অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ কাৰক আৰু প্ৰভাৱ

খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ কাৰক আৰু প্ৰভাৱ

খাৰুৱা তেল বা ক্ৰুড অয়লক আধুনিক সভ্যতাৰ মুল চালিকা শক্তি বুলিও ক’ব পৰা যায়। এই সামগ্ৰী সমূহৰ অভাৱে এহাতে যেনেদৰে একোখন দেশৰ অৰ্থনৈতিক ৰাজহাঁড় ভাঙি পেলাব পাৰে, ঠিক সেইদৰে এই সামগ্ৰী সমূহৰ উপলব্ধতাই একোখন দেশৰ অৰ্থনৈতিক বিকাশ আকাশলংঘী কৰি তুলিব পাৰে। বৰ্তমান বিশ্বত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰে এহাতে মধ্য প্ৰাচ্যৰ দেশ সমূহক চহকী কৰি তুলিছে, আনহাতে এইবোৰৰ অভাৱত দক্ষিণ পূব এছিয়া আৰু ইউৰোপৰ বহুতো দেশ অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈছে।

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ প্ৰকৃতিয়ে মানৱ সভ্যতালৈ দিয়া অমূল্য দান। লাখ লাখ বছৰৰ জৈৱিক প্ৰক্ৰিয়াৰে বসুমতীৰ আখলত এই অমূল্য সম্পদ তৈয়াৰ হয়। এই সম্পদবিধ চিৰস্থায়ী নহয়; অৰ্থাৎ অনিয়ন্ত্ৰিত ভাৱে ব্যৱহাৰ কৰি থাকিলে এসময়ত এই সম্পদৰ যে এদিন তলি উদং হ’ব সেয়া খাটাং। সেয়েহে খাৰুৱা তেলৰ দৰে আপুৰুগীয়া সম্পদৰ মূল্যৰ ওপৰত বিশ্বৰ অৰ্থনৈতিক গতিবিধি বহু পৰিমাণে নিৰ্ভৰ কৰে।

আজি কিছুদিনৰ পৰা বিশ্ব অৰ্থনীতিত সৰ্বাধিক চৰ্চিত বিষয়টো হ’ল – খাৰুৱা তেলৰ মূল্যৰ দ্ৰুত অৱনতি। ২০১৪ চনৰ জুন মাহলৈ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য আছিল প্ৰতি বেৰেলত প্ৰায় ১১৫ ডলাৰ। কিন্তু যোৱা ছমাহত এই মূল্য ৫০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। অতি কম সময়ৰ ভিতৰত খাৰুৱা তেলৰ এনে ব্যাপক মূল্য অৱনতি বিশ্ব বাণিজ্যত এক বিৰল ঘটনা। বিশ্বত অৰ্থনৈতিক প্ৰগতিৰ লগে লগে খাৰুৱা তেলৰ চাহিদাও বৃদ্ধি পাই আহিছে। যোৱা কেইবা বছৰ ধৰি চাহিদা অনুসৰি বিশ্বৰ বজাৰত খাৰুৱা তেল উত্পাদন নোহোৱাৰ বাবে  খাৰুৱা তেলৰ মূল্যবৃদ্ধি হৈ আহিছে। কিন্তু যোৱা ছমাহত খাৰুৱা তেলৰ মূল্যৰ দ্ৰুত অৱনতিয়ে বিশ্বৰ অৰ্থনৈতিক পণ্ডিত সকলৰ চকু কপালত তুলিছে।

আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ বাবে থকা বিশেষ ষ্টক এক্সচেঞ্জ বা অংশ বিনিময় কেন্দ্ৰৰ জৰিয়তে খাৰুৱা তেলৰ কিনা বেচা হয়। নিউ ইয়ৰ্ক, লণ্ডন, ডুবাই আদিত এনে বিশেষ বিনিময় কেন্দ্ৰ বোৰ আছে। এই বোৰত ভৱিষ্যতত যোগান ধৰাৰ কাৰণে খাৰুৱা তেলৰ নিলামী হয়। নিলামীৰ দ্বাৰা স্থিৰ হোৱা নিৰিখৰ ওপৰতে খাৰুৱা তেলৰ দাম নিৰ্ভৰ কৰে। অনাগত সময়ত বিশ্বৰ তেল উত্পাদনকাৰী দেশ সমূহৰ ৰাজনৈতিক সুস্থিৰতা,যোগান শৃংখলৰ সুচলতা, ভৱিষ্যতৰ চাহিদা, খাৰুৱা তেলৰ গুণগত মান আদি বিভিন্ন কাৰকৰ ওপৰত বেচা কিনাৰ নিৰিখ নিৰ্ভৰ কৰে। সেয়ে খনিজ তেলৰ মূল্য বিশ্বৰ বিভিন্ন দেশৰ পৰিস্থিতিৰ সাল সলনিৰ লগত সলনি হৈ থাকে। তেল উত্পাদনকাৰী কোনোবা এখন দেশত যিকোনো পৰিস্থিতিত তেলৰ উত্পাদন আৰু যোগান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হোৱাৰ আশংকা থাকিলে, যুদ্ধ বিগ্ৰহৰ সম্ভাৱনা থাকিলে, সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’লে খনিজ তেলৰ মূল্যৰ উত্তৰণ ঘটে। সেইদৰে ভৱিষ্যতে বিশ্বত বিভিন্ন দেশত অৰ্থনৈতিক মন্দাৱস্তাৰ আশংকা থাকিলে বা চাহিদাতকৈ অধিক উত্পাদনৰ সম্ভাৱনা থাকিলে খাৰুৱা তেলৰ মূল্য অৱনমিত হয়।

এইখিনিতে স্বাভাৱিকতে প্ৰশ্ন জাগে, যোৱা ছমাহত খাৰুৱা তেলৰ মূল্য ইমান দ্ৰুতহাৰত হ্ৰাস হোৱাৰ কাৰণ কি? আন যিকোনো বস্তুৰ মূল্যৰ দৰে খাৰুৱা তেলৰ মূল্যও নিৰ্ভৰ কৰে চাহিদা আৰু উত্পাদনৰ ওপৰত। চাহিদাতকৈ উত্পাদন ক’ম হ’লে সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চাহিদাতকৈ উত্পাদন বৃদ্ধি হ’লে মূল্য হ্ৰাস হোৱাটো এক স্বাভাৱিক অৰ্থনৈতিক প্ৰক্ৰিয়া। বৰ্তমান হোৱা খাৰুৱা তেলৰ মূল্যৰ অৱনতিৰো মূল কাৰণ হ’ল চাহিদাতকৈ উত্পাদনৰ বৃদ্ধি। চাহিদাতকৈ খাৰুৱা তেলৰ উত্পাদন বৃদ্ধি হোৱাৰ আঁৰত অৰ্থনৈতিক বিশেষজ্ঞ সকলে কেইবাটাও কাৰকে কাম কৰা বুলি মতামত আগবঢ়াইছে।

প্ৰথমতে মধ্য পূব এছিয়াৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিলৈ আঙুলিয়াব পাৰি। ছিৰিয়া আৰু ইৰাকৰ কিছু অংশ অধিকাৰ কৰি আইছিছ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে এখন ইছলামিক ৰাষ্ট্ৰ প্ৰতিস্থা কৰাৰ পিছত সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপত বিৰূপ প্ৰভাৱ পৰিছে। সেয়েহে মধ্য প্ৰাচ্যৰ কেইবাখনো দেশত খাৰুৱা তেলৰ চাহিদা হ্ৰাস পাইছে। আইছিছে ছিৰিয়া আৰু ইৰাকৰ কেইবাখনো তৈলক্ষেত্ৰ অধিকাৰ কৰি নগদ ধনৰ বিনিময়ত উত্পাদিত খাৰুৱা তেল অতি কম মূল্যত তুৰ্কীৰ ক’লা বজাৰত বিক্ৰী কৰিছে বুলি জানিব পৰা হৈছে। আনহাতে আণৱিক কাৰ্যসূচীৰ বাবে আমেৰিকাৰ দ্বাৰা অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ইৰাণে তেলৰ উত্পাদনৰ বৃদ্ধিৰ জৰিয়তে অৰ্থনৈতিক দুৰাৱস্থাৰ পৰা সকাহ পোৱাৰ চেষ্টা কৰিছে। সেইদৰে কৰ্ণেল গাড্ডাফীৰ শাসনৰ অন্ত পেলাবলৈ হোৱা যুদ্ধ অৱসান হোৱাৰ পিছত লিবিয়াই পুনৰ তেল উত্পাদন কৰি বজাৰত এৰি দিছে। গৃহযুদ্ধত বিদ্ধস্ত নাইজেৰিয়া, ভেনিজুৱেলা আদি দেশেও দেশৰ বিদ্ধস্ত অৰ্থনীতি পুনৰজীৱিত কৰাৰ অৰ্থে খাৰুৱা তেল অধিক মাত্ৰাত উত্পাদন কৰি আহিছে। এনেবোৰ কাৰণত পূৰ্বতকৈ উত্পাদন বৃদ্ধি পাইছে।

দ্বিতীয়তে, বিশ্বৰ আটাইতকৈ সৰহ পৰিমাণৰ খাৰুৱা তেল ব্যৱহাৰ কৰা ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ ঘৰুৱা উত্পাদন যথেষ্ট বৃদ্ধি পইছে। ব্যয়বহুল উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই ছেল অয়ল বা অপৰিমেয় শিলাখণ্ডৰ পৰা খাৰুৱা তেলৰ উত্পাদন কৰিবলৈ সক্ষম হৈছে আৰু আম্তৰ্জাতিক বজাৰৰ পৰা কম মাত্ৰাত তেল ক্ৰয় কৰিবলৈ লৈছে। আমেৰিকা বিশ্বৰ প্ৰায় সকলো তেল উত্পাদনকাৰী দেশৰ বাবে সৰ্ববৃহৎ বজাৰ। আমেৰিকাই তেলৰ আমদানি হ্ৰাস কৰাটো মধ্য প্ৰাচ্যৰ তেল উত্পাদনকাৰী দেশ সমূহৰ বাবে অশনি সংকেত স্বৰূপ হৈ পৰিছে। সেয়েহে ছৌদি আৰৱৰ দৰে খাৰুৱা তেলৰ বিশাল ভাণ্ডাৰ থকা দেশে অধিক উত্পাদনৰ জৰিয়তে খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰিবলৈ তত্পৰ হৈ পৰিছে। খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰিলে আমেৰিকাৰ ব্যৱবহুল ছেল অয়ল অৰ্থনৈতিক ভাৱে তিস্থি থাকিব নোৱাৰিব আৰু পৰৱৰ্তী সময়তো বিশ্বৰ তৈল বজাৰত মধ্য প্ৰাচ্যৰ দেশ সমূহৰ দপদপনি বাহাল থাকিব।

তৃতীয়তে, ইউৰোপীয়ান ইউনিয়ন, ৰাছিয়া আৰু পূব এছিয়াৰ দেশ সমূহত চলি থকা অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে সেই দেশ সমূহত খাৰুৱা তেলৰ চাহিদা লক্ষণীয় ভাৱে কমি গৈছে। অৰ্থনৈতিক কাৰ্যকলাপ হ্ৰাস হোৱা বাবে ঘৰুৱা উপভোক্তাৰ খাৰুৱা তেলৰ ব্যৱহাৰ কমি আহিছে। শেহতীয়া ভাৱে চীন দেশতো অৰ্থনৈতিক প্ৰগতিৰ গতি হ্ৰাস পোৱাৰ বাবে খাৰুৱা তেলৰ চাহিদা চকুত পৰাকৈ হ্ৰাস পাইছে। উন্নয়নৰ পথত ধাবিত হৈ এসময়ত প্ৰচুৰ খাৰুৱা তেল ব্যৱহাৰ কৰা এই দেশ কেইখনৰ খাৰুৱা তেলৰ চাহিদা কমি অহাটো খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ অন্যতম কাৰণ।

চতুৰ্থতে, বিশ্বৰ তেল উত্পাদনকাৰী দেশ সমূহৰ সংগঠন OPEC ৰ শেহতীয়া বৈঠকত উত্পাদন হ্ৰাস কৰাৰ জৰিয়তে খাৰুৱা তেলৰ মূল্যৰ অৱনতি ৰোধ কৰাৰ সহমতত উপনীত হ’ব পৰা নগ’ল। উল্লেখ্য যে OPEC এ বিশ্বৰ খাৰুৱা তেলৰ বজাৰখনৰ মূল্য নিয়ন্ত্ৰকৰ কাম কৰে। OPEC ৰ অন্তৰ্ভূক্ত দেশ কেইখনৰ সহমতৰ ওপৰতো বিশ্বৰ বজাৰত উলিয়াই দিয়া খনিজ তেলৰ পৰিমান নিৰ্ভৰ কৰে, কাৰণ তেলৰ বৃহৎ ভাণ্ডাৰ থকা এই দেশ কেইখনে (চৌদি আৰব, ভেনিজুৱেলা, ইৰান, ইৰাক, কুৱেইট, লিবিয়া আদি) খাৰুৱা তেলৰ উত্পাদন বঢ়া টুটা কৰি বজাৰত খাৰুৱা তেলৰ মূল্য নিৰূপিত কৰে।  OPEC ৰ শেহতীয়া বৈঠকত প্ৰায়বোৰ দেশে নিজৰ নিজৰ দেশৰ দেশীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি উত্পাদন হ্ৰাস কৰিবলৈ সন্মত নহ’ল।

ভাৰতত দেশৰ মুঠ চাহিদাৰ ৮০ শতাংশতকৈ বেছি খাৰুৱা তেল বিদেশৰ পৰা আমদানি কৰিব লগীয়া হয়। আপাত দৃষ্টিত চাবলৈ গ’লে এই আপুৰুগীয়া সম্পদ বিধৰ মূল্যৰ অধোগতি ভাৰতৰ দৰে খাৰুৱা তেলৰ অভাৱগ্ৰস্থ দেশ সমুহৰ বাবে সকাহৰ কাৰণ। ভাৰতৰ বাজেটৰ বিত্তীয় ঘাটিৰ এক মূল কাৰণ হ’ল বৃহৎ পৰিমাণৰ খাৰুৱা তেল অধিক মূল্যত আমদানি কৰিব লগীয়া হোৱাটো। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ বাবে ভাৰতত খুচুৰা পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যও যথেষ্ট হ্ৰাস হৈছে। পেট্ৰ’লজাত সামগ্ৰীৰ দাম কম হোৱাটোৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য কিছু পৰিমাণে হ্ৰাস কৰাত বৰঙণি আগবঢ়াইছে। খাৰুৱা তেলৰ আমদানিত ৰাহি হোৱা ধন দেশৰ অৰ্থনৈতিক বিকাশত ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। অৰ্থনৈতিক ভাৱে খাৰুৱা তেলৰ দাম কমিলে দেশৰ জনমুৰি আয় বৃদ্ধি হয়, মুদ্ৰাষ্ফীতি কম হয়, দেশৰ মুঠ ঘৰুৱা উত্পাদন বৃদ্ধি হয়।

কিন্তু খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাটোৱে ভাৰতৰ দৰে দেশত দীৰ্ঘকালিন কল্যাণ সাধিব পাৰিবনে নাই সেইটো এক চৰ্চাৰ বিষয় হৈ পৰিছে। পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাসে এহাতে মানুহক সকাহ দিছে, আৰু আনফালে এচাম মানুহক অধিক তেল গ্ৰাস কৰা আৰু অধিক প্ৰদূষণ সৃষ্টি কৰা বিলাসী গাড়ী কিনিবলৈ উত্সাহিত কৰিছে। তেলৰ দাম হ্ৰাস হোৱাৰ লগে লগে গাড়ীৰ বিক্ৰী বৃদ্ধি হোৱাটো এক স্বাভাৱিক ঘটনা। ইতিমধ্যে যান জঁট আৰু প্ৰদূষণৰ ব্যাপক সমস্যাত নিমজ্জিত দেশৰ চহৰ সমূহৰ বাবে যান বাহনৰ বৃদ্ধিয়ে যে অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়া ধুৰুপ।

খাৰুৱা তেলৰ মূল্য হ্ৰাস হৈ থাকিলে প্ৰতিখন দেশৰ তেল উত্পাদন কৰা কোম্পানী সমূহ সংকটত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গোলকীয় অৰ্থনীতিত ঘৰুৱা কোম্পানী সমূহেও দেশ বিদেশৰ বিভিন্ন তৈল উত্পাদন প্ৰকল্পত ধন বিনিয়োগ কৰে। এনে বহুতো প্ৰকল্প গভীৰ সমুদ্ৰৰ পৰা খাৰুৱা তেলৰ নিষ্কাষণৰ লগত জড়িত ব্যয়বহুল প্ৰকল্প, যিবোৰ খাৰুৱা তেলৰ অৱনমিত মুল্যৰ বাবে বন্ধ হৈ পৰিব পাৰে। তেনে অৱস্থাত কোম্পানী সমূহে বৃহৎ লোকচানৰ সন্মূখীন হোৱাৰ লগতে বহুতো মানুহে চাকৰি হেৰুৱাব লগীয়া হ’ব পাৰে। বৃহৎ পৰিমাণৰ বেংকৰ ঋণ লৈ ব্যয়বহুল তৈল উদ্ঘাটন প্ৰকল্পত বিনিয়োগ কৰা কিছুমান কোম্পানী দেউলীয়া হৈ পৰিব পাৰে।

খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য কমি গৈ থাকিলে খাৰুৱা তেলৰ উত্পাদনৰ ওপৰতে নিৰ্ভৰশীল দেশ সমূহে অৰ্থনৈতিক ঘাটি পূৰাবলৈ আৰু অধিক হাৰত তেল উত্পাদন কৰিব পাৰে। তেনে পৰিস্থিতিত বিশ্বৰ আপুৰুগীয়া খাৰুৱা তেলৰ ভাণ্ডাৰ ভবাতকৈও বহুত আগতে শেষ হৈ যাব আৰু অদূৰ ভৱিষ্যতত খাৰুৱা তেলৰ ব্যাপক মূল্যবৃদ্ধি হ’ব। এক বিকল্প সুলভ শক্তিৰ উত্স আৱিষ্কাৰ নোহোৱাকৈ খাৰুৱা তেলৰ এইদৰে দ্ৰুত অৱলুপ্তি হ’লে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক প্ৰগতি স্থবিৰ হৈ পৰিব, সভ্যতাৰ চকৰি ওলোটা পিনে ঘূৰিবলৈ আৰম্ভ কৰিব।

ভাৰতৰ বিভিন্ন ৰাজ্যত উত্পাদন হোৱা তেলৰ মূল্যৰ ওপৰত ৰাজ্য চৰকাৰে তেল উত্পাদনকাৰী কোম্পানী সমূহৰ পৰা ৰয়েল্টি লাভ কৰে। তেলৰ মূল্য হ্ৰাস হ’লে ৰয়েল্টিৰ পৰিমাণো হ্ৰাস হয়। অসমৰ দৰে দুখীয়া ৰাজ্যৰ বাবে ৰাজহৰ যথেষ্ট অংশ তেলৰ ৰয়েল্টিৰ পৰা আহে। সেয়েহে খাৰুৱা তেলৰ মূল্য হ্ৰাস হৈ থকাটো অসম চৰকাৰৰ বাবে সুখবৰ নহয়।

বৰ্তমান পৰিস্থিতিত খাৰুৱা তেলৰ মূল্য এক সুস্থিৰ অৱস্থালৈ অহাটো সকলোৱে কামনা কৰিছে। খাৰুৱা তেলৰ মূল্যৰ সঘন তাৰতম্যই সমগ্ৰ বিশ্বতে অৰ্থনৈতিক ভাৰসাম্যতাত প্ৰভাৱ পেলায়। এই আপুৰুগীয়া সম্পদ বিধৰ সু ব্যৱহাৰৰ ওপৰতে বিশ্বৰ অৰ্থনৈতিক ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিছে।

দিপাংকৰ বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate