অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌৰ পাতন যন্ত্ৰ

সৌৰ পাতন যন্ত্ৰ

পিছপৰা মহিলাসকলে, বিশেষকৈ যিসকল লুণীয়া পানীৰ অঞ্চলত বাস কৰে তেওঁলোকক খোৱা পানী সংগ্ৰহৰ কৰি তাক নিষ্কাশন কৰি খোৱাৰ উপযুক্ত কৰিবলৈ যথেষ্ট সময়ৰ আৱশ্যক হয়৷ সৌৰ শক্তি প্ৰয়োগৰ দ্বাৰা লুণীয়া পানী নিষ্কাশন কৰাৰ ই এক সহজ, কম মূল্যৰ আৰু গ্ৰহণযোগ্য শক্তি পুনঃনবীকৰণ কৰাৰ কাৰিকৰী কৌশল৷

গঠন

সৌৰ পাতন যন্ত্ৰত অন্তভুৰ্ক্ত হয় –স্থানীয়ভাৱে উপলব্ধ হোৱা থলুৱা সামগ্ৰীৰে নিৰ্মিত প্ৰয়োজনীয় সামৰ্থ্যৰ এটা সৰু অগভীৰ চৌব্বাচা৷ চৌব্বাচাৰ তলৰ অংশটো উপযুক্ত ক’লা ৰঙেৰে ৰঙ কৰা হয়৷ চৌব্বাচাটো কাচঁৰ পাতিৰে বেৰি ৰখা হয়, টেংকৰ ওপৰত এটা হেলনীয়া অংশ তৈয়াৰ কৰি কাঠৰ সহায়ত ঢোকা দি ৰখা হয়৷ যন্ত্ৰৰ মধ্যম অংশ ওপৰত ৰখা হয় আৰু কাচঁৰ পাতিসমূহে কাষৰ বেৰ চুই থাকে৷

f526d08f078ff219853c667b248a3631

পদ্ধতি

এই কাৰিকৰী কৌশল নিৰ্ভৰ কৰে সাধাৰণ বাস্পীভৱন-ঘনীভৱন নীতিৰ দ্বাৰা যি প্ৰক্ৰিয়াৰে সূৰ্য্যই সাগৰৰ পানীভাগ বাস্পীভূত কৰে আৰু তাৰ পিচত ইয়াক বৰষুণৰ পানীৰ আকাৰত ঘনীভূত কৰে৷ নিমখীয়া পানী সূৰ্য্যৰ পোহৰত মুক্ত ভাবে ৰখা চৌব্বাচাত পৰিব| টেংকৰ তলৰ ক’লা অংশটোৱে সূৰ্য্যৰ পোহৰ শোষণ কৰিব আৰু উত্তাপিত হ’বলৈ ধৰিব৷ এই তাপে চৌব্বাচাৰ পানীভাগ বাস্পীভূত কৰিব যি কাচঁৰ পাতত ঘনীভূত হ’ব আৰু অৱশেষত ই বিশুদ্ধ খোৱা পানীৰ টোপাল হিচাপে ৰুপান্তৰিত হ’ব৷ এই নিষ্কাশিত পানীভাগ টেপৰ দ্বাৰা সংযোগীত কৰি সংগ্ৰহ কৰা হ’ব৷ এইদৰে,আপুনি মাত্ৰ সাধাৰণভাৱে টেপ ঘূৰাই বিশুদ্ধ খোৱ পানী পাব পাৰে আৰু ভবিষ্যতৰ ব্যৱহাৰৰ বাবে ইয়াক সঞ্চয় কৰিব পাৰে৷ এই পদ্ধতিৰে প্ৰতি বগৰ্মিটাৰত প্ৰতি দিনে গড়ে ২-৩ লিটাৰ খোৱাপানী বহিৰ্গমন হয়৷

উৎস : চেন্ট্ৰেল চল্ট আৰু মেৰাইন কেমিকেলচ ৰিচাৰ্ছ ইনষ্টিটিউট,(চিএচএমচিআৰআই), গিজুভাই বাডেকাৰ মাৰ্গ, ভৱনগৰ-৩৬৪০০২,গুজৰাট

সৌৰলোণমুক্তকৰণ

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate