পানীৰ বিশুদ্ধতা ৰক্ষা কৰাৰ উদ্দেশ্যে ১৯৭৪ চনত ভাৰত চৰকাৰে সকলো ৰাজ্যতে প্ৰযোজ্য হোৱাকৈ জলপ্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখন প্ৰণয়ন কৰে। আইনখনৰ প্ৰধান বৈশিষ্ট্যবোৰ এনেধৰণৰ-
এই আইনখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠন কৰে (চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰ’ল ব’ৰ্ড) আৰু ৰাজ্য চৰকাৰে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (ষ্টেট পলিউশ্যন কণ্ট্ৰ’ল ব’ৰ্ড) গঠন কৰে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্যসকল হ’ল-
(১) এগৰাকী অধ্যক্ষ,
(২) কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত পাঁচগৰাকী বিষয়া,
(৩) ৰাজ্যিক পৰিষদৰ পৰা মনোনীত সদস্য (সদস্যৰ সংখ্যা পাঁচতকৈ কম হ’ব লাগে),
(৪) স্থানীয় উদ্যোগ প্ৰতিষ্ঠানৰ দুগৰাকী মনোনীত সদস্য,
(৫) কৃষি, মীন, উদ্যোগ বা ব্যৱসায়িক ক্ষেত্ৰৰ পৰা বাছি লোৱা তিনিগৰাকী বেচৰকাৰী সদস্য,
(৬) জনস্বাস্থ্য কাৰিকৰী আৰু প্ৰশাসনিক বিষয়ত অভিজ্ঞতা থকা এগৰাকী পূৰ্ণকালীন সদস্য সচিব।
ৰাজ্যিক পৰিষদৰ বাবেও প্ৰায় একেধৰণে সদস্য বাছি লোৱা হয়।
জলপ্ৰদূষণ আইনখনত ৮ টা অধ্যায় আছে আৰু সেইবোৰত কেন্দ্ৰীয় পৰিষদসমূহৰ গঠন, ক্ষমতা আৰু কৰ্তব্য সম্পৰ্কে বিশদ বৰ্ণনা আছে। এই আইন ভঙ্গকাৰীৰ বিৰুদ্ধে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থাও আছে। ১৯৭৮ আৰু ১৯৮৮ চনত আইনখন সংশোধন কৰা হয়। এই আইনৰ অধীনত উদ্যোগ আৰু স্থানীয় প্ৰতিষ্ঠানসমূহে পানী ব্যৱহাৰ কৰাৰ বাবদ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক শুল্ক আদায় দিব লাগে।
আইনখনৰ অষ্টম অধ্যায়ত থকা নিৰ্দেশমতে বিভিন্ন ৰাজ্যত দূষিত পানী বিশ্লেষণ কৰাৰ বাবে পৰীক্ষাগাৰ স্থাপন কৰাৰ ব্যৱস্থা আছে।
উৎস: পৰিৱেশ বিভাগ।
শেহতীয়া উন্নীতকৰণ: : 3/31/2020