অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পনীয়া সোনৰ সন্ধানত

পনীয়া সোনৰ সন্ধানত

‘অসমী আই ৰূপহী গুণৰো নাই শেষ,

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ’

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এই গীতটোত কোৱাৰ দৰে আধুনিক ভাৰতৰ প্ৰথম সূৰ্য্যোদয় এই অসম দেশতেই হৈছিল। কাৰণ আধুনিক সভ্যতাৰ চকৰি ঘূৰাই থকা পেট্ৰ’লিয়াম বা খনিজ তেলৰ সন্ধান ভাৰতত প্ৰথমতে অসমতে হৈছিল। খনিজ তেলক পনীয়া সোন বুলিও কোৱা হয়। ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া প্ৰদেশত কৰ্ণেল ড্ৰেকে প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ পুঙৰ পৰা তেল আহৰণ কৰিছিল। সেই ঘটনাৰ মাথোন কেই বছৰ মানৰ পিচতে, ১৮৬৬-৬৭ চনত এই জকাইচুকীয়া অসমৰ বুকুত তৈল অন্বেষণৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। মানৰ বিৰুদ্ধে যুঁজ কৰিবলৈ অহা বৃটিছ সৈন্য বাহিনীৰ কেইজনমান সাহসী আৰু উদ্যমী ব্যক্তিয়ে সেই সময়ত আধুনিকতাৰ পৰশ নোপোৱা এই অসম ভূমিত খাৰুৱা তেলৰ সম্ভেদ পাইছিল।

১৯ শতিকাৰ প্ৰথম ভাগত মোৱামৰীয়া বিদ্ৰোহ আৰু তাৰ পিচতেই আৰম্ভ হোৱা মানৰ আক্ৰমণত আহোম ৰাজ্য চেদেলি ভেদেলি হৈ গৈছিল। সেই সময়ত আহোম স্বৰ্গদেৱে উপায় নাপাই মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বৃটিছৰ সহায় বিচাৰিছিল। আহোম স্বৰ্গদেৱৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কলিকতাত থকা বেঙ্গল প্ৰেছিডেন্সিৰ পৰা কিছু সংখ্যক বৃটিছ সৈনিক আহোম ৰাজ্য অভিমূখে ৰাওনা হৈছিল। ১৮২৫ চনৰ চেপ্তেম্বৰ মাহৰ কোনোবা এটা দিনত লেফটেনেণ্ট উইলকক্সৰ নেতৃত্বত বৃটিছ সৈনিকৰ এটা দলে সেইসময়ত তেওঁলোকৰ বাবে নজনা নুশুনা এই খন দেশৰ চৰজমিন অধ্যয়ন কৰিবলৈ এখন নাৱত বুঢ়িদিহিং নদীয়েদি উজাই গৈ আছিল। নামচিক পাৰ হৈ উজনিলৈ গৈ থাকোঁতে তেওঁলোক মহৰ কামোৰ আৰু নদীৰ পাৰলৈ বিয়পি থকা অটব্য বৰ্ষাৰণ্যৰ বাধাৰ সন্মূখীন হৈছিল। তেনেদৰে গৈ থাকোঁতে লেফটেনেণ্ট উইল্কক্সে এঠাইত এক অপূৰ্ব আৰু অভূতপূৰ্ব দৃশ্য দেখিবলৈ পালে। সেই দৃশ্যটোৰ বিষয়ে তেওঁ নিজৰ টোকা বহীত এইদৰে লিখিলে, ‘চুপখং নামৰ ঠাইত দেখিলোঁ বুৰবুৰণি তুলি পানীত ভাঁহি উঠা গেছ আৰু সেউজীয়া পেট্ৰ’লিয়াম’। উইলকক্সৰ টোকা বহীৰ এই বিৱৰণেই অসমৰ পেট্ৰ’লিয়ামৰ বিষয়ে থকা আটাইতকৈ পূৰণি লিপিবদ্ধ তথ্য। উইলকক্সৰ টোকা বহীৰ পৰা জানিব পৰা যায় যে সেই সময়ত সেই ঠাইত থকা লোক সকলে খনিজ তেল বা কয়লাৰ একো ব্যৱহাৰ নাজানিছিল। সেই সময়ত শদিয়াৰ পৰা মাৰ্ঘেৰিটালৈ বুঢ়ী দিহিং নদীৰ পাৰত মূখ্যত: চিংফৌ, খামতি আৰু ফাকিয়াল জনগোষ্ঠীৰ লোকে বাস কৰিছিল।

১৮২৬ চনত প্ৰথম এংলো বাৰ্মা যুদ্ধ সংঘটিত হয়। মুলত: বাৰ্মা বা ব্ৰহ্মদেশৰ (এতিয়াৰ ম্যানমাৰ) পৰা অহা আক্ৰমণকাৰী সকলক অসম আৰু মণিপুৰৰ পৰা প্ৰতিহত কৰাৰ বাবেই এই যুদ্ধ হৈছিল। এই যুদ্ধৰ পৰিণতিত ব্ৰহ্মদেশৰ চৰকাৰে বৃটিছৰ লগত ‘ইয়াণ্ডাবু সন্ধি’ কৰে আৰু ফলশ্ৰুতিত অসমৰ শাসন ভাৰ বৃটিছৰ হাতলৈ যায়।

অসমৰ শাসন ভাৰ লোৱাৰ পিচত বৃটিছ চৰকাৰে অসমৰ প্ৰাকৃতিক সম্পদ সমূহলৈ চকু দিয়ে। সেই সময়ত সমগ্ৰ বিশ্ব জুৰি বৃটিছ সাম্ৰাজ্য বাদে গা কৰি উঠিছিল। ১৮২১ চনৰ ৱাটাৰলু যুদ্ধত নেপোলিয়নৰ পতন হোৱাৰ পিচত ফৰাচী সকলৰ তুলনাত বৃটিছ সকল অধিক শক্তিশালী হৈ উঠিছিল। সেয়েহে তেওঁলোকৰ পদানত দেশবোৰৰ পৰা প্ৰাকৃতিক সম্পদ সমূহ উদ্ঘাটন আৰু সেইবোৰৰ ব্যৱহাৰ কৰি বিশ্বৰ সবাতোকৈ শক্তিশালী জাতি ৰূপে পৰিচিত হবলৈ তেওঁলোক অনুপ্ৰাণিত হৈছিল। অসমৰ বুকুত তেওঁলোকে আৱিস্কাৰ কৰিলে এটা এটাকৈ কেইবাটাও বিৰল প্ৰাকৃতিক সম্পদ - চাহ, কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ। এই প্ৰাকৃতিক সম্পদ সমূহ বিচাৰিবলৈ যাওঁতে তেওঁলোকে অনেক বাধা আৰু কষ্টৰ সন্মূখীন হ’ব লগীয়া হৈছিল। এই বিষয়ে এজন বৃটিছ অসামৰিক বিষয়াই এই বুলি লিখি থৈ গৈছে, ‘এই খন আচহুৱা দেশত জৰীপৰ কাম কৰিবলৈ ভাবিব নোৱাৰা ধৰণৰ বাধা পাৰ কৰিবলগীয়া হৈছে। এই ঠাইৰ হাবি ইমান ডাঠ যে পৃথিৱীৰ বহুত কম ঠাইতহে এনে হাবি আছে। ইমান বৰষুণ হয় যে কেম্প কৰি থাকিবলৈয়ো সহজ নহয়। সঘনাই বানপানী হয় আৰু হাবি বোৰ বনৰীয়া জীৱ জন্তুৰে ভৰা। আটাইতকৈ ভয়ানক জীৱ বিধ হৈছে চীনা জোক’।

১৮৩৭ চনত গ্ৰিফিথ নামৰ এজন সৈনিকে নোৱাদিহিং নদী পাৰ হৈ নগা পাহাৰৰ ওচৰ পাইছিলগৈ। তেওঁ তাত প্ৰাকৃতিক ভাৱে ওলাই থকা সেউজীয়াৰ পৰা নীলা বগা ৰঙৰ খনিজ তেল দেখিবলৈ পাইছিল। ইয়াৰ পিচতে বৃটিছ সৈনিক সকলে  কেইবা ঠাইতো প্ৰাকৃতিক ভাৱে নিৰ্গত খাৰুৱা তেলৰ উত্সৰ সন্ধান পাইছিল। মেজৰ হোৱাইটে ১৮৩৭ চনত নামপঙত, লেফটেনেণ্ট বিগে ১৮৩৭ চনত নামৰূপত, কেপ্তেইন জেনকিন্সে ১৮৩৮ চনত বৰহাট আৰু মাকুমত আৰু কেপ্তেইন হানয়ে ১৮৪৫ চনত নামচিকত খনিজ তেলৰ উত্স আৱিস্কাৰ কৰিছিল। হানয়ে এই বিষয়ে বৰ্ণনা কৰি লিখিছিল, ‘মই দেখা পাইছিলোঁ অনবৰতে আন্দোলিত অৱস্থাত থকা এটা বোকা পানীৰ পুখুৰী য’ৰ পৰা অলপ সময়ৰ মূৰে মূৰে খনিজ তেলৰ  লগত মিহলি বগা বোকা উফৰি আহিছিল। সেইখিনি বৰ আচৰিত ঠাই আছিল। দূৰত শুনিবলৈ পোৱা গৰ্জনৰ দৰে কিছু সময় এটা শব্দ শুনিবলৈ পোৱা যায় আৰু এটা ডাঙৰ শব্দ কৰি বোকাবোৰ ওপৰলৈ উফৰি আহে। তাৰ পিচত কিছু সময় আকৌ নিতাল মাৰে’।

এই প্ৰতিবেদন সমূহৰ ভিত্তিত ৱেগেনট্ৰিবাৰ নামৰ এজন অষ্ট্ৰিয়ান ব্যৱসায়ীয়ে বাপাপুং আৰু নামচিকৰ মাজৰ অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ উদ্ঘাটনৰ কাৰণে একচেতিয়া অধিকাৰ তথা লীজৰ আবেদন কৰিলে। ১৮৫৪ চনত বৃটিছৰ অধীনৰ বঙ্গ চৰকাৰে তেওঁক দহ বছৰৰ কাৰণে লীজ প্ৰদান কৰিলে। সেই সময়ৰ অসমৰ চীফ কমিছনাৰে তেওঁক মাকুম অঞ্চলত কাম চলাই যাবলৈ পৰামৰ্শ দিয়ে।

১৮৬৫ চনত জিঅ’লজিকল ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়া মেডলিকটে উজনি অসমৰ কয়লা ক্ষেত্ৰ সমূহৰ পৰিদৰ্শন কৰিবলৈ আহি মাকুম অঞ্চলত ভূ গৰ্ভৰ পৰা নিগৰি ওলোৱা খনিজ তেল প্ৰত্যক্ষ কৰে। তেওঁ ততালিকে সেই অঞ্চলত পৰীক্ষামূলক ভাৱে খনন আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে। এয়াই আছিল ভাৰতত বৈজ্ঞানিক ভিত্তিত খনিজ তেলৰ সন্ধান কৰিবলৈ লোৱা এক যুগান্তকাৰী সিদ্ধান্ত। অৱশ্যে সুদুৰ কলিকতাত থকা বঙ্গ চৰকাৰে মেডলিকটৰ পৰামৰ্শক বৰ এটা গুৰুত্ব নিদিলে।

চৰকাৰে মেডলিকটৰ পৰামৰ্শ আওকান কৰিলেও মেককিলপ, ষ্টিৱাৰ্ট এণ্ড কোম্পানীৰ বিষয়া মি: গুডিনাফে অসমত তৈল উদ্ঘাটনৰ কাৰণে খনন কৰাত ব্যৱসায়ীক লাভ দেখা পালে। সেয়ে তেওঁ খননৰ অধিকাৰৰ বাবে আবেদন কৰিলে। চৰকাৰে তেওঁক দিহিঙৰ দুয়োপাৰে জয়পুৰৰ পৰা নামচিকলৈ খননৰ অধিকাৰ প্ৰদান কৰিলে। ১৮৬৬ চনৰ নৱেম্বৰ মাহত মি: গুডিনাফ অসমত উপস্থিত হ’ল।

গুডিনাফে প্ৰথমতে জয়পুৰৰ ওচৰত নাহৰপুং নামৰ ঠাইত মানুহ লগাই হাতেৰে খন্দা পদ্ধতিৰে খনন আৰম্ভ কৰিলে। ১০২ ফুট খন্দাৰ পিচত আৰু অধিক খান্দিবলৈ তেওঁৰ অসুবিধা হ’ল আৰু খনন কাৰ্য্য পৰিত্যাগ কৰিবলগীয়া হ’ল। বিচলিত নহৈ তেওঁ ইংলেণ্ডৰ বিখ্যাত মেথাৰ এণ্ড প্লেট কোম্পানীৰ পৰা ভাপ চালিত ইঞ্জিন লৈ আহিল আৰু সেই ইঞ্জিনৰ সহায়ত ১৭১, ১৬২, ৯৯ ফুটৰ গভীৰতালৈ তিনিটা আৰু খাদ খান্দিলে। ইয়াৰ পিচত মাকুম – নামদাং অঞ্চলতো কেইটামান খাদৰ খনন কৰা হয়। ১৮৬৭ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে সেই অঞ্চলত ১১৮ ফুট গভীৰতালৈ খনন কৰা এটা খাদত প্ৰথম বাৰৰ কাৰণে তেলৰ সন্ধান পোৱা হয়। তেলৰ স্তৰ খাদৰ তলীৰ পৰা ৭৪ ফুটলৈকে উঠি আহিছিল। এই খাদটোৰ পৰা ৩০০ গেলন খনিজ তেল উত্পাদন কৰা হৈছিল। তাৰ পিচত খাদটোৰ পৰা উত্পাদন বন্ধ হৈ যায়। মাকুমৰ এই খাদটো আছিল মেকানিকেল পদ্ধতিৰে খনন কৰা এছিয়া মহাদেশৰ প্ৰথমটো খনিজ তেল উত্পাদনকাৰী খাদ। মন কৰিব লগীয়া কথা এয়ে যে বিশ্বৰ প্ৰথমটো খনিজ তেলৰ খাদ খনন হোৱাৰ মাত্ৰ ৮ বছৰ পিচতে অসমত এই খাদটো খন্দা হৈছিল।

ইয়াৰ পিচত ১৮৬৬ – ৬৯ চনৰ কালচোৱাত প্ৰায় আঠটা খাদৰ খনন কৰা হৈছিল। ইয়াৰ ভিতৰত মাকুমৰ এটা খাদত দৈনিক ৪০০ গেলনকৈ কিছুদিন উত্পাদন পোৱা গৈছিল। কিছুমান খাদত কিছু সময় পানী, তাৰ পিচত কিছু সময় তেল এইদৰে এটা নিৰ্দিষ্ট ক্ৰমণিকাত উত্পাদন হৈছিল।

চাবলৈ গ’লে ব্যৱসায়িক লাভৰ বাবে অসমলৈ অহা মি: গুডিনাফ নিজৰ উদ্দেশ্যত সফল হোৱা নাছিল, কিয়নো তেওঁ ব্যৱসায়িক ভিত্তিত লাভজনক ভাৱে খনিজ তেল উত্পাদন কৰিব পৰা নাছিল। ইয়াৰ মূখ্য কাৰণ আছিল সেই সময়ৰ অবিকাশিত পৰিবহন ব্যৱস্থা। বাট পথৰ অবিহনে আধুনিক প্ৰযুক্তিৰ মেচিন অনোৱাত অসুবিধা হৈছিল। তদুপৰি অসমৰ পৰা উদ্ঘাটিত তেলে কলিকতাৰ বজাৰত বাৰ্মাৰ পৰা অহা তেলৰ লগত ফেৰ মাৰিব পৰা নাছিল,  কাৰণ পৰিবহন সমস্যাৰ বাবে অসমৰ তেলৰ উত্পাদন খৰচ বহুত বেছি হৈছিল। এইবোৰ সমস্যা নাথাকিলে মি: গুডিনাফৰ নাম ভাৰতৰ খাৰুৱা তেল উদ্যোগৰ জনক হিচাপে হয়তো সোনালী আখৰেৰে খোদিত হৈ থাকিলহেতেন।

ইয়াৰ পিচত প্ৰায় কুৰি বছৰ কাল নামদাঙৰ ওচৰত কেইটামান কম গভীৰতাৰ খাদৰ বাহিৰে অসমত তৈল উদ্ঘাটনৰ বাবে কোনো বিশেষ প্ৰচেষ্টা চলোৱা হোৱা নাছিল। পিচে এই সময়চোৱাত জিঅ’ল’জিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ তৰফৰ পৰা ব্যাপক ভূ তাত্বিক আৰু খনিজাত পদাৰ্থৰ জৰীপ চলোৱা হৈছিল। ১৮৮০ চনৰ ভিতৰত অসমৰ ভূ তাত্বিক গঠনৰ প্ৰাৰম্ভিক বৈজ্ঞানিক অধ্যয়ন সমাপ্ত হৈছিল।

ঊনবিংশ শতিকাৰ শেষৰ পিনে অসমৰ চাহ, কয়লা, কাঠ আদি সম্পদে বৃটিছ চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। গুডিনাফ চাহাবৰ একাণপতীয়া চেষ্টাত আৱিস্কৃত হোৱা খনিজ তেলৰ অৱস্থিতিয়েও চৰকাৰক অসমৰ বিকাশৰ কাৰণে পদক্ষেপ লবলৈ উত্সাহিত কৰিছিল। সেই সময়ত অসমৰ বনজাত আৰু খনিজ সম্পদ সমূহৰ যথোচিত ব্যৱসায়িক ব্যৱহাৰৰ পথৰ অন্তৰায় হিচাপে ঠিয় দিছিল অবিকাশিত পৰিবহন ব্যৱস্থাই। উন্নত বাট পথৰ অভাৱত চাহ খেতিয়ক সকলে উত্পাদিত চাহ বজাৰলৈ উলিয়াই দিব পৰা নাছিল। চফ্ৰাই কয়লা ভাণ্ডাৰৰ পৰা নদী পথেৰে ৰাওনা হোৱা কয়লা কঢ়িওৱা নাওবোৰ প্ৰায়ে দুৰ্ঘটনাৰ সন্মূখীন হৈছিল। সেইদৰে মাকুম-নামদাং অঞ্চলত আবদ্ধ হৈ ৰৈছিল খনিজ তেল। এই পৰিবহন সমস্যাৰ এক নিৰ্ভৰযোগ্য সমাধান আছিল ৰেল পথ নিৰ্মান। ৰেলপথ নিৰ্মানে কয়লা আৰু কাঠ ব্যৱহাৰ কৰাত সুবিধা কৰি দিয়াৰ উপৰিও চাহ বাগিচা বোৰক স্থানীয় ভাৱে উভৈনদী কয়লাৰ যোগান সূচল কৰাৰ অৱকাশ আছিল।

ৰেলপথ নিৰ্মানৰ কাৰণে চৰকাৰে ১৮৭৮-৭৯ চনত ‘আচাম ৰেইলৱে কোম্পানী’ (Assam Railway Company)  নামৰ কোম্পানী এটাক দ্বায়িত্ব দিছিল। এই কোম্পানীটোৱে ডিব্ৰুগড়ৰ ষ্টিমাৰ ঘাটৰ পৰা শদিয়ালৈকে ৰেলপথ সজাৰ কাম আৰম্ভ কৰিছিল। পিচে এই প্ৰকল্প সফল নহ’ল। সেই সময়ত ৰেল পথ নিৰ্মানৰ বাবে আৱশ্যক হোৱা সকলো সামগ্ৰী ব্ৰহ্মপুত্ৰ নদীয়েদি কলিকতাৰ পৰা সৰবৰাহ কৰিব লগীয়া হৈছিল।

১৯৮১ চনৰ ৩০ জুলাইত লণ্ডনত ‘আচাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানী’ (AR & T Co) টোৰ পঞ্জীয়ন হয়। মূলত: ৰেল পথ নিৰ্মানৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সম্পদ সমূহ পৃথিৱীৰ বজাৰলৈ উলিয়াই নিয়াৰ উদ্দেশ্যেৰেই এই কোম্পানীটো গঠন কৰা হৈছিল। এই কোম্পানীটোৰ অন্যতম প্ৰতিস্থাতা আছিল ডক্তৰ জন বেৰী হোৱাইট। এই বেৰী হোৱাইট চাহাবেই অসমৰ প্ৰথমখন চিকিত্সা মহাবিদ্যালয় ডিব্ৰুগড়ৰ ‘বেৰী হোৱাইট মেডিকেল স্কুল’ৰ জনক, যিখন পৰৱৰ্তী কালত অসম চিকিত্সা মহাবিদ্যালয় হিচাপে প্ৰতিস্থা লাভ কৰে। এই কথা বহুতৰে জ্ঞাত নহয় যে এই বেৰী হোৱাইট চাহাব চালুকীয়া অৱস্থাত অসমৰ তৈল সম্পদ সমূহৰ বিকাশৰ কামত ব্ৰতী আছিল। তেওঁৰ জ্ঞান, অভিজ্ঞতা আৰু দুৰদৰ্শিতাই অসমৰ বুকুত বৈজ্ঞানিক পদ্ধতিত তৈল উত্পাদনৰ প্ৰচেষ্টাত যথেষ্ট বৰঙনি যোগাইছিল। বেৰী হোৱাইট চাহাবৰ প্ৰত্যক্ষ উদগণিতেই বৰবিল আৰু মাকুমৰ তেল নিগৰি থকা অঞ্চল সমূহৰ ওচৰেৰে ৰেল পথ বহুওৱাৰ পৰিকল্পনা কৰা হৈছিল।

১৮৮২ চনত AR & T কোম্পানীটোৱে গুডিনাফ চাহাবে প্ৰচেষ্টা চলোৱা মাকুম – নামদাং অঞ্চলত প্ৰায় ৩০ বৰ্গ মাইলৰ এলেকা এটাত খনিজ তেল উদ্ঘাটনৰ বাবে অনুমতি লাভ কৰে। অৱশ্যে কোম্পানীটোৱে আৰভণিতে মূলত: ৰেলপথ নিৰ্মানৰ কামতে ব্যস্ত থকাৰ কাৰণে ১৮৮৭-৮৮ চন মানতহে খননৰ কাৰণে প্ৰয়োজনীয় আহিলা সমূহৰ যোগাৰ কৰিব পাৰিলে। সকলো যোগাৰ সম্পূৰ্ণ হোৱাৰ পিচত তেওঁলোকে দিহিং নদীৰ দক্ষিণ পাৰে তিনিটা খাদৰ খনন সম্পূৰ্ণ কৰে। অৱশ্যে এই তিনিটা খাদৰ পৰা একো লেখত লবলগীয়া সাফল্য পোৱা নগ’ল।

ৰেল পথ বহুওৱা কামত কোম্পানীৰ এটা কেম্প বৰবিল অঞ্চলত বহুওৱা হৈছিল। এই কেম্পটোৰ বাসিন্দা সকলে মাজে সময়ে  খনিজ তেলৰ গোন্ধ পাই আছিল। কেম্পটোৰ কাষৰ অৰণ্যৰ পৰা এই গোন্ধটো আহিছিল। জনশ্ৰুতি মতে সেই সময়ত অৰণ্যৰ কাটি ৰেল পথ নিৰ্মাণৰ কাৰণে হাতী ব্যৱহাৰ কৰা হৈছিল। এদিন তেনে এটা হাতীৰ ভৰিত খনিজ তেল লাগি অহা দেখা গ’ল। সেই হাতীটো অহা পথটো অনুসৰণ কৰি অৰণ্যৰ মাজলৈ গৈ থাকোঁতে এঠাইত অতি দ্ৰুতগতিত খনিজ তেল নিগৰি ওলাই থকা অঞ্চল এটা আৱিস্কৃত হ’ল। আন এটা জনশ্ৰুতি মতে এঠাইত খাদ্য তৈয়াৰ কৰিবলৈ ৰন্ধা বঢ়া কৰি থকা সময়ত নিগৰি ওলোৱা তেলত জুই লাগি এটা ডাঙৰ অগ্নি কাণ্ড সংঘটিত হয়। যিয়েই নহওক এইবোৰ ঘটনাই কোম্পানীটোক সেই অঞ্চলত তেল উত্পাদনৰ প্ৰচেষ্টা হাতত লবলৈ উত্সাহিত কৰিলে। ১৯৮৮ চনৰ মাৰ্চ মাহত কোম্পানীয়ে খনিজ তেল উত্পাদনৰ বাবে লাইচেন্সৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন জনায়। সেই সময়ৰ অসমৰ চীফ কমিছনাৰে এই আবেদন এই বুলি নাকচ কৰিলে যে খনিজ তেলৰ উত্পাদনৰ প্ৰচেষ্টাত অঞ্চলটোৰ বহুমূলীয়া জৈৱিক সম্পদ আৰু পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা আছে। পিচে কোম্পানীৰ বিষয় ববীয়া সকলে পিচ নুহুকিলে। কাৰণ ইতিমধ্যে খননৰ কাৰণে প্ৰয়োজনীয় আহিলাৰ যোগাৰ হৈ আছিল। তেওঁলোকে বৃটিছ ভাইচৰয় লৰ্ড লেন্সডাউনলৈ এই বুলি এখন স্মাৰক পত্ৰ পঠিয়ালে যে তেওঁলোকে বৰবিল অঞ্চলত খনিজ তেল নিষ্কাষণ আৰু উত্পাদনৰ কাম আৰম্ভ কৰিব আৰু এই সংক্ৰান্তত চৰকাৰৰ সকলো আইন আৰু আদেশ মান্য হ’ব।

এই বৰবিল অঞ্চলতেই ডিগবৈ ১ নং খাদটোৰ জন্ম হৈছিল, যিটো ভাৰতৰ খনিজ তেল উত্পাদনৰ ইতিহাসত এক অবিস্মৰণীয় ঘটনা। সেয়া অন্য এক কাহিনী।

AR & T কোম্পানীৰ নেৰা নেপেৰা প্ৰচেষ্টাৰ ফল স্বৰূপে ১৮৮৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে মাকুম জংচনৰ পৰা মাৰ্ঘেৰিটা অভিমূখে অসমৰ মাটিত প্ৰথমখন ৰেল গাড়ী চলিল। ৰেল পথটো অটব্য অৰণ্যৰ মাজেৰে পাৰ হৈ গৈছিল। সেই পথটো নিৰ্মান কৰিবলৈ কোম্পানীটোৱে যে অহোপুৰুষাৰ্থ কৰিছিল, ইয়াতেই বুজিব পাৰি। এই ৰেল পথটো বৰবিলৰ মাজেৰে পাৰ হৈ গৈছিল, যি ঠাইত হাতীৰ ভৰিত লাগি অহা পদাৰ্থ বিধৰ সন্ধান কৰি খনিজ তেল অহৰহ নিগৰি ওলাই থকা এলেকাটো পোৱা গৈছিল।

১৮৮৮ চনত কোম্পানীৰ সঞ্চালকে বৰবিলৰ সেই ঠাইতে উন্নত পদ্ধতিৰে খনন কাৰ্য্য চলোৱাৰ সিদ্ধান্ত ল’লে। বৰ্তমানৰ ডিগবৈ ৰেল ষ্টেচনৰ উত্তৰ পূব অংশত থকা এই এলেকাটো হাবি জংগলৰ পৰা মুকলি কৰি খননৰ কাৰণে প্ৰস্তুত কৰিবলৈ বহুত সাহসী আৰু কষ্ট সহিঞ্চু মানুহৰ প্ৰয়োজন হৈছিল। বহুদিনৰ পৰা অহৰহ তেল নিগৰি ওলাই থকা বাবে মাটিৰ ওপৰত জমা হোৱা তেল গোট মাৰি টান তৰপ (পাৰাফিন) এটাৰ সৃষ্টি কৰিছিল। এই তৰপটোৰ তলত জমা হৈ থকা তেল খিনি নিষ্কাষণ কৰাই এই খনন প্ৰকল্পটোৰ মূল উদ্দেশ্য আছিল।

এই প্ৰকল্পটোৰ নেতৃত্ব দিছিল ডবলিউ এল লেক (W. L. Lake)  নামৰ এজন অতি উত্সাহী আৰু কৰ্মপটু তেল অনুৰাগী ব্যক্তিয়ে। তেওঁ ভাৰতলৈ আহি প্ৰথমতে বঙ্গ আৰু বিহাৰত মাইকা, এছবেষ্টচ আৰু কয়লাৰ সন্ধানৰ কামত ব্ৰতী আছিল। ১৮৮৪ চনত তেওঁ AR & T কোম্পানীত অসমত ৰেলপথ নিৰ্মান কামৰ বিষয়া হিচাপে যোগদান কৰে। বৰবিল অঞ্চলত অবিৰত গতিত হৈ থকা খনিজ তেলৰ নিৰ্গমন প্ৰত্যক্ষ কৰি তেওঁ খনিজ তেলৰ বাবে খননৰ প্ৰতি আকৃষ্ট হৈ পৰে। তেওঁৰ সহকৰ্মী আৰু ওপৰৱালা সকলক সেই অঞ্চলত অতি সোনকালে খনন আৰম্ভ কৰিবলৈ জোৰ দিলে।

খনন প্ৰকল্পটোৰ অনুমোদন হোৱাৰ পিচত লেক চাহাবে খননৰ বাবে আৱশ্যক হোৱা যন্ত্ৰ পাতি, আহিলা, এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা বইলাৰ, স্থানীয় বনুৱা আদিৰ যোগাৰত ব্যস্ত হৈ পৰিল। গধুৰ যন্ত্ৰ পাতিৰ পৰিবহন কৰিবলৈ হাতীৰ ব্যৱহাৰ কৰা হ’ল। তেলৰ উত্কট গোন্ধৰ কাৰণে সেই অঞ্চলটোৰ ওচৰে পাজৰে মানুহে বসতি পতা নাছিল। ডাঠ হাবি জংগলো এই ক্ষেত্ৰত প্ৰধান অন্তৰায় আছিল। অদম্য সাহসেৰে সকলো বাধা বিঘিনী নেওচি লেক চাহাবে মাকৈ আৰু নাহৰ কাঠেৰে ৬৪ ফুট ওখ খনন কাৰ্য্যৰ মূল সজ্জাটো (ৰিগ) সাজিছিল। ক্ৰমান্বয়ে ১০ ফুট, ৩৬ ফুট আৰু ৬২ ফুটৰ উচ্চতাত থকা তিনিখন অতিৰিক্ত প্লেটফৰ্মে এই অৱৱব টোক ধৰি ৰখাত সহায় কৰিছিল। নাহৰ কাঠেৰেই সাজি উলিয়াইছিল খনন কাৰ্য্যত ব্যৱহাৰ হোৱা ব্লক।

সেই সময়ত ১০” আৰু ১২” এটা চিলিণ্ডাৰ থকা আৰু ৮০ পাউণ্ড প্ৰতি ঘণ ইঞ্চি চাপ উত্পন্ন কৰা ইঞ্জিন ব্যৱহাৰ হোৱা বুলি ঠাৱৰ কৰা হৈছে। কয়লাৰে চলোৱা বয়লাৰ বোৰ এঠাইৰ পৰা আন ঠাইলৈ নিব পৰাকৈ স্থাপন কৰা হৈছিল। বনুৱাবোৰ মূলত: অসমীয়া আৰু বাংলা ভাষী আছিল। এই বনুৱা বোৰ অপৈনত আৰু অসংগঠিত আছিল। খেতি চপোৱাৰ বতৰত কোনো খবৰ নিদিয়াকৈ সিহঁত অন্তৰ্ধান হৈছিল।

এনেবোৰ পৰিস্থিতিৰ মাজতে লেক চাহাবে ১৮৮৯ চনৰ চেপ্তেম্বৰ মাহত এটা খাদৰ খনন আৰম্ভ কৰিছিল। প্ৰায় এমাহ পিচতে ১৮৮৯ চনৰ ১৯ অক্টোবৰত ১৭৮ ফুট গভীৰতাত আশাব্যঞ্জক পৰিমাণৰ তেলৰ সন্ধান পোৱা হৈছিল আৰু খাদটোৰ পৰা সেই তেল উত্পাদন কৰা হৈছিল। পিচে কিছুদিনৰ পিচতে সেই তেলখিনি ঢুকাই থাকিল। এই ঘটনাত বিতত নহৈ লেক চাহাবে আৰু অধিক গভীৰতালৈ খনন চলোৱাৰ নিৰ্দেশ দিলে। তেওঁৰ দৃঢ় বিশ্বাস আছিল যে অধিক গভীৰতাত অধিক পৰিমাণৰ তেলৰ ভাণ্ডাৰ আছে।

সেই সময়ত প্ৰতিকুল পৰিস্থিতিত অধিক গভীৰতালৈ খনন কৰি যোৱাটো সহজ কাম নাছিল। মাহৰ পিচত মাহ শ্ৰম কৰি বিশেষ আশাব্যঞ্জক ফলাফল নেদেখি বনুৱা সকলো নিৰুত্সাহিত হৈ পৰিছিল। জনশ্ৰুতি মতে বনুৱা সকলক উত্সাহিত কৰি ৰাখিবলৈ লেক  চাহাবে উচ্চ কণ্ঠেৰে কৈ আছিল, ‘Dig boy, Dig’। তেওঁৰ এই বাণী বনুৱা সকলৰ কাণত এক মন্ত্ৰৰ দৰে প্ৰতিধ্বনিত হৈছিল। বনুৱা সকলেও লেক চাহাবক অনুসৰণ কৰি এজনে আনজনক উত্সাহ যোগাই একে সুৰত গাইছিল, ‘ডিগ, বই ডিগ’। এই কথাষাৰ মানুহৰ মনত ইমান দ’ কৈ সোমাই গ’ল যে খনন কাৰ্য্য চলি থকা সমগ্ৰ এলেকাটো ডিগবই নামেৰে জনাজাত হ’ল। এয়ে ডিগবৈ নামৰ জন্ম আখ্যান।

অশেষ কষ্ট আৰু আশাশুধীয়া প্ৰচেষ্টাৰ ফলত ১৮৯০ চনৰ নৱম্বৰ মাহত ৬৬২ চন গভীৰতালৈ খনন কৰাৰ পিচত এই খাদটো সম্পূৰ্ণ কৰা হয়। এই খাদৰ পৰা চালুকীয়া অৱস্থাত দৈনিক ২০০ গেলনকৈ খনিজ তেল উত্পাদিত হৈছিল। এইটোৱেই বিখ্যাত ডিগবৈ ৱেল নং ১। এইটোৱভডিগবৈ খাদ নং ১ টো ভাৰতৰ প্ৰথমটো বাণিজ্যিক ভাৱে সফল খনিজ তেলৰ খাদ। এই খাদটো এতিয়া ভাৰতীয় তেল নিগমৰ দ্বাৰা নিৰ্মান কৰা ডিগবৈ শতবাৰ্ষিকী সংগ্ৰহালয়ৰ এটা অংশ।

ডিগবৈৰ এই খাদটোৰ লগতে ভাৰতৰ খনিজ তেল উদ্যোগৰ জন্ম হৈছিল।

ডিগবৈ ৱেল নং ১ - তেতিয়া

ডিগবৈ ৱেল নং ১ -এতিয়া

ডিগবৈ ১ নং খাদৰ সফলতা AR & T কোম্পানীৰ বাবে অতি মহত্ৱপূৰ্ণ সফলতা আছিল। ইতিমধ্যে দুৰ্গম অসমত সফলতাৰে ৰেলপথ নিৰ্মান কৰাৰ গৌৰৱ কোম্পানীটোৱে লাভ কৰিছিল। এই সফলতাত উদ্ধুদ্ধ হৈ তেওঁলোকে  বৰবিলৰ ৰেল ষ্টেচনটো ভাঙি ইতিমধ্যে ডিগবই হিচাপে জনাজাত হোৱা এলেকাটোত এটা ৰেল ষ্টেচন সাজিলে। এইটোৱে আজিকোপতি বৰ্তি থকা ডিগবৈ ৰেল ষ্টেচন।

ডিগবৈ ১ নং খাদটোত আশাতীত সফলতা লাভ কৰিলেও ১৮৯১ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা ডিগবৈ ২ নং খাদটো ৭২০ ফুট খনন কৰাৰ পিচত শুকান বুলি প্ৰমাণিত হয়। এই খাদটো পৰিত্যাগ কৰাৰ পিচত ১৮৯২ চনত ৩ নং খাদটোৰ খনন আৰম্ভ হয়। ৩ নং খাদটোতো আশা ব্যঞ্জক ফলাফল নেদেখি খাদটোৰ অধীক্ষক অভিযন্তা মি: স্লেকে এই খাদটোও হেনো পৰিত্যক্ত বুলি ঘোষণা কৰিবলৈ যো – জা চলাইছিল। তেওঁ নিজৰ ভাতৃক খাদটোৰ কাম চাবলৈ কৈ খাদটো বন্ধ কৰাৰ কাৰণে সা সজুলি গোটাবলৈ মাৰ্ঘেৰিটালৈ গৈছিল। তেওঁ যোৱাৰ পিচত তেওঁৰ ভাতৃয়ে কৰিবলৈ একো নথকাত এনেয়ে ইফাল সিফাল কৰি আছিল। পিচে মহৰ কামোৰ আৰু অনবৰত শুনি থকা ভেকুলীৰ মাতত তেওঁ আতিস্থ হৈ হঠাতে আৰু কেইফুট মান খনন কৰাৰ সিদ্ধান্ত ল’লে। মাত্ৰ কেইফুট মান খনন কৰাৰ পিচতে তেওঁ খনিজ তেলৰ এটা বৃহত ভাণ্ডাৰত উপনীত হ’ল। হঠাতে ভূ গৰ্ভাৰ পৰা বিকট শব্দ কৰি তেল উঠি আহিল। প্ৰায় ৪০ ফুট ওপৰলৈ উঠা তেলৰ ফোঁৱাৰাই তেওঁক আৰু কাম কৰি থকা বনুৱা বোৰক আংশিক ভাৱে বুৰাই পেলালে। সেই খাদটোৰ পৰা প্ৰচুৰ পৰিমানৰ খনিজ তেল উত্পাদিত হ’ল। ইয়াৰ পিচত ডিগবৈ খাদ নং ৪ ৰ পৰাও ৯১০ ফুট গভীৰতাৰ পৰা তেল উত্পাদিত হয়।

এই ধাৰাবাহিক সাফল্যই খৰতকীয়া গতিত আৰু অধিক খাদৰ খনন কৰাবলৈ কোম্পানীটোক উত্সাহিত কৰিলে। ১৮৯৩ চনৰ শেষ ভাগলৈ মুঠতে দহটা খাদৰ পৰা তেলৰ উত্পাদন কৰিব পৰা হৈছিল। চৰকাৰে ডিগবৈ অঞ্চলত আৰু অধিক খনন কাৰ্য্য কৰি যাবলৈ কোম্পানীক অনুমোদন দিলে। উত্পাদন বাঢ়ি যোৱাত এটা শোধনাগাৰ নিৰ্মাণৰ কথাও চিন্তা কৰিবলগীয়া হ’ল। মাৰ্ঘেৰিটাত এটা সৰু শোধনাগাৰ স্থাপন কৰা হ’ল আৰু ডিগবৈৰ পৰা ৰেল যোগে খাৰুৱা তেল এই শোধনাগাৰটোলৈ পঠিওৱাৰ ব্যৱস্থা হ’ল। ১৮৯৪ চনৰ পৰা ৬ বছৰ কাল এই শোধনাগাৰটোত খাৰুৱা তেলৰ প্ৰাথমিক শোধনৰ ব্যৱস্থা কৰা হ’ল।

১৮৯৪ চনত কোম্পানীটোৱে আৰু ১১ টা খাদৰ খনন সম্পূৰ্ণ কৰিলে আৰু আটাইকেইটাৰ পৰাই খনিজ তেল উত্পাদিত হ’ল। সেই সময়ত খননৰ কাৰণে স্থান নিৰ্বাচন কৰোঁতে কোনো ধৰণৰ ভূ তাত্বিক জৰীপ বা আন বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ হোৱা নাছিল। বহুত ক্ষেত্ৰত তেল নিগৰি থকা এলেকা বোৰতে খনন কৰা হৈছিল। অৱশ্যে দুস্প্ৰাপ্য খনিজ তেল উত্পাদনত ধাৰাবাহিক সফলতা লাভ কৰি থকাৰ কাৰণে এই বিষয়ত কোম্পানীটোক কোনেও প্ৰশ্ন কৰা নাছিল। আনকি ১৮৯৮ চনত সেই সময়ৰ অসমৰ চীফ কমিছনাৰ হেনৰী কটন চাহাবে ডিগবৈ তৈলক্ষেত্ৰ প্ৰত্যক্ষ কৰি এই বুলি লিখিছিল যে, ‘চাৰিটা ফোৱাৰাৰ পৰা প্ৰায় ৭০ ফুট উচ্চতালৈ খনিজ তেল নিৰ্গমিত হৈ থকাৰ দৃশ্যটো সঁচাকৈয়ে অতি মনোমোহা’।

ইতিমধ্যে AR & T কোম্পানীৰ বৰমূৰীয়া সকলে অনুভৱ কৰিলে যে খনিজ তেলৰ উত্পাদন এক জটিল আৰু স্বয়ং সম্পূৰ্ণ ব্যৱসায়। এই ব্যৱসায় ৰেলপথ নিৰ্মান, কয়লা উত্পাদন, কাঠ উদ্যোগ আদিৰ লগত একেলগে সাঙুৰিব নোৱাৰি। সেয়ে ডিগবৈ আৰু মাকুম তৈলক্ষেত্ৰখন উচিত ভাৱে বিকাশ আৰু পৰিচালনা কৰিবলৈ এটা সুকীয়া কোম্পানী গঠন কৰাটো দৰকাৰ। এই উদ্দেশ্য লৈয়েই ৩১০০০০ পাউণ্ডৰ মূলধন লৈ ১৮৯৯ চনত ‘আচাম অয়ল কোম্পানী’ (Assam Oil Company) নামৰ এটা সুকীয়া কোম্পানী গঠন কৰা হ’ল। নতুন কোম্পানীটোৰ অধ্যক্ষ আৰু প্ৰৱন্ধক সকল AR & Tকোম্পানীৰ সৈতে একেই থাকিল যদিও এখন সুকীয়া পৰিচালন বোৰ্ড গঠিত হ’ল।

নতুন কোম্পানীটোৱে উত্পাদনক্ষম ১৪ টা খাদ আৰু দৈনিক ২০০০ গেলন তেলৰ উত্পাদন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। এই খিনিতে উল্লেখ কৰিব পাৰি যে সেই সময়লৈ ডিগবৈ তৈলক্ষেত্ৰত খনন কৰা ১৫ টা খাদৰ ভিতৰত ১৪ টাতেই খাৰুৱা তেলৰ উত্পাদন পোৱা হৈছিল। মাত্ৰ এটা খাদ পৰিত্যক্ত হৈছিল, যিটোতো হয়তো অধিক গভীৰতালৈ খনন কৰিলে খনিজ তেল পোৱাৰ সম্ভাৱনা আছিল। এইটো কথা নতুনকৈ গঠিত  হোৱা ‘আচাম অয়ল কোম্পানী’ ৰ অধিসূচনাতো লিপিবদ্ধ আছিল। এই কোম্পানীটো গঠন হোৱাৰ পিচতে ডিগবৈত এটা নতুন আধুনিক শোধনাগাৰ নিৰ্মানৰ কাম আৰম্ভ হয়। ১৯০১ চনত ডিগবৈ শোধনাগাৰ প্ৰতিস্থিত হোৱাৰ পিচত লাহে লাহে মাৰ্ঘেৰিটাৰ শোধনাগাৰৰ কাম কমাই অনা হয়। ১৯০২ চনত মাৰ্ঘেৰিটাৰ সৰু শোধনাগাৰটো বন্ধ হৈ যায় আৰু ডিগবৈ শোধনাগাৰটো সম্পূৰ্ণ ৰূপে কাৰ্য্যক্ষম হৈ উঠে। উল্লেখযোগ্য যে ডিগবৈ শোধনাগাৰটো বৰ্তমান অবিৰত ভাৱে চলি থকা বিশ্বৰ আটাইতকৈ পুৰণি শোধনাগাৰ।

অসমৰ অৰ্থনৈতিক বিকাশত AR & T কোম্পানীৰ লেখত লবলগীয়া অৱদান আছিল। অসমত প্ৰথম ৰেল পথ নিৰ্মান কৰাৰ উপৰিও লিডু, মাৰ্ঘেৰিটা অঞ্চলৰ কয়লা খনি সমূহৰ লগত বৰ্হি বিশ্বৰ সংযোগ স্থাপন, ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহৰ নৌ পৰিবহনৰ বিকাশ, মাৰ্ঘেৰিটা অঞ্চলত কাঠৰ মিল স্থাপন, লিডু অঞ্চলত ইটা ভাটা স্থাপন, মাকুমত চাহ বাগিচা, ফেক্টৰী স্থাপন আৰু ডিগবৈ অঞ্চলৰ খাৰুৱা তেল উদ্ঘাটনৰ জৰিয়তে এই কোম্পানীটোৱে অসমৰ উন্নতিত অপৰিসীম অৰিহনা যোগালে। এনে বিশাল সাফল্যৰ জয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা কোম্পানীটোৰ কাম কাজ চাবলৈ  আহি বৃটিছ ভাইচৰয় লৰ্ড কাৰ্জনে মন্তব্য কৰিছিল, ‘বৃটিছ সাম্ৰাজ্যৰ আটাইতকৈ আকৰ্ষণীয় আৰু মনোমোহা এলেকাটো প্ৰত্যক্ষ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ’। ইয়াৰ পৰাই বুজিব পৰা যায় যে অসমৰ খনিজাত আৰু বনজাত সম্পদ সমূহৰ আৱিস্কাৰ আৰু বিকাশ বৃটিছ সাম্ৰাজ্যৰ কাৰণেও অতি গুৰুত্বপূৰ্ণ আছিল।

১৯০১ চনৰ ডিচেম্বৰ মাহত ডিগবৈ শোধনাগাৰত প্ৰস্তুত কৰা কেৰাচিন তেল প্ৰথম বাৰৰ কাৰণে পৰীক্ষামূলক ভাৱে বজাৰলৈ উলিয়াই দিয়া হয়। এয়াই আছিল ভাৰতৰ মাটিত পোৱা ব্যৱহাৰযোগ্য তেলৰ প্ৰথম উত্পাদন। উত্পাদনক্ষম ডিগবৈ শোধনাগাৰ AR & T কোম্পানীৰ কাৰণে আন এক মাইলৰ খুটি হিচাপে পৰিগণিত হয়।

১৯০৩/০৪ চনত এ বি হকিন্সে আচাম অয়ল কোম্পানীৰ (A O C) মহা প্ৰৱন্ধক ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁ আচাম অয়ল  কোম্পানীৰ মূখ্য কাৰ্য্যালয় ডিগবৈলৈ স্থানান্তৰিত কৰে। এয়া A O C কোম্পানীৰ AR & T  কোম্পানীৰ পৰা পৃথক হোৱাৰ পিনে লোৱা প্ৰথম পদক্ষেপ বুলি কব পৰা যায়, যদিও A O C কোম্পানীৰ অংশীদ্বাৰিত্বৰ সিংহ ভাগ AR & T কোম্পানীৰ হাততে আছিল। হকিন্স চাহাবে অত্যন্ত উত্সাহেৰে A O C ক নতুন ৰূপত প্ৰতিস্থিত কৰিবলৈ দেহে কেহে লাগিল।  অৱশ্যে তেওঁ অনেক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হ’ল। ১৯০৩ চনত এজাক ধুমুহাই ডিগবৈ শোধনাগাৰৰ বিস্তৰ ক্ষতি কৰে। বনুৱা নিয়োগ আৰু বনুৱা বোৰক কামত নিয়োজিত কৰি ৰখাৰ ক্ষেত্ৰতো অনেক সমস্যাৰ সৃষ্টি হ’ল।

আনপিনে ডিগবৈ অঞ্চলত তৈল অন্বেষনৰ কাম নেৰা নেপেৰাকৈ চলি থাকিল। ইতিমধ্যে নতুন প্ৰযুক্তিৰো আগমন হ’ল। আৰম্ভনিৰ খাদ সমূহ পাৰকাচন (Percussion) পদ্ধতিত খনন কৰা হৈছিল যদিও পিচলৈ কেবলৰ সহায়ত খনন কৰা প্ৰথা অৱলম্বন কৰা হয়। ১৯১২ চনত প্ৰথম বাৰৰ কাৰণে উন্নত প্ৰযুক্তিৰ ৰোটাৰী (Rotary) পদ্ধতিত খনন কৰা হয়। ডিগবৈ খাদ নং ৪৭ এনে পদ্ধতিত খনন কৰা প্ৰথমটো খাদ। এই ৰোটাৰী পদ্ধতিৰ খনন আজিকোপতি বিশ্বৰ বিভিন্ন অংশত চলি আছে। দিন যোৱাৰ লগে লগে উন্নত প্ৰযুক্তিৰ প্ৰয়োগ আৰু অভিজ্ঞতা আহৰণৰ বাবে খৰতকীয়া গতিত খনন হ’বলৈ ধৰিলে আৰু তেল উত্পাদনো সেই অনুপাতে বৃদ্ধি পাবলৈ ধৰিলে। ১৯০১ চনত মত্ৰ ৪৩ বেৰেল উত্পাদন কৰা ডিগবৈ তৈলক্ষেত্ৰৰ পৰা ১৯১২ চনত ২৪৭ বেৰেল আৰু ১৯১৭ চনত ৪৩৫ বেৰেললৈকে খনিজ তেলৰ উত্পাদন পাবলৈ সক্ষম হৈছিল।

১৯১৪-১৯১৮ চনৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত খনিজ তেলৰ গুৰুত্ব অধিক বৃদ্ধি পাইছিল। গ্ৰেট বৃটেইন, ফ্ৰান্স আৰু ইটালিয়ে তেওঁলোকৰ প্ৰয়োজনীয় তেল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰি মেক্সিকোৰ পৰা আহৰন কৰিছিল। আনপিনে জাৰ্মানীয়ে ৰোমানিয়াৰ পৰা তেল আহৰন কৰিছিল। পিচে ৰোমানিয়াই যুদ্ধৰ সময়ত তেওঁলোকৰ তৈলক্ষেত্ৰ সমূহ ধ্বংস কৰি পেলোৱাত জাৰ্মানী বিপদৰ সন্মূখীন হৈছিল। সেয়াই হয়তো জাৰ্মানীৰ পৰাজয়ৰ এটা কাৰণ আছিল। বৃটিছ শাসক সকলে অসমৰ তৈলক্ষেত্ৰ সমুহৰ পৰাও অধিক উত্পাদন দাবী কৰিছিল। যুদ্ধ আৰম্ভ হোৱাৰ আগতেই  ১৯০৪ চনত লণ্ডনৰ পৰা লিখা এখন চিঠিত আচাম অয়ল কোম্পানীক এই বুলি সঁকিয়াই দিয়া হৈছিল যে, উত্পাদন তিনিগুণ কৰিব নোৱাৰালৈকে তেওঁলোকে জিৰণি নলৈ খাৱন শোৱন বাদ দি হ’লেও অধিক তেল উত্পাদন কৰিব লাগে। এই খন চিঠিৰ প্ৰতিক্ৰিয়া স্বৰূপে ডিগবৈ অঞ্চলত যুদ্ধকালিন ক্ষিপ্ৰতাৰে খননৰ কাম আৰম্ভ হ’ল। সেই সময়ত ভূ তাত্বিক অধ্যয়ন বা তৈলস্তৰ সমূহৰ ভূ তাত্বিক গঠনৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়াকৈ য’তে ত’তে মাথোন খননৰ কাম কৰা হ’ল। কোম্পানীৰ বিষয়া সকললৈ এই বুলি নিৰ্দেশ দিয়া হ’ল যে, ‘কোন ঠাইত, কিহৰ ভিত্তিত খান্দিছা সেই কথা বোৰ্ডৰ কাৰণে প্ৰয়োজনীয় নহয়। মাথোন খান্দা আৰু খান্দি যোৱা আৰু তেল উত্পাদন কৰা’। সেই সময়ত কোম্পানীৰ বৰমূৰীয়া সকলে ভাবিছিল যে ডিগবৈ তৈলক্ষেত্ৰ প্ৰায় তেলত ওপঙি আছিল আৰু সেয়ে যিকোনো ঠাইত খনন চলালেই তেল পোৱা যাব পাৰে। ব্যয় বহুল ভূ তাত্বিক অধ্যয়নত গুৰুত্ব দিয়া হোৱা নাছিল। ইয়াৰ ফলশ্ৰুতিত কোনো বৈজ্ঞানিক ভিত্তি নোহোৱাকৈ অনেক খাদৰ খনন কৰা হয়। কিছুমানত তেল পোৱা গ’ল, বেছিভাগতে পোৱা নগ’ল। এনে পৰিস্থিতিত ডিগবৈ তৈলক্ষেত্ৰৰ উত্পাদন অৱনমিত হ’বলৈ আৰম্ভ কৰিলে।

উশৃংখল ভাৱে দ্ৰুতগতিত কৰা খনন কাৰ্য্যৰ পৰিনতিত আৰু খননৰ কাৰণে প্ৰয়োজনীয় অভিজ্ঞতাৰ অভাৱত নানান ধৰনৰ ব্যৱহাৰিক সমস্যাই কোম্পানীটোক জুৰুলা কৰিলে। সুৰক্ষাৰ ক্ষেত্ৰটো কিছুমান প্ৰাথমিক নিয়ম মানি নচলাৰ বাবে কিছুমান খাদত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। খাদ নং ৫, ২০, ২১, ২৫ আৰু ২৭ত দুৰ্ঘটনাৰ বাবে বিস্তৰ ক্ষতি হয়। সেই সময়ত ডিগবৈ তৈলক্ষেত্ৰত প্ৰায় ২০ জন খনন অভিযন্তাই কাম কৰিছিল। পিচে তেওঁলোকে নানান সমস্যাৰ সন্মূখীন হোৱাত কানাডাৰ পৰা কেইজন মান অভিজ্ঞ খনন অভিযন্তা অনাৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে তেওঁলোকো বিশেষ সফল হ’ব পৰা নাছিল।

মাৰ্ঘেৰিটাৰ সৰু শোধনাগাৰ টোৰ পৰা ডিগবৈ শোধনাগাৰলৈ শোধন কাৰ্য্য স্থানান্তৰিত কৰাৰ সিদ্ধান্তটোও খৰতকীয়া আছিল। তৈলক্ষেত্ৰৰ উত্পাদন ক্ষমতাৰ প্ৰকৃত উমান পোৱাৰ আগতেই ডিগবৈৰ আপেক্ষিক ভাৱে বৃহত শোধনাগাৰৰ কাম আৰম্ভ হৈছিল। ৰেকৰ্ডৰ পৰা জানিব পৰা মতে ১৯০৪ চনত আচাম অয়ল কোম্পানীয়ে ডিগবৈ শোধনাগাৰৰ নামত ১০০০০০ পাউণ্ড খৰচ কৰিছিল অথচ ইয়াৰ চাৰি ভাগৰ এভাগো তেল অন্বেষণৰ কামত খৰচ কৰা হোৱা নাছিল। কোম্পানীৰ মহা প্ৰৱন্ধক জনৰ কাৰিকৰী ক্ষেত্ৰত জ্ঞান আৰু অভিজ্ঞতা কম আছিল আৰু প্ৰতিটো দুৰ্ঘটনাকে তেওঁ মাথোন ভাগ্যৰ দোষ বুলি ভাবি লৈছিল। দুৰ্ঘটনা বোৰৰ পৰা একো শিক্ষা লোৱা হোৱা নাছিল।

১৯২০ চনলৈ কোম্পানীটোৰ হাতত প্ৰায় ৮০ টা খাদ আছিল আৰু তাৰ পৰা ৩৫০ বেৰেল তেল উত্পাদিত হৈছিল। পিচে প্ৰযুক্তিগত দিশত আৰু বিত্তীয় দিশতো কোম্পানীটোৰ অধোগতি আৰম্ভ হৈছিল। আনহাতে সেই সময়তে পাটকাই পৰ্বতৰ সিপাৰে বাৰ্মা অয়ল কোম্পানীয়ে সুৰমা উপত্যকাত তেওঁলোকৰ খোপনি পুতিবলৈ কুচ কাৱাজ আৰম্ভ কৰিছিল।

সুৰমা উপত্যকাত পনীয়া সোনৰ সন্ধান

অসমৰ ডিগবৈত তেলৰ সন্ধান পোৱাৰ পিচত বহুজাতিক তেল কোম্পানীবোৰে অসমৰ পিনে মনোযোগেৰে চাবলৈ ল’লে। ডিগবৈত হোৱাৰ দৰে সুৰমা উপত্যকাত বদৰপুৰৰ ওচৰে পাজৰে আপোনা আপুনি তেল নিৰ্গমণ হোৱাৰ খবৰ ওলাইছিল। সেই প্ৰাকৃতিক পৰিঘটনাৰ বুজ লবলৈ আৰু সেই ঠাইৰ পৰা খনিজ তেল উত্পাদনৰ সম্ভাৱনীয়াতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ বাৰ্মা অয়ল কোম্পানীৰ (B O C) কিছুমান বিষয় ববীয়া আৰু কৰ্মচাৰী সুৰমা উপত্যকাত পদাৰ্পন কৰিলে। সেই কোম্পানীটোৱে ডিগবৈত পোৱা তৈল ভাণ্ডাৰৰ প্ৰতিও চকু দি আছিল। ১৯১২ চনত B O C ৰ জি ডবলিউ লেপাৰ নামৰ বিষয়া এজনে A O C ৰ কাম কাজৰ ভূ লবলৈ ডিগবৈলৈ গৈছিল। তেওঁক A O C ৰ মহা প্ৰৱন্ধক হকিন্স চাহাবে ডিগবৈ তৈলক্ষেত্ৰৰ কাম কাজ বোৰ নিজে তদাৰক কৰি দেখুওৱাৰ ব্যৱস্থা কৰিছিল। তেওঁ ডিগবৈ তৈলক্ষেত্ৰৰ বিশাল সম্ভাৱনীয়তাত মুগ্ধ হৈছিল, পিচে তৈলক্ষেত্ৰ খনৰ বিকাশ প্ৰক্ৰিয়াটোত সন্তুষ্ট হোৱা নাছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে উজনি অসম আৰু সুৰমা উপত্যকা দুয়ো ঠাইতে তৈলক্ষেত্ৰ বিকাশৰ কাম সুকীয়া সুকীয়াকৈ চলিছিল।

১৯০১ চনতে বদৰপুৰ অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ থকাৰ উমান পোৱা গৈছিল যেতিয়া বদৰপুৰ চাহ বাগিচাৰ মেনেজাৰ ডবলিউ জি ষ্টকাৰে নিজে নিজে তেল নিগৰি ওলাই থকা এটা এলেকাত হাতেৰে খনন কৰা এটা খাদত ১৩০ ফুট গভীৰতাত খনিজ তেলৰ সন্ধান পাইছিল। ১৯১০ চনত তৈল অন্বেষণৰ কাৰণে এটা ছিণ্ডিকেট গঠন কৰা হৈছিল আৰু ১৯১১-১২ চনত প্ৰায় ৭৩০ ফুট গভীৰতালৈ এটা খাদৰ খনন কৰা হৈছিল। এই খাদটো খনন কৰোঁতে চাহ বাগিচাত ব্যৱহৃত ইঞ্জিন, অপৈনত বনুৱাৰ দ্বাৰা নিৰ্মিত এটা ৰিগ আৰু বেৰী নামৰ এজন অষ্ট্ৰেলিয়ান ড্ৰিলাৰৰ অভিজ্ঞতাৰ সহায় লোৱা হৈছিল। এই খাদটোত কিছু পৰিমানৰ খনিজ তেলৰ উপস্থিতিৰ উমান পোৱা হৈছিল আৰু ইয়ে ছিণ্ডিকেটৰ সদস্য সকলক বদৰপুৰ অয়ল কোম্পানী নামৰ এটা কোম্পানী গঠন কৰিবলৈ উত্সাহিত কৰিছিল। পিচে উত্সাহ আৰু অভিজ্ঞতা তথা কৰ্ম কুশলতাৰ অমিলৰ বাবে পিচলৈ খনন কৰা খাদ সমূহত আশানুৰূপ সাফল্য পোৱা হোৱা নাছিল।

১৯১৫ চনত বাৰ্মা অয়ল কোম্পানীয়ে (B O C) বদৰপুৰ অয়ল কোম্পানীৰ লগত মত বিনিময় কৰি বাণিজ্যিক ভাৱে তেল উত্পাদনৰ লক্ষ্য লৈ বদৰপুৰ ভূ তাত্বিক গাঠনিটোৰ ওপৰত উন্নত বৈজ্ঞানিক পদ্ধতিৰ পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে অনুমতি লাভ কৰে। B O C য়ে ইতিমধ্যে ব্ৰহ্মদেশত খনন কৰা কেইটামান খাদৰ অভিজ্ঞতাৰে পুষ্ট হৈ শেহতীয়া প্ৰযুক্তি প্ৰয়োগত সিদ্ধহস্ত বুলি দাবী কৰিছিল। B O C য়ে বদৰপুৰ তৈলক্ষেত্ৰত দ্বায়িত্ব লোৱাৰ পিচতে কেইবাটাও খাদৰ খনন কৰা হয়। ১৯১৫ চনত খনন কৰা ১৭ নং খাদটোত ৬০০ বেৰেল তেলৰ উত্পাদন পোৱা হয়, যিটো সেই সময়ত অতি আশা ব্যঞ্জক উত্পাদন আছিল। ১৯২০ চন মানৰ ভিতৰত বদৰপুৰ তৈলক্ষেত্ৰৰ উত্পাদন ক্ষমতা ১০০০ বেৰেললৈকে বৃদ্ধি হয়।

অৱশ্যে ১৯২০ চনৰ পৰাই এই তৈলক্ষেত্ৰৰ উত্পাদন দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিলে। ১৯২১ চনত উত্পাদন ৩০০ বেৰেল পায়গৈ। ইয়াৰ পিচত প্ৰতি বেৰেল উত্পাদনৰ লগত ৪০ – ৫০ বেৰেল পানীৰ উত্পাদন হ’বলৈ ধৰিলে। খননৰ হাৰো কমি আহিল, ইয়াৰ ফলত এই তৈলক্ষেত্ৰত কাম চলাই যোৱা অৰ্থনৈতিক ভাৱে অসম্ভৱ হৈ পৰিল। এই তৈলক্ষেত্ৰত সৰ্বমুঠ ৬৩ টা খাদৰ খনন কৰা হয় আৰু মুঠ ১,৮৬,৪০০০ বেৰেল খাৰুৱা তেলৰ উত্পাদন হোৱাৰ পিচত ১৯৩৩ চনৰ মাৰ্চ মাহত এই তৈলক্ষেত্ৰ পৰিত্যক্ত ঘোষিত হয়। চাহ বাগিচা এখনৰ এটা চুকত থকা কয়লাৰ ভাণ্ডাৰ এটাৰ বাহিৰে এই তৈলক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ পাতি আহিলা আদিও পুনৰ ব্যৱহাৰৰ অনুপযোগী ঘোষণা কৰা হয়। আনকি অয়ল ক্লাৱৰ লোহাৰ জুমুধিটো ডিগবৈত থকা A O C লৈ পঠিয়াই দিয়া হয়, যিটো পিচলৈ ডিগবৈত ভূ তাত্বিক বিভাগৰ কাৰ্য্যালয়ত পৰিণত হয়।

সুৰমা উপত্যকাৰ বিভিন্ন ঠাইত অৱশ্যে খননৰ কাম চলি থাকিল। কাঞ্চনপুৰ, পথাৰিয়া, মাছিমপুৰ আদি বিভিন্ন ঠাইত প্ৰায় ৩০০০ ফুট গভীৰতালৈ কেইবাটাও খাদৰ খনন কৰা হয়। সেই সময়ত ইমান গভীৰ খাদৰ খনন এক মহান উপলব্ধি আছিল, পিচে এইবোৰত আশা কৰা ধৰণৰ খনিজ তেল পোৱা নগ’ল। এই ঠাই কেইখনৰ ভিতৰত আটাইতকৈ আশাব্যঞ্জক আছিল মাছিমপুৰ অঞ্চলৰ খনন। মাছিমপুৰ খাদ নং ১ প্ৰায় ৩২৪৪ ফুটলৈকে খনন কৰা হৈছিল। পিচলৈ আৰু কেইবাটাও খাদ এই অঞ্চলত খনন কৰা হয়। মাছিমপুৰৰ খাদ কেইটাত ড্ৰিলাৰ সকলে অভাৱনীয় সমস্যাৰ সন্মূখীন হ’বলগীয়া হৈছিল। খনন কাৰ্য্যৰ আনুসঙ্গিক যিমান সমস্যা আছে, যেনে উচ্চ চাপ, সঞ্চালিত তৰলৰ অন্তৰ্ধান আদি সকলোবোৰ যেন এই খাদ কেইটাত আছিল। মাছিমপুৰৰ খাদবোৰত এক আশাৰ ৰেঙনি দেখা গৈছিল যদিও সেয়া চিৰস্থায়ী নহ’ল।

বদৰপুৰ আৰু মাছিমপুৰত আশা কৰা ধৰণৰ সফলতা পোৱা নগ’লেও তৈল অন্বেষণৰ কাম চলি থাকিল। দক্ষিণ দিশত ত্ৰিপুৰা আৰু লুচাই – চিটাগং পাহাৰলৈ আৰু পশ্চিম দিশত চিলেটলৈ তেল বিচৰাৰ কাম আৰম্ভ হ’ল।

সুৰমা উপত্যকাত খনিজ তেলৰ সন্ধান কৰি থকা সময়তে বাৰ্মা অয়ল কোম্পানীয়ে (B O C) সেই সময়ত উজনি অসমত খনিজ তেল উত্পাদন কৰি থকা আচাম অয়ল কোম্পানীৰ (A O C) কাম কাজলৈ দৃষ্টি দিবলৈ আৰম্ভ কৰিলে। ১৯১৯ চনত এই কোম্পানীটোৱে AR & T কোম্পানীৰ হাতত থকা A O C কোম্পানীৰ অংশদ্বাৰিত্ব ক্ৰয় কৰিবলৈ বিচাৰিলে যাতে উজনি অসমৰ তৈলক্ষেত্ৰ সমূহ তেওঁলোকৰ হাতলৈ যায়। সেই সময়ত ডিগবৈ তৈলক্ষেত্ৰৰ সাফল্যই সমগ্ৰ বিশ্বতে তোলপাৰ লগাই আছিল। সেয়ে B O C কোম্পানীয়ে A O C কোম্পানী অধিকাৰ কৰাৰ উদ্দেশ্যে কোম্পানীটোৰ মূল্যায়ন কৰিবলৈ আৰম্ভ কৰিলে। এই সম্পৰ্কে ১৯২০ চনৰ ২৮ অক্টোবৰ  তাৰিখে প্ৰস্তুত কৰা এটা ৰিপোৰ্টত তেওঁলোকে A O C কোম্পানীৰ কাম কাজত কিছুমান গুৰুতৰ গাফিলতিৰ কথা উনুকিয়ালে। সেই গাফিলতি বোৰ আছিল এনে ধৰণৰ – বিশ্বাসযোগ্য বৈজ্ঞানিক ভূ তাত্বিক অধ্যয়নৰ অভাৱ, খাদ সমূহৰ তথ্য সংগ্ৰহ পদ্ধতিৰ গাফিলতি, তথ্য সমূহৰ প্ৰয়োজনীয় সংৰক্ষণ ব্যৱস্থাৰ অভাৱ, প্ৰয়োজনীয় মানুহ আৰু কেঁচা মালৰ অভাৱ, তৈলক্ষেত্ৰ আৰু শোধনাগাৰৰ মাজত তেল সৰবৰাহ পদ্ধতিত তেলৰ লোকচান আদি। আনহাতে একেখন ৰিপোৰ্টতে  A O C কোম্পানীটোৰ খনন কৰ্মী আৰু অভিযন্তা সকলৰ পাৰদৰ্শিতাৰো শলাগ লোৱা হৈছিল। ১৯২০ চনত  E Lake নামৰ ইংৰাজ বিষয়া জনৰ অধীনত থকা খনন বিভাগটোৰ কৰ্মী সকলৰ কৰ্মদক্ষতা আনকি কানাডা বা আমেৰিকাৰ খনন কৰ্মী সকলতকৈও বেছি আছিল।

ৰিপোৰ্ট খনত এই কথাও লিপিবদ্ধ আছিল যে, ডিগবৈ তৈলক্ষেত্ৰৰ সম্ভাৱনা যথেষ্ট উত্সাহজনক আৰু অধিক বৈজ্ঞানিক পদ্ধতি তথা প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা এই তৈলক্ষেত্ৰৰ পৰা বছৰি ১.৭৫ নিযুত মেট্ৰিকটন খনিজ তেল উত্পাদন কৰিব পৰা যায়। উন্নত প্ৰযুক্তিৰে অধিক গভীৰতালৈ খনন কৰিলে এই তৈলক্ষেত্ৰৰ পৰা আৰু অধিক তেল উত্পাদন কৰিব পৰাৰ সম্ভাৱনাৰ বিষয়েও ৰিপোৰ্টত কোৱা হৈছিল। এই ৰিপোৰ্টৰ মূল্যায়নৰ ভিত্তিতে ১৯২১ চনত বাৰ্মা অয়ল কোম্পানীয়ে আচাম অয়ল কোম্পানীটো অধিগ্ৰহণ কৰে।

অধিগ্ৰহণ কৰাৰ পিচতে বাৰ্মা অয়ল কোম্পানীয়ে বৈজ্ঞানিক পদ্ধতিতে ডিগবৈ তৈলক্ষেত্ৰৰ অধ্যয়ন আৰম্ভ কৰে। এই অধ্যয়নৰ ফলশ্ৰুতিত ডিগবৈ তৈলক্ষেত্ৰৰ ভূ তাত্বিক (Geological) গাঠনি আৰু স্থলাকৃতিৰ (Topographic) ১৬” স্কেলৰ মানচিত্ৰ তৈয়াৰ কৰা হয়। তৈলক্ষেত্ৰ খনৰ বৈজ্ঞানিক বিকাশৰ পৰিকাঠামো এইদৰেই সাজু হৈ উঠিছিল। এই অধ্যয়ন বোৰৰ ভিত্তিত খননৰ কাৰ্য্যক্ৰমবোৰ তৈয়াৰ কৰা হৈছিল। নতুন জ্ঞানৰ ভিত্তিত খনন কৰা খাদবোৰৰ পৰা অধিক তেলৰ উত্পাদন কৰাটো সম্ভৱ হৈ উঠিছিল। ১৯২১ চনত ৩৫০ বেৰেল তেল উত্পাদন কৰা ডিগবৈ তৈলক্ষেত্ৰৰ পৰা ১৯২৯ চনত ২১৫০ বেৰেল আৰু ১৯৩৭ চনলৈ ৪৫০০ বেৰেল তেল উত্পাদন কৰাটো সম্ভৱ হৈ উঠিছিল।

প্ৰযুক্তি প্ৰয়োগৰ দিশত লেখত লবলগীয়া সফলতা হৈছে ১৯৩৩ চনত প্ৰথম বাৰৰ কাৰণে বৈদ্যুতিক সংকেট বহনকৰী তাঁৰৰ (wire line) সহায়ত তৈলকুপৰ বিভিন্ন তথ্য পাতি (Well Logs) সংগ্ৰহ ব্যৱস্থাৰ প্ৰৱৰ্তন। মাত্ৰ পাঁচ বছৰ আগতে শ্লামবাৰ্জাৰ ভাতৃদ্বয়ে এতিয়াৰ ফ্ৰান্সৰ আলচাচ তৈলক্ষেত্ৰত এই যুগান্তকাৰী প্ৰযুক্তিৰ প্ৰথম প্ৰয়োগ কৰিছিল। ১৯৩৩ চনৰ ২১ অক্টোবৰ তাৰিখে ডিগবৈ খাদ নং ২৬৯ ত শ্লামবাৰ্জাৰ কোম্পানীৰ অভিযন্তা ৰেমণ্ড চ’ভেজে প্ৰথম ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ প্ৰতিৰোধকতা (Resistivity) নিৰ্ণয় কৰিবলৈ প্ৰথম এই প্ৰযুক্তিৰ প্ৰয়োগ কৰিছিল। এই প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত ভূ গৰ্ভৰ তেল আৰু গেছ বহনকাৰী স্তৰ সমূহৰ বিভিন্ন ভৌতিক ধৰ্মৰ বিষয়ে ধাৰণা কৰিব পৰা হ’ল আৰু এনে স্তৰ সমূহৰ চিনাক্তকৰণ কৰি অধিক দক্ষতাৰে তেল উত্পাদন কৰিব পৰা হ’ল। এনে নতুন প্ৰযুক্তি আৰু জ্ঞানৰ দ্বাৰা প্ৰবুদ্ধ হৈ বাৰ্মা অয়ল কোম্পানীয়ে ডিগবৈ অঞ্চলত প্ৰায় ১০০০ খাদৰ খনন কৰে।

দিপাংকৰ বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate