অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শক্তিৰহিত শীতলীকৰন কক্ষ

শক্তিৰহিত শীতলীকৰন কক্ষ হ'ল উদ্যান শস্য মজুত কৰিবলৈ কৰা বিকল্প ব্যৱস্থা। এইটো সতেজ ফল-মূল, শাক-পাচলি আৰু ফুল বিলাকৰ বজাৰকৰনৰ সময়কাল বৃদ্ধি কৰিবলৈ পামত মজুত কৰাৰ ব্যৱস্থা। অত্যধিক জলীয়বাষ্প থকা বাবে ফল-মূল আৰু শাক-পাচলিৰ স্ব-জীৱনকাল অতিশয় কম থাকে আৰু সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। তাৰোপৰি এইবিলাক জীৱন্ত বস্তু আৰু চপোৱাৰ পিছতো ইহঁতে বাষ্পমোচন, শ্বাস-প্ৰশ্বাস আৰু পকা কাৰ্য্য সমাপন কৰে। মজুতকৰাৰ উঞ্চতা হ্ৰাস কৰি ফল-মূল আৰু শাক-পচলিৰ মজুত অবস্থাত হব পৰা লোকচান নিয়ন্ত্ৰন কৰিব পাৰি।

ইটা, বালি, বাহ, খেৰ, বস্তা আদিৰ সহায়ত অতি সহজতে শক্তি ৰহিত শীতলীকৰন কক্ষ প্ৰস্তুত কৰিব পাৰি। শীতলীকৰন কক্ষটোৱে বাহিৰৰ উঞ্চতাতকৈ ১০-১৫O চে.গ্ৰেড কম উঞ্চতা আৰু ৯০% আপেক্ষিক আৰ্দ্ৰতা বজাই ৰাখিব পাৰে। শুকান বতৰত ই অতিশয় কাৰ্য্যকৰী।

নিৰ্মান

  • ওচৰতে পানীৰ উত্স থকা বাম মাটি বাচি লওক।
  • ইটাৰে ১৬৫ চে.মি x ১১৫ চে.মি মজিয়া সাজি লওক।
  • মাজত ৭.৫ চে.মি.গহ্বৰ এৰি ৬৭.৫ চে.মি ওখলৈ দুই তৰপীয়া বেৰ ওঠাওক।
  • কক্ষটো পানীৰে তিয়াওক।
  • নদীৰ পৰা অনা বালি পানীৰে তিয়াই লওঁক।
  • দুই তৰপীয়া বেৰৰ মাজত থকা ৭.৫ চে.মি. গহ্বৰটো তিতা বালিৰে পূৰ্ণ কৰি লঁওক।
  • বাহ আৰু খেৰ বা শুকান ঘাঁহেৰে ঠাই ডোখৰ (১৬৫ চে.মি. x ১১৫ চে.মি.) আৱৰি ছানি দিয়ক।
  • প্ৰত্যক্ষ ৰদ-বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ কক্ষটোৰ ওপৰত এটা বাৰান্দা দিয়ক।

কাৰ্য্যপ্ৰণালী

  • বালি, ইটা আৰু কক্ষটোৰ ওপৰৰ ছানিটো পানীৰে তিয়াই ৰাখক।
  • প্ৰয়োজনীয় উঞ্চতা আৰু আপেক্ষিক আৰ্দ্ৰতা বজাই ৰাখিবলৈ দিনত দুবাৰকৈ পানীৰে তিয়াই ৰাখক বা ওপৰত ৰখা পানীৰ টেঙ্কিৰ পৰা প্লাষ্টিক পাইপ আৰু মাইক্ৰ’ টিউব সংযোগ কৰি ড্ৰিপৰ ব্যৱস্থা কৰক।
  • এইটো কক্ষত বিন্দাযুক্ত প্লাষ্টিক ক্ৰেটত ফল-মূল আৰু শাক-পাচলি সংৰক্ষন কৰক।
  • এই ক্ৰেটবিলাক পাতল পলিথিলিন শ্বীটৰ দ্বাৰা আবৃত্ব কৰি ৰাখক।
  • এই শীতলীকৰন কক্ষটো তিনি বছৰৰ মূৰে-মূৰে পুৰনি ইটাবিলাক নতুন ইটাৰে সলাই পুনঃসজাব লাগে, পুৰনি ইটাবিলাক বেলেগ কামত লগাব পাৰি।

সাৱধানতা

  • কক্ষটো বতাহ বলা ঠাইত সজাবলৈ যত্ন কৰক।
  • পানী জমা হব নোৱাৰা ওখ ঠাইত প্ৰস্তুত কৰক।
  • ভালমানৰ পৰিষ্কাৰ, নভঙা ইটা ব্যৱহাৰ কৰক।
  • বালি খিনি পৰষ্কাৰ হব লাগে আৰু ইয়াত কোনো জৈৱিক পদাৰ্থ বা বোকা থাকিব নালাগে।
  • ইটা আৰু বালি পানীৰে সংপৃক্ত কৰি ৰাখক।
  • চালটো এনেভাবে সজাব লাগে যাতে সূৰ্য্যৰ তাপ প্ৰত্যক্ষভাবে নপৰে।
  • কেৱল প্লাষ্টিক ক্ৰেটহে ব্যৱহাৰ কৰিব; বাহৰ পাঁচি, কাঠৰ/ফাইবাৰ ব’ৰ্ড/বাকচ, বস্তা আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।
  • মজুত কৰি ৰখা বস্তু বিলাকত যাতে ৰ’দ নপৰে তালৈ সাৱধান হব।
  • কক্ষটো পৰিষ্কাৰ কৰি ৰাখক আৰু অনুমোদন কৰা কীটনাশক দৰৱ /ভেকুৰনাশী দৰৱ /ৰাসায়নিক আদি প্ৰয়োগ কৰি ভেকুৰ, পোক-পৰুৱা কীট-পতঙ্গ আদিৰ পৰা বচাওক।

cool_1.jpg

প্ৰায়োগিক ক্ষেত্ৰ

  • অলপ দিনৰ বাবে সতেজ শাক-পাচলি, ফল-মূল আৰু ফুল মজুত কৰিবলৈ।
  • হোৱাইট বটন মাশ্বৰূম উত্পাদন কৰিবলৈ।
  • বিলাহী আৰু কল পকাবলৈ।
  • গছৰ বংশ বৃদ্ধি কৰিবলৈ।
  • প্ৰনালীকৃত ফল-মূল মজুত কৰিবলৈ।

উপকাৰিতা

  • সতেজ ফল-মূল,শাক-পাচলি আৰু ফুল অতিশয় কম দামত বিক্ৰী কৰিবৰ পৰা সাত সাৰিব পাৰি।
  • সাধাৰন শাক-পাচলিতকৈ সতেজ শাক-পাচলিৰ ভাল বজাৰ মূল্য পোৱা যায়।
  • পুষ্টি মূল্য ধৰি ৰাখিব পাৰি।
  • প্ৰদূষন ৰহিত পৰিবেশ বন্ধুভাৱাপন্ন ব্যৱস্থা।
  • উৎপাদন ক্ষমতা: কক্ষ প্ৰতি ১০০ কুইন্টেল ৬-৭ টনলৈকে ক্ষমতা বঢ়াব পাৰি।

প্ৰয়োজন হোৱা সামগ্ৰী

  • ঘৰ: খোলা ঘৰ (বায়ু চলা-চলৰ ব্যৱস্থা সম্পন্ন)
  • মাটি: ১০০ বৰ্গ মিটাৰ
  • পানী: ২৫-৫০ লিটাৰ প্ৰতিদিন (অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি)
  • প্ৰয়োজনীয় কৰ্মী: মুঠ ২, এজন কাৰিকৰীবিদ, এজন অপৈনত কৰ্মী

প্ৰয়োজনীয় খৰচ

আঁচনিটোৰ খৰচ: প্ৰতিগোটৰ বাবে প্ৰায় ৩০০০ টকা

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate