অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণ

বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণৰ বিষয়ে লিখা হৈছে

“বৰষুণ, অ’ বৰষুণ, নাযাবা দূৰলৈ;
ফুল ফুলাবলৈ তোমাক লাগে মে’ মাহলৈ৷
টিপ, টিপ, টপ, আৰু নৰবা;
আমাৰ পিনেও অলপ বৰষা ৷”
~নিনা বি, হাৰ্টফোৰ্ড

 

বুটলিছো বৰষুণৰ মুকুতা

 

পানী নি:সন্দেহে আমাৰ ঘৰত ব্যৱহাৰ হোৱা সৰ্ব্বোত্তম প্ৰাকৃতিক সম্পদ ৷ পানী অবিহনে, জীৱন অসহ্যকৰ হ’ব পাৰে ৷ কেতিয়াবা পানী কমি যোৱাটো অৱস্যম্ভাৱী; আৰু এনে ঘটনাৰ প্ৰতি আমি আগতীয়াকৈ প্ৰস্তুতহৈ নাথাকিলে, আমি কঠিন পৰিস্থিতিৰ মুখামুখী হ’ব লগাত পৰিব পাৰে ৷আওপুৰনি পানীযোগান পদ্ধতিবোৰৰ ভিতৰত বৰষুণৰ পানী ধৰাটো সৰ্ব্বোত্তম আৰু আটাইতকৈ সস্তা পন্থা ৷ অৱশ্যে বৰষুণৰ পানী ধৰি ৰাখিবলৈ, আমি বৰষুণৰ পানীধৰা এটা পদ্ধতি বহুৱাব লাগিব ৷

পানী আমাক লাগিবই ৷ কাৰণ, পানীয়েই জীৱন ৷ ই আকাশৰ পৰা সৰি পৰা এক সৌভাগ্য ৷ এই অনবদ্য প্ৰাকৃতিক সম্পদৰ বিষয়ে বেছিভাগ লোকে নাভাৱে, কিন্তু এই সম্পদ আমি বহু বছৰধৰি উপভোগ কৰি থাকিবৰ বাবে কিছু কামত অহা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷বৰষুণৰ পানী সংগ্ৰহ এটা পদ্ধতি; যাৰ দ্বাৰা বৰষুণ পৰাৰ পিছত পৃথিৱীখনৰ উপৰিভাগৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰা, ছেকা আৰু বিভিন্ন ধৰণৰ ব্যৱহাৰৰ বাবে জমা ৰখা কাম সম্পন্ন হয় ৷খৰাং বতৰত বা মৌচুমী বায়ুৰ খেলিমেলিৰ বাবে বৰষুণ মাজতে কমি গ’লে, সংৰক্ষিত বৰষুণৰ পানীয়ে পানীযোগান স্বাভাৱিক কৰে ৷

বৰষুণৰ পানী সংগ্ৰহ এটা নব্য কৌশল যাৰ দ্বাৰা ঘৰৰ ছাল বা ছাঁদ আৰু অন্য উপৰিভাগৰ পৰা বৰষুণৰ পানী ধৰা হয় আৰু পাছত ব্যৱহাৰৰ বাবে জমা ৰখা হয়৷এনেদৰে সংৰক্ষিত বৰষুণৰ পানী বাগিছা আৰু শস্যত পানীযোগান, গৰু-ম’হৰ পানীৰ ব্যৱস্থা, কাপোৰ-কানি ধোৱা, আৰু প্ৰসাধনগৃহ চাফা কৰা কামত ব্যৱহাৰ কৰা হয় ৷ কিন্তু এনে সংৰক্ষিত বৰষুণৰ পানী গা-ধোৱা ছাৱাৰ, স্নানগৃহৰ চিংক বা পাকঘৰৰ ব্যৱহাৰৰ বাবে উপযুক্ত নহয় ৷

ROOF TOP RAINWATER HARVESTING (RTRWH)



FIRST FLUSH RAIN SEPARATOR

স্বাভাৱিক অৱস্থাত, ঘৰৰ ছাল বা ছাঁদৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰা হয় আৰু পাছত ব্যৱহাৰৰ বাবে এটা বিশেষ পাত্ৰত জমা কৰা হয় ৷বৰষুণৰ পানী সংগ্ৰহ কৰা পদ্ধতিসমূহৰ নক্সা বা যোজনাবোৰ স্থাপন কৰিব লগা ঠাইখনৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে বৰষুণৰ গতি-গোত্ৰ, হঠাৎ হোৱা বৰষুণ, মাটিৰ তলভাগৰ স্তৰ বা তৰপবোৰ, আৰু ইহঁতৰ পানী ধৰি ৰাখিব পৰা বৈশিষ্ট্যৰাজি আদি ৷ বৰষুণৰ পানীসংগ্ৰহ কৰাটো গোটেই পৃথিবীতে জনপ্ৰিয়; যিবোৰ দেশ বৰ শুকান আৰু বৰষুণ প্ৰায়ে অনিয়মিত, তাত ই বেছিকৈয়ে জনপ্ৰিয় ৷

মহানগৰত অনবৰতে পোৱা পানীয়োগান ব্যৱস্থা থকা লোকসকলেও সাময়িক অনাটনত ব্যৱহাৰৰ বাবে বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰে ৷ আানহাতে, পানীযোগানৰ পৰ্য্যাপ্ত সুবিধা নথকা সৰু সৰু উপনগৰীয় অষ্ণল বা গাওঁ অষ্ণলত গঢ়ি উঠা নগৰবোৰত বৰষুণৰ পানীধৰাটো নিতান্তই আৱশ্যক ৷চহৰ-নগৰত আমি সততে পানীৰ বাবে ব্যৱহাৰ কৰা বহু কেন্দ্ৰিভূত ব্যৱস্থা বাদদি বৰষুণৰ পানী সংগ্ৰহ তথা সংৰক্ষণ কৰি ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াৰ ফলত অসংখ্য সুবিধা উপভোগ কৰিব পাৰো ৷ এনেদৰে আমি পানী সংৰক্ষণ কৰাৰ উপৰিও শক্তি সঞ্চিত কৰিব পাৰো ৷

বিভিন্ন কাৰণে মানুহে বৰষুণৰ পানী সংগ্ৰহ কৰিব লগা হৈছে ৷অনুমান কৰিব নোৱাৰা বতৰৰ গতি-গোত্ৰ, দিনকদিনে বাঢ়ি যোৱা আধাৰভিত্তিক খৰচ, গভীৰ নলীনাদবোৰৰ পৰা উলিওৱা পানীত ফ্লোৰাইড/ আৰ্চেনিক ওলোৱা আৰু কেতিয়াবা হঠাৎ পানীযোগান ব্যৱস্থা বিকল হোৱা আদি বিভিন্ন ধৰণৰ কাৰণে মানুহে এই পদক্ষেপ লব লগাত পৰিছে ৷সৰ্ব্বোপৰি, প্ৰয়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰে আজিকালি এক সেউজীয়া কৰ্মসূচী গ্ৰহণ কৰিছে যাতে বেছি কাৰ্য্যদক্ষ আৰু বহুলাংশে আত্মনিৰ্ভৰশীল হ’ব পাৰে ৷ আটাইতকৈ সহজে আৰু সোণকালে পানীৰ বাবে খৰচ কমোৱাৰ একমাত্ৰ উপায় হৈছে বৰষুণৰ পানীৰ ব্যৱহাৰ ৷গম পোৱা গৈছে যে যিবোৰ ঘৰে বৰষুণৰ পানী ধৰি ব্যৱহাৰ কৰিছে, তেওঁলোকৰ পানীৰ ওপৰত হোৱা খৰচ শতকৰা পঞ্চাশভাগ কমি গৈছে ৷তদুপৰি, ই পৰিবেশ ঠিকে ৰখাত প্ৰভূত সহায় কৰে ৷


বৰষুণৰ পানী সংগ্ৰহ কৰাৰ লাভালাভ :


১) উপৰুৱা পানীৰ উৎস সৃষ্টি- সাধাৰণ পানীযোগান পদ্ধতিবোৰত বহুতো অনিশ্চয়তা থাকে ৷ খৰাং বতৰ হ’লে পানী কমি যায় ৷ কোনো কোনো ঠাইত পানীযোগান প্ৰক্ৰিয়া বিকল হৈ পৰে ৷ অ’ত ত’ত ডাঙৰ মেৰামতি আৰু যন্ত্ৰপাতিৰ দেখ-ভাল কৰা চলি থাকে ৷ ফলস্বৰূপে, আমি ঘৰত পানী নাপাওঁ ৷ ঘৰত বৰষুণৰ পানী সংগ্ৰহৰ ব্যৱস্থা কৰা থাকিলে, যিকোনো এনে সমস্যা হ’লেও পানীযোগান অব্যাহত থাকিব ৷সংগৃহিত বৰষুণৰ পানী বিভিন্ন ধৰণৰ ঘৰুৱা কামত ব্যৱহাৰ হোৱাৰ উপৰিও ভূমিজল কমি যোৱাত বাধা প্ৰদান কৰে আৰু ভূমিজলৰ স্তৰ ওপৰলৈ উঠোৱাত সহায় কৰে ৷

২) পৰিৱেশ সম্পৰ্কীয় লাভ- পৰিৱেশৰ ওপৰত বৰষুণৰ পানীৰ প্ৰভাৱ যথেষ্ট ৷ঘৰখনৰ পানীৰ ব্যৱহাৰৰ শতকৰা ৩৫ভাগ প্ৰসাধনগৃহৰ চাফা কৰা আদি কামতে লাগে ৷ ঘাঁহনীত পানী দিয়া, কাপোৰ-কানি ধোৱা, গাড়ী চাফাই কৰা আদি কামতো ব্যৱহাৰ কৰা হয় ৷ একোখন ঠাইত থকা চাহ-ভাতৰ দোকানলৈ অহা-যোৱা কৰা বহুতো গ্ৰাহকক আলহী সুধিবলৈ যথেষ্ট পানীৰ দৰকাৰ হয় ৷ বৰষুণ পানী ধৰি ব্যৱহাৰ কৰিলে সহজেই এনে কামবোৰ কৰিব পাৰি ৷ বৰষুণৰ পানী ব্যৱহাৰ কৰিলে, বিজুলীৰ দ্বাৰা উৎপাদন কৰা পানীৰ ব্যৱহাৰ কমি যাব ৷ অত্যাধিক পানী তুলিবৰ বাবে, নদী আৰু হ্ৰদত কৃত্ৰিম পাম্প মেচিন লগাব লগা নহ’ব ৷নদ-নদী শুকাই যোৱাৰ সম্ভাৱনা কমি য়োৱাত সহায় কৰে ৷ আনহাতে সকলোৱে যদি বৰষুণৰ পানী সংগ্ৰহ কৰে, নলা-নৰ্দ্দমাবোৰত পানীৰ জোৰ কমিব আৰু বানপানীৰ কুপ্ৰভাৱ কমাত সহায়ক হ’ব ৷

৩) বৰ্ত্তাই ৰখা সহজ -বৰষুণৰ পানীৰে খোৱা, ৰন্ধা বা তেনে কোনো সংবেদী কাম কৰাত ব্যৱহাৰ কৰা নহয় কাৰণে ইয়াক দেখ-ভাল কৰা যথেষ্টপৰিমাণে সহজসাধ্য ৷ইয়াৰ বাবে সাধাৰণতে খুব দামী পৰিসোধন পদ্ধতি বহুওৱাৰ প্ৰয়োজন নাই ৷ বৰষুণৰ পানীধৰা পদ্ধতিবোৰ খৰচ অনুপাতে গুণদায়ী, উন্নতমানৰ পানী যোগানকাৰী, আৰু কুঁৱাৰ ওপৰত নিৰ্ভৰশীলতা কমায় ৷ ৰাহি হোৱা বৰষুণৰ পানীখিনি ভূমিজল নিজৰাক কৃত্ৰিম ৰিচাৰ্জ কৌশলৰে পুনৰ পানীযোগান কৰিব পাৰি ৷

৪) ঘৰ-দুৱাৰৰ চাৰিওকাষে মাটিখহা আৰু পানী জমাহোৱা ৰোধ কৰে – বৰষুণৰ পানী ধৰি ৰাখিব পৰা পদ্ধতি থকা বেছিভাগ পকাঘৰতে ছাঁদৰ ওপৰত যথেষ্ট পৰিমাণে পানী ধৰিব পৰাকৈ একোডখৰ বনাই লোৱা পানীধৰা অঞ্চল থাকে ৷এনেধৰণে বৰষুণৰ পানী ধৰিলে, মাটি খহি যোৱাটো বন্ধ হয় ৷হঠাৎ হোৱা ধুমুহা বৰষুণৰ পানীৰ প্ৰবাহৰ ফলত সৃষ্টি হোৱা নগৰীয়া বানপানীও ইয়াৰ দ্বাৰা ৰোধ কৰিব পাৰি ৷বৰষুণৰ পানী সংগ্ৰহ কৰাৰ পিছত দক্ষতাৰে সংৰক্ষণ কৰিব নোৱাৰিলে, বেছিকৈ মাটি খহিব পাৰে আৰু ঘৰৰ চাৰিওকাষে বানপানীও হ’ব পাৰে ৷

৫) কম আগতীয়া মূলধনৰ নিৱেশ- বৰষুণৰ পানী সংগ্ৰহ পদ্ধতি এটা বহুওৱাটো মুঠেই খৰচী নহয়, আৰু ইয়াক মাত্ৰ এবাৰহে বহুওৱা হয় ৷পানী জমা ৰখা পাত্ৰটো চাফা কৰাটোৱেই নিয়মিত কাম ৷ জনাশুনা এজন দক্ষ টেকনিশ্বিয়ানৰ দ্বাৰা পানী সংগ্ৰহ পদ্ধতিটো বহুৱাই ল’ব লাগে ৷স্থানানুসৰি কোনবিধ পদ্ধতি আটাইতকৈ ভাল হব টেকনিশ্বিয়ানজনে দিহা দিব পাৰে আৰু কিনাৰ সময়তো আহিলাবোৰৰ মানদণ্ড চাই দিব পাৰে ৷এনেদৰে পানী সংক্ৰান্তীয় দিবলগা ধনৰ পৰিমাণ মাহে শতকৰা ৫০-৬০ ভাগ কমি গ’লে বিশ্বাস কৰাই টান হয় ৷ প্ৰতিমাহে হাতত অতিৰিক্ত পইচা গোট খাব ৷

ৰাইজৰ সুবিধাৰ্থে, ইয়াৰ লগত কিছুমান চিত্ৰ দিয়া হৈছে ৷ এইবোৰে বৰষুণ সংগ্ৰহ পদ্ধতি একোটা কেনেকৈ কৰিব লাগে তাৰ এক প্ৰাৰম্ভিক আভাষ দিয়াত সহায় কৰিব ৷আহক, আকাশৰ পৰা সৰি পৰা বৰষুণৰ মুকুতা বোটলো ৷


 

উৎস-কৃষক বন্ধু,লেখক- মাণিক চন্দ্ৰ শৰ্মা বৰদলৈ,
অৱসৰপ্ৰাপ্ত উপ কৃষি সঞ্চালক, কৃষি বিভাগ, অসম

3.12
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top