অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য বৈদ্যুতিকৰণ

কেতিয়া এখন গাওঁক বিজুলী শক্তি সম্পন্ন গাওঁ বুলি কোৱা হয়

অক্টোবৰ 1997 চনৰ আগত

যেতিয়া এখন গাওঁৰ যি কোনো অৱস্থাতেই নিজা খাজনা সংগ্রহৰ অঞ্চলৰ ভিতৰত বিজুলী শক্তিক ব্যৱহাৰ কৰা হ'ব, তেতিয়া সেইখন গাওঁক বিজুলী শক্তি সম্পন্ন গাওঁ বুলি শ্রেণী বিভাগ কৰা হয়।

অক্টোবৰ 1997 চনৰ পিছত

গাওঁত তাৰ নিজা খাজনা সংগ্রহৰ অঞ্চলৰ ভিতৰত মানুহে বসবাসৰ বাবে বিজুলীৰ ব্যৱহাৰ কৰআ আৰম্ভ হয়।

2004-05 চনৰ পৰা গাওঁত বিজুলী শক্তিৰ ব্যৱহাৰৰ বাবে নতুন সংজ্ঞা

(এম ও পি-ৰ চিঠি ক্রম নং- 42/1/2001-D(RE), তাৰিখ 5 ফেব্রুয়াৰি 2004 আৰু সংশোধনী চিঠি ক্রম. নং- 42/1/2001-D(RE) , তাৰিখ 17 ফেব্রুয়াৰি ২০০৪ মতে পৰা জাৰি কৰা)

নতুন সংজ্ঞা মতে, এখন গাওঁক বিজুলী শক্তি সম্পন্ন বুলি ঘোষণা কৰা হ'ব, যদিহে :

  • প্রাথমিক আন্তঃগাথনিবোৰ যেনেঃ ট্রেঞ্চফৰমাৰৰ আৰু লাইনৰ বিতৰণ খিনি মানুহে বসবাস কৰা বিশেষকৈ দলিত সম্প্রদায়ৰ মানুহে বসবাস কৰা ঠাইত দিব লাগিব।
  • বিজুলী খিনি ৰাজহুৱা ঠাই বোৰ যেনেঃ স্কুল, পঞ্চায়ত অফিচ, স্বাস্থ্য কেন্দ্র, দিস্পেনচাৰী, কমিউনিটি হ'ল বিলাকত প্রদান কৰা হ'ব লাগে
  • বিজুলী সংযোগ থকা ঘৰৰ সংখ্যা মুঠ ঘৰৰ সংখ্যাৰ কমপক্ষেও 10% হ'ব লাগে

পিচপৰা অঞ্চলৰ বৈদ্যুতিককৰণ কাৰ্য্যসূচী

পিচপৰা গাওঁ অঞ্চলৰ বৈদ্যুতিককৰণ কাৰ্য্যসূচী (আৰভিই) ৰ উদ্দেশ্য হ’ল- সকলো পিচপৰা লোকৰ বিদ্যুত নথকা গাওঁসমূহত আৰু বিদ্যুত যোগান থকা অঞ্চলসমূহত অগতানুগতিক শক্তিৰ উস যেনে সৌৰশক্তি, সূক্ষ্ম হাইড্ৰ পাৱাৰ, জৈৱ গেছ, বায়ু শক্তি, হাইব্ৰীড পদ্ধতি আদিৰ দ্বাৰা বিদ্যুত যোগান ধৰা৷

বিদ্যুত যোগান নথকা পিচপৰা লোকৰ গাওঁ আৰু পিচপৰা লোকৰ বৈদ্যুতিককৰণ কৰা গাওঁসমূহত এই কাৰ্য্যসূচীৰ লক্ষ্য হ’ল- ৰাষ্ট্ৰৰ অতি পিচপৰা অঞ্চলত বাস কৰা লোক আৰু সুবিধাৰ পৰা বঞ্চিত হৈ থকা অঞ্চলসমূহত সুবিধা আনি দিয়া৷

সাম্ভাব্যতা

এই কাৰ্য্যসূচীৰ সাম্ভাব্যতাই তলত উল্লেখ কৰাসমূহক বুজায়:

  • ২০০৭ চনৰ লোকপিয়লৰ মতে সকলো অবৈদ্যুতিককৰণ গাওঁ
  • ২০১২ চনৰ লোকপিয়লৰ মতে অবৈদ্যুতিককৰণ পিচপৰা অঞ্চল
  • ২০১২ চনৰ লোকপিয়লৰ সকলো পিচপৰা গাওঁ আৰু অঞ্চলৰ সকলো

একাদশ আঁচনিৰ(২০১২) মতে বৈদ্যুতিককৰণ নোহোৱা সকলো অবৈদ্যুতিককৰণ পিচপৰা গাওঁ  আৰু অবৈদ্যুতিককৰণ পিচপৰা অঞ্চল, এই আঁচনিৰ বাবে উপযোগী হ’ব৷ ইয়াৰ বাবে গাওঁ বা অঞ্চলসমুহ শক্তি বিভাগ/ৰাজ্যিক বিদ্যু বিভাগ আদিৰ পৰা প্ৰমাণিত হ’ব লাগিব৷

প্ৰকল্পৰ বাবে কেন্দ্ৰীয় বিত্তীয় অনুদান

বিভিন্ন শক্তি পুনঃনবীকৰণ কৰা ডিভাইচ/চিষ্টেম আদি স্থাপনৰ বাবে আগতীয়াকৈ নিৰ্দ্ধাৰণ কৰা সৰ্ব্বোচ্চ ধনৰ ওপৰত চৰকাৰে ৯০ শতাংশলৈকে ৰেহাই দিয়ে৷ অতিৰিক্তভাৱে, বিভিন্ন বিজ্ঞাপন সম্বন্ধীয় কাম আৰু সেৱা মাচুলৰ বাবদ ৰাজ্যৰ কাৰ্য্যকৰী সংস্থাসমূহলৈ যথেষ্ট সংখ্যক ধন আগবঢ়ায়৷

ৰাজীৱ গান্ধী গ্ৰামীণ বিদ্যুতিকৰণ যোজনা

  • ৰাজীব গান্ধী গ্ৰামীণ বিদ্যুতিকৰণ যোজনা(আৰজিজিভিৱাই),2005চনৰ এপ্ৰিল মাহত মুকলি হোৱা সকলো আচঁনি সামৰি লৈ উদ্বোধন কৰা হয়.
  • এই আচঁনিৰ অধীনত, ভাৰত চৰকাৰে 90% অনুদান আৰু গ্ৰাম্য বিদ্যুতিকৰণ সংস্থাই(আৰইচি) 10% ঋণ হিচাপে ৰাজ্য চৰকাৰক দিয়ে.
  • গ্ৰাম্য বিদ্যুতিকৰণ সংস্থাই(আৰইচি) এই প্ৰগ্ৰেমৰ বাবে কেন্দ্ৰস্থ সংস্থা.
গ্ৰাম্য বিদ্যুতিকৰণৰ সংজ্ঞা

এখন গাওঁ বিদ্যুতিকৰণ হ’ল বুলি ঘোষণা কৰা হ’ব, যদি  :  
প্ৰধান পদক্ষেপ, যেনে: প্ৰগ্ৰেম আগবঢ়োৱা অঞ্চলৰ দলিত গোষ্ঠীকে ধৰি স্থানীয় লোকৰ মাজত ট্ৰেণ্সফৰ্মাৰ আৰু লাইন  বিতৰণ কৰা হ’ব লাগে.

  • ৰাজহুৱা স্থান, যেনে স্কুল, পঞ্চায়ত অফিচ, স্বাস্থ্য কেন্দ্ৰ, ডিচপেনচেৰী, কমিউনিটি চেন্টাৰ আদিত বিদ্যুত আগবঢ়োৱা হয়.
  • গাৱৰ মুঠ ঘৰৰ 10% ত বিদ্যুতিকৰণ হোৱা উচিত.
আৰজিজিভিৱাই ৰ লক্ষ্য
  • নতুন সংঞ্জাৰ মতে সকলো গাওঁ আৰু স্থায়ী বাসিন্দাৰ বাসস্থানলৈ বিদ্যুতিকৰণ কৰা.
  • সকলো গ্ৰাম্য পৰিয়াললৈ বিদ্যুতৰ প্ৰবেশ ঘটাব লাগে.
  • দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসমূহলৈ বিনামূলীয়াকৈ বিদ্যুত যোগান ধৰিব লাগে.
আৰজিজিভিৱাই ৰ অধীনৰ বুনিয়াদ :
  • 33/11 কিলো ভল্ট (অথবা 66/11 কিলো ভল্ট) প্ৰয়োজনীয় ক্ষমতাৰ উপ-কেন্দ্ৰৰ সৈতে গ্ৰাম্য বিদ্যুত বিতৰণৰ ৰাজহাড় (আৰইডিবি)খণ্ডিত ভাৱে ইয়াত পোৱা নাযায়.
  • গাওঁ/স্থানীয় পৰিয়াললৈ উচিত ক্ষমতাৰ ট্ৰেন্সফৰমাৰ বিতৰণৰ সুবিধা গ্ৰাম্য বিদ্যুতিকৰণৰ বুনিয়াদ(ভিইআই).
  • গতানুগতিক আৰু অগতানুগতিক শক্তিৰ উত্সৰ ওপৰত নিৰ্ভৰ কৰি  বিকেন্দ্ৰীভূত জেনেৰেট (ডিডিজি)পদ্ধতি আগবঢ়োৱা হয় য’ত বিদ্যুত যোগান আৰু ব্যয় সক্ষম নহয়.
আৰজিজিভিৱাই ৰ অধীনত প্ৰয়োগ কৰা পদ্ধতি আৰু অৱস্থা
  • তদাৰকী হিচাপত জিলাভিত্তিক প্ৰজেক্টৰ বণৰ্নাৰ ৰিপৰ্ট তৈয়াৰকৰণ.
  • এই আচঁনিৰ কাৰ্য্যকাৰীতাৰ বাবে পাৱাৰ মিনিষ্ট্ৰীৰ অধীনৰ কেন্দ্ৰীয় আৰু ৰাজহুৱা খণ্ড প্ৰয়োগ.
  • গ্ৰাম পঞ্চায়তৰ পৰা বিদ্যুতিকৰণ গাৱৰ প্ৰমাণ পত্ৰ.
  • গ্ৰাম্য বিতৰণৰ পৰিচালনাৰে উত্তম গ্ৰাহক সেৱা আৰু লোকচান হ্ৰাস কৰিবৰ বাবে স্বাধীন সংস্থা কিছুমান গঠন কৰি দিয়া হয়.
  • আৰজিজিভিৱাই ৰ নেটৱৰ্কত প্ৰতি দিনে 6-8 ঘন্টা বিদ্যুত যোগান পাবলৈ ৰাজ্যৰ অধীনত লোৱা হয়.
  • ৰাজ্যৰ দ্বাৰা প্ৰয়োজনীয় ৰাজহ লাভৰ সুবিধা ৰখা.
  • স্বাধীন সংস্থা সমূহৰ বাবে ব্যৱসায়িক ভিত্তিত বাল্ক চাপ্লাই টাৰিফ (বিএচটি) যোগান নিৰ্দ্ধাৰণ.
  • একাদশ পৰিকল্পনাৰ আচঁনিৰ উন্নয়নৰ বাবে তিনি স্তৰীয় মান্যতা পৰীক্ষাৰ.
  • ৱেব নিৰ্ভৰ পৰীক্ষাৰ উন্নয়ন.
  • আগতীয়া নিৰ্দ্ধাৰিত পৰিকল্পনাৰ বাবে ফাণ্ড মুকলি কৰি লাভৰ সুবিধা.
  • ঠিকাদাৰৰ স্তৰলৈকে ফাণ্ড সালসলনিৰ অধিকাৰ.
  • ৰাজ্য চৰকাৰৰ দ্বাৰা বিদ্যুতিকৰণ পৰিকল্পনাৰ জাননী.

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate