ৰখাৰ বিষয়ে লিখিলে ভাল হয়

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top