মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / শক্তিৰ প্ৰযুক্তি / পেলনীয়া পানী পৰিশোধন আৰু পুনৰ ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেলনীয়া পানী পৰিশোধন আৰু পুনৰ ব্যৱহাৰ

পেলনীয়া পানী পৰিশোধন আৰু পুনৰ ব্যৱহাৰৰ বিষয়ে লিখা হৈছে

 

পেলনীয়া পানী (wastewater) বুলি ক’লে আমি বিজ্ঞানসন্মতভাৱে ব্যৱহাৰৰ অনুপযোগী পানীকে বুজাওঁ-য’ত প্রকৃত শুদ্ধ পানীৰ গুণাগুণ নাথাকে, যি পানী পান কৰিব নোৱাৰি অথবা স্বাস্থ্যজনিত আন কামত ব্যৱহাৰ কৰিব নোৱাৰি। ঘৰুৱা বিভিন্ন কাৰণত ব্যৱহাৰ কৰা পানী, যেনে— গা ধোৱা, কাপোৰ ধোৱা, পাকঘৰৰ পৰা ব্যৱহাৰৰ পিছত বাহিৰলৈ ওলাই অহা পানী, টয়লেটত ব্যৱহাৰ কৰা মল-মূত্ৰৰে ওলাই অহা পানী এই সকলো পেলনীয়া পানীৰ ভিতৰতে পৰে। ইয়াৰ উপৰি ঘৰৰ বাহিৰত গাড়ী ধোৱা পানী, বৰষুণত বাগৰি অহা পানী, নলাৰে বৈ অহা পানীও পেলনীয়া পানীৰ অন্তর্গত।

পেলনীয়া পানী ৰং অনুযায়ী তিনিটা ভাগত ভগাব পাৰি-

 

ছাইৰঙীয়া পানী (gray water), ক’লীয়া পানী (black water), হালধীয়া পানী (yellow water)। ছাইৰঙীয়া পানীৰ ভিতৰত পৰে স্নানাগাৰ, পাকঘৰ, গাড়ী ধোৱা, মজিয়া ধোৱাৰ পিছত বাহিৰলৈ নির্গত হৈ ওলাই অহা পানী— যাক ময়লা বা আৱৰ্জনাময় পানী বুলিও কোৱা হয়। এইবোৰ পেলনীয়া পানীৰ পৰিমাণ আটাইতকৈ বেছি আৰু অতি সহজে পৰিশোধন কৰিব পাৰি।

ক’লীয়া পানী বুলিলে শৌচাগাৰৰ পৰা মল-মূত্ৰ মিহলি হৈ বাহিৰলৈ ওলাই অহা পানীকে বুজায়। কাৰণ এই পানীৰ ৰং সাধাৰণতে ক’লা বৰণৰ হয়। পৰিশোধন কৰি উলিওৱাৰ পিছত মানুহৰ মল খেতিমাটিৰ কাৰণে সাৰুৱা সম্পদ। স্থানীয় জলবায়ু অনুযায়ী ইয়াক পৰিশোধন কৰিব লাগে কেতিয়াবা শুকোৱা, কেতিয়াবা পচন সাৰ কৰা পদ্ধতি অৱলম্বন কৰিব লাগে। আৰু এনেকৈ এইবোৰ শুকান অথবা জুলীয়া সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

হালধীয়া পানী বুলিলে প্রস্ৰাৱগাৰ বা শৌচাগাৰৰ পৰা ওলাই অহা পানী প্রস্রাৱক বুজায়। প্রস্ৰাৱত আটাইতকৈ বেছি প্রাকৃতিক পুষ্টিকাৰক পদার্থকণা থাকে, যেনে— নাইট্র’জেন, ফছফৰাছ, এমোনিয়া আৰু পে'ট্ৰচিয়াম ইত্যাদি। ইয়াক পোনে পোনে সাৰ হিচাপে গছ-গছনিত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে পানী ব্যৱহাৰ নকৰা প্রস্রাৱাগাৰ বা প্রস্ৰাৱ পার্থক্য কৰা প্রস্ৰাৱগাৰৰ ব্যৱস্থা কৰিলে ভাল ফল পোৱা যায়।

ওপৰত ৰং অনুযায়ী বর্ণনা কৰা পেলনীয়া পানীৰ বাহিৰেও ঔদ্যোগিক প্রতিষ্ঠানবোৰৰ পৰা নির্গত আৱৰ্জনা মিহলি দূষিত পানীও ইয়াৰ ভিতৰত পৰে, কিন্তু উদ্যোগ নীতি আৰু প্ৰদূষণ পৰিষদৰ নিয়ম-নীতিমতে এইবোৰ দূষিত পানীৰ পৰিশোধনৰ ব্যৱস্থা উদ্যোগপতিসকলৰ ওপৰতে ন্যস্ত। এই নিয়ম-নীতি উলংঘা অথবা যথোচিতভাৱে লাঘু নকৰাৰ কাৰণে এনেকুৱা পানী ওচৰৰ জলাশয়ত পৰাৰ পিছত এটা অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। তেল আৰু প্রাকৃতিক গেছ উৎপন্ন কৰাৰ সময়ত ওলোৱা পানীও দুষিত আৰু ইও অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰে। খেতিপথাৰত ব্যৱহাৰ কৰা কীটনাশক ঔষধ, ৰাসায়নিক সাৰ যেনেকৈ অধিক ফচল উৎপন্নত সহায়ক, আনহাতে তাৰ পৰা বৈ অহা দূষিত পানীয়ে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে।

পেলনীয়া তথা দূষিত পানীত বেমাৰৰ জন্ম দিব পৰা অথবা নোৱাৰা দুয়োধৰণৰ বীজাণু থাকে। ইয়াৰ উপৰি এমোনিয়া, ইউৰিয়া, বালি, শিল আদি অজৈৱ পদার্থ, হাইড্ৰ'জেন, ছালফাইড, কার্বন-ডাই-অক্সাইড, মিথেন আদি গেছৰো উপস্থিতি থাকে আৰু এইবোৰৰ প্ৰদূষণৰ গভীৰতা দূষিত পানীৰ ওপৰত নিৰ্ভৰশীল। দূষিত পানীৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি দূষিত পানী বিভিন্ন ধৰণে পৰিশোধন কৰা হয়। সাধাৰণতে দূষিত পানী পৰিশোধন কেন্দ্ৰত কৰা হয়। ইয়াক প্রাকৃতিক, ৰাসায়নিক আৰু জৈৱিক পৰিশোধন পদ্ধতিৰে পৰিশোধন কৰা হয়। পৌৰ নিগমৰ দূষিত পানী সাধাৰণতে Sewage treatment plantত কৰা হয়। সেইদৰে কৃষি বিভাগৰ দূষিত পানী নিয়ন্ত্ৰণ তেওঁলোকৰ নীতি অন্তর্ভুক্ত। কীটনাশক ঔষধ পোনে পোনে অথবা ওপৰৰ পৰা খেতিৰ ওপৰত প্রয়োগ কৰা কাৰণে বৰষুণৰ পানীত সেইবোৰ উটি আহি উপৰিভাগৰ পানীৰ উৎস দূষিত কৰি তোলে, আনকি মাটিৰ তললৈ গৈ ভুগৰ্ভৰ পানীৰ উৎসকে দূষিত কৰে। খেতিয়কসকলে সমূহীয়াকৈ কাৰিকৰী পদ্ধতিৰে কীটনাশক ঔষধ প্রয়োগ কৰিলে পানীৰ উৎস কিছু পৰিমাণে প্ৰদূষণমুক্ত কৰিব পাৰে।

আৱৰ্জনা পৰিশোধন কেন্দ্ৰত দূষিত আৱৰ্জনা মিহলি পানীৰ পৰা দূষিত পদার্থবোৰ নিৰ্গত কৰা হয়, এই প্রক্রিয়া বিশেষকৈ ঘৰুৱা আৱৰ্জনাৰ ক্ষেত্ৰত প্রযোজ্য। পৰিশোধন কেন্দ্ৰৰ উপ-উৎপাদনক পেলনীয়া বোকা বা স্নাজ বুলি কোৱা হয়। সেইবোৰ দ-মাটি পুৰোৱা বা আন কামত লগোৱা হয়। আৱৰ্জনা পৰিশোধন কেন্দ্রক দূষিত পানী পৰিশোধন কেন্দ্ৰ বুলিও কোৱা হয়। কিন্তু দূষিত পানী পৰিশোধন কেন্দ্ৰ বুলিলে ঔদ্যোগিক প্রতিষ্ঠানৰ পৰিশোধন কেন্দ্ৰ বুলিহে বুজা যায়। ঔদ্যোগিক প্রতিষ্ঠানে উদ্যোগ কেন্দ্ৰৰ দূষিত পানী পৰিশোধন কৰাৰ পিছতহে প্রতিষ্ঠানৰ বাহিৰলৈ পঠিয়াব লাগে। যিটো আগতে উল্লেখ কৰা হৈছে।

দূষিত পানী নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মুখ্য উদ্দেশ্য হোৱা উচিত—

 

(১) স্বাস্থ্যবিধিৰ উৎকর্ষ সাধনত উত্তৰণ

(২)  দূষিত পানী পৰিশোধন কৰি আকৌ ব্যৱহাৰৰ উপযোগী কৰা।

(৩) পানী পৰিষ্কাৰকৈ ৰখা

(৪)  দূষিত পানীত মিহলি হৈ থকা বস্তুবোৰ আকৌ ব্যৱহাৰ কৰা

(৫) পেলনীয়া পানীৰ পৰা বায়’গেছ উদ্ধাৰ কৰি তাক ইন্ধন হিচাপে ব্যৱহাৰ কৰা

(৬) পেলনীয়া বস্তু বুলি জ্ঞাত দূষিত পানী পৰিশোধন কৰি আকৌ ব্যৱহাৰ কৰোৱাৰ শিক্ষা ৰাইজক প্রদান কৰা

আজিৰ পৰা প্রায় ১৭০ বছৰ  আগতে হামবাৰ্গত নগৰ আৱৰ্জনা পৰিশোধন আধুনিক পদ্ধতিৰে আৰম্ভ হৈছিল। এই পৰিশোধন কেন্দ্ৰ ইউৰোপৰ আটাইতকৈ পুৰণি পৰিশোধন কেন্দ্ৰবোৰৰ ভিতৰত এটা। ব্রিটিছ কৃষি বিজ্ঞানী ছাৰ জে বি লয়েচ আৰু ছাৰ জে এইচ গিলবাৰ্ট ১৪০ বছৰ আগতে কৈছিল যে তেতিয়া ইংলেণ্ডত কৃত্রিম সাৰৰ প্রচলন নাছিল। কিন্তু কৃষকসকলৰ মাজত প্ৰস্ৰাৱ আৰু বিষ্ঠাত থকা পুষ্টিকৰ পদার্থৰ উচ্চ মূল্যমানৰ জ্ঞান আছিল। কিন্তু জনস্বাস্থ্যৰ প্রতি প্রত্যাহ্বান অহাৰ পিছত আৱৰ্জনা পৰিশোধন কেন্দ্ৰৰ প্রতি আকর্ষণ বৃদ্ধি হৈ পৰে সাৰ হিচাপে ব্যৱহাৰ কৰা মানুহৰ বিষ্ঠাৰ আৱশ্যকতা আৰু প্রাধান্য জনস্বাস্থ্য সংৰক্ষণৰ তুলনাত দ্বিতীয় স্থানলৈ অৱনমিত হয়।

সমগ্ৰ পৃথিৱীৰ জীৱজগতত বন্ধুত্বপূৰ্ণ পৰিৱেশেৰে অনাময় পদ্ধতিৰ ওপৰত সচেতনতা যোগাই তুলিবলৈ প্রথম ইক’লজিকেল ছেনিটেশ্বন কনফাৰেন্স (ecological santation conferance চমুকৈ eco-san) জাৰ্মানীৰ বোন চহৰত ২০০০ চনৰ অক্টোৱৰত কৰা উদ্‌যাপন হয়। তেতিয়াৰ পৰা ইকো-ছেন গোষ্ঠীয়ে আন্তর্জাতিক প্রেক্ষাপটত এই বিষয়ত নেটৱৰ্ক সৃষ্টিৰ কাৰণে বলিষ্ঠ পদক্ষেপ লৈ আছে। দ্বিতীয়খন ইকো-ছেন সন্মিলন লুইবেকত ২০০৩ চনত হয় আৰু ইয়াত প্রতিনিধিৰ উপস্থিতি প্রত্যক্ষ কৰি বুজা গ’ল যে গোটেই পৃথিৱীতে ইকো-ছেনৰ গুৰুত্ব বিয়পি পৰিছে। ইয়াত International water Association, United Nation Environment Programme (UNEP) European commission য়েও সহযোগ কৰে।

এই প্রসংগত উল্লেখ কৰিব পাৰি যে পৃথিৱীত এতিয়াও প্রায় এক বিলিয়ন মানুহৰ মাজত পৰিষ্কাৰ খোৱাপানীৰ সংযোগ নাই, প্রায় ২.৪ বিলিয়ন মানুহ অনাময় ব্যৱস্থাৰ পৰা বঞ্চিত। ইয়াৰ বিপৰীতে পৃথিৱীৰ জনসংখ্যা দিনে দিনে বৃদ্ধি পাইছে, এনেকৈ বৃদ্ধিৰ হাৰ অব্যাহত থাকিলে ২০৩০ চনত আৰু এক বিলিয়ন জনসংখ্যা বৃদ্ধি হ’ব।

ইফালে, গোলকীয় উত্তাপৰ বাবে উপৰিভাগৰ পানীৰ উৎসবোৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে আৰু এই পৰিস্থিতিত যদি উপলব্ধ পানীৰ উৎসৰ প্ৰদূষণ ৰক্ষাৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা লোৱা নহয়, তেনেহ’লে খোৱাপানীৰ সমস্যা আৰু জটিল হৈ পৰিব। গতিকে দূষিত পানী পৰিশোধন আৰু পুনৰ ব্যৱহাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগিব। পানীৰ ক্ষেত্ৰত দেখা যায় সমাজৰ দুখীয়া লোকসকলে বেছিকৈ ক্ষতিগ্রস্ত হয়, তেওঁলোকে নিম্নমানৰ আৰু বীজাণুযুক্ত পানী পান কৰিবলগীয়া হয়। আৰু অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰিবলগীয়া হয়।

এইটোও ঠিক, আমাৰ দেশত পানী পৰিশোধন আৰু বিতৰণত যদিও বিশেষ প্রাধান্য দিয়া হয়, কিন্তু দূষিত পানী সংগ্ৰহ কৰি তাক পৰিশোধন কৰি পুনৰ ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰা হোৱা নাই ।

এইক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰ নীতি-নিয়মৰ মাজেৰে ইকো-ছেনে সমাধা কৰিবলৈ আগবাঢ়িছে। ইয়াৰ বাবে তেওঁলোকৰ মতে সাংঘাতিক অভিযান্ত্রিক পদ্ধতিৰ দৰকাৰ নাই, ইকো-ছেনে কোনো পদ্ধতিৰ কথা কোৱা নাই, কিন্তু তেওঁলোকে কৈছে যে এইবোৰ পেলনীয়া পানী আৰু ইয়াৰ লগত মিহলি হৈ থকা পদার্থবোৰ দাৰ্শনিক ভাবধাৰাৰে সম্পদ বুলি গ্রহণ কৰা যিবোৰ ইমানদিনে সাধাৰণ দূষিত পানী আৰু আৱৰ্জনা বুলি পেলনীয়া সামগ্ৰী হৈ আহিছে।

ভাৰতৰ প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা স্বচ্ছ ভাৰত অভিযান সুস্থ পৰিৱেশৰ ক্ষেত্ৰত এটা গুৰুত্বপূর্ণ পদক্ষেপ। তেওঁ দেশবাসীৰ মাজত এটা সাংঘাতিক সজাগতাৰ সৃষ্টি কৰি ২০১৪ চনৰ ২ অক্টোবৰত দিল্লীৰ ৰাজঘাটত চৰকাৰী বিষয়াৰ উপস্থিতিত এই অভিযান ঘোষণা কৰে আৰু ২০১৯ চনৰ ২ অক্টোবৰ তাৰিখটো ভাৰতক মুক্ত ঠাইত মলত্যাগ কৰাৰ পৰা মুক্ত হোৱাৰ দিন ধার্য কৰে। নিঃসন্দেহে ই এটা বলিষ্ঠ পদক্ষেপ, কিন্তু ইয়াৰ লগে লগে দূষিত পানীৰ পৰিশোধন ব্যৱস্থাৰ প্ৰচলন কৰি ইয়াৰ জৰিয়তে দেশত সু-স্বাস্থ্য আৰু অধিক স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিব বুলি দেশবাসীয়ে বিশ্বাস কৰে।

“মিলেনিয়াম ডেভেলপমেন্টৰ লক্ষ্যৰ” দিশত যদি কিবা এটা কৰিব খোজা হয় তেনেহ’লে আমি আটায়ে সূক্ষ্ম চিন্তাধাৰাৰ মাজেৰে স্বীকাৰ কৰিব লাগিব যে মানুহৰ বিষ্ঠা, ঘৰৰ পৰা আৰু আন অনুষ্ঠানৰ পৰা বাহিৰলৈ ওলাই অহা পানী পেলনীয়া বস্তু নহয়, বৰং এইবোৰ প্রয়োজনীয় প্রাকৃতিক সম্পদ।

লিখক: চফিউৰ ৰহমান শইকীয়া, আমাৰ অসম পূৰ্বাচল।

3.06060606061
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top