অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰষুণৰ পানী সংৰক্ষণ

বৰষুণৰ পানী সংৰক্ষণ

  1. বৰষুণৰ পানী সংৰক্ষণ কি ?
  2. বৰষুণৰ পানী কিয় সংৰক্ষণ কৰা হয়?
    1. বৰষুণৰ পানী সংৰক্ষণৰ লাভালাভ
    2. আৰডব্লিউএইচ ক’ত উপযুক্ত
    3. বৰষুণৰ পানীৰ ব্যৱহাৰ
  3. বৰষুণ কেনেকৈ সংৰক্ষণ কৰিব?
    1. বৰষুণৰ পানী সংৰক্ষণ পদ্ধতিত থকা ছয়টা উপাদান:
    2. পিচপৰা অঞ্চলত বৰষুণৰ পানী সংৰক্ষণ
    3. ঘৰৰ চালৰ পানী সংৰক্ষণৰ গ্ৰাম্য বিদ্যালয়
    4. আৰ ডব্লিউএইচ পদ্ধতিৰ গঠন
  4. বৰষুণৰ পানী সংগ্ৰহৰ বাবে মাটিৰ তলত কিয় চৌব্বাচ্চা গঠন কৰা হয়?
    1. চৌব্বাচ্চাৰ স্থান
    2. গঠনৰ সামগ্ৰী
    3. চৌব্বাচ্চাৰ আঁকাৰ
  5. মাটিৰ তলৰ পানীৰ উৎসৰ কাৰণসমূহ
  6. মাটিৰ তলৰ পানীলৈ সহায় আগবঢ়োৱা বৰষুণৰ পানী সংৰক্ষণ পদ্ধতিৰ কৌশল
    1. মাটিৰ তলৰ পানীভাগ পুনঃসক্ৰিয়কৰণৰ পদ্ধতি আৰু কাৰীকৰী কৌশল
    2. গ্ৰাম্য অঞ্চলত মাটিৰ তলৰ পানীভাগ পুনঃসক্ৰিয়কৰণৰ
    3. নগৰীয়া অঞ্চলত মাটিৰ তলৰ পানীৰ পুনঃসক্ৰিয়কৰণ

বৰষুণৰ পানী সংৰক্ষণ কি ?

বৰষুণৰ পানী সংগ্ৰহ কৰি তাক ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰা পদ্ধতিটোৱেই বৰষুণৰ পানী সংৰক্ষণ৷ ই আপোনাৰ ঘৰৰ চালৰ ওপৰত পৰা প্ৰাকৃতিক কোমল আৰু বিশুদ্ধ বৰষুণৰ পানীৰ সহজ সংগ্ৰহ, সংৰক্ষণ আৰু ইয়াৰ নিকাকৰণ পদ্ধতি৷

বৰষুণৰ পানী কিয় সংৰক্ষণ কৰা হয়?

আজিৰ দিনত, উন্নত মানৰ পানী পোৱাটো এটা মূল আলোচ্য বিষয় হৈ পৰিছে৷ অৱশ্যে, বিশুদ্ধ আৰু উন্নত মানৰ বৰষুণৰ পানী উটি গৈ নষ্ট হৈ আছে।

বৰষুণৰ পানী সংৰক্ষণৰ লাভালাভ

  • পানী যোগানৰ অন্য উৎস যেনে, মাটিৰ তলৰ পানী অথবা পৌৰ নিগমৰ যোগানৰ পানীৰ পৰিপূৰক হ’ব পাৰে৷
  • কোনো এটা অঞ্চলত আন পানী যোগান আঁচনি শূণ্য কৰিব পাৰে৷
  • উচ্চ মানৰ পানী বিশুদ্ধ,ৰাসায়নিক দ্ৰব্যৰ পৰা মুক্ত।
  • পানী যোগানৰ নিম্নতম ব্যয়৷
  • বানপানী আৰু টপ’চইল লোকচান হ্ৰাস।

আৰডব্লিউএইচ ক’ত উপযুক্ত

  • মাটিৰ তলৰ পানীৰ নাটনিত
  • লেতেৰা মাটিৰ তলৰ পানীত
  • শিলাময় অথবা পবৰ্তীয়া ঠাইত
  • ভূমিকম্প আৰু বানপানীৰ ঘটনা অতি সঘনাই হোৱা ঠাইত
  • লুণীয়া পানীৰ নিৰ্মূলকৰণ অতি বিপদৰ
  • জনসংখ্যাৰ ঘনত্ব কম হোৱা ঠাইত
  • বিদ্যুৎ আৰু পানীৰ মূল্য বৃদ্ধি হোৱা ঠাইত
  • পানী অধিক কঠিন অথবা মিনাৰেল যুক্ত হ’লে

বৰষুণৰ পানীৰ ব্যৱহাৰ

  • পৰিষ্কাৰ বৰষুণৰ পানী ৰন্ধন, খোৱা আৰু গা ধোৱা।
  • শৌচাগাৰত
  • কাপোৰ ধোৱাত
  • পানী যোগানত

বৰষুণ কেনেকৈ সংৰক্ষণ কৰিব?

যিকোনো বৰষুণৰ পানী সঞ্চয় পদ্ধতিত তিনিটা উপাদান আছে-সংগ্ৰহ, প্ৰবাহ আৰু সংৰক্ষণ৷ বৰষুণৰ পানী সংৰক্ষণৰ দুটা শ্ৰেণী আছে।

  • পদ্ধতি ১- য’ত ঘৰুৱা ব্যৱহাৰৰ বাবে ঘৰৰ চালেৰে বৈ যোৱা পানী সংৰক্ষণ।
  • পদ্ধতি ২- যি পথাৰত ব্যৱহাৰ হয় অথবা কৃষিত বিকল্প পানী যোগানৰ বাবে ব্যৱহাৰ কৰা হয়৷mm.jpg

বৰষুণৰ পানী সংৰক্ষণ পদ্ধতিত থকা ছয়টা উপাদান:

  • ধৰি ৰখা: বৰষুণৰ পানী সংৰক্ষণ কৰিবৰ বাবে ঘৰৰ চাল।
  • প্ৰবাহ:ঘৰৰ চালৰ পৰা অথবা সংগ্ৰহ কৰাৰ পৰা পানী সংগ্ৰহ কৰিবৰ ঠাইলৈ প্ৰবাহ।
  • চালৰ পৰিস্কাৰকৰণ: ‘ফাষ্ট ফ্লাচ'' পদ্ধতিৰে পৰিস্কাৰ আৰু লেতেৰাসমূহ দূৰীকৰণ কৰিবলৈ।
  • সংগ্ৰহ: পাত্ৰ অথবা চৌব্বাচ্চা য'ত বৰষুণৰ পানী নিৰাপদভাৱে সংগ্ৰহ কৰা হয়, উদাহৰণস্বৰূপে, কীট-পতংগৰোধী পাত্ৰ।
  • বিশুদ্ধকৰণ: খোৱা পানী হিচাপে ব্যৱহাৰ কৰিবৰ বাবে অজ’ন অথবা ইউভি ৰশ্মিৰ পৰাও ইয়াক বিশুদ্ধ কৰা হয়।
  • বিতৰণ: বৰষুণৰ পানী যোগানৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ সৰু পাম্প আৰু প্ৰেচাৰ টেংক।

পিচপৰা অঞ্চলত বৰষুণৰ পানী সংৰক্ষণ

  • গাওঁ অঞ্চলত কিছুমান ঠাইত সমজুৱাভাৱে নাদ স্থাপন কৰক৷ নাদৰ পৰা প্ৰায় ১০-২০ ফুট দূৰত্বত হাতেৰে ঘূৰাব পৰা নলী নাদ গঠন কৰক৷ নলী নাদৰ কাষত কোনো ধৰণৰ ধোৱা কাম যেনে, গা ধোৱা, গৰু ম’হ, মটৰ চাইকেল কাপোৰ আদি ধোৱা কাম নকৰিবলৈ মানুহবোৰক শিক্ষা দিয়ক।
  • গাঁৱত যদি কোনো পানীৰ টেংক আছে, তেন্তে তাক প্ৰতি তিনিবছৰে পানী উলিয়াই পেলাওঁক আৰু চাফা কৰক৷
  • যদি সৰু নদী অথবা নিজৰা আছে, তাৰ ওপৰত বৰষুণ বন্ধ হোৱাৰ পিচত বৰষুনৰ পানী ব্যৱহাৰ কৰিবৰ বাবে চেক ড্ৰাম বঢ়াওক৷
  • পানী সংৰক্ষণৰ বাৱে ঘৰৰ চাল ব্যৱহাৰ কৰক৷

ঘৰৰ চালৰ পানী সংৰক্ষণৰ গ্ৰাম্য বিদ্যালয়

ভাৰতৰ মৰুভূমি অঞ্চলত শ শ বছৰ ধৰি চলি অহা ঘৰৰ চালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ (আৰডব্লিউএইচ) কৰা পদ্ধতি কম খৰচত হোৱা এটা সহজ পদ্ধতি৷ দুটা দশকৰ ওপৰত, বাৰফুট মহাবিদ্যালয়ে বিদ্যালয়সমূহৰ ওপৰৰ বৰষুণৰ পানী সংগ্ৰহ আৰু মাটিৰ তলত সংৰক্ষণ কৰি ১৫ খন ৰাজ্যৰ গ্ৰাম্য বিদ্যালয়ত ৩২ মিলিয়ন মানুহক খোৱা পানী যোগান ধৰি আহিছে৷

পিচপৰা গাওঁ অঞ্চলসমূহ য’ত খোৱা পানীৰ অসুবিধা, তাত আৰ ডব্লিউএইচ পদ্ধতিয়ে দুটা উদ্দেশ্যত কাম কৰে:

  • খোৱা পানীৰ উৎস, বিশেষকৈ শুকান বতৰত।
  • স্বাস্থ্যসন্মত কৰিবলৈ, স্থায়ী পানী যোগান, যেনে, ৰাজহুৱা শৌচাগাৰত কম পানী ব্যৱহাৰ কৰা।

বিদ্যালয় বাবে বৰষুণৰ পানী সংৰক্ষণ( আৰ ডব্লিউএইচ )প্ৰকল্প:

বিদ্যালয় বাবে বৰষুণৰ পানী সংৰক্ষণ চৌব্বাচ্চা:

PIcture.jpg

আৰ ডব্লিউএইচ পদ্ধতিৰ গঠন

আৰ ডব্লিউএইচ স্থাপনৰ আগত, বিদ্যালয়ৰ সংবাদ গ্ৰহণ যেনে, বিদ্যালয়ে পানীৰ পৰিমান কম পাইছে নেকি, গাঁৱৰ পানীৰ উৎস, পদ্ধতি স্থাপন কৰা চালৰ ওপৰ অংশ আৰু গাঁৱৰ মাটিৰ প্ৰকাৰ আদিৰ তথ্য ল’ব লাগে৷

বৰষুণৰ পানী সংগ্ৰহৰ বাবে মাটিৰ তলত কিয় চৌব্বাচ্চা গঠন কৰা হয়?

  • মাত্ৰ এটা মাটিৰ তলত চূণশিল অথবা স্থানীয় সামগ্ৰী দি বনোৱা চৌব্বাচ্চাই পিচৰ বৰষুণলৈকে আগৰ বৰষুণৰ পানী সতেজ কৰি ৰাখিব পাৰে৷
  • ই প্ৰাকৃতিকভাৱে পানী সংৰক্ষণ কৰা এটা পদ্ধতি। শীতৰ দিনত ই গৰম পানীও দিব পাৰে।
  • মাটিৰ ওপৰত থকা চৌব্বাচ্চাতকৈ মাটিৰ তলৰ চৌব্বাচ্চা বেছি মজবুত আৰু মেৰামতিও কম৷

চৌব্বাচ্চাৰ স্থান

  • বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পাব পৰাকৈ অট্টালিকাৰ ওচৰত হ’ব লাগে৷
  • অট্টালিকাৰ পৰা চৌব্বাচ্চাৰ দূৰত্ব এলেকাৰ ওপৰত নিৰ্ভৰ কৰে।কঠিন পৃষ্ঠত ৩-৫ ফুট আৰু কোমল পৃষ্ঠত ১০ ফুটৰ অধিক হোৱা উচিত৷
  • বন্ধ হৈ যাব পৰা অসুবিধাৰ পৰা হাত সাৰিবলৈ পাইপৰ দৈৰ্ঘ্য কম হোৱা উচিত৷ চৌব্বাচ্চাৰ ওপৰত উচ্চ ব্যাসাৰ্দ্ধৰ কমেও (৪ ইঞ্চি) পাইপ সংযোগ কৰিবলৈ কোৱা হয়।
  • পৃষ্ঠ যদি কঠিন হয়, গাতঁ অধিক দ’ কৰিব নালাগে৷ এটা চৌব্বাচ্চা মাটিৰ ওপৰত ১/৩ আৰু মাটিৰ তলত ২/৩ থাকিব পাৰে

গঠনৰ সামগ্ৰী

  • স্থানীয় ঘৰ সজা সামগ্ৰী(ইটা/শিল)
  • চূণশিল/চিমেন্ট
  • পানী প্ৰতিৰোধী পাউদাৰ (জিপচাম)
  • বালি
  • এলেকাৰ ওপৰত নিৰ্ভৰ কৰি চালৰ সামগ্ৰী- চিমেন্ট (বালিৰ শ্লেব/ফেৰ’)

চৌব্বাচ্চাৰ আঁকাৰ

চৌব্বাচ্চাৰ আঁকাৰ মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ ইয়াৰ প্ৰধান আঁকাৰ হ’ল আয়তাকাৰ আৰু চিলিণ্ডাৰ সদৃশ৷ কঠিন শিলৰ অঞ্চলত আয়তাকাৰ চৌব্বাচ্চা ভাল হয়৷ ইয়াৰ কাৰীকৰী কৌশল অতি সহজ: এটা গাঁত কৰক আৰু স্থানীয়ভাৱে পোৱা শিলেৰে নিৰ্মিত চালেৰে তাক ঢাকি ৰাখক৷ চৌব্বাচ্চাৰ ওপৰভাগ শীতৰ সময়ত বিদ্যালয়ৰ পাঠদানৰ বাবে অথবা বিদ্যালয়ৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিব পাৰিব৷

Piccopy.jpg

মাটিৰ তলৰ পানীৰ উৎসৰ কাৰণসমূহ

  • এই নাদত পানী সঞ্চয় কৰিব পৰা নাযায়৷ নাদটোৰ লগত পৃষ্ঠভূমিলৈ পানীৰ উৎসৰ সংযোগ কৰা হয়৷ বৰষুণৰ দিনত উপলব্ধ হোৱা মাটিৰ তলৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি পানীৰ স্তৰ উঠা-নমা কৰি থাকে।
  • দীঘলীয়া বৰষুণ বন্ধ হোৱাৰ পিচত, নাদ এটাই ইয়াৰ লগত সংযোগ কৰি ৰখা উৎসৰ পৰা পানী পায়৷
  • নলী নাদ ব্যৱহাৰ কৰি আপুনি যি ঠাইৰ পৰা পানী পায়, বৰষুণৰ পানী মাটিৰ তলত মাটিৰ গাঠনি, শিলৰ গাঁঠনিৰ মাজেৰে পৰিশ্ৰুত হৈ যায়৷
  • নলী-নাদসমূহ কিছুমান সোনকালে আৰু কিছুমান পলমকৈ শুকাই যায়৷
  • নলী-নাদ বিপৰীতভাৱে ব্যৱহাৰ কৰক৷ গাতঁৰ ওপৰত পৰিশ্ৰুতকৰণ কৰাৰ ব্যৱস্থা কৰি মাটিৰ তলৰ পানী যোগান পুন:জীৱিত কৰিবলৈ শুকাই যোৱা নলী-নাদ ব্যৱহাৰ কৰক।

মাটিৰ তলৰ পানীলৈ সহায় আগবঢ়োৱা বৰষুণৰ পানী সংৰক্ষণ পদ্ধতিৰ কৌশল

পৰিস্কাৰ পানীৰ নাটনি:

  • পৃথিৱীৰ পানীভাগৰ মাত্ৰ ৩ শতাংশ হে পৰিস্কাৰ পানী, বাকী অংশ সাগৰ মহাসাগৰৰ লুণীয়া পানী৷
  • পৰিস্কাৰ পানীৰ ১১ শতাংশ পানী ৮০০ মিটাৰ গভীৰতাত ব্যৱহাৰৰ বাবে উপলব্ধ৷
  • উদ্দেশ্যহীনভাৱে উলিওৱা আৰু অধিক অপব্যৱহাৰৰ বাবে আমাৰ এই অতি কম পৰিমাণৰ প্ৰাকৃতিক পানীৰ উৎস দ্ৰুতভাৱে হ্ৰাস পাবলৈ ধৰাৰ লগতে ইয়াৰ পৰিমাণ আৰু মানদণ্ড দুয়োটাই নিম্নগামী হ’বলৈ ধৰিছে৷

copy_of_Piccopy.jpg

পৃথিৱীৰ পৰিষ্কাৰ পানীভাগৰ বিতৰণ

মাটিৰ তলৰ পানীভাগ পুনঃসক্ৰিয়কৰণৰ পদ্ধতি আৰু কাৰীকৰী কৌশল

নগৰ অঞ্চল গ্ৰাম্য অঞ্চল

চালৰ ওপৰৰ বৰষুণৰ পানী সংৰক্ষণৰ যোগেদি বৈ যোৱা বন্ধ কৰা

  • পুনঃসক্ৰিয়কৰণৰ গাঁত
  • পুনঃসক্ৰিয়কৰণৰ নলা
  • নলী নাদ
  • পুনঃসক্ৰিয়কৰণৰ নাদ

 

 

বৰষুণৰ পানী সংৰক্ষণৰ যোগেদি

  • নলী বন্ধ কৰা প্লাগ
  • খলা বমা ঠাইৰ ভেটা
  • গেবিন সজা
  • পৰিশ্ৰুত চৌব্বাচ্চা
  • নিশ্চিত ভেঁটা/চিমেন্ট প্লাগ/ নলাৰ বান্ধ
  • পুনঃসক্ৰিয়কৰণৰ নাল
  • নলীনাদৰ পুনঃসক্ৰিয়কৰণৰ
মাটিৰ তলৰ পানীৰ ভেঁটা/উপ-পৃষ্ঠৰ বান্ধ

গ্ৰাম্য অঞ্চলত মাটিৰ তলৰ পানীভাগ পুনঃসক্ৰিয়কৰণৰ

গ্ৰাম্য অঞ্চলত, বৰষুণৰ পানী সক্ৰিয়কৰণক এটা ইউনিট হিচাপে লোৱা হৈছে৷ পৃষ্ঠভূমিত বিস্তাৰিত পদ্ধতিসমূহ আৰু পুনঃসক্ৰিয়কৰণ কৰিব পৰা পানীভাগো যথেষ্ট৷ তলৰ কৌশলসমূহ হেলনীয়া ঠাই, নদী, নিজৰা আৰু নলাসমূহৰৰ পৰা পানী বৈ যোৱা পানী ভাগ বচাবৰ বাবে গ্ৰহণ কৰিব পৰা যায়৷

i. নলী বন্ধ কৰা প্লাগ:

  • নলী বন্ধ কৰা প্লাগ সমূহ স্থানীয় শিল, মাটি, আৰু ঘাহঁপাতেৰে সজা হয়৷ হেলনীয়া অংশৰ পৰা বৈ অহা সৰু নলা, নিজৰা আদিৰ সন্মুখত বৰষুণৰ বতৰত বৈ অহা পানীভাগৰ লগতে সৰু সৰু মিহলি হৈ থকা উপাদান ধৰি ৰাখিবৰ বাবে ইয়াক সজা হয়৷
  • এই প্লাগসমূহে মাটি আৰু আদ্ৰৰ্তা ধৰি ৰখাত সহায় কৰে৷

হেলনীয়া ঠাইত স্থানীয় বান্ধৰ সন্মুখত যেতিয়া ভাগি যোৱা অংশ থাকে তেতিয়া তাত যথেষ্ট পৰিমানৰ পানী গোটাবলৈ সেই ঠাই বাচনি কৰিব পাৰে৷

ii. খলা বমা ঠাইৰ ভেটা:

  • খলা বমা ঠাইৰ ভেটা দীৰ্ঘসময় ধৰি পানী বৈ থকাৰ মাটিৰ আদ্ৰৰ্তা ধৰি ৰাখিবৰ বাবে উপযোগী৷
  • এইবিলাক কম বৰষুণ হোৱা ঠাইৰ বাবে উপযোগী য’ত হেলনীয়া ঠাইত সমান উচ্চতাত বান্ধ বনাই মৌচুমী বতাহ আবদ্ধ কৰিব পাৰি৷
  • বান্ধৰ মাজত সঠিক পৰিমাণৰ ঠাই ৰাখি বৈ যোৱা পানীৰ গতিয়ে কৰিব পৰা ক্ষয় ৰোধ কৰিব পৰা যায়৷
  • খলা বমা ঠাইৰ দুটা বান্ধৰ মাজৰ ঠাই হেলনীয়া অংশ, এলেকা আৰু মাটিৰ মাজেৰে ভেদ হৈ যাব পৰা গুণৰ ওপৰত নিৰ্ভৰ কৰে৷ মাটিৰ মাজেৰে ভেদ কৰিব পৰা গুণ কম হ’লে, বান্ধৰ ওচৰত হ'ব লাগে৷
  • আধিক্যহীনতা হেলনীয়া ঠাইত মথাউৰিৰ লগত যুক্ত নোহোৱা ঠাইৰ বাবে এই খলা বমা ঠাইৰ বান্ধ উপযোগী৷

Piccopy.jpg

iii. গেবিন সজা:

  • সৰু নিজৰাসমূহৰ বৈ যোৱা পানী ভাগ সংৰক্ষণ কৰিবলৈ নিজৰাসমূহৰ ওপৰত সজা এক সজ্জা৷
  • স্থানীয়ভাৱে পোৱা ডাঙৰ শিল নিজৰাৰ ওপৰত দি এটা সৰু বান্ধ বনোৱা হয় আৰু ইয়াক ষ্টীল ৱায়াৰ লগত যুক্ত কৰি নিজৰাৰ কাষত লগ লগোৱা হয়৷
  • এনে সজ্জাৰ উচ্চতা ০.৫ মিটাৰ হয় আৰু সাধাৰণতে ১০ মিটাৰ বহল নিজৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷
  • এই সজ্জাত বেছি পৰিমাণৰ বৈ যোৱা পানীভাগৰ কিছু অংশই পুন:সংৰক্ষণৰ উৎস হিচাপে কাম কৰে৷ ডাঙৰ শিলসমূহৰ জমাৰ বাবে নিজৰাৰ পানীভাগ এনে কৰিব পাৰি৷ কৃষি পদ্ধতিৰে বান্ধ কম পৰিমাণে অভেদী কৰি বৰষুণৰ পিচত পৃষ্ঠভাগৰ পানী বৈ যোৱাত পৰিমাণ কমাই ইয়াক পুনঃসক্ৰিয়কৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷

Pic4.jpg

 

Pic5.jpg

iv. পৰিশ্ৰুত চৌব্বাচ্চা:

  • পৰিশ্ৰুত চৌব্বাচ্চা এটা কৃত্ৰিমভাৱে সজা পৃষ্ঠভাগৰ পানীৰ এক সজ্জা৷ ইয়াক উচ্চ অভেদী মাটিত চৌব্বাচ্চাৰ লগত যুক্ত কৰা হয় যাতে পৃষ্ঠভাগৰ বৈ যোৱা পানীভাগ পৰিশ্ৰুত আৰু ইয়াক পুনঃসক্ৰিয়কৰণ কৰিব পাৰি৷
  • অধিকভাৱে ফাঁট থকা, কঠিন শিলৰ মাজত থকা স্থায়ী হেলনীয়া অংশ থকা নিজৰাসমূহত এই চৌব্বাচ্চা সজা হয়।
  • মাটিৰ তলৰ পানীভাগক বচাই ৰাখিবৰ বাবে পুনঃসক্ৰিয়কৰণ এলেকাৰ হেলনীয়া অংশৰ যথেষ্ট নাদ আৰু কৃষিভূমি থকা উচিত৷
  • চৌব্বাচ্চাৰ তলত অংশৰ পৰিশ্ৰুতকৰণ কৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি পৰিশ্ৰুত চৌব্বাচ্চাৰ আঁকাৰ নিৰ্ণয় কৰা উচিত৷ সাধাৰণতে পৰিশ্ৰুত চৌব্বাচ্চা ০.১ ৰ পৰা ০.৫ এমচিএম পানী সংৰক্ষণৰ বাবে বনোৱা হয়৷ পুখুৰীৰ স্তৰত পানী থ’বলৈ ৩ ৰ পৰা ৪.৫ মিটাৰত চৌব্বাচ্চা বনোৱা উচিত৷
  • পৰিশ্ৰুত চৌব্বাচ্চাসমূহ বেছিভাগেই ভেঁটাৰ ওপৰেৰে পানীভাগ বোৱাই নিবৰ বাবে শিল ইটাৰে নিৰ্মাণ কৰা বান্ধ৷ ইয়াৰ উদ্দেশ্য হ’ল মাটিৰ তলৰ সংৰক্ষিত পানীভাগ পুনঃসক্ৰিয়কৰণ কৰা যাতে ভেদী অংশই দি ই তললৈ নিঃসৰিত হ’ব পাৰে৷ ৪.৫ মিটাৰ উচ্চতাৰ বান্ধৰ বাবে হেলনীয়া অংশক খণ্ডিত কৰা প্ৰয়োজন নাই আৰু প্ৰাকৃতিক স্তৰ আৰু বান্ধৰ মাজত ঢাপ কটা প্ৰয়োজন৷

Pic6.jpg

v. নিশ্চিত ভেঁটা/চিমেন্ট প্লাগ/ নলাৰ বান্ধ:

  • সৰু নিজৰাৰ ওপৰত কম ঢাল কৰি নিশ্চিত ভেটা সজা হয়৷ বাচনি কৰা ঠাইৰ ভেদ কৰিব পৰা সঠিক ব্যাসাৰ্দ্ধ থাকিব লাগে অথবা কম সময়ৰ ভিতৰত সংৰক্ষিত পানীভাগ পুনঃসক্ৰীয়কৰণ কৰিব পৰা সুবিধা থাকিব লাগে৷
  • এই সজ্জাত পানী সংৰক্ষণ কৰা নিজৰা আদিৰ বাবে নিৰ্দ্ধাৰণ কৰা হয় আৰু ইয়াৰ উচ্চতা ২ মিটাৰৰ কম হ’ব লাগে আৰু অত্যাধিক পানীভাগ বেৰৰ ওপৰেৰে বৈ যাবলৈ দিব লাগে৷ অধিক পৰিমাণৰ পানী বৈ যোৱাৰ সময়ত, পানী গতিৰ বাধাৰ পৰা হাত সাৰিবলৈ ইয়াক তলৰ ফালে সজা হয়৷
  • অত্যাধিক প্ৰবাহ নিয়ন্ত্ৰণ কৰিবলৈ, এনে ভেঁটাৰ এক শাৰী সাঁজি এটা সীমিত মাত্ৰাত ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়৷
  • মাটি পূৰ্ণ চিমেন্টৰ বেগসমূহেও সৰু নলাৰ ওপৰত বান্ধোনৰ কাম কৰিব পাৰে৷ কম ঢাল থকা ঠাইত, নলা আৰু এচবেচটৰচৰ মাজত দুটা কাষে এইবোৰ দিয়া হয়৷ এচবেচটচৰ দুটা শাৰীৰ মাজৰ নলা মাটিৰে পূৰ্ণ কৰা হয়৷ এইদৰে কম খৰচৰ বান্ধ উৎপন্ন হয়৷ ওপৰৰ ফালে, মাটি পূৰ্ণ চিমেন্ট দি সজ্জাটো সুস্থিৰ কৰিব পৰা যায়৷

Pic7.jpg

Pic8.jpg

vi. পুনঃসক্ৰিয়কৰণৰ নাল:

  • এইটো মুকলিভাৱে ওপৰেৰে বৈ যোৱা পানীভাগ ভেদী স্তৰৰ মাজেদি পুনঃশোধন কৰাৰ প্ৰয়োজনীয় আৰু উচিত ব্যয়ৰ পদ্ধতি৷
  • পুনঃসক্ৰিয়কৰণৰ নালৰ স্তৰ গাঁত স্পৰ্শ নকৰিবও পাৰে৷ নালৰ ব্যাসাৰ্দ্ধ সাধাৰণতে ২ মিটাৰতকৈ বেছি৷
  • নাল তলৰ অভেদী স্তৰতকৈ অধিক ভেদী স্তৰত শেষ হোৱা উচিত৷ ই পানীৰ স্তৰ চুব নোৱাৰিবও পাৰে৷
  • পোন নোহোৱা নাল ডাঙৰ শিল, টুকুৰা শিল আৰু অশোধিত বালি আদিৰে পৰিপূৰ্ণ কৰ উচিত৷
  • পোন নালৰ ক্ষেত্ৰত ফিল্টাৰ পেক চুব পৰা সৰু সংযোগী পাইপ সংযোগ কৰা হয়৷
  • এই সজ্জা গাঁৱৰ পুখুৰীসমূহৰ বাবে উপযোগী য’ত অগভীৰ মাটিৰ স্তৰে শিলাময় স্তৰৰ পৰা পানী পৰিস্কাৰ হৈ অহাত বাধা জন্মায়৷
  • এইটো দেখা গৈছে যে, বৰষুণৰ দিনত গাঁৱৰ চৌব্বাচ্চাসমূহ পানীৰে পৰিপূৰ্ণ হৈ থাকে, কিন্তু ইয়াত পৰি থকা পলসৰ বাবে আৰু নাদ, নলীনাদসমূহ শুকাবলৈ ধৰাৰ বাবে চৌব্বাচ্চাৰ পৰা পানী পৰিশ্ৰুতকৰণৰ কৰিব পৰা নায়ায়৷ গাৱঁৰ এই চৌব্বাচ্চাসমূহৰ পানী বাস্পীভূত হ’বলৈ ধৰে আৰু কোনো প্ৰয়োজনীয় কামত ব্যৱহাৰ নহয়৷
  • চৌব্বাচ্চাত পুনঃসক্ৰিয়কৰণৰ নাল গঠনেৰে, অতিৰিক্ত পানীভাগ পুনঃসক্ৰিয়কৰণ কৰিব পাৰি৷ পানীৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি নালৰ ব্যাসাৰ্দ্ধ ০.৫ ৰ পৰা ৩ মিটাৰ আৰু ১০ ৰ পৰা ১৫ মিটাৰ গভীৰ হয়৷ নালৰ ওপৰভাগ পানীৰ যোগান স্তৰৰ আধা অৱস্থাত চৌব্বাচ্চাৰ পৃষ্ঠত ৰখা হয়৷ এইবিলাক ডাঙৰ শিল, সৰু শিল আৰি অপৰিশ্ৰুত বালিৰে পূৰ কৰি ৰখা হয়৷
  • ১ মিটাৰ অথবা ২ মিটাৰ গভীৰতাত, সজ্জাটোৰ সুস্থিৰতাৰ বাবে ইটা– শিলৰ এটা তৰপ বনোৱা হয়৷
  • এই কৌশলৰ দ্বাৰা গাওঁ অঞ্চলৰ চৌব্বাচ্চাত গোটখোৱা সম্পূৰ্ণ স্তৰৰ ৫০ শতাংশ পানী মাটিৰ তলৰ পানীৰ স্তৰলৈ পুনঃসক্ৰিয়কৰণ কৰিব পৰা যায়৷ ইয়াৰ পিচত ঘৰুৱা ব্যৱহাৰৰ বাবে যথেষ্ট পানী চৌব্বাচ্চাত থাকি যায়৷

vii. নলীনাদৰ পুনঃসক্ৰিয়কৰণৰ:

  • চলি থকা আৰু চলি নথকা নলীনাদসমূহ পৰিস্কাৰ কৰি আৰু পলস মোকলাই পুনঃসক্ৰিয়কৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷
  • পলস আতঁৰোৱা কক্ষৰ পৰা পুনঃসক্ৰিয় কৰা পানী পাইপৰ দ্বাৰা নাদৰ তললৈ অথবা পানীস্তৰ তললৈ পঠিওৱা হয়৷ ইয়াৰ পৰা বায়ুৰ বুৰ-বুৰণিৰ কাৰণে হ’বপৰা অসুবিধাসমূহ দূৰ কৰিব পাৰি৷
  • পুনঃসক্ৰিয় কৰা পানী পলস মুক্ত হোৱা উচিত৷ পলস মুক্ত কৰিবৰ বাবে বৈ অহা পানী পলসমুক্তকৰণ কক্ষ অন্যথা ফিল্টাৰৰ মাজেৰে আহিব লাগে৷
  • বেক্টেৰীয়া নাশ কৰাৰ বাবে সাময়িক ক্লৰিনেশ্যন কৰা উচিত৷

Pic2.jpg

viii. মাটিৰ তলৰ পানীৰ ভেঁটা/উপ-পৃষ্ঠৰ বান্ধ:

  • উপ-পৃষ্ঠৰ বান্ধ অথবা মাটিৰ তলৰ ভেঁটা নিজৰাৰ ওপৰৰ উপ-পৃষ্ঠৰ বাধক যি তলেদি বৈ যোৱা পানীভাগ উত্তোলিত কৰি মাটিৰ পৃষ্ঠৰ তলত সংগ্ৰহ কৰে৷ এই দৰে কৰি, বান্ধৰ ওপৰৰ অংশৰ পানী স্তৰৰ আধিক্যতা বঢ়ায়৷
  • উপ-পৃষ্ঠৰ বান্ধ দিবলৈ ঠিক কৰা স্থান সৰু নিগমন সুবিধা আৰু বহল সমভূমিৰে অগভীৰ হ’ব লাগে৷
  • উপযুক্ত স্থান বাচনি কৰাৰ পিচত, ১-২ মিটাৰ বহল এটা ফাঁট নিজৰাৰ অভেদী অংশত কাটি দিব লাগে৷ এই ফাঁট মাটি অথবা ইটা/কংক্ৰীটেৰে মাটিৰ স্তৰৰ ০.৫ মিটাৰলৈ পূৰ কৰি দিব পাৰে৷
  • সম্পূৰ্ণ প্ৰতিৰক্ষাৰ নিশ্চিতকৰণৰ বাবে, কাটি ৰখা বান্ধ ঢাকিবলৈ ৪০০ ৰ পৰা ৬০০ গজত চিঙিব পৰা ৩০০০ পিএচআই ৰ পিভিচিৰ পাত অথবা নিম্ন ঘনত্বৰ ২০০ গজৰ পলিথিন ফ্লিম ব্যৱহাৰ কৰিব পৰা যায়৷
  • যদিও পানী শিলাস্তৰত সংগ্ৰহ কৰা হয়, মাটিৰ লগত সংযুক্তকৰণ এৰাই চলিব পাৰি আৰু ৰিজাৰ্ভাৰৰ ওপৰৰ মাটি বান্ধ সজাৰ পিচতো ব্যৱহাৰ কৰিব পাৰি৷ ৰিজাৰ্ভাৰৰ পানী বাস্পীভৱনৰ দ্বাৰা লোকচান নহয় আৰু তাত কোনো পলস নপৰে৷ অন্য সাম্ভাব্যতা, যেনে, বান্ধ ক্ষয় যোৱা আদি এৰাই চলিব পাৰি।

Untitled1copy.jpg

নগৰীয়া অঞ্চলত মাটিৰ তলৰ পানীৰ পুনঃসক্ৰিয়কৰণ

নগৰীয়া অঞ্চলত, অট্টালিকাসমূহৰ আবৃত আৰু অনাবৃত ওপৰৰ চালত অপব্যয় হোৱা বৰষুণৰ পানী পোৱা যায়৷ এই পানীভাগ শিলাস্তৰলৈ পুনঃসক্ৰিয়কৰণ কৰিব পাৰি আৰু ইয়াক আৱশ্যকীয় সময়ত লাভদায়কভাৱে ব্যৱহাৰ কৰিব পাৰি৷ বৰষুণৰ পানী সংৰক্ষণ পদ্ধতিৰ নমুনা এনেদৰে তৈয়াৰ কৰিব লাগে যাতে এই পদ্ধতিয়ে সংগ্ৰহ আৰু পুনঃসক্ৰিয়কৰণৰ বাবে বৃহত এলেকা আবদ্ধ নকৰে৷ নগৰীয়া অঞ্চলত বৰষুণৰ পানী সংৰক্ষণ পদ্ধতিৰ কিছুমান কৌশল তলত বণৰ্না কৰা হ’ল:

i. পুনঃসক্ৰিয়কৰণৰ গাঁত:

  • পলসুৱা এলেকা য’ত ভেদ কৰি যাব পৰা শিলসমূহ মাটিৰ পৃষ্ঠতে ওলাই থাকে অথবা অগভীৰ অৱস্থাত থাকে, তেতিয়া বৰষুণৰ পানী সংৰক্ষণ পুনঃসক্ৰিয়কৰণ গাঁতসমূহৰ দ্বাৰা কৰিব পৰা যায়৷
  • এই কৌশল ১০০ বৰ্গ মিটাৰ এলেকা থকা অট্টালিকাসমূহৰ বাবেহে উপযুক্ত৷ অগভীৰ শিলাস্তৰৰ পুনঃসক্ৰিয়কৰণৰ বাবে এইবিলাক গঠন কৰা হয়৷
  • পুনঃসক্ৰিয়কৰণ গাঁত যিকোনো আঁকাৰৰ হ’ব পাৰে৷ সাধাৰণতে, এইবিলাক ১ ৰ পৰা ২ মিটাৰ বহল আৰু ২ ৰ পৰা ৩ মিটাৰ গভীৰকৈ সজা হয়৷ গাঁতবিলাক ডাঙৰ শিল (৫-২০ছে.মি.), সৰু শিল (৫-১০মি.মি)আৰু অপৰিশ্ৰুত বালিৰ দ্বাৰা তৰপীয় আকাৰত পূৰ কৰা হয়৷ ডাঙৰ শিলসমূহ একেবাৰে তলত, সৰু শিলসমূহ মাজত আৰু অপৰিশ্ৰুত বালি ওপৰত দিয়া হয় যাতে পলসৰ উপাদানসমূহ বোৱতী পানীৰ লগত আহি বালিৰ স্তৰত জমা হয় আৰু ইয়াক অতি সহজে আতঁৰাই পেলাব পাৰি৷ সৰু চালৰ এলেকাৰ কাৰণে, গাতঁ ভঙা ইটা/শিলগুটিৰে পূৰ কৰিব পাৰি৷
  • গাঁতত পৰিব পৰা গছৰ পাত আৰু অন্য গোটা পদাৰ্থ, জাবৰ আদিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এখন জাল চালত দিয়া উচিত৷ এটা অশিলাস্তৰৰ/সংগ্ৰহ কক্ষ তলত দিব পৰা যায় যাতে বৈ যোৱা সূক্ষ্ম কণাসমূহ গাঁতত নপৰাকৈ আবদ্ধ কৰিব পাৰি৷
  • পুনঃসক্ৰিয়কৰণৰ হাৰ হ্ৰাস নহবলৈ ওপৰৰ বালিৰ স্তৰ পৰিস্কাৰকৈ ৰখা উচিত৷
  • বাই –পাচ সজ্জা দ্ৰুত প্ৰবাহ ৰোধ কৰিবৰ বাবে সংগ্ৰহ কক্ষৰ আগত দিব লাগে৷

copy_of_pic2.jpg

ii. পুনঃসক্ৰিয়কৰণৰ খাল:

  • পুনঃসক্ৰিয়কৰণৰ খাল ২০০-৩০০ বগৰ্মিটাৰ এলেকা থকা চালৰ বাবে উপযোগী আৰু য’ত ভেদ কৰিব পৰা স্তৰ কম গভীৰতাত উপলব্ধ হয়৷
  • পুনঃসক্ৰিয়কৰণ কৰিবলগীয়া পানীৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি খাল ০.৫-১ মিটাৰ বহল, ১-১.৫ গভীৰ আৰু ১০-২০ মিটাৰ দীঘল হ’ব পাৰে৷
  • গাঁতবিলাক ডাঙৰ শিল (৪-২০ছে.মি.), সৰু শিল (৫-১০মি.মি) আৰু অপৰিশ্ৰুত বালিৰ দ্বাৰা তৰপীয় আঁকাৰত পূৰ কৰা হয়৷ ডাঙৰ শিলসমূহ একেবাৰে তলত, সৰু শিলসমূহ মাজত আৰু অপৰিশ্ৰুত বালি ওপৰত দিয়া হয় যাতে পলসৰ উপাদানসমূহ বোৱঁতী পানীৰ লগত আহি বালিৰ স্তৰত জমা হয় আৰু ইয়াক অতি সহজে আতঁৰাই পেলাব পাৰি৷
  • গাতঁত পৰিব পৰা গছৰ পাত আৰু অন্য গোটা পদাৰ্থ, জাবৰ আদিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এখন জাল চালত দিয়া উচিত৷ এটা অশিলাস্তৰৰ/সংগ্ৰহ কক্ষ তলত দিব পৰা যায় যাতে বৈ যোৱা সুক্ষ্ম কণাসমূহ গাঁতত নপৰাকৈ আবদ্ধ কৰিব পাৰি৷
  • বাই – পাচ সজ্জা দ্ৰুত প্ৰবাহ ৰোধ কৰিবৰ বাবে সংগ্ৰহ কক্ষৰ আগত দিব লাগে৷
  • পুনঃসক্ৰিয়কৰণৰ হাৰ হ্ৰাস নহবলৈ ওপৰৰ বালিৰ স্তৰ পৰিস্কাৰকৈ ৰখা উচিত৷

pic2.jpg

iii. টিউবৱেল:

  • যিবিলাক এলেকাত অগভীৰ শিলাস্তৰসমূহ শুকাই গৈছে আৰু চলিত টিউবৱেলসমূহ শিলাস্তৰৰ গভীৰতালৈ টেপিং কৰা হৈছে, তেনে এলেকাত চলিত টিউবেলসমূহৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ পদ্ধতিৰে গভীৰ শিলাস্তৰলৈ পুনঃসক্ৰিয়কৰণ কৰিব পাৰি৷
  • ১০ চে.মি ব্যাসাৰ্ধৰ পিভিচি পাইপ চালৰ ওপৰৰ নলালৈ সংযোগ কৰা হয়৷ পানী সংগ্ৰহ কৰাৰ কাৰণে তলৰ অংশত থকা পাইপৰ দ্বাৰা প্ৰথম চালৰ পানী বৈ যাবলৈ দিয়ক৷ তলৰ পাইপ বন্ধ কৰা পিচত, উপযুক্ত বৰষুণৰ পানী এটা T ৰ দ্বাৰা পিভিচি ফিল্টাৰলৈ যায়৷ পানী টিউবৱেলত সোমোৱাৰ অগতে ফিল্টাৰ স্থাপন কৰিব লাগে৷ ফিল্টাৰ ১-১.২ মিটাৰ দীঘল আৰু পিভিচি পাইপৰ হ’ব লাগে৷ ইয়াৰ ব্যাসাৰ্দ্ধ চালৰ এলেকাৰ ওপৰত নিৰ্ভৰ কৰে৷ যদি চালৰ এলেকা ১৫০ বগৰ্মিটাৰৰ কম হয়, ইয়াৰ ব্যাসাৰ্দ্ধ ১৫ ছে.মি. আৰু চালৰ এলেকা ইয়াতকৈ বেছি হ’লে ব্যাসাৰ্দ্ধ ২০ ছেন্টিমিটাৰ হয়৷ ফিল্টাৰৰ দুয়োটা কাষৰ ব্যাস ৬.২৫ ছেন্টিমিটাৰ হ’ব লাগে৷ পিভিচি স্ক্ৰীণৰ দ্বাৰা ফিল্টাৰ তিনিটা ভাগত ভাগ কৰা হয় যাতে ফিল্টাৰৰ সামগ্ৰীসমূহ একেলগ হ’ব নোৱাৰে৷ প্ৰথম কক্ষ সৰু শিলগুটিৰে (৬-১০মি.মি),মাজৰ কক্ষ শিলাখণ্ডৰে (১২-২০মি.মি)আৰু শেষৰ কক্ষ ডাঙৰ শিলাখণ্ডৰে (২০-৪০মি.মি) পূৰ কৰা হয়৷
  • যদি চালৰ এলেকা বেছি, এটা ফিল্টাৰৰ গাঁত সাজিব পাৰি৷ চালৰ পৰা বৰষুণৰ পানী মাটিত থকা সংগ্ৰাহক/অপলসুৱা কক্ষলৈ নিয়া হয়৷ এই সংগ্ৰহ কক্ষ ১:১৫ ঢাল থকা পাইপৰ দ্বাৰা ফিল্টাৰৰ লগত সংযোগ কৰা হয়৷ ফিল্টাৰৰ আঁকাৰ তাৰ কক্ষ অনুযায়ী থকা শিলাস্তৰ প্ৰথম অংশত থকা সৰু শিলগুটি , মাজৰ কক্ষৰ শিলাখণ্ড, শেষৰ কক্ষৰ ডাঙৰ শিলাখণ্ড, আৰু ওপৰৰ বালিৰ বিভিন্ন ব্যাসাৰ্দ্ধৰ (০.৩০-০.৫০মি.) ৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াক স্ক্ৰীনৰ দ্বাৰা পৃথক কৰিব পাৰি৷ গাঁতটো দুটা ভাগত বিভক্ত কৰা হয়, এটাত ফিল্টাৰৰ সামগ্ৰী আৰু আনটোত ফিল্টাৰ হোৱা পানী ভাগ ৰাখিবৰ বাবে খালী কৰি ৰখা হয়৷ সক্ৰিয়কৰণ নাদৰ লগত গাঁতৰ একেবাৰে তলত পাইপ সংযোগ কৰা হয় আৰু ইয়াৰ পৰা ফিল্টাৰ হোৱা পানী নাদৰ দ্বাৰা পুনঃসক্ৰিয়কৰণ কৰিব পৰা যায়৷

pic.jpg

iv. পুনঃসক্ৰিয়কৰণ কৰা নাদৰ সৈতে খাল:

  • যিবিলাক অঞ্চলত, পৃষ্ঠৰ মাটি কঠিন আৰু বহু পৰিমানৰ চালৰ পানী থাকে অথবা বেছি বৰষুণৰ বাবে কম সময়ত পৃষ্ঠভাগ উটি যায়, তেনে অঞ্চলত খাল/গাঁতসমূহ ফিল্টাৰ মাধ্যম আৰু বিশেষ ভাৱে নিৰ্মিত পুনঃসক্ৰিয়কৰণ নাদৰ দ্বাৰা উপযুক্তভাৱে পুনঃসক্ৰিয়কৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷
  • এই কৌশল সাধাৰণতে ভেদ কৰিব পৰা অংশ মাটিৰ স্তৰৰ ৩ মিটাৰ তলত থকা এলেকাৰ বাবে উপযোগী৷
  • ১০০-৩০০ ব্যাসাৰ্দ্ধৰ পুনঃসক্ৰিয়কৰণ নাদ পানীৰ স্তৰৰ ৩-৪ মিটাৰ তলত গঠন কৰা হয়৷ ই এলেকাৰ শিলা অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰি অগভীৰ আৰু গভীৰ শিলাস্তৰৰ বিপৰীতে নিৰ্মিত হয়৷
  • এটা ১.৫০-০.৩ মিটাৰ বহল, ১০-৩০ মিটাৰ দীঘল পুনঃসক্ৰিয়কৰণ নলা পানীৰ উপলব্দ্ধতাৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা হয়৷
  • খালৰ ওপৰৰ পুনঃসক্ৰিয়কৰণ নাদৰ সংখ্যা পানীৰ উপলব্দ্ধতা আৰু স্থানীয় উলম্ব শিলৰ ভেদ্যতাৰ ওপৰত নিৰ্ভৰ কৰে৷
  • পুনঃসক্ৰিয়কৰণ নলাৰ বাবে খাল ফিল্টাৰৰ দৰে কাম কৰা শিল, শিলাখণ্ড আৰু বালিৰ দ্বাৰা পূৰ্ণ হৈ থাকে৷
যদি ২০ মিটাৰ গভীৰতাত শিলাস্তৰ উপলব্ধ, ২-৫ মিটাৰ ব্যাসাৰ্দ্ধৰ আৰু ৩-৫ মিটাৰ গভীৰত এটা অগভীৰ নাল ইয়াৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰিব পাৰি৷ নালৰ ভিতৰফালে ১০০-৩০০ মিমি, ব্যাসাৰ্দ্ধৰ এটা পুনঃসক্ৰিয়কৰণ নাদ গঠন কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা উপলবদ্ধিত পানীভাগ গভীৰ শিলাস্তৰলৈ পুনঃসক্ৰিয়কৰণ কৰি৷ নলাৰ একেবাৰে তলত, এটা ফিল্টাৰ মাধ্যম স্থাপন কৰা হয় যাতে পুনঃসক্ৰিয়কৰণ ব্যৱস্থাত বাধা আৰোপ নহয়৷

pic3.jpg

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate