অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰন্ধন কাৰ্য্যত ইন্ধনৰ মিতব্যয়িতা

ৰন্ধন কাৰ্য্যত ইন্ধনৰ মিতব্যয়িতা

ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা ইন্ধন শক্তিয়ে ৰন্ধন কাৰ্য্যত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে৷ এই শক্তি সমূহ আমি দুই ধৰণে পাওঁ৷ পেট্ৰলিয়াম, ডিজেল, কেৰাচিন আদি পৰিশোধিত ইন্ধন আনহাতে খৰি, গোবৰ আদি প্ৰাকৃতিক ইন্ধন৷ পৰিশোধিত ইন্ধন সমূহ যি হাৰত ব্যৱহাৰ হৈছে তেনে হাৰত উদঘাটন কৰা হোৱা নাই খৰিৰ ক্ষেত্ৰতো দেখা যায় যি ধৰণে গছ গছনি কাটি ইন্ধন হিচাবে ব্যৱহাৰ হৈছে সেইদৰে ইয়াৰ ৰোপন কাৰ্য্য হোৱা নাই৷ গতিকে সমগ্ৰ বিশ্বব্যাপী ই এটা সংকট ৰূপে দেখা দিছে৷ যাৰ ফলত শক্তি সংৰক্ষণ আজি এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷

ৰন্ধন কাৰ্য্যত ইন্ধনৰ মিতব্যয়িতা

ৰন্ধন কাৰ্য্যত সাধাৰণতে খৰি, কেৰাচিন আৰু গেচ ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ নাটনি আৰু মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘ্যাত জন্মাইছে ৷ গতিকে আমাৰ দেশৰ প্ৰতি গৰাকী গৃহিনীৰ ৰন্ধন শক্তিৰ মিতব্যয়িতা সমন্ধে সজাগ হোৱা আৰু জ্ঞান থকা প্ৰয়োজন ৷ তলত এই বিষয়ে আভাস দিয়া হ’ল ৷

১) ৰন্ধন কাৰ্য কৰাৰ আগতেই সকলো লাগতিয়াল সামগ্ৰী প্ৰথমে যতনাই ল’ব লাগে ৷ এনে কৰিলে ইন্ধন শক্তি ৰাহি হোৱাৰ উপৰিও গৃহিনী গৰাকীৰ সময় আৰু দৈহিক শক্তি ৰাহি হয় ৷

২) ৰন্ধন পাত্ৰত ঢাকোন ব্যৱহাৰ কৰা উচিত ৷ ইয়াৰ ফলত প্ৰায় ১৫ শতাংশ গেচ ৰাহি হয়৷ ইয়াৰ উপৰিও ৰান্ধোতে খাদ্যপ্ৰাণ নষ্ট নহয়৷

৩) চাউল আৰু মাহ জাতীয় খাদ্য সামগ্ৰী ৰন্ধাৰ যথেষ্ট সময় আগতেই তিয়াই ল’ব লাগে ৷ মন কৰিব লাগে যাতে তিয়াই থোৱা পানী খিনি পেলাই নিদি ৰন্ধন কাৰ্য্যত ব্যৱহাৰ কৰা হয় ৷ এনে কৰিলে প্ৰায় ২৫ শতাংশ ইন্ধন ৰাহি হয় লগতে কম সময় প্ৰয়োজন হয় ৷

৪) ৰন্ধন কাৰ্য্যত বহল তলিৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে৷ বহল তলিত তাপ প্ৰয়োজন সমানে পায় ফলত ইন্ধন নষ্ট নহয়৷

৫) ৰান্ধোতে প্ৰয়োজন অনুসৰিহে পানী ব্যৱহাৰ কৰিব লাগে৷ এনেদৰে ৰান্ধিলে ইন্ধনৰ সদব্যৱহাৰ ওপৰিও সময় ৰাহি হয় লগতে খাদ্যৰ সোৱাদ বঢ়ায়৷

৬) ৰন্ধন পাত্ৰত তেল নিমখৰ চামনি পৰি থাকিলে পাত্ৰটো গৰম হওঁতে যথেষ্ট ইন্ধন হানি হয়৷ লেতেৰা পাত্ৰত ৰন্ধা-বঢ়া কৰা স্বাস্থ্যৰ পক্ষেও বেয়া৷

৭) সঘনাই খাদ্য বস্তু গৰম কৰিব নালাগে৷ এনে কৰিলে ইন্ধনৰ লগতে সোৱাদ নষ্ট হয়৷

৮) পানী আৰু খাদ্য সামগ্ৰী এবাৰ উতলি অহাৰ লগে লগে জুই কমাই দিব লাগে ৷ ৯)ব্যৱহাৰ কৰাৰ বহু আগতে ৰন্ধন পাত্ৰ গৰম কৰিব নালাগে৷

১০) ৰেফ্ৰিজাৰেটৰত থকা ঠাণ্ডা গাখীৰ, মাছ মাংস, শাক পাছলি বা খাদ্য বস পোনে পোনে উলিয়াই ৰন্ধাতকৈ ৰন্ধনৰ কিছুসময়ৰ আগতে উলিয়াই থলে ৰন্ধনৰ সময়ত ইন্ধন ৰাহি হয়৷

১১) গেচৰ বাৰ্ণাৰটো সদায় চাফা কৰিব লাগে যাতে উজ্ঝল আৰু নিয়মিত ভাৱে জুইৰ শিখা ওলায়৷ লেতেৰা চৌকাই ইন্ধন লোকচান কৰে ৷ পৰাপক্ষত সৰু বাৰ্ণাৰটো ব্যৱহাৰ কৰা উচিত৷ গেছ লাইটাৰতকৈ জুইশলা ব্যৱহাৰ কৰিলে ‘গেচ নষ্ট’ হোৱাৰ সম্ভাৱনা কম হয়৷

১২) ৰন্ধন কাৰ্য্যত উপযুক্ত ৰন্ধন পাত্ৰ নিৰ্বাচনত গুৰুত্ব দিয়া উচিত ৷ উদাহৰণ স্বৰূপে প্ৰেচাৰ কুকাৰ জাতীয় ইন্ধন পাত্ৰ ব্যৱহাৰ কৰিলে সময় ৰাহি কৰাৰ উপৰিও ৫০ শতাংশতকৈ বেছি ইন্ধনো ৰাহি কৰে৷

১৩) কেৰাচিন ষ্টভৰ ক্ষেত্ৰত মন কৰিব লাগে যাতে মিহি ফিটাৰ ষ্টভতকৈ বহল ফিটাৰ ষ্টভ ব্যৱহাৰ কৰা হয় কাৰণ বহল ফিটাৰ ষ্টভত কেৰাচিন তেল কম প্ৰয়োজন হয়৷ ষ্টভটো চাফা কৰি, ষ্টভৰ আগটো কাটি থাকিব লাগে৷

১৪) বিদুৎ ৰাহি কৰিবলৈ হ’লে মন কৰিব লাগে যাতে –

  • ব্যৱহাৰ নকৰা সময়ত অদৰকাৰী লাইট ফেন আদি নুমুৱাই থোৱা হয় ৷

  • সঘনাই ফ্ৰিজৰ দুৱাৰ খন নুখুলি এবাৰতে সকলো খাদ্য সামগ্ৰী উলিয়াই লোৱা হয় ৷

  • ফ্ৰিজত সুমুৱাৰ আগতে ঠাণ্ডা কৰিহে খাদ্য সামগ্ৰী থোৱা হয় ৷

  • অদৰকাৰী পাচলি বা ফ্ৰিজত থব নলগা খাদ্য সামগ্ৰী ফ্ৰিজত ভৰাই থোৱা নহয় ৷

  • টেবুল লাইট আৰু টিউব লাইটৰ ব্যৱহাৰ বেছি কৰা হয় ৷

  • কাপোৰ ইষ্ট্ৰি কৰিবৰ সময়ত একেলগে কেইবাটাও কাপোৰ ইষ্ট্ৰি কৰা হয় ৷

১৫) সৌৰ শক্তিৰ দ্বাৰা চালিত লেম্প, কুকাৰ আৰু জৈৱিক গেছৰ ব্যৱহাৰে পৰম্পৰাগত ভাবে চলি অহা ইন্ধনৰ যথেষ্ট ৰাহি কৰে৷

১৬) খৰিৰে ৰন্ধন কাৰ্য্য কৰা সকলেও ইন্ধন মিতব্যয়িতাৰ সমন্ধে সতৰ্ক হবৰ হ’ল ৷ গাওঁ অঞ্চলত নিজৰ বাৰীত থকা গছ-গছনিৰ দ্বাৰা ইন্ধন যোগান ধৰে ৷ চহৰ অঞ্চলত যিসকলে বজাৰত পোৱা কিনা খৰিৰে ৰন্ধন কাৰ্য্য কৰে তেনে ক্ষেত্ৰত এটা সমীক্ষাৰ পৰা পোৱা গৈছে যে কেৰাচিন বা গেচেৰে ৰান্ধোতে যিমান খৰচ পৰে কিনা খৰিৰে ৰান্ধিলে তাৰ দুগুণতকৈও বেছি ৷ উন্নত চৌকাত ৰান্ধিলে খৰিৰ প্ৰয়োজন কম হয়, আৰু এনে চৌকাত ২ বিধ খাদ্য সামগ্ৰী একে সময়তে ৰান্ধিব পাৰি ৷ ইয়াৰ উপৰিও খৰিৰ ধোঁৱাখিনি ৰান্ধনি ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ বাবে গৃহিনী গৰাকীৰ চকু দুটা ধোঁৱাৰ পৰা ৰক্ষা পৰে ৷ এনে ধোঁৱা এগৰাকী গৃহিনীৰ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক ৷ উন্নত চৌকা ধোঁৱাবিহীন চৌকা নামেৰেও প্ৰখ্যাত ৷ গতিকে উন্নত চৌকা ব্যৱহাৰ কৰি গৃহিনী গৰাকীয়ে সময় আৰু ৭০ শতাংশ খৰি ৰাহি কৰিব পাৰি ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate