অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানীৰ গুণাগুণ আৰু জলসিঞ্চন

শস্যৰ শ্ৰী বৃদ্ধি আৰু অধিক উৎপাদনৰ বাবে পানী অপৰিহাৰ্য্য। জীৱজগতৰ সকলো জীৱৰে মুঠ ওজনৰ ৭০ৰ পৰা ৮০ শতাংশই হ’ল পানী। উদ্ভিদৰ বাবে লাগতিয়াল পানীভাগ শিপাই আগুৰি থকা মাটিৰ পৰা আহৰণ কৰে। বৰ্ষানিৰ্ভৰ অঞ্চলত মাটিত সঞ্চিত হৈ থকা পানীৰ পৰিমাণ প্ৰাকৃতিক ভাৱে হোৱা বৰষুণৰ দ্বাৰা সমতা ৰক্ষা হয়। এই সমতাৰ তাৰতম্যই এবিধ শস্য উৎপাদনৰ দিক নিৰ্ণয় কৰে। শস্যৰ উৎপাদন পানীৰ অভাৱত যাতে কমি নাযায় তাৰ বাবে জলসিঞ্চনৰ দ্বাৰা মাটিত জীপ ধৰি ৰখাটো নিত্যান্ত আৱশ্যকীয় কথা। জলসিঞ্চনৰ জৰিয়তে মাটিত উপযুক্ত জীপ শস্যৰ বাবে বৰ্ত্তায় ৰাখিব পৰা যায়। সেয়েহে জলসিঞ্চন বুলিলে প্ৰাকৃতিক ভাৱে হোৱা বৰষুণৰ বিষয় বাদ দি উদ্ভিদৰ শিপা অঞ্চলত পানীৰ মাত্ৰা কৃত্ৰিম উপায়েৰে যোগান ধৰি থকাকে বুজায়। এনে কৃত্ৰিমভাৱে পানী যোগানৰ বিষয়টো সাধাৰণতে নদ-নদী, পুখুৰী, নলীনাদ বা গভীৰ নলীনাদৰ জৰিয়তে আহৰণ কৰি খেতি পথাৰত যোগান ধৰাৰ কথাকে বুজায়। এই ক্ষেত্ৰত ব্যৱহাৰ কৰা ভূগৰ্ভস্থ বা ভূপৃষ্ঠৰ পানীৰ উৎসবোৰত বিভিন্ন অলাগতিয়াল পদাৰ্থ, খনিজ, লৱণ বিষযুক্ত ধাতু ইত্যাদি দ্ৰৱীভূত হৈ থাকে আৰু যাৰ বাবে বহুক্ষেত্ৰত এনে পানীভাগ জলসিঞ্চনৰ বাবে উপযুক্ত নহয়। এই পানী ব্যৱহাৰে শস্যৰ জৰিয়তে খাদ্য চক্ৰত বিষযুক্ত পদাৰ্থৰ সন্নিবিষ্ট ঘটাই হিতে বিপৰীতে হোৱাৰ আশংকাই অধিক হয়।

গতিকে জলসিঞ্চনৰ দিশবোৰ বিবেচনা কৰোতে পানীৰ মাত্ৰাৰ লগতে গুণাগুণৰ বিষয়টো সাঙুৰি লোৱাটো দৰকাৰ। এটা কথা মনত ৰখা উচিত যে খোৱাৰ বাবে ব্যৱহাৰ কৰা পানীৰ গুণাগুণ জলসিঞ্চনৰ বাবে উপযুক্ত নহ’বও পাৰে বা জলসিঞ্চনৰ বাবে উপযুক্ত পানী খোৱাৰ বাবে গুণাগুণৰ ক্ষেত্ৰত উপযুক্ত নহ’বও পাৰে। সেয়েহে পানীৰ ব্যৱহাৰ ক্ষেত্ৰ অনুযায়ী নিৰ্ধাৰণ কৰা হয়।

শস্য উৎপাদনৰ ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱহাৰ কৰা পানীৰ গুণাগুণে মাটিৰ অৱক্ষয়, ক্ষাৰকীয়তা, পানীৰ নিৰ্গমন, ধাতব লোণৰ বিষক্ৰিয়া ইত্যাদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। সকলো প্ৰকাৰ জলসিঞ্চনত যিহেতুকে বিভিন্ন মাত্ৰাত খনিজ লৱণ দ্ৰ্ৱিভূত হৈ থাকে সেয়েহে শস্যৰ উপযোগী হোৱাকৈ এনে খনিজলৱণ সমূহ এক নিৰ্দিষ্ট মাত্ৰাৰ তলত থকাটো বাঞ্চনীয়।

উদাহৰণ স্বৰূপে কেতবোৰ ৰাসায়নিক মৌল যেনে ছডিয়াম আৰু ক্লৰিণ আদি পানীৰ প্ৰতি যথেষ্ট আসক্ত হয়। যেতিয়া ছডিয়ামৰ মাত্ৰা পানীত এক নিৰ্দিষ্টপৰিমাণতকৈ বেছি হয় তেতিয়া ই ক্লৰিণৰ লগত সংযোজিত হৈ ছডিয়াম ক্লৰাইড প্ৰস্তুত কৰে আৰু জলসিঞ্চিত মাটিত এই ছডিয়াম ক্লৰাইডৰ প্ৰলেপ বহি মাটিত স্বাভাৱিক পানী আৰু বায়ু চলাচলত ব্যাঘাত জন্মায়।

গতিকে পানীত এনেদৰে দ্ৰৱীভূত হৈ থকা খনিজ লৱণৰ মৌলবোৰে পানীখিনি শস্য ভেদে জলসিঞ্চনৰ উপযুক্ত হয় নে নহয় তাক নিৰূপন কৰে আৰু অন্যাথাই এনে পানীৰ ব্যৱহাৰে শস্য আৰু মাটি উভয়ৰে অপূৰণীয় ক্ষতি সাধন কৰে। গতিকে পানীৰ গুণাগুণ পৰীক্ষা কৰিহে শস্যত জলসিঞ্চনৰ ব্যৱস্থা হাতত লোৱা দৰকাৰ। পৰীক্ষাগাৰত পানীৰ মানদণ্ড পৰীক্ষা কৰি চোৱাৰ বহুতো পদ্ধতি আছে।

পানীৰ গুণাগুণ নিৰূপন

সাধাৰণতে দুটা গুৰুত্বপূৰ্ণ উপায়েৰে জলসিঞ্চনৰ পানীৰ গুণাগুণৰ মানদণ্ড পৰীক্ষা কৰা হয়-

  • পানীত দ্ৰৱিভূত হৈ থকা মুঠ খনিজ লৱণৰ পৰিমাণ।
  • কেলছিয়াম আৰু মেগনেছিয়ামৰ যৌথ পৰিমাণৰ তুলনাত পানীত দ্ৰৱিভূত হৈ থকা অকল ছডিয়ামৰ পৰিমাণ।

পানীত দ্ৰৱীভূত মুঠ খনিজ লৱণৰ পৰিমাণ সাধাৰণতে ইয়াৰ মাজেৰে বিদ্যুত প্ৰবাহৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি নিৰূপন কৰিব পাৰি। লুণীয়া পানী সাধাৰণতে বিদ্যুতৰ উত্তম পৰিবাহী। পানীৰ বিদ্যুত পৰিবাহিতা সাধাৰণতে প্ৰতি ছেঃমিঃ পানীৰ মাজেৰে পাৰ হৈ যোৱা বিদ্যুৎৰ পৰিমাণ (মাইক্ৰ’ওম)ৰ ওপৰত নিৰ্ভৰ কৰি ঠিৰাং কৰা হয়। প্ৰতি লিটাৰ পানীত থকা খনিজ লৱণৰ পৰিমাণ সাধাৰণতে বিদ্যুত পৰিবাহিতাৰ লগত ০.৬৫ সংখ্যাটো পূৰণ কৰি নিৰ্দ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে যদিহে কোনো এক উৎসৰ বিদ্যুৎ পৰিবাহিতা ১০০০ মাইক্ৰওম প্ৰতি ছেঃমিঃ পানীত হয় তেন্তে মুঠ খনিজ লৱণৰ পৰিবাহিতা হ’ব ৬০০ পিপিএম।

এনে খনিজ লোণৰ ভিতৰত ছডিয়াম, কেলছিয়াম, ম্যেগেনেছিয়াম, বাইকাৰবোনেট, ছালফেট, ক্লৰাইড, আয়ৰণ, পটাছিয়াম, নাইট্ৰ’জেন, ফ্লৰাইড ইত্যাদি লৱণসমূহ সাঙুৰি লোৱা হয় আৰু পৰীক্ষাগাৰত বিভিন্ন প্ৰথাৰে এই লোণসমূহৰ মানদণ্ড নিৰূপন কৰা হয়।

নমুনা সংগ্ৰহ

 

পৰীক্ষাগাৰত বিশ্লেষণৰ বাবে ২ লিটাৰ জোখৰ একোটা পানীৰ নমুনাৰ প্ৰয়োজন। নমুনা সংগ্ৰহ কৰোতে এটা কথা মনত ৰাখিব লাগে যাতে সংগৃহিত পানীৰ নমুনাটোৱে তাৰ উৎসটোক সঠিকভাৱে প্ৰতিনিধিত্ব কৰে। পানীৰ উৎসৰ ওপৰত ভিত্তি কৰি নমুনা সংগ্ৰহৰ সময়ত কেতবোৰ দিশৰ প্ৰতি মন দিব লাগে।

তলত উল্লেখিত প্ৰথাবোৰ অৱলম্বন কৰিব লাগে-

  • নদীৰ পানী সংগ্ৰহ কৰোতে সদায় ক্ষীপ্ৰতা থকা মাজৰ অংশৰ পৰা নমুনা সংগ্ৰহ কৰিব লাগে।
  • ৰৈ থকা পুখুৰী বা হ্ৰদৰ পৰা পানী সংগ্ৰহঃ এই ক্ষেত্ৰত পুখুৰী বা হ্ৰদৰ সোমাজৰ গভীৰ অংশৰ পৰা নমুনা ল’ব লাগে। হ্ৰ্দৰ পৰা পানী ওলাই যোৱা ঠাইৰ পৰা সংগ্ৰহ কৰিব পাৰিলে অতি উত্তম হয়। নদীৰ পানী হ্ৰদত সোমোৱা অংশৰ পৰা নমুনা কেতিয়াও সংগ্ৰহ কৰিব নালাগে।
  • ভূগৰ্ভস্থ পানী সংগ্ৰহঃ গভীৰ নাদৰ পৰা ভূগৰ্ভস্থ পানীৰ নমুনা ১৫-২০ মিনিট পাম্প কৰাৰ পাছত যি পানী ওলায় তাক সংগ্ৰহ কৰিব লাগে।

জলসিঞ্চন খেতি পথাৰত দিয়াৰ আগতে সদায় এটা কথা মনত ৰখা দৰকাৰ যাতে পানীৰ নমুনাটো পানীৰ উৎসৰ পৰা খেতি পথাৰ পোৱাৰ আগতে সংগ্ৰহ কৰা হয়। যিকোনো উৎসৰ পৰা বিশ্লেষণৰ বাবে লোৱা পানীৰ নমুনাৰ পৰিমাণ ১-২ লিটাৰ হয় আৰু ইয়াক গ্লাছৰ বা পিভিচি ব’টলত ল’ব লাগে। মন কৰিবলগীয়া কথা এয়ে যে এইদৰে সংগৃহীত পানীৰ নমুনা জৈৱিক ভাৱে পৰিবৰ্তিত হোৱাৰ পৰা ৰোধ কৰিবৰ বাবে সোনকালেই বিশ্লেষণ কৰিব লাগে।

তালিকা নং ১- জলসিঞ্চনৰ পানী থকা বিভিন্ন উপাদানৰ বিন্যাস

মুখ্য মৌল (১০-১০০০ মিঃগ্ৰাঃ/লিটাৰ)

গৌণ মৌল (০.০১-১০ মিঃগ্ৰাঃ/লিটাৰ)

ছডিয়াম

লো

কেলছিয়াম

ষ্ট্ৰেনচিয়াম

মেগনেচিয়াম

পটাছিয়াম

বাইকাৰ্বনেট

কাৰ্বনেট

ছালফেট

নাইট্ৰেট

ক্লৰাইড

ফ্লৰাইড

চিলিকা

ব’ৰণ

 

জলসিঞ্চনৰ পানীৰ গুণাগুণ নিৰূপনৰ মাপকাঠি

কোনো উৎসৰ পৰা সংগৃহীত পানী জলসিঞ্চনৰ বাবে উপযোগী হয় নে নহয়, তাক নিৰূপন কৰা হয় তাত থকা বিভিন্ন উপাদান যেনে- লো, ছডিয়াম, কেলছিয়াম আদি মৌল আৰু তাৰ কিছুমান বৈশিষ্টৰ ওপৰত। সাধাৰণতে ব্যৱহাৰ কৰা মাপকাঠি তালিকা নং ২ উল্লেখ কৰা হ’ল-

তালিকা নং জলসিঞ্চনত পানীৰ গুণাগুণৰ মাপকাঠী

ক্ৰমিক নং

পানীৰ বৈশিষ্টতা/উপাদান

জলসিঞ্চনৰ বাবে যোগ্যতা

বিদ্যুৎ পৰিবহন ক্ষমতা (ডেচিচাইমন)

০-৩

মুঠ দ্ৰৱীভূত পদাৰ্থ (মিঃগ্ৰাঃ/লিটাৰ)

০-২০০০

কেলছিয়াম (মিঃলিঃ সমতুল্য/লিটাৰ)

০-২০

মেগনেছিয়াম (মিঃলিঃ সমতুল্য/লিটাৰ)

০-৫

ছডিয়াম ((মিঃলিঃ সমতুল্য/লিটাৰ)

০-৪০

কাৰ্বনেট (মিঃলিঃ সমতুল্য/লিটাৰ)

০-১

বাই-কাৰ্বনেট (মিঃলিঃ সমতুল্য/লিটাৰ)

০-১০

ক্লৰাইড (মিঃলিঃ সমতুল্য/লিটাৰ)

০-৩০

ছালফেট (মিঃলিঃ সমতুল্য/লিটাৰ)

০-২০

১০

নাইট্ৰেট-নাইট্ৰজেন (মিঃলিঃ/লিটাৰ

০-১০

১১

এমনিয়াম-নাইট্ৰজেন (মিঃলিঃ/লিটাৰ

০-৫

১২

ফছফেট-ফচফৰাছ (মিঃলিঃ/লিটাৰ)

০-২

১৩

পটাছিয়াম (মিঃগ্ৰাঃ/লিটাৰ)

০-২

১৪

ব’ৰণ (মিঃগ্ৰাঃ/লিটাৰ)

০-২

১৫

পিএইছ্‌

৬-৪৫

১৬

ছডিয়াম ধাৰণাৰ অনুপাত

০-৯

১৭

ছডিয়ামৰ শতকৰা হাৰ

<৬০

১৮

অৱশিষ্ট ছডিয়াম কাৰ্বনেট

<১২৫

১৯

আধানৰ সমতা মাটি

<১০

 

তালিকা নং ৩-পানীৰ লুণীয়া গুণভিত্তিক শ্ৰেণী বিভাজন

শ্ৰেণী

বিদ্যুৎ পৰিবাহিতা

(ডেচিচাইমন/মিটাৰ)

মুঠ দ্ৰৱীভূত লোণৰ পৰিমাণ

(মিঃগ্ৰাঃ/লিঃ)

অ-লুণীয়া পানী

<০.৭

<৫০০

লুণীয়া পানী

০.৭-৪২

৫০০-৩০,০০০

কিছু পৰিমাণে লুণীয়া

০.৭-৩.০

৫০০-২০০০

মধ্যম লুণীয়া

৩০-৬০

২০০০-৪০০০

বেছি লুণীয়া

>৬.০

>৪,০০০

 

>১৪.০

>৯,০০০

অতিকৈ লুণীয়া (ব্ৰাইন)

>

>৩,০০০০

 

শুষ্ক অঞ্চলৰ খেতিয়ক সকলে জলসিঞ্চনৰ পানীত সততে সন্মুখীন হোৱা এটা সমস্যা হ’ল লুণীয়া পানী। এনেধৰণৰ অঞ্চলত বৰষুণতকৈ বাষ্পীভৱন বেছি মাত্ৰাত হোৱা বাবে সকলো ধৰণৰ লুণীয়া দ্ৰব্য মাটিত জমা হৈ থাকে আৰু ভূগৰ্ভস্থ পানী সম্পূৰ্ণভাৱে লুণীয়া হয়। এনে পানীভাগ নদ-নদী বা নলীনাদৰ পৰা আহৰণ কৰি যেতিয়া জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয় তাত বুজন পৰিমাণৰ ৰাসায়নিক দ্ৰব্য দ্ৰৱিভূত হৈ থাকে।

এনে লোণবোৰৰ মাজত কেলছিয়াম ছালফেট, ছডিয়াম ক্লৰাইড, ছডিয়াম বাই-কাৰ্বনেট আদিয়ে প্ৰধান। ইয়াৰোপৰি ব’ৰণ নামৰ মৌল বিধ জলসিঞ্চনৰ পানীত মিহলি হৈ থাকি ইয়াৰ মানদণ্ডৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। জলসিঞ্চনৰ পানীত থকা মুঠ কঠিন পদাৰ্থৰ গাঢ়তা ২০০-৪০০০ মিঃগ্ৰাঃ প্ৰতি লিটাৰ পানীত থকা দেখা যায়।

জলসিঞ্চনৰ পানীত থকা লো (আয়ৰণ)ৰ মাত্ৰা

লো অথবা আয়ৰণযুক্ত জলসিঞ্চনৰ পানী আন এটা লক্ষণীয় দিশ। মাটিৰ ধাতবীয় গুণৰ ওপৰত ভিত্তি কৰি সাধাৰণতে ভূগৰ্ভস্থ পানী আৰু মাটিত ইয়াৰ পৰিমাণ যথেষ্ট বেছি। ভূগৰ্ভস্থ পানীত দ্ৰৱীভূত হৈ থকা লোৰ মাত্ৰা ৫০ মিঃগ্ৰাঃ প্ৰতি লিটাৰ পানী পৰ্য্যন্ত পোৱা যায় আৰু ই বিজাৰিত অৱস্থাত থাকে। আম্লিক মাটিত ই কিছু পৰিমাণে অদ্ৰৱণীয় হিচাবে জাৰিত অৱস্থাত থাকে। এনেধৰণৰ আয়ৰণযুক্ত পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰোতে মাটিৰ ওপৰিভাগৰ বায়ুৰ লগত মিহলি হৈ কাৰ্বনডাইঅক্সাইড আৰু হাইড্ৰ্জেন ছালফাইড নিৰ্গত হয় আৰু মাটিৰ আম্লিক গুণ কমি আয়ৰণ হাইড্ৰঅক্সাইডৰ চামনি পৰে। জলসিঞ্চনৰ পানীত আয়ৰণৰ উপস্থিতিয়ে জলসিঞ্চন পদ্ধতিত বিশেষকৈ ড্ৰিপাৰ পদ্ধতিত কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

ভূগৰ্ভস্থ পানীত লোৰ উপস্থিতি নিৰূপনঃ

ভূগৰ্ভস্থ অগভীৰ বা গভীৰ নলীনাদৰ পানীত আয়ৰণৰ উপস্থিতি অতি সহজে নিৰূপন কৰিব পাৰি। তাৰ বাবে এনে পানীৰ এটি পৰিশোধিত নমুনা সংগ্ৰহ কৰি এটা পৰিস্কাৰ চিচাৰ গ্লাছত লৈ, ভালদৰে পানী ভাগ লৰাই এক ৰাতি থব লাগে। এনে কৰিলে যদি পানীখিনিৰ ৰং সলনি হৈ পাতল ইটা বৰণৰ হয় তেন্তে জলসিঞ্চনত এনে পানীৰ প্ৰয়োগে মাটিত আয়ৰণৰ প্ৰলেপ পৰি মাটিৰ ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়।

লোৰ আৱৰণীয় নুন্যতম কৰাৰ অনুমোদিত ব্যৱস্থাৱলী

  • জলসিঞ্চনৰ বাবে নিৰ্বাচন কৰি উলিওৱা ভূগৰ্ভস্থ পানীৰ উৎসৰ আয়ৰণৰ গাঢ়তা প্ৰথমে পৰীক্ষাগাৰত নিৰূপন কৰি ল’ব লাগে যাতে লোৰ গাঢ়তা এক নিৰ্দিষ্ট মাত্ৰাত থাকে (তালিকা নং ৪)। অতিপাত আয়ৰণযুক্ত পানী জলসিঞ্চনৰ উৎসৰ পৰা খেতি পথাৰত প্ৰয়োগ কৰাৰ আগেয়ে মাটিৰ উপৰিভাগৰে কিছু দূৰত্ব বোৱাই নিব লাগে। এনে কৰিলে বিজাৰিত আয়ৰণৰ বেছিভাগ অংশই জাৰিত আয়ৰণলৈ ৰূপান্তৰিত হৈ ইয়াৰ কুপ্ৰভাৱ যথেষ্টখিনি কমি যায়।
  • ভূগৰ্ভৰ তলৰ মাটি আৰু পানীভাগে অঞ্চলভেদে বেলেগ বেলেগ হয়। মাটিৰ উপৰিভাগত জমা হৈ থকা পানীৰ ৰঙচুৱা বা পানীৰ বাষ্পীভৱনৰ পাছত যদি মাটিত ৰঙচুৱা চামনি পৰে তেন্তে বুজিব লাগিব যে তেনে অঞ্চলৰ পানী বা মাটি ভাগ আয়ৰণ চহকী। এনে পানী জলসিঞ্চনৰ বাবে উপযোগী নহয়। নলী নাদৰ গভীৰতাৰ তাৰতম্য ঘটাই আয়ৰণযুক্ত পানী যাতে পাম্প কৰিব লগা নহয় পাৰ্য্যমানে তাৰ ব্যৱস্থা হাতত ল’ব লাগে। উপযুক্ত গভীৰতাত নাদ স্থাপন কৰিব পাৰিলে ভূগৰ্ভত পানীৰ বায়বীয় অৱস্থাত আয়ৰণৰ অৱশিষ্ট গঠন আৰু কুপ্ৰভাৱৰ মাত্ৰা বহুখিনি হ্ৰাস কৰিব পাৰি।

তালিকা নং ৪-লোৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ভূগৰ্ভী পানীৰ ব্যৱহাৰ

ব্যৱহাৰ

লোৰ পৰিমাণ (মিঃগ্ৰাঃ/লিটাৰ)

সচৰাচৰ সৌন্দৰ্য্যবৰ্দ্ধক হিচাপে

০.৩

জলাকৰ্ষণ (সতেজ আৰু সাগৰীয়)

<১০

পানীয় জল

০.৩

শস্যৰ জলসিঞ্চন

১০ (২০ বছৰৰ ভিতৰত ব্যৱহাৰ্য)

০.২ (দীৰ্ঘকালৰ বাবে)

 

মন্তব্য

জলসিঞ্চিত কৃষি ব্যৱস্থাত দেখা দিব পৰা সাম্ভাব্য সমস্যাসমূহত বিশেষকৈ ক্ষৰকীয়তা বা লুণীয়া হোৱাটো কেৱল পানীৰ গুণগুণৰ ওপৰতে নিৰ্ভৰ নকৰে। ইয়াৰ বাবে জলসিঞ্চনৰ পানীৰ মানদণ্ড এটা নিৰ্দ্ধাৰিত সীমাৰ মাজেৰে আৱদ্ধ নহয়। কৃষি ব্যৱস্থাত ব্যৱহৃত বিভিন্ন পদ্ধতিৰ লগতে মাটি, শস্যৰ প্ৰকাৰ আৰু জলবায়ু আদিৰ কাৰক সমূহৰ যৌথ প্ৰক্ৰিয়াইহে প্ৰকৃততে জলসিঞ্চনৰ পানীৰ মানদণ্ড নিৰূপন কৰে।

সেয়ে পানীৰ প্ৰকাৰ অনুযায়ী বিভিন্ন ব্যৱস্থা সমূহ ব্যৱহাৰ কৰিলে মাটি অবক্ষয় ৰোধ কৰি উৎপাদন ক্ষমতাৰ ধাৰাবাহিকতা বজাই ৰাখি জলসিঞ্চিত কৃষি ব্যৱস্থাৰো উপযুক্ত ফলাফল পাব পাৰি। এইক্ষেত্ৰত জলসিঞ্চন পানীৰ গুণাগুণ বা শ্ৰেণী বিভাজন ব্যৱহাৰৰ মাপকাঠি হিচাপে গ্ৰহণ কৰা উচিত।

উৎসঃ সৰ্বভাৰতীয় সমন্বিত জলব্যৱস্থাপনা গৱেষণা প্ৰকল্প, অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate