অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অভিনৱ গোৱৰগেছ প্লেন্ট

অভিনৱ গোৱৰগেছ প্লেন্ট

মাত্ৰ ৩০০০ টকা খৰচ কৰিয়েই কোনোবাই নিজ ৰান্ধনিশালাত চাৰিৰ পৰা পাঁচ ঘন্টা অবিৰামবাবে গেছৰ যোগান পাব পাৰে। এই আভিনৱ গোৱৰগেছ প্লেন্টটো মডিগিৰি তালুকৰ দাৰাহাল্লীত নিজা অভিনৱ ধাৰনাৰ বাবে প্ৰখ্যাত জেষ্ঠ পশুচিকিত্সা পৰ্য্যাবেক্ষক হিচাপে কাম কৰা কৃষ্ণাৰাজুয়ে সাজি উলিয়াইছে।

এই নতুন ব্যৱহাৰকাৰীৰ বাবে উজু কম খৰচী প্লেন্টটোত কেৱল এপাচি গোৱৰ, এটা ১১ ফুট দীঘল আৰু ৭ ফুট বহল ২৫০ মিলি.মি. প্লাষ্টিকৰ শ্বীট আৰু দুটা পি.ভি.চি পাইপৰ প্ৰয়োজন হয়। টেঙ্ক বনাবলৈ গাত খন্দাৰ প্ৰয়োজন নাই; প্লাষ্টিক শ্বীটটোৱেই টেঙ্কৰ কাম কৰিব।

পি.ভি.চি. পাইপৰ দ্বাৰা পানী মিহলি গোৱৰ সুমুৱাই দিয়া হয় আৰু এঘন্টাৰ পিছত টেঙ্কৰ পৰা চাৰি ঘন্টালৈকে মিথেন মিশ্ৰিত গেছ ওলাই থাকে। কৃষ্ণৰাজুয়ে কয়, এই প্লেন্ট তৈয়াৰ কৰিবলৈ বছেৰেকিয়া পৰিচালন খৰছৰ ওপৰিও নিম্নতম ২০,০০০ টকাৰ প্ৰয়াজন হয়, কিন্তু ই একেবাৰে খৰচী নহয় আৰু ইয়াক অতি সহজতে পৰিচালন কৰিব পাৰি। এবাৰ প্ৰতিস্থাপন কৰাৰ পিছত ইউনিটটো পাঁচ-ছয় বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি। কৃষ্ণৰাজুয়ে কয়, তেওঁৰ মূখ্য উদ্দেশ্য হল হাবি-বননি ৰখা কৰা।

আৰ.চি.চি. ঘৰৰ চাদতো ইউনিটটো প্ৰতেস্থাপন কৰিব পাৰি।

তেওঁ এইটো দাৰাহাল্লীৰ ডি.এন. ভিৰেন্দ্ৰা গোড়াৰৰ ঘৰত প্ৰতিস্থাপন কৰিছে। তেওঁ তেওঁলোকৰ ঘৰত থকা গৰুৰ গোহালিৰ পৰা পোৱা গোবৰ ব্যৱহাৰ কৰি প্ৰতিদিনে পাঁচ ঘন্টা গেছ পায়। গেছখিনি ব্যৱহাৰ কৰাৰ পিছত শ্লাৰীখিনি গছ-গছনিৰ বাবে সাৰ হৈ ৰয়। কৃষ্ণৰাজুক 94480-73711ত যোগা-যোগ কৰিব পাৰে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate