অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অপৰম্পৰাগত শক্তি আৰু ভাৰতবৰ্ষ

অপৰম্পৰাগত শক্তি আৰু ভাৰতবৰ্ষ

ভাৰতবৰ্ষ এখন উপ-মহাদেশ। জনসংখ্যাৰ দিশৰপৰা ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ।এনে এখন বিশাল জনসংখ্যাৰ দেশৰ শক্তি সম্পদৰ প্ৰয়োজন অতিশয় গুৰুত্বপূৰ্ন।কিয়নো শক্তি সম্পদে দেশৰ অৰ্থনীতি,সমাজনীতি আৰু জীৱন ধাৰনৰ মান প্ৰ্তিফলিত কৰে।ভাৰতবৰ্ষই আহৰন কৰা শক্তি সম্পদৰ ৮২ শতাংশ পৰম্পৰাগত শক্তিখণ্ডৰ পৰা আৰু ১৮ শতাংশ অপৰাম্পৰাগত শক্তিখণ্ডৰপৰা আহে।পৰম্পৰাগত শক্তি সম্পদবোৰ নিশেষীয় আৰু পৰিৱেশত বিৰুপ প্ৰ্ভাৱ পেলোবাৰ বাবে বিকল্প শক্তিৰ উৎস হিচাপে অপৰাম্পগত শক্তিয়ে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।ভাৰতবৰ্ষই শেহতীয়াভাবে অপৰাম্পৰাগত শক্তিখণ্ডত অধিক ধন আৰু চিন্তা বিনিয়োগ কৰিছে।অপৰাম্পৰাগত শক্তি উৎসবোৰ এনে ধৰনৰ

সৌৰ শক্তি:অপৰম্পৰাগত শক্তি উৎসবোৰৰ ভিতৰত সৌৰ শক্তিৰ ব্যৱহাৰ বিশেষভাৱে উল্লেখযোগ্য।সৌৰ শক্তি আটাইবোৰ শক্তিৰ মূল উৎস।এই শক্তিক সৌৰকোষ ব্যৱহাৰ কৰি বিজুলি শক্তিলৈ ৰুপান্তৰ কৰা হয়।ভাৰতবৰ্ষই বাৰ্ষিক ৫০০০ ত্ৰিলিয়ন ৱাট সৌৰ শক্তি আহৰন কৰে,যিয়ে শক্তি স্ংকট দূৰ কৰাৰ প্ৰাৰম্ভিক প্ৰয়াস কৰিছে।ভৌগলিক বিস্তৃতিৰ বাধা থকা অঞ্চল যেনে-কাশ্মীৰ আৰু হিমালয়ৰ পাদদেশীয় ভিতৰুৱা অঞ্চল যত বিজুলি স্ংযোজন সদায়ে প্ৰ্তিকুল-তেনে স্থানৰ লোকৰ বাবে সৌৰ শক্তি প্ৰ্থম পছন্দৰ শক্তি হিচাপে উদ্ভাসিত হৈছে।

বতাহ শক্তি:বতাহ শক্তি এটা মুক্ত শক্তি।বতাহ চালিত যন্ত্ৰ ব্যৱহাৰ কৰি বতাহ শক্তি স্ংগ্ৰ্হ কৰা হয় আৰু যান্ত্ৰিক শক্তিলৈ ৰুপান্তৰ কৰা হয়।বতাহ শক্তিৰ বিতৰন সকলো স্থানতে বা সকলো সময়তে সমান নহয়।তথাপি নিকা আৰু প্ৰ্দূষনমুক্ত শক্তি সম্পদৰ ভিতৰত ই লেখত লবলগীয়া প্ৰাকৃতিক শক্তি।বতাহ শক্তি আহৰনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান পৃথিবীৰ ভিতৰত চতুৰ্থ।ইয়াৰ আগত আছে-জাৰ্মানী,স্পেইন আৰু আমেৰিকা।গতিকে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখন এই দিশত চতুৰ্থ স্থানত থকাটোবে ইয়াকে সুচায় যে দেশখন অপৰাম্পৰাগত শক্তি উৎসৰ প্ৰতি অধিক নিৰ্ভৰশীলতাৰ বাবে দায়বদ্ধ।ভাৰতবৰ্ষই ৪৫০০-৫০০০ মেগাৱাট পৰিমানৰ শক্তি এই উৎসৰপৰা স্ংগ্ৰ্হ কৰে।এই শক্তিয়ে গুজৰাট,পুৰী আদিৰ দৰে সাগৰীয় উপকুলীয় স্থানৰ লোকসকলৰ শক্তিৰ চাহিদা পুৰন কৰে।গাৱৰঁ দুখীয়া ৰাইজৰ খৰি স্ংগ্ৰহৰ বিপৰীতে এই শক্তিৰ ব্যৱহাৰে জৈৱ-বৈচিত্ৰ্যৰ ভাবুকি হ্ৰাস কৰিছে।অপৰম্পৰাগত শক্তি সম্পদ বিভাগ এই বতাহ শক্তিৰ আহৰন আৰু বিতৰনৰ দিশত ব্যৱস্থা হাতত লৈছে।

পানী শক্তি আৰু জোৱাৰ শক্তি: পানী শক্তি ব্যৱহাৰৰ দিশৰ পৰাও এই দেশ পাছ পৰি ৰোৱা নাই।সাগৰীয় ঢৌৰপৰা ৬০,০০০ মেগাৱাট পৰিমানৰ শক্তি আহৰন কৰা হয়। ঢৌ শক্তি বা পানী শক্তিৰ বিতৰন ভাৰতবৰ্ষৰ ভৌগলিক অসমতাৰ বাবে সকলো স্থানতে একে নহয়। ইয়াৰ পৰিপ্ৰ্ক্ষিতত উৎসস্থানৰপৰা নিশকতীয়া স্থানলৈ ঢৌ শক্তিৰ স্থানান্তৰ হয়।সাগৰীয় জোৱাৰৰপৰা আহৰন কৰা শক্তিয়ে দেশৰ চাহিদা পূৰন কৰিবলৈ প্ৰয়াস কৰি আহিছে।জোৱাৰ শক্তি স্ংগ্ৰহৰ কেইটামান উল্লেখযোগ্য স্থান হল-কচ্চ অঞ্চল, কাম্বি অঞ্চল, সুন্দৰবন অঞ্চল, কেন্দ্ৰীয় শাসিত অঞ্চল।এইবোৰ স্থানৰপৰা প্ৰায় ৯০০০ মেগাৱাট শক্তি আহৰন কৰা হয়।

ভুতাপ শক্তি:পৃথিৱীৰ অভ্যন্তৰীন ভাগ অতিশয় উত্তপ্ত।অভ্যন্তৰৰ এই শক্তি বিজুলি উৎপাদনৰ বাবে ব্যবহাৰ কৰা হয়।প্ৰ্থমে ভূ-তাপ শক্তিৰ আৱশ্যকীয় উৎস স্থান নিৰ্বাচন কৰা হয়।আগ্নেয়গিৰি বলয়,গৰম পানীৰ ফোৱাঁৰা আদি প্ৰ্ধন উৎস স্থান।ভাৰতবৰ্ষৰ মহানদী,গোদাবৰী,নৰ্মদা,তাপ্তী,লাডাখ(কাশ্মীৰ) অঞ্চল ভূ-তাপ শক্তি আহৰনৰ প্ৰধান স্থান।এই দেশত ৩০০ ৰো অধিক ভূ-তাপ শক্তি ষ্টেচন স্থাপন কৰা হৈছে।ভূ-তাপ শক্তিৰপৰা প্ৰায় ১০,০০০ মেগাৱাট পৰিমানৰ শক্তি আহৰন কৰাৰ সম্ভাৱনা থাকে।

জৈৱ শক্তি:জৈৱ শক্তি প্ৰ্চুৰ সম্ভাৱনাময় শক্তিৰ উৎস।এই শক্তি তিনিটা উৎসৰপৰা আহৰন কৰা হয়।সেইকেইটা-কৃষি আৱৰ্জনা,ঔদ্যোগিক আৰু ঘৰুবা আৱৰ্জনা আৰু বনানিকৰন শক্তি।জৈৱ শক্তিৰ মূল আধাৰবোৰ হল-চেলুলজ,,হেমিচেলুলজ,জৈৱ যৌগ আৰু এমিন এচিড,এলকহলিক সম্পদ।যেনে-ৰেজিন আঠা আদি,প্ৰ্টিন আদি।জলজ উদ্ভিদ যেনে পানীমেটেকা,হাইড্ৰিলা লেমনা আদিয়ে জলজ জৈৱ শক্তিক জৈৱ শক্তিক জৈৱ গেছ লৈ পৰিবৰ্তন কৰে।

জৈৱ আৱৰ্জনা জৈৱ শক্তিৰ আন এটা উৎস।কাগজ কল,খাদ্য উদ্যোগ,বস্ত্ৰ উদ্যোগ,ৰাসায়নিক সাৰ উদ্যোগ,প্ৰাকৃতিক গেছ শোধনাগাৰ আদিৰ জৈৱ আৱৰ্জনাপৰা শক্তি স্ংগ্ৰ্হৰ ব্যাপক থল আছে। গতিকে waste is energy বুলি কব পাৰি আৰু ভাৰতবৰ্ষই এই দিশত বিকাশমুখী কাৰ্য্যব্যৱস্থা যুগুত কৰিছে।যাতে শক্তি সম্পদৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হব পাৰে।চেনী উদ্যোগ,কৃষি উদ্যোগ,বিশেষকৈ ঘৰুৱা আৱৰ্জনা আৰু মহানগৰৰ একত্ৰিত আৱৰ্জনাৰপৰা(Waste composting plants )সহায়ত শক্তি স্ংগ্ৰ্হ কৰা হৈছে।উদাৰহনস্বৰুপে Central Mechanical Engineering and Research Institute,Durgapur)এই দিশত প্ৰ্থমটো পদক্ষেপ গ্ৰহন কৰি বিজুলি উৎপাদন কৰিছে।৫০০ কিলোগ্ৰাম মহানাগৰিক আৱৰ্জনা পৰা ৫ কিলোৱাট বিজুলি শক্তি উৎপাদন কৰি অপৰাম্পৰাগত শক্তি উৎস ব্যৱহাৰৰ সোনালী অধ্যায়ৰ সুচনা কৰিছে।বনানিকৰন শক্তি ৰ মাধ্যমত গাওঁ অঞ্চলত খৰি ইন্ধনৰ নাটনি হ্ৰাস কৰা হৈছে।ভৌগলিক দিশৰপৰআ এক্ক ভাৰতবৰ্ষ জৈৱ-বৈচিত্ৰ্যত প্ৰ্চুৰ চহকী।৩০০ মিলিমিটাৰতকৈ অধিক বৰষুন হোৱা ঠাইসমূহ অটব্য অৰন্যৰে ভৰপুৰ।ভাৰতবৰ্ষ খৰি ইন্ধন উৎপাদন কৰা পৃথিৱীৰ প্ৰ্থমখন বৃহত্ত্ম দেশ।

কেতবোৰ উদ্ভিদৰ সালোক স্ংশ্লেষনত উৎপাদিত হাইড্ৰ্কাৰ্বন আৰু আন যৌগবোৰৰ ভৰ অতি বেচি। এনে উদ্ভিদবোৰক পেট্ৰ্লিয়াম উদ্ভিদ বোলা হয়।এনে উদ্ভিদবোৰক পেট্ৰ্লিয়াম উদ্ভিদ বোলা হয়। এনে উদ্ভিদবোৰৰ তৰুক্ষীয় নলিকা থাকে।ভাৰতীয় উদ্ভিদ প্ৰ্জাতিৰ ভিতৰত অতিকমেও ৪০০ প্ৰ্জাতিৰ উদ্ভিদ পেট্ৰউদ্ভিদ। উদাহৰনস্বৰুপে হিভিয়া ব্ৰাজিলিয়েনছিছ, Diptocarpus,Turbintus, Euphoriba Resinifera,Calotropis Procera, Chlorella pyrenoidosa, jatropha curcas, Mesua ferrea আদি।

লিখক: মহেশ দাস।

শেহতীয়া উন্নীতকৰণ: : 6/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate