মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / আঁচনি / উজালা কাৰ্য্যসুচী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উজালা কাৰ্য্যসুচী

উজালা কাৰ্য্যসুচীৰ বইষয়ে লিখা হৈছে

 

 

শক্তিৰ পৰা পোহৰ সৃষ্টিৰ ক্ষেত্ৰত এটা সাধাৰণ বালব অতি অনুপযুক্ত আৰু আহৰণ কৰা বিদ্যুতৰ পৰা মাত্ৰ ৫% হে ই পোহৰলৈ পৰিবৰ্তন ঘটাব পাৰে।উপযুক্ত পোহৰ বালব যেনে-LED (Ligth Emitting Diode)আদিয়ে সাধাৰণ বালবৰ তুলনাত মাত্ৰ ১০ ভাগৰ এভাগ শক্তি ব্যৱহাৰ কৰিয়েই একেই (দহ)বা তাতকৈও উন্নত পোহৰ প্ৰদান কৰে।অৱশ্যে ,LED ৰ উচ্চ মুল্য এনে কাৰ্যক্ষম পোহৰ ব্যৱস্থাক আকোৱালি লোৱাৰ ক্ষেত্ৰত এক বাধাৰ প্ৰাচীৰ হৈ পৰিছে।এই ক্ষেত্ৰত “DELP অন-বিল ফাইনেকিং স্কিম”এ খৰচৰ এই বাধাক অতিক্ৰম কৰাবলৈ আগবাঢ়ি আহিছে।এই আঁচনিটোৰেই নাম –উজালা (Ujala)।সকলোৰে বাবে কম খৰচৰ LED উপলব্ভ কৰাই উন্নতজ্যোতি অৰ্থাৎ উন্নত পোহৰৰ ব্যৱস্থা কৰায়েই উজালা আঁচনিৰ উদ্দেশ্য।

উদ্দেশ্য:

 

ইয়াৰ মুল উদ্দেশ্য হ’ল –উপযুক্ত পোহৰ ব্যৱস্থাক উদগণি যোগোৱা,বিদ্যুত বিল ৰাহিকাৰী উপযুক্ত সা-সৰঞ্জাম ব্যৱহাৰ কৰিবলৈ সচেতনতা বৃদ্ধি কৰা আৰু পৰিবেশ ৰক্ষাত সহায় কৰা।

সৰ্বমুঠ লক্ষ্য:

 

*সলনি কৰিবলগীয়া জ্বলন্ত বালবৰ সৰ্বমুঠ লক্ষ্য -২০০ নিযুত।

*আশাকৰা সৰ্বমুঠ  বছৰেকীয়া শক্তি ৰাহি ১০.৫ নিযুট কি:ৱাট

*আশাকৰা হ্ৰাস পাবলগীয়া বোজা-৫০০০ মে:ৱাট

*গ্ৰাহকৰ বিলৰ আশা কৰা মুল্য হ্ৰাস -৪০,০০০ কোটি টকা

*নিৰ্ণায়িত বছৰেকীয়া সেউজগৃহ গেছ (Greenhouse  Ggo)নিৰ্গমন হ্ৰাস পাব ৭৯ নিযুটটন কাৰ্বনডাই অক্সাইড (co2)

ৰুপায়নকাৰী সংস্থা:

 

এই কাৰ্য্যসুচী ৰুপায়ণ কৰি আছে-

*Electricity Distribution Company আৰু

*Energy Effieiency Service Limited (EESL),ভাৰত চৰকাৰৰ এক ৰাজহুৱা সংস্থা

LED বালব লাভৰ বাবে যোগ্যতা:উজালা আঁচনিৰ অধীনত মিটাৰ সংযোগ থকা প্ৰতিগৰাকী গ্ৰাড সংযোগকাৰী গ্ৰাহকে নিজা নিজা বিদ্যুৎ বিতৰণ কোম্পানীৰ পৰা ৪০% (চল্লিশ শতাংশ )ৰেহাই মুল্যত LED বালব লাভ কৰিব পাৰে।গ্ৰাহক সকলে EMI অৰ্থাৎ মাহে মাহে নিৰ্দ্দিষ্ট হাৰত ধন আদায় দিও LED বালব ক্ৰয় কৰিব পাৰে।

ৰুপায়নকাৰী ৰাজ্য:

 

উজালা আঁচনিখন ১২ খন ৰাজ্যত ৰুপায়িত হৈ আছে।বিষদ জানিবলৈ ইয়াৰ Website t চাব পাৰে।

LED বালব কেনেকৈ যোগাৰ কৰিব?

এই বালব সমুহত কিছুমান নিৰ্বাচিত বিপনীতহে উপলব্ভ হ’ব।অন্য কোনো দোকান বা স্থানত এয়া নাথাকিব।এই বিপনী বা কাউণ্টাৰৰ স্থান সম্পৰ্কে গ্ৰাহকক অৱগত কৰাবলৈ এক সচেতনতা অভিযান চলোৱা হ’ব।

LED বালব পাবলৈ কিকি তথ্য পাতিৰ প্ৰয়োজন হ’ব?

*শেহতীয়া বিদ্যুৎ বিলৰ ফটোকপি

*ফটো পৰিচয় পত্ৰ –ফটোকপি

*ঘৰৰ ঠিকনাযুক্ত পৰিচয় পত্ৰ-ফটোকপি (বিদ্যুৎ বিলৰ ঠিকনাৰ সৈতে একে হ’ব লাগিব)

*বিদ্যুৎ বিলৰ সৈতে ধন বিনিয়োগ কৰিব খুজিলে আগধন দিব লাগিব (বাকী ধন খিনি বিদ্যুৎ বিলৰ সৈতে বৰ্তন কৰা হ’ব।অথবা প্ৰতিটো LED  ৰ বাবদ পুৰা ধন নগদ হিচাবেও দিব পাৰে।নগদ ধনেৰে ক্ৰয় কৰাৰ ক্ষেত্ৰত পৰিচয় পত্ৰ বাধ্যতামুলক নহয়।

বেয়া বালব পালে অথবা LED বালব বেয়া হলে কি কৰিব?

দিনে ৪-৫ ঘণ্টাকৈ চলিলে LED বালব সমুহ কমেও ১৫ বছৰ ভালে থাকে।অৱশ্যে যদিহে কিবা কাৰিকৰী বিজুঁতি থাকে EESL এ Warranty হিচাবে তিনি বছৰলৈ বিনামুলীয়াকৈ মেৰামতি কৰি দিব।নিৰ্দ্দিষ্ট বিক্ৰয় কেন্দ্ৰত বিতৰণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত বেয়া বালব সলনিৰ বাবে যোগাযোগ কৰিব পাৰে।অৱশ্যে আপোনাৰ নগৰ বা চহৰত থকা DELP বিতৰণ কেন্দ্ৰত বিতৰণ চলি থকা সময়তো বেয়া বালব সলনি কৰিব পাৰে।যিকোনো EESL LED বালব অন্য কোম্পানীৰ একে বালব্ৰ  সৈতে সলনি কৰাই দিয়া হ’ব।

অভিযোগ দাখিল:বিতৰণকাৰী স্ংস্থাৰ নিৰ্দ্দিষ্ট নম্বৰৰ গ্ৰাহক সেৱা কেন্দ্ৰত অভিযোগ দাখিল কৰিব পাৰে।এই কেন্দ্ৰ সম্পৰ্কে বিজ্ঞাপনৰ যোগেৰে অথবা সচেতনতা অভিযানৰ জৰিয়তে আপুনি অবগত হ’ব।EESL এ বালব প্ৰস্তুতকাৰী সংস্থাৰ এটা Help-Line নম্বৰ আৰু Payment Receipt উজালা LED বালবৰ বাকচত ছপা কৰিব।

বিতৰণৰ নিৰ্দ্দিষ্ট সময়সীমা অতিক্ৰম কৰাৰ পিছত আপুনি এই Help line Number ৰ জৰিয়তে প্ৰস্তুতকাৰী সংস্থাৰ পৰা বালব সলনিৰ বাবে অভিযোগ দিব পাৰে।তেতিয়া প্ৰস্তুতকাৰী সংস্থাটোৱে আপোনাৰ নিকটতম বিক্ৰয় কেন্দ্ৰৰ পৰা বালব সলনি কৰাৰ ক্ষেত্ৰত সহয় কৰিব।

বিকল্প LED ৰ বাবে অভিযোগ দাখিল কৰিবলৈ আৰু তাৎক্ষণিকভাৱে বালব সলাব পৰাকৈ এটা Help line নম্বৰ দিয়া হ’ব আৰু অভিযোগ নিস্পত্তিৰ ব্যৱস্থাপনা থাকিব।

এটা ঘৰত সৰ্বাধিক কিমানটা বালব পাব পাৰে?

উজালা আঁচনিৰ জৰিয়তে প্ৰতিঘৰ লোকে স্থান অনুসৰি ২ ৰ পৰা ১০ টালৈ LED বালব ক্ৰয় কৰিব পাৰে।অধ্যয়নৰ পৰা দেখা গৈছে  একোটা ঘৰত সাধাৰণতে ৫-৬ টা Lighting Points থাকে।

এই আৰ্হিটোৱে কেনেদৰে কাম কৰে?

*EESL এ বজাৰ মুল্যতকৈ ৪০% (চল্লিচ)ৰেহাই মুল্যত LED বালব যোগান ধৰে।

*EESL এ মুল বিনিয়োগ আৰু বীমাৰ বাবে দায়বদ্ধ।

*DISCOM এ EESL ক প্ৰকৃত শক্তি ৰাহিৰ পৰা ৫ বছৰৰো অধিক কালৰ বাবে ধন আদায় দিয়ে।

*চৰকাৰী সাহায্য বা ৰাজ সাহায্যৰ প্ৰয়োজন হৈছে।

*বিদ্যুতৰ মুল্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

উৎস :PIB

 

 

 

 

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top