অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃহৎ নদী বান্ধ- আজি এক বিভিষীকা

বৃহৎ নদী বান্ধ- আজি এক বিভিষীকা

‘নদীৰ স্বাভাৱিক গতি বাধাগ্ৰস্ত কৰাটো উচিত নহয়। কাৰণ নদী মানে কেৱল নদীৰ পানীখিনিয়েই নহয়, ইয়াৰ লগত জড়িত জৈৱ-তন্ত্ৰটোও সাঙোৰ খাই আছে…..’- বৃহৎ নদী-বান্ধ সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত কথাখিনি কৈছিল বিশিষ্ট পৰিৱেশবিদ সুন্দৰলাল বহুগুণাই।

পৃথিৱীৰ বিভিন্ন দেশত বোৱতী নদীক ভেটা দি বান্দ নিৰ্মাণ কৰা হয় মূলত: তিনিটা উদ্দেশ্যৰে। জলবিদ্যুৎ উৎপাদন, জলসিঞ্চন আৰু বানপানী প্ৰতিৰোধ। ইতিমধ্যে পৃথিৱীৰ বিভিন্ন দেশত প্ৰায় ৩২৮৬৬ টা বান্ধ নিৰ্মাণ কৰা হৈছে। ভাৰতত এনে সৰু-বৰ বান্ধৰ সংখ্যা প্ৰায় ৪২৯১ টা। সত্তৰৰ দশকলৈকে পৃথিৱীৰ উন্নত তথা উন্নয়নশীল দেশসমূহত বহুকেইটা বৃহৎ বান্ধ নিৰ্মাণ কৰা হ’ল। কিন্তু লাহে লাহে বৃহৎ নদী-বান্ধৰ প্ৰতি মোহভংগ হ’বলৈ ধৰিলে। বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰিৱেশবিদসকলে বহুকেইটা নদী-বান্ধৰ ওপৰত কৰা বস্তুনিষ্ঠ গৱেষণাত প্ৰকাশ পালে বৃহৎ বান্ধৰ ঋণাত্মক দিশসমূহ। মানৱ সমাজ আৰু সভ্যতা তথা পৰিৱেশৰ ভাৰসাম্যতাৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱসমূহে বৃহৎ বান্ধ নিৰ্মাণৰ ধাৰণাটো উন্নয়নৰ পৰিপন্থী বুলি চিহ্নিত কৰিলে। ফলত আজি প্ৰথম বিশ্বৰ দেশসমূহৰ প্ৰায়কেইখনতেই বৃহৎ বান্ধ নিৰ্মাণ নিষিদ্ধ।

ভাৰতবৰ্ষ ব্যতিক্ৰম

এৰা! আমাৰ দেশ ভাৰতত পাছে এতিয়াও বৃহৎ বান্ধৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ভাৰতৰ দৰে উন্নয়নশীল তথা অনুন্নত দেশসমূহক বৃহৎ বান্ধ নিৰ্মাণ কৰিবলৈ বিশ্ববেংকে সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিভংগীৰে ঋণ আগবঢ়াইছে। আৰু এই সুযোগ (!) ল’বলৈ আমাৰ চৰকাৰে প্ৰস্তুত কৰিছে নতুন নতুন জলবিদ্যুৎ প্ৰকল্পৰ, যাৰ বাবে প্ৰয়োজন হ’ব বৃহৎ নদী-বান্ধৰ।

কেন্দ্ৰীয় জলবিদ্যুৎ প্ৰাধিকৰণে কেৱল অৰুণাচল প্ৰদেশতেই মুঠ ৫৭,৭৫৫ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ আঁচনি প্ৰস্তুত কৰিছে। এই আঁচনি অনুসৰি অৰুণাচল প্ৰদেশ তথা ব্ৰক্ষ্মপুত্ৰ উপত্যকাত প্ৰায় ১৭ টা নদী-বান্ধ নিৰ্মাণৰ যো-জা চলোৱা হৈছে।

লিখক: তৰুণ ডেকা।

শেহতীয়া উন্নীতকৰণ: : 7/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate