অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৌপাশৰ বিজ্ঞান:পাকঘৰত–খণ্ড ২

চৌপাশৰ বিজ্ঞান:পাকঘৰত–খণ্ড ২

‘লেইডেন্‌ফ্ৰষ্ট এফেক্ট’

জুইৰ ওপৰত এখন তাৱা তুলি দিলো। গৰম হ’বলৈ দি চামুচেৰে অকণমান পানী তাৱাখনৰ ওপৰত ছটিয়াই দিলো। কি হ’ব অনুমান এটা আমাৰ আছেই। একেবাৰে প্ৰথমতে, মানে যেতিয়া তাৱাখন ভালকৈ গৰম হোৱা নাই, তেতিয়া পানীখিনি লাহে লাহে চৰিওফালে বিয়পি পৰিব আৰু তাৱাখন সেমেকাই দিব। আৰু গৰম হ’বলৈ দি পানী ছটিয়ালে চেন্‌কৈ পানীখিনি ভাপ হৈ উৰি যাব। তাৱাখন কিমান গৰম হ’লে পানীখিনি প্ৰায় লগে লগেই ভাপ হৈ উৰি যাবগৈ, সেয়া আমি যোৱা সংখ্যাৰ আলোচনাৰপৰা জানোৱেই। ১০০ডিগ্ৰী ছেণ্টিগ্ৰেড পানীৰ উতলাংক। সেয়ে তাৱাখনৰ উষ্ণতা যদি ১০০ ডিগ্ৰীতকৈ বেছি হয়, তেন্তে ওপৰত ছটিয়াই দিয়া পানীখিনি তৎক্ষণাৎ ভাপ হৈ উৰি যায়। উৰি যাওঁতে চেন্‌কৈ শব্দটো উঠাৰ কাৰণ হ’ল, পানীৰ মাজত সোমাই থকা বায়ু তাপ পাই ক্ৰমে আকাৰত বাঢ়িবলৈ ধৰে, আৰু এটা সময়ত বায়ুৰ ক্ষুদ্ৰ গোলককেইটা তাপৰ বাবে আৰু ডাঙৰ হৈ ফুটি যায়। ফুটি যাওঁতে চেন্‌কৈ শব্দ এটা উঠে।

কিন্তু তাৱাখন যদি গৰম কৰি গৈয়েই থাকোঁ, আৰু মাজে মাজে ওপৰত পানী ছটিয়াই চাই থাকোঁ, তেতিয়া পিছে পাছলৈ পানী দিয়াৰ লগে লগেই চেন্‌কৈ নোহোৱা হৈ নাযায়। বৰং এটা আমোদজনক পৰিঘটনা লক্ষ্য কৰা যায়। এটা নিৰ্দিষ্ট উষ্ণতাৰ পাছত তাৱাখনত পানী ছটিয়াই দিলে, পানীখিনি চেন্‌কৈ নোহোৱা হৈ যোৱাৰ সলনি সৰু গোলক এটা হৈ তাৱাখনৰ দ-ফালটোলৈ মুক্তা এটা নামি যোৱাৰদৰে নামি যায়। (কচুপাতত পানী পেলালে যেনেদৰে সৰু সৰু টোপাল হৈ দ-ফালটোলৈ নামি আহে, ঠিক তেনেকুৱাই দেখা যায়।) নামি গৈ থাকোঁতেই লাহে লাহে গোলকটো সৰু হৈ নোহোৱা হৈ যায়। এনেকৈ পানী নোহোৱা হওঁতে পিছে চেন্‌কৈ শব্দটো নুঠে আৰু পানীখিনিও ভাপ হৈ উৰি যাবলৈ যথেষ্ট সময় লয়। পানীৰ উতলাংক যিহেতু ১০০ডিগ্ৰী আৰু তাৱাখন এশ ডিগ্ৰীতকৈ বহুত বেছি গৰম হৈ আছে, তেনে ক্ষেত্ৰত পানীখিনি অতি সোনকালে ভাপ হৈ উৰি যোৱাৰ সলনি পানীৰ একোটা গোলক হৈ ঘূৰি ফুৰাটো দেখিবলৈ যিদৰে আমোদজনক, তেনেদৰে বৈজ্ঞানিক দিশৰপৰাও আমোদজনক কাৰবাৰ।

আচলতে তাৱাখন যেতিয়া বহু বেছি গৰম হয়, তেতিয়া পানীৰ টোপাল এটা তাত পৰাৰ লগে লগেই ভাপ হৈ উৰি যাবলৈ বিচাৰে। কিন্তু অত্যন্ত গৰম হৈ থাকে বাবে পানীৰ টোপালটোৰ তলফালে (মানে য’ত পানীৰ টোপালটো গৰম তাৱাখনৰ সংস্পৰ্শলৈ আহে) থকা পানীখিনি গৰম হৈ লগে লগেই ভাপ হৈ যায়। কিন্তু ভাপখিনিয়ে পানীৰ টোপালটো তাৱাখনৰ সংস্পৰ্শলৈ আহিবলৈ নিদি ওপৰত ডাঙি ৰখাৰ দৰে হয়। অৰ্থাৎ পানীৰ টোপালটো আৰু তাৱাখনৰ মাজত অকণমান অকল বায়ুপুৰ্ণ জেগাৰ সৃষ্টি হয়। বায়ু আকৌ তাপৰ ভাল পৰিবাহী নহয়। সেয়ে, পানীৰ টোপালটোৰ তলৰ অংশ উতলাংক পোৱা অৱস্থালৈ গৰম হ’বলৈ নাপায়। সেয়ে, পানীখিনি একোটা মুক্তাৰ দৰে হৈ পৰে, আৰু তাৱাখনত লাগিবই নাপায় বাবে তাৱাখন সেমেকিও নুঠে, বা পানীৰ টোপালটোও তৎক্ষণাৎ নোহোৱা হৈ নাযায়। এই পৰিঘটনাকে লেইডেন্‌ফ্ৰষ্ট এফেক্ট বুলি জনা যায়।

লেইডেন্‌ফ্ৰষ্ট এফেক্ট অৱস্থা পোৱাৰ পাছতো যদি তাৱাখন আৰু গৰম কৰি গৈ থাকোঁ, তেন্তে আন এটা আমোদজনক ঘটনা লক্ষ্য কৰা যায়। তাৱাখনত পানীৰ টোপালবোৰ অতি কম সময়ৰ বাবেহে থাকিব। ভাপ হৈ তৎক্ষণাৎ উৰি যাব যদিও এইবাৰ কিন্তু আগৰ দৰে চেন্‌কৈ শব্দটো নুঠে। কাৰণ পানীৰ টোপালকেইটা লেইডেন্‌ফ্ৰষ্ট এফেক্টৰ বাবে তাৱাখনৰ ওপৰত খন্তেক সময়ৰ বাবে ভাঁহি উঠিব যদিও তাৱাখন অত্যন্ত গৰম হৈ থকাৰ বাবে মাজত থকা বায়ুৰ মাজেৰেই উতলাংকতকৈ বেছি উষ্ণতাৰ সৃষ্টি হ’ব, আৰু টোপালটো ভাপ হৈ উৰি যাবগৈ।

যিটো উষ্ণতাৰ ওপৰত লেইডেন্‌ফ্ৰষ্ট প্ৰভাৱ দেখা যায়, তাক লেইডেন্‌ফ্ৰষ্ট উষ্ণতা (Leidenfrost point)  বুলি জনা যায়। গৰম কিহবাৰ সংস্পৰ্শলৈ আহিলে পানীৰ টোপাল মুক্তাৰ দৰে হৈ পৰা এই পৰিঘটনা প্ৰথমে বাখ্যা কৰিছিল জ’হান গট্‌লব লেইডেন্‌ফ্ৰষ্টে ১৭৫৬ চনত। তেখেতৰ নামেৰেই এই পৰিঘটনাৰ নামকৰণ কৰা হৈছে।

ঠিক কিমান উষ্ণতাত লেইডেন্‌ফ্ৰষ্ট পৰিঘটনা দেখা যাব, সেয়া নিৰ্ণয় কৰাটো সহজ নহয়। কাৰণ, লেইডেন্‌ফ্ৰষ্ট উষ্ণতা বহুতো কাৰক, যেনে পানীৰ টোপালটোৰ আকাৰ, গৰম তলিখনৰ ধৰ্ম, তলিখন মিহি নে খহটা, পানীত থকা অশুদ্ধি, বায়ুমণ্ডলীয় চাপ আদিৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে, লেইডেন্‌ফ্ৰষ্ট উষ্ণতা ঠিক কিমান সেয়া নিৰ্ণয় কৰাটো বৰ জটিল গণনাৰ কাম। যি নহওক, সাধাৰণভাৱে ঘৰত ব্যৱহাৰ কৰা তাৱাৰ ওপৰত ১৯৩ ডিগ্ৰী উষ্ণতাৰ ওপৰত লেইডেন্‌ফ্ৰষ্ট পৰিঘটনা লক্ষ্য কৰা যায় বুলি কোৱা হয়।

লেইডেন্‌ফ্ৰষ্ট এফেক্ট অকল বৈজ্ঞানিক পৰিঘটনা বুলি ধৰি থ’লে ভুল হ’ব। পাকঘৰৰ কামত ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। যেনে, দক্ষিণ ভাৰতীয় জলাপন দোছা ভাজিবলৈ তাৱাখনৰ উষ্ণতা লেইডেন্‌ফ্ৰষ্ট উষ্ণতাতকৈ বেছি হোৱাটো প্ৰয়োজনীয়। সেই উষ্ণতা নাপাওঁতেই দোছাৰ মণ্ডখিনি তাৱাখনত দিলে দোছাখন উঠোৱাটো মস্কিল হৈ পৰে। সেইকাৰণেই দোছা ভজাৰ সময়ত দোছাৰ মণ্ডখিনি দিয়াৰ আগতে ৰান্ধনীয়ে তাৱাখনত পানী মাৰি চাই থাকে। আচলতে কথাটো হয় এনেকুৱা—দোছা মণ্ডটো লেইডেন্‌ফ্ৰষ্ট উষ্ণতা পোৱাৰ পাছতহে তাৱাখনত তুলি দিলে, লেইডেন্‌ফ্ৰষ্ট পৰিঘটনাৰ বাবে দোচাখনৰ তল ফালটোৱে তাৱাখন সেমেকাই লাগি ধৰাৰ আগতেই গোটা হৈ পৰে। সেয়ে, সুন্দৰকৈ উঠি আহে। ভালদৰে গৰম নহওঁতেই দোছাৰ মণ্ডখিনি দিলে, সেয়া তাৱাখনত লাগি ধৰে, আৰু উঠাওঁতে ভাঙি যায়।

দক্ষিণ ভাৰতীয় দোছা বুলিলেই নহয়, আমাৰ খোলাচপৰীয়া পিঠা ভাজোঁতেও একেটা পৰিঘটনাৰে সহায় লোৱা হয়। খোলাচপৰীয়া পিঠাখনৰ ওপৰত যে গাঁত গাঁত থাকে, সিও পানীৰ উতলাংকৰে প্ৰভাৱ। পিঠাগুৰিৰ মণ্ডৰ মাজত যিখিনি বায়ু সোমাই থাকে, সেইখিনি তাপ পাই আকাৰ বাঢ়িবলৈ ধৰে, আৰু এটা সময়ত তাপ্‌কৈ ফুটি যায়। কিন্তু সেইকণ সময়তে কাষৰ অংশখিনি গৰম হৈ কঠিন হৈ পৰে বাবে গাঁতকেইটা ভৰিবলৈ সময়েই নাপায়। অৱশ্যে যদি খোলাচপৰীয়া পিঠাৰ মণ্ড বৰ ঘন হয়, বা তাৱাত দিওঁতে ডাঠকৈ দিয়া যায়, তেন্তে উষ্ণতা বাঢ়িবলৈ সময় লাগে, আৰু বায়ুৰ বুদ-বুদকেইটা ফুটি যোৱাৰ পাছতো পনীয়া হৈ থকা মণ্ডখিনি আহি গাঁতকেইটা ভৰাই দিয়ে।

লেইডেন্‌ফ্ৰষ্ট পৰিঘটনা অকল পিঠা ভজাৰ কামতে প্ৰয়োজন বুলি ভবাৰ পিছে কোনো কাৰণ নাই। এই পৰিঘটনাৰ দ্বাৰা কিছুমান বৰ জটিল কামো কৰা হয়। ষ্টীম ইঞ্জিনৰ বয়লাৰত থকা পানী গৰম কৰোঁতে লেইডেন্‌ফ্ৰষ্ট উষ্ণতাতকৈ ওপৰৰ উষ্ণতা সৃষ্টি কৰাত জোৰ দিয়া হয়। কাৰণ লেইডেন্‌ফ্ৰষ্ট উষ্ণতাৰ ওপৰত পানীখিনিৰ চাৰিওফালে এক বায়ৱীয় আৱৰণ গঢ়ি উঠে বাবে পানীখিনি পট্‌কৈ গৰম হৈ উৰি নাযায়, সেয়ে বয়লাৰৰ কাৰ্যক্ষমতা বেছি হয়।

লেইডেন্‌ফ্ৰষ্ট প্ৰভাৱৰ বাবে গঢ় লৈ উঠা পানীৰ গোলকৰ আৰু এটা ধৰ্ম হ’ল যে এই গোলকটোৰ পানীত অইন কিবা অণু থাকিলে সেইবোৰ সহজে ওলাই নাযায়; কাৰণ বায়ৱীয় আৱৰণে পানীখিনিক বান্ধি ৰখাৰ দৰে ৰাখে আৰু লাহে লাহে পানী ভাপ হৈ গৈ থাকে, আৰু গোলকটো ক্ৰমে সৰু হৈ আহে। পানীৰ মাজত আন কিহবাৰ অণুখিনি পানীৰ গোলকটো সৰু হৈ যোৱাৰ সময়ত কম ঠাইতে আৱদ্ধ হৈ থাকিবলগীয়া হয় বাবে তাৰ অণুৰ গাঢ়তা বেছি হয়। এনে গাঢ় অণুৰ পানীৰ গোলকৰ মাজত বৰ্ণালীবীক্ষণ পদ্ধতি (spectroscopy) প্ৰয়োগ কৰি মিহলি হৈ থকা অণু চিনি উলিওৱাত সহজ হয়।

পিঠা ভজাৰ কামটোৰ মাজতো যে এনে দাঁতভঙা নামৰ পৰিঘটনাটো সোমাই আছিল জানিছিলোঁনে! লেইডেন্‌ফ্ৰষ্ট পৰিঘটনাৰে পানীৰ টোপাল এটা তলৰপৰা ওপৰলৈ বোৱাই নিব পাৰি। বিশেষ ধৰণে নিৰ্মিত সজাৰ ভিতৰত পানীৰ টোপাল এটাক কেনেদৰে এঠাইৰপৰা আন ঠাইলৈ নিয়া হৈছে, সেয়া সংলগ্ন ভিডিঅ’ত দেখুওৱা হৈছে। একেটা পৰিঘটনা ব্যৱহাৰ কৰি হেনো আগলৈ পৰিবহনৰ নতুন ব্যৱস্থাৰ প্ৰনয়ণ কৰা হ’ব পাৰে।

এতিয়া ঘৰত এটা কাম কৰিব পাৰে। সৰুসকলে ডাঙৰৰ সহায় ল’বাই ল’বা। জুইৰ ওপৰত তাৱাখন তুলি দি, ওপৰত এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ধৰি লওক দহ চেকেণ্ডৰ মূৰে মূৰে পানী ছটিয়াই গৈ থাকক। কিমান সময় পাছত পানীখিনি চেন্‌কৈ উৰি যায়, কিমান সময়ত পানীখিনি কচুপাতৰ পানীৰ দৰে তাৱাখনত ঘূৰিবলৈ লয়, বা কিমান সময় পাছত লেইডেন্‌ফ্ৰষ্ট পৰিঘটনা লক্ষ্য কৰা নাযায়, আদিবোৰ লক্ষ্য কৰক। আন একো নহ’লেও পাছৰবাৰ পিঠা ভাজিবলৈ, বা দোছা ভাজিবলৈ সহজ হ’ব।

অ’ ঘৰত কৰিবলৈ আৰু এটা কাম দি থওঁ। লেখাটোত আমি বাৰে বাৰে কচুপাতৰ পানীৰ উল্লেখ কৰিছোঁ। কচুপাতৰ ওপৰত যে পানী মুক্তাৰ দৰে হৈ বৈ যায়, সেইটো মুঠেও লেইডেন্‌ফ্ৰষ্ট এফেক্ট নহয়। কিন্তু, লেইডেন্‌ফ্ৰষ্ট এফেক্টত পানীৰ টোপালৰ চাৰিওফালে বায়ুৰ আৱৰণ এটা গঢ়ি উঠাৰ দৰে তাতো পানীৰ টোপালটোৰ চাৰিওফালে এক আৱৰণ গঢ়ি উঠে, যাৰ কাৰণে পানীখিনি টোপাল হৈয়েই ৰৈ যায়, বিয়পি নাযায়। এতিয়া কামটো হৈছে, কচুপাতৰ ওপৰতনো পানীৰ সেই অৱস্থাটো কিয় হয়, সেইটো বিচাৰ-খোচাৰ কৰি উত্তৰ দিয়াটো। লগতে, পানীত বাৰু হয় বুলি আমি দেখিছো, পিছে কেৰাচিন তেল দিলে, বা স্পিৰিট দিলে, বা মিঠাতেল দিলেও হয় নে সেইটোও পৰীক্ষা কৰি চাওক।

ভিডিঅ’ লিংকঃ https://www.youtube.com/watch?v=vPZ7sx3EwUY

লেখক: ডাঃ উদ্দীপ তালুকদাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate