অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত চৌকাৰ নিৰ্মাণ প্ৰণালী

উন্নত চৌকাৰ নিৰ্মাণ প্ৰণালী

উন্নত চৌকা নিৰ্ম্মাণ কৰিবলৈ প্ৰয়োজন হোৱা কেঁচা সামগ্ৰী কেইটা হ’ল

১) মাটি = ৮ পাচি

২) গোৱৰ = ২ পাচি

৩) তুঁহ = ২ পাচি

৪) চিমনী = ১০ ছে:মি: ব্যাসৰ আৰু প্ৰয়োজন অনুযায়ী দীঘল

৫) চিমেন্টৰ পাইপ = ৭ ছে:মি: বহল আৰু ২৫ ছে:মি: দীঘল

৬) কাউল (জালি পাইপ) = ১ ফুট দীঘল

নিৰ্ম্মান প্ৰণালী

উন্নত চৌকাৰ নক্সা

  • প্ৰথমে মাটিখিনি মিহি কৰি গোৱৰ, তুঁহ আৰু পানীৰ লগত এটা মিশ্ৰণ তৈয়াৰ কৰি ৰ’দ বৰষুণ নোহোৱা ঠাইত দুদিনমান থৈ দিব লাগে৷
  • চৌকা বনাবলৈ লোৱা ঠাইত ৯৪ ছে:মি: দীঘল, ৩৬ ছে:মি: বহল আৰু ২০ ছে:মি: ওখকৈ এটা দুই মূৰ খোলা কাঠৰ বাকচ বনাই লৈ মাটিৰ মিশ্ৰণখিনি হেচি ভৰাই দিব লাগে৷
  • মাটিৰ মিশ্ৰণটো টান হলেই নিদিষ্ট জোখত খৰি ভৰোৱা, ৰন্ধন কাৰ্য্য কৰাৰ বাবে বাচন বহোৱা আৰু ধোঁৱা ওলাবৰ বাবে বিন্ধা ৰখা ঠাই পৰা মাটি খিনি উলিয়াই পেলাব লাগে৷
  • ১ নং বিন্ধাৰ পৰা ২ নং বিন্ধালৈ ৪৫0 কোন কৰি হাতখন সোমাব পৰাকৈ এটা ফুটা উলিয়াব লাগে আৰু ফুটাইদি এডাল ৭ ছে:মি: বহল আৰু ২৬ ছে:মি: দীঘল আন এডাল পাইপ ভৰাই দিব লাগে৷ ঠিক এনেধৰণেৰেই ২ নং বিন্ধাৰ পৰা ৩ নং বিন্ধালৈ ধোঁৱা ওলাবৰ বাবে আন এটা ফুটা কৰিব লাগে৷
  • ৩ নং বিন্ধাটোত ধোঁৱা ওলাই যাবৰ বাবে চিমনী বহুৱাব লাগে৷ চিমনীৰ দৈৰ্ঘ্য কেতিয়াও ৬ ফুটৰ কম হব নালাগে আৰু ঘৰৰ চালৰ পৰা অতি কমেও ২ ফুট ওপৰত ওলাই থাকিব লাগে৷
  • চিমনীৰ ওপৰত বৰষুণৰ পানী আৰু জুই ফিৰিঙতি পাইপৰ ভিতৰত সোমাব নোৱাৰাৰ কাৰণে কাউল (জালিৰ পাইপ) লগাই দিব লাগে ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate