অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁৱলী পানীৰ এক অন্য উৎস

জয়ন্তীয়া পাহাৰৰ লাড্রিমবাইত, মেঘালয়ৰ চেৰাপুঞ্জীত আৰু অসমৰ শীতৰ দিনকেইটাত কুঁৱলী দেখা পাওঁ। কুঁৱলীয়ে প্ৰকৃতিক মোহময়ী কৰি তোলাৰ লগতে মানুহৰ মনো সৃষ্টিশীল কৰি তোলে। শীতৰ দিনত দুৱাৰমুখতে ৰয়হি কুঁৱলী। ইয়াৰ আমেজেই সুকীয়া। খিৰিকীৰ স্বচ্ছ আইনা অস্বচ্ছ কৰি পেলায় কুঁৱলীয়ে আৰু আঙুলিৰ আগেৰে আঁকি পেলাব পাৰি একোখন চিত্র, ক্ষন্তেকৰ বাবে!  কুঁৱলী হৈছে। পৃথিৱীত স্বৰ্গ !

কুঁৱলী

বায়ুৰ উষ্ণতা ২.৫° ছেণ্টিগ্ৰেড আৰু ৪° ফাৰেনহাইট হয়, তেতিয়া পানীৰ বাষ্প ঘনীভূত হৈ ক্ষুদ্র তৰল পানীৰ টোপালৰূপে বায়ুমণ্ডলত ওলমি ৰয়। কুঁৱলী হৈছে ক্ষুদ্ৰ পানীৰ টোপালৰ সমষ্টি, প্ৰতিটো পানীৰ টোপালৰ ব্যাসাৰ্ধ ০.০০১। এই টোপালবোৰ অতি ক্ষুদ্ৰ যদিও প্ৰতিটো টোপালৰ আকাৰ সমান।

বায়ুমণ্ডলত ওলমি ৰয় ডাঠ মেঘৰ ক্ষুদ্র পানীৰ টোপাল পৃথিৱীৰ উপৰিভাগত, বায়ুমণ্ডলত। সেয়াই কুঁৱলী ইটালীয়ান ভাষাত NEBBIA. এই কুঁৱলীকে প্ৰযুক্তিৰ উদ্ভাৱনেৰে পানীৰ সুবিধাজনক উৎসৰূপে ব্যৱহাৰ কৰা হৈছে। কুঁৱলী ধৰাসকলক ATRAPANIEBLA অর্থাৎ Fog বুলি কোৱা হয়।

ইতিহাস

ইতিহাসৰ হালধীয়া পৃষ্ঠাতো কুঁৱলীক পানীৰ সম্ভাৱনীয় উৎসৰূপে গণ্য কৰা দেখা যায়। বিভিন্ন দেশৰ ইতিহাসে প্রমাণ কৰে যে কুঁৱলীক পানীৰ বিকল্প উৎসৰূপে সংগ্ৰহ কৰা হৈছিল। ১৯শ। শতিকাৰ আৰম্ভণিতে কুঁৱলী সংগ্ৰহ প্রাকৃতিক সম্পদৰ সম্ভাৱনীয়তাৰ ৰূপত অনুসন্ধান কৰা হৈছিল। ১৯৮০ চনৰ মাজভাগত চিলে (Chile) ত কুঁৱলী সংগ্রহে সফলতাৰ মুখ দেখে। সৰহভাগ দেশ, যিবোৰৰ মাটি অনুৰ্বৰ (ভৌগোলিকভাৱে) আৰু জলবায়ু কুঁৱলীৰ পানী সংগ্ৰহৰ বাবে অনুকূল। প্ৰকৃততে ভৌগোলিক অৱস্থান আৰু জলবায়ুৱে কুঁৱলীৰ পৰা পানী সংগ্ৰহ কৰিব পৰাৰ সম্ভাৱনীয়তাক বাস্তৱ ৰূপ দিয়ে প্ৰযুক্তিৰ সহায়েৰে। এটা কথা সত্য যে কুঁৱলীৰ পৰা পানী সংগ্ৰহ কৰা ব্যৱস্থা সৰল, শক্তিৰ প্রয়োগবিহীন, কমখৰচী আৰু জনসাধাৰণৰ বাবে ব্যৱহাৰোপযোগী। কুঁৱলীৰ পানী সংগ্ৰহৰ এটা অসুবিধা আছে, সেয়া হৈছে ঋতুজনিত। কিছুমান দেশত হোৱা কুঁৱলীৰ পৰিমাণে সেইবোৰ দেশ আৰু ঠাইত কুঁৱলীক পানীৰ উৎসৰূপে ব্যৱহাৰ কৰাত সহায়ক হৈছে। কুঁৱলীৰ পৰা পানী সংগ্ৰহ এক প্রাচীন প্রথা। ভূতত্ত্ববিদসকলে ইজৰাইলত ইয়াৰ প্ৰমাণ পাইছে, য’ত নিম্ন, বৃত্তমূলক দেৱাল গছ আৰু লতাৰ চৌপাশে নিৰ্মাণ কৰা হৈছিল কুঁৱলীৰ পৰা ঘনীভূত হোৱা পানী সংগ্ৰহ কৰিবলৈ। দক্ষিণ আমেৰিকাৰ আটাকামা মৰুভূমি আৰু ইজিপ্তৰ খুঁটা আৰু শিল এনেধৰণে সজোৱা হৈছিল যাতে কুঁৱলীৰ ঘনীভূত পানী দেৱালৰ ভিতৰেৰে নিগৰি আহে আৰু জমা হয়।

বর্তমান

পৃথিৱীৰ উন্নয়নশীল দেশবোৰত খোৱাপানী, জলসিঞ্চনৰ পানী, অৰণ্যৰ বাবে পানীৰ বাবে আধুনিক কুঁৱলীৰ পানী সংগ্ৰহৰ প্ৰযুক্তিৰ বাবে প্রচেষ্টা চলাই অহা হৈছে। যিবোৰ মৰুভূমি অথবা ঠাইত এক মিলিলিটাৰতকৈ কম বৰষুণ বছৰি হয়, সেইবোৰত কুঁৱলীৰ পানী সংগ্ৰাহকে কাম কৰিব বিচাৰে, কিন্তু তাৰ বাবে তেওঁলোকক লাগিব কুঁৱলী আৰু পাতল বতাহ।

কুঁৱলী, এক প্ৰকাৰৰ মেঘ, যিয়ে পৃথিৱী স্পর্শ কৰে, ক্ষুদ্ৰ পানীৰ কণিকাৰে গঠিত—প্রতি কিউব মিটাৰ কুঁৱলীত .০৫ ৰ পৰা ৫ গ্ৰাম ওজনৰ পানী থাকে। দুডাল দীঘল খুঁটাত ভলীবল খেলৰ নেট ওলমি থাকে, সেই নেটবোৰ Polypropylere অথবা Polypropylere ৰে নিৰ্মিত জাল, যিবোৰে দক্ষতাৰে পানীৰ টোপাল ধৰি ৰাখিব পাৰে। যেতিয়া কুঁৱলীয়ে ক্ষুদ্র পানীৰ টোপালৰ ৰূপ লয়, তেতিয়া এই জালত ওলমি ৰয় আৰু যেতিয়া বহুবোৰ থুপ খায়, তেতিয়া তলত থকা ধাৰালৈ নিগৰিবলৈ লয় আৰু পানীৰ জলধাৰাত জমা হয়গৈ।

চিলেৰ গাঁও (Chungungo) চুংৱংগ, য’ত বছৰি বৰষুণ বহু কম, ১০০ গৰাকী কুঁৱলী সংগ্রাহকে প্রায় বছৰি ১৫,০০০ লিটাৰ পানী সংগ্ৰহ কৰে। বিশ্ব স্বাস্থ্য সংগঠনৰ পানীতো এই কুঁৱলীৰ খেতিয়ে পিয়াহৰ পানীৰে সহযোগ কৰে।

প্রশান্ত মহাসাগৰৰ কুঁৱলী জুন মাহৰ পৰা নৱেম্বৰ মাহলৈ গতি কৰে। বেলাভিষ্টাৰ গাঁৱে এদিনতে ২২৭১ লিটাৰ কুঁৱলীৰ পানী সংগ্রহ কৰে। কুঁৱলীৰ পৰা সংগ্ৰহিত এই পানীয়ে গাঁওবাসীক খোৱা পানীৰ উপৰিও বাগিচা আৰু টাৰা গছ, য’ৰ পৰা টানিচ উৎপাদিত হয় তাতে পানীৰ যোগান ধৰে।

চেৰী বেনেট আৰু বাৰ্ট স্কিমেনঅউৰে ২০০০ চনত Fog guest (কুঁৱলীৰ সন্ধান)ৰ জন্ম দিয়ে। দুয়োগৰাকী বায়ুমণ্ডলৰ বিজ্ঞানী, যি দুগৰাকীয়ে যোৱা বিশ বছৰে কুঁৱলী সংগ্ৰহ কৰি আহিছে। চিলেৰ উপৰিও পেৰু, ইকুৱেটৰ, গুৱাটেমালা, কেপ ভাৰদে দ্বীপ, এৰিটৰিয়া, দক্ষিণ আফ্রিকা, য়েমেন, অমান, ইথিওপিয়া, ইজৰাইল, নেপালতো কুঁৱলীৰ পানী সংগ্রহ হয়।

অষ্ট্ৰেলিয়াৰ বিজ্ঞানীয়ে কুঁৱলীৰ পৰা পানী সংগ্ৰহৰ অন্য এক পদ্ধতি উদ্ভাৱন কৰে। এটা গুবৰুৱা পোক, যাৰ নাম ষ্টেনোকাৰা বিটল, যিটো দক্ষিণ-পশ্চিম আফ্রিকা; য’ত বছৰি ২ ছেঃমিটাৰতকৈ কম বৰষুণ হয়, তাত এই গুবৰুৱা পোকটোৱে ৰাতিপুৱা আৰু ৰাতি অহা কুঁৱলীৰ পৰা নিজৰ পাছফালেৰে পানী সংগ্ৰহ কৰে। এই গোবৰুৱা পোকটোৱে সংগ্ৰহ কৰা পদ্ধতি অনুকৰণ কৰি অষ্ট্ৰেলিয়াৰ বিজ্ঞানীয়ে কুঁৱলীৰ পৰা পানী সংগ্ৰহৰ এক চিন্থেটিক পদ্ধতিৰ উদ্ভাৱন কৰে। নগৰীয়া অঞ্চলতো এই পদ্ধতিৰে কুঁৱলীৰ পৰা পানী সংগ্ৰহ কৰিব পৰা যাব।

চীনা বিজ্ঞানীসকলে বর্তমান মকৰাজালৰ গঠনৰ ওপৰত চৰ্চা কৰি আছে। বায়ুমণ্ডলৰ পৰা কিদৰে মকৰাজালে অতি সোনকালে পানী সংগ্রহ কৰে।

কুঁৱলীৰ পানীৰ খেতি উপকূলীয় অঞ্চলত অধিক ফলপ্ৰসূ, কাৰণ এই ঠাইবোৰৰ ভূগৰ্ভৰ পানী নিমখীয়া হোৱা বাবে পৰিস্ৰাৱকৰ প্ৰয়োজন। তেনে ক্ষেত্ৰত কুঁৱলীৰ পৰা সংগ্ৰহিত পানী নির্মল।

লিমা এনে এখন ঠাই, য’ত সপ্তাহত পানীৰ টেংকে মাথোঁ তিনিবাৰ পানী দিয়ে। নির্মল খোৱা পানীৰ তীব্র সংকট। কুঁৱলীৰ পৰা সংগ্ৰহ কৰা পানীয়ে এওঁলোকক নতুন জীৱন দিছে।

কুঁৱলীৰ পাত্র

অকল্পনীয় যেন লাগিলেও জর্জ টাউন প্রিন্স এডৱাৰ্ড দীপৰ পর্যটন কেম্পত গটেলে কুঁৱলী পাত্ৰৰ মাজত আৱদ্ধ কৰি বিক্ৰী কৰি আহিছে। কুঁৱলীৰ দিনত পাৰঘাটত গটেলে পাত্ৰত কুঁৱলী সংগ্রহ কৰে। এই কাম তেখেতে নিজে কৰে। কুঁৱলী সংগ্রহিত এনে পাত্ৰৰ আপুনি যেতিয়া কোঠাত ঢাকনি খুলিব, তেতিয়া আপোনাক কুঁৱলীয়ে আৱৰি ধৰিব! ৰোমাঞ্চকৰ!!

সামৰণি

প্ৰকৃতিয়ে আমাক বহু দিছে, বিভিন্ন দিছে, ভৰপূৰ ৰূপত দিছে। অদূৰ ভৱিষ্যতে আমিও হয়তো শীতৰ কুঁৱলীৰ পানী ব্যৱহাৰৰ উপায় হাতৰ কাষতে পাম।

লেখিকা: কৰবী কাকতি।

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate