অতীজৰে পৰা ইন্ধন শক্তিয়ে ৰন্ধন কাৰ্য্যত বিভিন্ন দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ইন্ধন কাৰ্য্যত উৎপন্ন হোৱা তাপ সদব্যৱহাৰ কৰি ইন্ধন ৰাহি কৰাৰ সময় সমাগত৷ ইন্ধন সংৰক্ষণ কৰিবলৈ হ’লে ৰন্ধন পাত্ৰত থাকি যোৱা তাপৰো সদব্যৱহাৰ কৰা উচিত ৷ খেৰৰ বাকচ ব্যৱহাৰ কৰি গৰম ৰন্ধন পাত্ৰত থকা তাপ সংৰক্ষণ কৰি সুফল পাব পাৰি৷
ই এনে এটা কাঠৰ বাকচ য’ত খেৰ ব্যৱহাৰ কৰা হয় ৷ খেৰ তাপৰ কুপৰিবাহী কাৰণে তাপ সংৰক্ষণ কৰিব পাৰে৷
১)ঢাকনি থকা এটা কাঠৰ বাকচ লওঁক ৷
২)কাঠৰ বাকচত কপ-কপীয়াকৈ খাপ খোৱাকৈ খেৰ ভৰাই এটা গাঁৰু তৈয়াৰ কৰি লওঁক৷
৩)এতিয়া কাঠৰ বাকচৰ ৩/৪ অংশ খেৰেৰে পূৰাই লওঁক৷
১)পাত্ৰ এটাত আৱশ্যকীয় পানী গৰম কৰি লওঁক ৷
২)তাৰ পাচত গৰম পানীত ৰান্ধিবলৈ লোৱা খাদ্য সামগ্ৰীখিনি দি আধা সিজাকৈ ৰান্ধক৷
৩)আধা সিজা হ’লে ৰন্ধা পাত্ৰটো জুইৰ পৰা নমাই খেৰৰ বাকচত ভৰাই দিয়ক৷
৪)এতিয়া খেৰৰ গাঁৰুটো পাত্ৰটোৰ ওপৰত দি কাঠৰ বাকচৰ ঢাকনিখন বন্ধ কৰি দিয়ক৷ মন কৰিব লাগে যাতে তাপ ওলাই যাবলৈ কোনো সুৰুঙা নাথাকে ৷
৫)এনে পদ্ধতিৰে খেৰৰ বাকচত আধাসিজা ভাত, দাইল, পাচলি থলে ৰন্ধন পাত্ৰত থাকি যোৱা তাপ সংৰক্ষণ কৰি ৰন্ধন কাৰ্য্য সম্পূৰ্ণ কৰিব পাৰি ৷ এনে ধৰণে ১৫ মিনিটত পাচলি, ৩০ মিনিটত ভাত আৰু ১ ঘন্টাত দাইল ৰান্ধিব পাৰি ৷
খেৰৰ বাকচৰ সুবিধা সমূহ :
১)এই পদ্ধতিত ২৫ শতাংশ ইন্ধন ৰাহি হয় ৷
২)ৰন্ধন সামগ্ৰী সময়ে সময়ে নিৰীক্ষণ কৰি থাকিব নালাগে ৷
৩)খাদ্য সামগ্ৰী ৫-৬ ঘন্টাকৈ গৰম হৈ থাকে ৷
মাজে সময়ে খেৰখিনি সলাব লাগে ৷ খেৰৰ গাৰুটো ৰ’দত দিব লাগে ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 4/26/2020
খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ কাৰক আৰু প্ৰভাৱ
অসমত সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে?
অপৰম্পৰাগত শক্তি আৰু ভাৰতবৰ্ষ
উন্নত চৌকাৰ উপকাৰীতা আৰু ব্যৱহাৰিক দিশ