অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰ্ষা জল সঞ্চয়ন

এই শিতানত বৰ্ষা জল সঞ্চয়নৰ বিষয়ে আলোচনা কৰা হৈছে।

বৰ্তমান যুগত পানী এবিধ অত্যাৱশ্যকীয় স্ম্পদ। বিভিন্ন কাৰণত পানীস্তম্ভ বহুত তললৈ গুছি গৈছে। এই সময়ত প্ৰটিটোপাল পানী সাঁচি ৰখাটো প্ৰয়োজন হৈ পৰিছে। এই ক্ষেত্ৰত বৰ্ষা জল সঞ্চয়ন এক গুৰুত্বপূৰ্ণ পদ্ধতি হিচাপে ব্যৱহাৰ কৰিব পাৰি।

বৰ্ষা জল সঞ্চয়ন আচলতে কি?

বৰষুণৰ পানীক পুনৰ্ব্যৱহাৰোপযোগী কৰি তোলাৰ পদ্ধতিয়েই হৈছে বৰ্ষা জল সঞ্চয়ন।

ইয়াক কেনেকৈ উপলব্ধ কৰিব পাৰি?

আমাৰ সকলোৰে ঘৰৰ চালিৰ পৰা পৰা পানীসমূহ পাইপৰ সহায়ত এটা ডাঙৰ পাত্ৰত ৰাখি এই পানীসমূহ ঘৰৰ কিছুমান অত্যাৱশ্যকীয় কাম-কাজত পুনৰ্ব্যৱহাৰ কৰিব পাৰি।

ইয়াৰ সুবিধাসমূহঃ

১/ পানীৰ নাটনি কিছু পৰিমাণে হʼলেও দূৰ কৰা

২/ কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি কামত এই পানী ব্যৱহাৰ কৰিব পাৰি।

৩/ এই পানী ঘৰুৱাভাৱে কৰা খেতিৰ কামত লগাবলৈ সহজ।

অসুবিধাসমূহঃ

১/ খোৱাৰ বাবে এই পানী উপযুক্ত নহবওঁ পাৰে।

২/ কোৱাৰ বাবে উপয়ুক্ত কৰিবলৈ এই পানী চেকাটো অতি জৰুৰী

৩/ সঞ্চয়ন পাত্ৰ মাজে সময়ে চাফ-চিকুণ কৰি ৰখাটো দৰকাৰী।

উৎস: ধ্ৰুৱজ্যোতি শৰ্ম্মা

2.96774193548
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top