অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য শক্তি নিৰাপত্তাৰ পৰীক্ষামূলক প্ৰকল্প

গ্ৰাম্য শক্তি নিৰাপত্তাৰ পৰীক্ষামূলক প্ৰকল্প

উদ্দেশ্য

এই প্ৰকল্পৰ উদ্দেশ্য হ’ল বৈদ্যুতিকৰণৰ বাদেও গ্ৰীড সংযোগৰ দ্বাৰা ঢুকি নোপোৱা গ্ৰাম্য অঞ্চল আদিত ৰন্ধন,বিদ্যুত প্ৰয়োগ আদিত প্ৰয়োজন হোৱা সবৰ্মুঠ বিদ্যুতৰ পৰিমাণ পুনঃনবীকৰণ শক্তিৰ দ্বাৰা যোগান ধৰা৷ ই গ্ৰাম্য শক্তি নিৰাপত্তাৰ পৰীক্ষামূলক প্ৰকল্পৰ টেকন’-ইকনমিক পেৰামিটাৰ প্ৰকাশৰ উদ্দেশ্যে হাতত লৈছে আৰু স্থানীয় লোকৰ একত্ৰিকৰণ, ব্যৱহৃত অভিজ্ঞতা, আনুষ্ঠানিক পৰিচালনা আদি আগবঢ়ায়৷

অন্তৰ্ভূক্ত এলেকা

সাধাৰণভাৱে বৈদ্যুতিকৰণ নোহোৱা পিছপৰা গাওঁ আৰু সৰু নগৰ অঞ্চলসমূহ এই প্ৰকল্পই সামৰি লৈছে৷

পৰীক্ষামূলক প্ৰকল্পসমূহৰ প্ৰসাৰতাৰ নিৰ্দেশাৱলী

এই পৰীক্ষামূলক প্ৰকল্পসমূহৰ বিভিন্ন এজেঞ্চী যেনে, ডিআৰডিএ, বন বিভাগ, এনেজিঅ’, উদ্যোগ, ফ্ৰেন্সাইজী, কো- অপাৰেটিভ আদিৰ দ্বাৰা নিৰ্ধাৰিত পঞ্চায়ত সমূহৰ অধীনত লোৱা হৈছে৷

১) পৰীক্ষামূলক প্ৰকল্পসমূহৰ প্ৰস্তাৱ গঠনৰ নিৰ্দেশাৱলী

১) গাওঁ/সৰু নগৰৰ চিনাক্তকৰণ

গাওঁ/সৰু অঞ্চল তলত দিয়া ধৰণে চিনাক্তকৰণ হোৱা উচিত

* পিচপৰা, আৰু জনজাতীয় অথবা খৰিৰ জুই ব্যৱহাৰ কৰা গাওঁ/সৰু অঞ্চল হ’ব লাগিব৷  
* বৃক্ষ ৰোপণৰ বাবে যথেষ্ট পৰিমাণৰ চন পৰা মাটি, সাধাৰণ অথবা কৃষি নকৰা অচৰণীয়া পথাৰ থাকিব লাগিব৷     
* সংগঠিত আৰু উন্নয়নমূলক সামাজিক গঠন থাকিব লাগিব৷ 
* নুন্যতম ২৫ আৰু উচ্চতম ২০০ টা পৰিয়াল থকা হ’ব লাগিব৷  
* বন বিভাগ, জনজাতি আৰু পিচপৰা শ্ৰেণীৰ বিভাগ/এজেঞ্চীসমূহৰ লগত আলোচনা কৰি চিনাক্ত কৰা উচিত৷

২) প্ৰাথমিক প্ৰস্তাৱ গঠন

গাওঁ/সৰু অঞ্চল চিনাক্ত কৰাৰ পাছত, প্ৰাথমিক প্ৰস্তাৱ গঠন কৰিব লাগে৷ এইবোৰ নিৰ্দিষ্ট কেন্দ্ৰস্থ এজেঞ্চীসমূহে অনুমতি জনাই চূড়ান্ত অনুমোদনৰ বাবে চৰকাৰলৈ আগবঢ়াব লাগে৷ জৈৱগেছৰ দ্বাৰা শক্তি নিৰাপত্তাৰ পৰীক্ষামূলক প্ৰকল্পৰ প্ৰাথমিক প্ৰস্তাবৰ আৰ্হি

১) কাৰ্য্যকৰী এজেঞ্চীৰ নাম আৰু সম্পূৰ্ণ ঠিকনা(বন বিভাগ/ডিআৰডিএ/এনজিঅ):

২) ৰাজ্যৰ কেন্দ্ৰস্থ বিভাগ/এজেঞ্চীৰ নাম আৰু সম্পূৰ্ণ ঠিকনা:

৩) গাঁও পঞ্চায়তৰ নাম, উন্নয়ন খণ্ড আৰু জিলা:

৪) গাঁও পঞ্চায়তৰ অধীনৰ গাৱঁৰ সংখ্যা:

৫) প্ৰকল্পৰ বাবে বাচনিভূক্ত গাওঁ/সৰু অঞ্চলৰ নাম:

৬) গাৱঁৰ লোকপিয়লৰ সাংকেতিক চিহ্ন:

৭) ওচৰৰ মূলপথৰ পৰা দূৰত্ব:

৮) গ্ৰীডৰ পৰা মূল দূৰত্ব:

৯) গাওঁ/অঞ্চলটোৰ মুঠ জনসংখ্যা:

১০) পুৰুষ/মহিলাৰ অনুপাত:

১১) শিক্ষিতৰ হাৰ:

১২) পৰিয়ালৰ সংখ্যা:

১৩) অঞ্চলৰ সংখ্যা/গাৱঁৰ দলিত বস্তীৰ সংখ্যা:

১৪) সামাজিক গঠনৰ প্ৰকাৰ:

১৫) সামাজিক অনুষ্ঠান-স্কুল, পঞ্চায়ত ঘৰ আদি:

১৬) মূল জীৱিকা, মূল উত্পাদিত সামগ্ৰীৰ উল্লেখ:

১৭) জৈৱ পদাৰ্থৰ উপলব্ধতা-জৈৱ পদাৰ্থৰ প্ৰকাৰ,স্থানীয় ইন্ধনৰ কাঠ/তেলৰ গুটি,যদি আছে:

১৮) চন পৰি থকা মাটি/অব্যৱহৃত মাটি/কৃষি নকৰা ঠাই আদিৰ উপলব্ধতা,বৃক্ষ ৰোপণৰ বাবে:

১৯) পানীৰ উপলব্ধতা:

২০) আৱশ্যকীয় শক্তিৰ আনুমানিকতা:

(ক) পৰিয়ালৰ – ৰন্ধন, লাইট জ্বলোৱা

(খ) সামাজিক সেৱা, ষ্ট্ৰীট লাইটসহ:

(গ) পানী যোগান/কৃষিৰ ক্ষেত্ৰত:

(ঘ) ব্যৱসায়ীক:

(ঙ) উদ্যোগিক:

২১) ব্যৱহৃত শক্তি/ইন্ধন আৰু প্ৰতি পৰিয়ালৰ মাহেকীয়া ব্যয়ৰ গড়:

২২) গাঁৱৰ প্ৰচলিত পুনঃনবীকৰণ শক্তিৰ প্ৰণালী, যদি আছে:

২৩) স্থাপনৰ বাবে প্ৰস্তাবিত জৈৱপদাৰ্থৰ কাৰীকৰি কৌশল:

২৪) শক্তি পদ্ধতিৰ আনুমানিক ক্ষমতা:

২৫) পৰিকল্পনা, প্ৰসাৰতা আৰু পৰিচালনাত স্থানীয় লোকৰ ভূমিকা, ৰাজহ পৰিচালনা সহ:

২৬) গাওঁ/অঞ্চলত জড়িত হৈ থকা এনজিঅ’ৰ সবিশেষ:

২৭) অন্যান্য তথ্য:

৩) গ্ৰাম্য শক্তি পৰিকল্পনাৰ প্ৰস্তুতিকৰণ

চৰকাৰৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰাৰ পাছত, গাৱঁৰ ৰাইজৰ সম্পূৰ্ণ সক্ৰিয় সহযোগত এটা গ্ৰাম্য শক্তি পৰিকল্পনা প্ৰস্তুত কৰিব লাগে৷

(ক) প্ৰয়োজনীয় মুঠ শক্তিৰ মূল্যায়ণ

শক্তিৰ প্ৰয়োজনীয়তা, নিম্নলিখিতসমূহ অন্তৰ্ভূক্ত কৰি:

  • পৰিয়ালৰ ৰন্ধন, পোহৰ আৰু মনোৰঞ্জন৷
  • সমাজ, ব্যৱসায়িক সুবিধা, যেনে, দোকান, পথৰ লাইট, স্বাস্থ্য কেন্দ্ৰ, স্কুল, আটা মিল, তথ্য আৰু যোগাযোগ কৌশল
  • খোৱা আৰু পানী যোগান আঁচনিৰ বাবে পানী পাম্পিং
  • গ্ৰাম্য/কুটিৰ শিল্প

ৰন্ধন, পোহৰ, পথৰ লাইট, খোৱা পানী যোগানৰ বাবে পানী পাম্পিং, স্কুল আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ লাইট/ফেন আদি সকলোকে ধৰি যিকোনো প্ৰকল্পৰ বাবে নুন্যতম শক্তিৰ সেৱাসমূহ দিয়া হয়৷

(খ) স্থানীয় ভাবে উপলব্ধ জৈৱ গেছৰ উত্সৰ মূল্যায়ণ

ইয়াত গৰুৰ গোঁৱৰ, কৃষিজাত সামগ্ৰীৰ পেলনীয়া দ্ৰব্য, বাগানৰ অৱশিষ্ট আদি অন্তভূৰ্ক্ত কৰা হয়৷

(গ)প্ৰয়োজনীয় শক্তি লাভৰ পৰিকল্পনা

  • গ্ৰাম্য শক্তি পৰিকল্পনাৰ প্ৰথম বাচনি হিচাপে জৈৱ পদাৰ্থ লোৱা উচিত৷
  • সঠিক, সোনকালে গজা/তেলৰ গুটি থকা গছ চিনাক্ত কৰা উচিত৷
  • কাঠ, শস্যজাত তেল আৰু অন্য কেচাঁমাল অন্তৰ্নিহিত বৃক্ষ ৰোপন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা উচিত৷
  • এই বৃক্ষৰোপনে বছৰ হিচাপত বৃদ্ধি হৈ আন কেচাঁমালৰ সমানে উপলব্ধিত হোৱালৈকে, ৰন্ধনৰ ইন্ধন হিচাপে স্থানীয়ভাৱে উপলব্ধিত সামগ্ৰী ব্যৱহাৰ কৰা উচিত৷   .
  • যদি, জৈৱ পদাৰ্থৰ উত্স উপলব্ধ নহয় অথবা বৃক্ষৰোপন কৰিব পৰা নাযায়, তেতিয়া অন্য পুনঃসক্ৰিয়কৰণ কৰা উত্স, যেনে, মিনি হাইড্ৰ অথবা সৌৰ পদ্ধতি ব্যৱহাৰ কৰা উচিত৷
  • প্ৰয়োজনীয় হোৱা মুঠ শক্তি আৰু স্থানীয়ভাৱে উপলব্ধিত উত্সৰ ওপৰত নিৰ্ভৰ কৰি, শক্তি উত্পাদন পদ্ধতি সজ্জিত কৰা হয়৷ জৈৱ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি  উত্পন্ন কৰিবলগীয়া শক্তিৰ বাবে উপলব্ধিত হোৱা জৈৱ পদাৰ্থ ৰূপান্তৰিতকৰণৰ এক সঠিক কাৰিকৰী কৌশল বাচনি কৰিব লাগে:
  • চিংগেল/বাই-ফেজিক প্ৰডাকচনে গছ-গছনি সম্বন্ধীয় জৈৱ পদাৰ্থ, শাক-পাচলিৰ পেলনীয়া/অৱশিষ্ট, ৰান্ধনি ঘৰৰ পেলনীয়া দ্ৰব্য আদি ব্যৱহাৰ কৰে৷
  • জৈৱ পদাৰ্থৰ বাস্পীভৱন আৰু ১০০ শতাংশ গেছ ইঞ্জিনে অথবা দ্বৈত ইন্ধন ইঞ্জিন ডিজেলৰ সলনি জৈৱ-ইন্ধনত চালিত হয়৷
  • ষ্টেচনাৰী ডিজেল ইঞ্জিনসমূহ ভিজিটেবল অইল অথবা বায়’ডিজেলত চালিত হয়৷
  • স্থানীয় সৰু গ্ৰ্ৰীডৰ দ্বাৰা বিদ্যুত বিতৰণ কৰা উচিত৷  শক্তি উত্পাদনমুখী কাম যেনে, মধ্যমীয়া শ্ৰেণীৰ উদ্যোগ উন্নয়ন, মাইক্ৰ ক্ৰেডিট ফেচিলিটি আদিত ব্যৱহাৰ কৰোতে লক্ষ্য ৰাখিব লাগে যাতে, উপাৰ্জনৰ সুবিধা, আয় উত্পাদন, ক্ৰয়ৰ ক্ষমতা বৃদ্ধি কৰা আৰু গাৱঁৰ পৰা আন ঠাইলৈ স্থানান্তৰ হোৱা বাধা দিব পাৰি৷

৪)  গ্ৰাম্য শক্তি কমিটি গঠন

আৰম্ভণিৰ পৰা গাৱঁৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতা বিচৰা উচিত৷ গ্ৰাম্য শক্তি কমিটিৰ সংবিধান গ্ৰাম সভাৰ যোগেদি আৰু গ্ৰাম পঞ্চায়তক উপ কমিটি হিচাপে জাননী দিয়া উচিত অথবা ৰাজ্যৰ পঞ্চায়তী ৰাজ আৰু ইয়াৰ নীতি-নিৰ্দেশনাৰ বাবে গ্ৰাম সভাৰ পৰিচালনা কমিটিক অবগত কৰাব লাগে৷ ইয়াক এনেদৰে গঠন কৰিব লাগে যে, মনোনীত পঞ্চায়ত সদস্যজন ভিইচিৰ পদত বাহাল থাকিব পাৰে৷

৫) গ্ৰাম্য শক্তি পুঁজিৰ আৰম্ভণি

  • ৰাজ্যৰ পঞ্চায়তী ৰাজৰ অধীনত থকা সুবিধা অনুযায়ী গ্ৰাম্য শক্তি পুঁজি লাভ কৰা উচিত৷ প্ৰথমতে হিতাধীকাৰীয়ে প্ৰকল্পৰ পৰিচালনা আৰু তাক চালিতকৰণৰ বাবে দিয়া বৰঙণিৰ দ্বাৰা আৰম্ভ হয়৷
  • ক্ৰমানুসাৰে মাহেকীয়া/বছেৰেকীয়া ব্যৱহাৰকাৰীয়ে এই একাউন্টত ধন জমা কৰিব লাগে৷
  • অন্য চৰকাৰী বিভাগ যেনে, গ্ৰাম্য উন্নয়ন, বন বিভাগ, জনজাতি উন্নয়ন আদিত যদি উপলব্ধ থাকে,তেন্তে প্ৰকল্পৰ কাম-কাজ আৰু পৰিচালনাৰ কাৰণে পুঁজিৰ আবন্টন দিয়ে৷
  • গ্ৰাম্য শক্তি কমিটিৰৰ দ্বাৰা কমিটিৰ দুজন মনোনীত ব্যক্তিৰ  হস্তাক্ষৰত পুঁজি  পৰিচালনা হয়৷ এজন মনোনীত ব্যক্তি হ'ল গ্ৰাম পঞ্চায়তৰ সদস্য যি, কমিটিৰ পদ অধিষ্ঠীত ব্যক্তি৷
  • শক্তি উত্পাদনৰ গোট যোগান ধৰা আৰু স্থাপনৰ বাবে গ্ৰহণ কৰা ধনৰ বাবে এটা পৃথক মূলধন একাউন্ট গঠন কৰিব লাগে৷  এই মূলধন একাউন্ট  ভিইচিৰ দ্বাৰা যুটীয়া স্বাক্ষৰত গ্ৰাম্য শক্তি পুঁজিৰ নীতিত একেদৰেই পৰিচালিত হয়৷
  • ভিএফএফ আৰু ভিইচি ৰ মূলধন একাউন্ট দুয়োটাই গ্ৰাম পঞ্চায়তৰ নীতিৰ অধীনৰ একাউন্ট যাৰ পৰিচালনা আৰু অডিট কাৰ্য্যত গ্ৰাম পঞ্চায়ত জড়িত৷
  • ভিইচিৰ দ্বাৰা ব্যয় কৰা ধনৰ খাতিয়ান পঞ্চায়তীৰাজৰ নীতি-নিয়মৰ দ্বাৰা গ্ৰাম পঞ্চায়তৰ মাহেকীয়া মিটিংত দাঙি ধৰিব লাগে৷
  • ভিইচি, গ্ৰাম পঞ্চায়তৰ কাৰ্য্যকৰী কমিটিৰ এখন উপ-কমিটি৷ এইখন কমিটিয়ে  তথ্য জনাৰ অধিকাৰ আয়োগৰ আগত তথ্য দাঙি ধৰিবলৈ বাধ্য৷
  • গ্ৰাম পঞ্চায়তলৈ কাৰ্য্যকাৰীতাৰ প্ৰমাণ পত্ৰ দিবলৈ ভিইচি অনুমোদিত, যি  কাৰ্য্যকৰী প্ৰমাণ পত্ৰ জিলাৰ লগত জড়িত এজেন্সীলৈও দিয়া হয়৷
  • গ্ৰাম পঞ্চায়তৰ দ্বাৰা ভিইচি ৰ স্তৰতে  প্ৰসাৰতাৰ বাবে থকা এজেন্সীসমূহ অথবা আলোচক, যেনে, এনজিঅ আদিৰ যোগেদি  কাৰীকৰি সুবিধা আৰু ক্ষমতা গঠনৰ মনোযোগ আকষৰ্ণ কৰাব লাগে৷

৬) প্ৰস্তাৱৰ উপস্থাপন

কাৰ্য্যকৰী এজেঞ্চী এটাই পৰীক্ষামূলক প্ৰকল্পৰ বাবে প্ৰস্তাব ৰাজ্যৰ কেন্দ্ৰস্থ এজেঞ্চীৰ দ্বাৰা চৰকাৰলৈ আগবঢ়ায়৷ তলত উল্লেখিতসমূহ প্ৰস্তাৱত অন্তভূৰ্ক্ত থাকিব লাগে:

  • গাৱঁৰ লোকপিয়লৰ সাংকেতিক নম্বৰ
  • গ্ৰাম্য শক্তি পৰিকল্পনা
  • গ্ৰাম্য শক্তি কমিটি গঠনৰ নিশ্চয়তা আৰু গ্ৰাম্য শক্তি পুঁজি গঠন
  • প্ৰশিক্ষণৰ পৰিকল্পনা
  • কাৰ্য্যকৰী সম্ভাৱনাতা
  • অ’ আৰু এম যোগাৰকৰণ
  • বাকী থকা ১০ শতাংশ মূল ব্যয় আৰু কামকাজ আৰু পৰিচালনাৰ ব্যয়ৰ বাবে প্ৰতিশ্ৰুতি

২)  প্ৰকল্পৰ কাৰ্য্যকাৰীতা

  • সকলো প্ৰকাৰৰ কামকাজ/পৰিচালনাৰ দায়বদ্ধতাৰ সৈতে গাৱঁৰ ৰাইজ প্ৰকল্পৰ গৰাকী হোৱা উচিত৷
  • অৱশ্যে, যদি আৱশ্যক হয়, কাৰ্য্যকৰী এজেঞ্চীয়ে প্ৰায় দুইবছৰৰ বাবে তেওঁলোকক এই কামত সহায় কৰিব৷ এই সময়ৰ ভিতৰত, ইউনিটৰ কামকাজ আৰু পৰিচালনাৰ বাবে কাৰ্য্যকৰী এজেঞ্চীয়ে স্থানীয় যুৱক-যুৱতীক প্ৰশিক্ষণ দিব৷ ইয়াৰ পিচত, কামকাজ/পৰিচালনাৰ দায়িত্বভাৰ গ্ৰাম্য শক্তি কমিটিয়ে লোৱা উচিত৷ গ্ৰাম্য শক্তি কমিটিয়ে সাময়িকভাৱে এনে কাম কোনো এটা উদ্যোগক ভাড়া/লীজত দিব পাৰে৷
  • পুনঃউত্পাদিত শক্তিৰ ওপৰত থকা জিলা উপদেষ্টা কমিটিত সংগ্ৰাহক হিচাপে চেয়াৰমেন, প্ৰকল্পৰ ডাইৰেক্টৰ; মেম্বাৰ – চেক্ৰেটেৰী হিচাপে ডিআৰডিএ জড়িত হৈ থাকে  আৰু পৰীক্ষামূলক প্ৰকল্পৰ সফলতাৰ বাবে জিলা ভিত্তিক অনুষ্ঠানসমূহৰ কাৰ্য্যকৰী মূৰব্বীসকল আৰু জনাজাত নাগৰিকসকল জড়িত হৈ থকা উচিত৷
  • সংশ্লিষ্ট ৰাজ্যৰ কেন্দ্ৰস্থ এজেঞ্চীসমূহে প্ৰকল্পৰ কাম-কাজ চোৱা-চিতা কৰিব লাগে আৰু ইয়াৰ মাহেকীয়া উন্নয়নৰ খাতিয়ান পুনৰ কাৰ্য্যভাৰ নোহোৱালৈকে চৰকাৰলৈ আগবঢ়াব লাগে৷ ইয়াৰ পিচত, তেওঁলোকে পষেকীয়া কামৰ খাতিয়ান আৰু অন্যান্য মতামত চৰকাৰলৈ পঠোৱা উচিত৷
  • চৰকাৰেও স্বাধীনভাৱে কাম কৰা এজেঞ্চীসমূহৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰকল্পৰ চোৱাচিতা আৰু তাৰ কাৰ্য্যকাৰীতা লক্ষ্য কৰে৷

৪) পৰীক্ষামূলক প্ৰকল্পৰ কেন্দ্ৰীয় বিত্তীয় সাহাৰ্য্যৰ বাবে নিদেৰ্শাৱলী

  • পৰীক্ষামূলক প্ৰকল্পৰ মূল ব্যয়ৰ মাপকাঠিৰ ২০,০০০ টকাৰ ওপৰত ৯০ শতাংশ প্ৰত্যেক হিতাধীকাৰী পৰিয়ালৰ আৱশ্যকীয় শক্তিৰ বাবে  কেন্দ্ৰীয় পুঁজিৰ পৰা পোৱা যায়৷
  • বাকী থকা ১০ শতাংশ সামাজিক একত্ৰিকৰণ কৰিবলগীয়া/কাৰ্য্যকৰী এজেঞ্চী/ৰাজ্যৰ কেন্দ্ৰস্থ এজেঞ্চীসমূহলৈ দিয়া হয়৷
  • নিম্নলিখিত আৰ্হিত গ্ৰাম্য শক্তি কমিটিৰ বাবে নিৰ্দ্ধাৰিত কেন্দ্ৰীয় বিত্তীয় সাহাৰ্য্যতা (চিএফএ) পাব পাৰি: 
    • অনুমোদিত কামৰ সৈতে প্ৰাথমিক অনুদান- ৫০ শতাংশ
    • নিৰ্বাচিত স্থানত সামগ্ৰী গ্ৰহণৰ পিচত দ্বিতীয় কিস্তি- ২৫ শতাংশ
    • সফল ব্যয়ৰ অন্তত অন্তিম কিস্তি – ২৫ শতাংশ ( চুক্তিপত্ৰৰ নীতিমতে এক মাহৰ কামৰ অন্তত)
  • চিএফএ য়ে নিম্নলিখিত ব্যয়সমূহো বহন কৰে:
  • শক্তি সেৱাৰ কাম-কাজ, মেৰামতি আৰু পৰিচালনাৰ ব্যয় ব্যৱহাৰকাৰীয়ে ব্যৱহাৰৰ কৰাৰ বাবে আদায় দিয়া ধনৰ পৰা আগবঢ়োৱা হয়৷ অৱশ্যে, যদি প্ৰকল্পৰ গতানুগতিকতা আসোঁৱাহযুক্ত হয়, তেন্তে, প্ৰতি প্ৰকল্পৰ মূলধনৰ ১০ শতাংশ বিত্তীয় সহায় আগবঢ়োৱা হয়৷ সঠিক প্ৰমাণ বহন কৰিব পৰা সাক্ষ্যতাতহে  ব্যৱহাৰকাৰীৰ চাৰ্জ আগবঢ়োৱা হয়৷
  • প্ৰতি গাৱঁৰ উচ্চতম ৪.০ লাখ টকা মূলব্যয়ৰ ২০ শতাংশ  প্ৰফেচনেল চাৰ্জ হিচাপে কাৰ্য্যকৰী এজেঞ্চীসমূহলৈ বিভিন্ন কামৰ বাবে আগবঢ়োৱা হয়৷
  • উচ্চতম ২ লাখ টকা মূলব্যয়ৰ ১০ শতাংশ  চাৰ্ভিচ চাৰ্জ, কামকাজ চোৱা-চিতা আৰু কামৰ উন্নয়নৰ মতামতৰ খাতিয়ান দিয়াৰ বাবে ৰাজ্যৰ কেন্দ্ৰস্থ এজেঞ্চীলৈ আগবঢ়োৱা হয়৷
  • সজাগতা সভা, প্ৰশিক্ষণ, আলোচনা চক্ৰ, কৰ্মশালা আদিৰ মূল্যায়ণৰ ওপৰত কামভিত্তিক পুঁজি আগবঢ়োৱা হয়৷
  • কামৰ অন্তত কাৰ্য্যকৰী এজেঞ্চীসমূহলৈ প্ৰত্যক্ষভাৱে প্ৰফেচনেল চাৰ্জ আৰু ৰাজ্যৰ কেন্দ্ৰস্থ এজেঞ্চীলৈ চাভিৰ্চ চাৰ্জ  মুকলি কৰা হ’ব৷ চিএফএ কাম কাজ, মেৰামতি আৰু পৰিচালনাৰ বাবে প্ৰয়োজন অনুসাৰে আগবঢ়োৱা হয়৷
  • অন্তিম কিস্তি লাভৰ আগত অনুমোদিত অৰ্ডাৰ মতে প্ৰজেক্ট সফলতাৰে কাৰ্য্যকৰী আৰু কামৰ উপযোগী  হোৱাৰ প্ৰমাণ পত্ৰ ৰাজ্যিক কেন্দ্ৰস্থ এজেঞ্চী আৰু তাৰ পিচত গ্ৰাম্য শক্তি কমিটিয়ে আগবঢ়াব লাগিব৷
  • গ্ৰাম পঞ্চায়ত অথবা যুগ্ম বনাঞ্চল পৰিচালনা কমিটিয়ে গ্ৰাম শক্তি কমিটিৰ সকলো একাউন্ট অডিট কৰিব লাগে আৰু অনুমোদিত আৰ্হি পত্ৰত চৰকাৰলৈ পঠাবৰ উদ্দেশ্যে ৰাজ্যিক কেন্দ্ৰস্থ এজেঞ্চীলৈ কাৰ্য্যকাৰীতাৰ প্ৰমাণপত্ৰ আগবঢ়াব লাগে৷

উৎস:নতুন আৰু নবীকৃত শক্তি মন্ত্ৰালয়, ভাৰত চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate