অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কণী সংৰক্ষন কৰাৰ সস্তীয়া প্ৰযুক্তি

কণী সংৰক্ষন কৰাৰ সস্তীয়া প্ৰযুক্তি

নিমখ প্ৰয়োগেৰে কণী সংৰক্ষন কৰাৰ এই সৰল প্ৰযুক্তিটো কম খৰচী আৰু প্ৰয়োজন হোৱা সামগ্ৰীবোৰ সস্তা আৰু সহজতে পোৱা যায়।

প্ৰয়োজনীয় সামগ্ৰীসমূহ

ইটা, হাতুৰী, চেকনী, খোৱা নিমখ, কেৰাহী আৰু পানী।

low_cost_egg-preservation_technology.jpg
প্ৰক্ৰিয়া
  • ইটাখিনি খুন্দনাৰে খুন্দি গুড়ি কৰি চেকি লওঁক. খোৱা নিমখো একেদৰে গুড়ি কৰিলৈ ইটাৰ গুড়ি আৰু নিমখৰ গুড়ি 2:1 অনুপাতত মিহলাই লওঁক. ইয়াৰ পিচত ইয়াৰ লগত পানী মিহলাই লৈ মিশ্ৰণটো হাতেৰে পিহি মূদ্ৰাৰ নিচিনা বনাই লওঁক.
  • দ্বিতীয় পৰ্য্যায়টো হল কণী বিলাক সংৰক্ষণ কৰাৰ উপযোগী হয় নে নহয় নে ইতিমধ্যে সংপিক্ত (Fertilized) হৈ গৈছে তাক পৰীক্ষা কৰা. পৰীক্ষাটো নিচেই উজু আপুনি কেৱল কণী বিলাক পানী ভৰ্ত্তি চৰিয়াত ৰাখিব লাগে. উপঙি থকা কণী বিলাক সংৰক্ষণৰ বাবে অনুপযোগী আৰু ডুব যোৱা কণী বিলাক সংৰক্ষণৰ বাবে উপযোগী. এতিয়া বাচনি কৰি লোৱা এই কণী বিলাক কেৰাহীত লৈ এইবোৰ নিমখ-ইটাৰ মূদ্ৰাৰে ঢাকি থওক।
  • ইটাৰ মূদ্ৰাত সঘনে পানী চটিয়াই দি ইয়াৰ জেঁকা অৱস্থা বজাই ৰাখি এই কেৰাহীটো দহদিন ছাঁত ৰাখক. এনেকৈ কণীৰ মাজত নিমখ সুমাই গৈ এইবোৰ সংৰক্ষন কৰে. দহদিন পিছত কণী বিলাক ধুই মজুত কৰি ৰাখক।

উপকাৰিতা

নিমখ সুমুৱা কণী বিলাক খাবলৈ সোৱাদ আৰু এইবোৰ দেৰ মাহলৈকে সংৰক্ষন কৰি ৰাখিব পাৰি।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate