অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পোহৰৰ বৰ্ণময় ইতিহাস

পোহৰৰ বৰ্ণময় ইতিহাসৰ বিষয়ে লিখা হৈছে ।

একবিংশ শতিকাৰপৰা সাম্প্ৰতিক সময়লৈকে জ্যোতিৰ্বিজ্ঞানৰ গৱেষণাৰ যি অগ্ৰগতি হ’ল, তাৰ যদি ভূ লওঁ তেন্তে আমি জানিব পাৰিম যে এই বিশ্বব্ৰহ্মাণ্ডৰ হাতিপটী তাৰকাৰাজ্যৰ ১০,০০০ কোটি তৰাৰ ভিতৰত এটি ক্ষুদ্ৰ তৰা সূৰ্যক কেন্দ্ৰ কৰি যি সৌৰজগতৰ সৃষ্টি হৈছে সেই সৌৰজগতৰ আটাইতকৈ দৃষ্টিনন্দন গ্ৰহ হ’ল “পৃথিৱী”৷

এই পৃথিৱী নামৰ গ্ৰহটোতহে আমাৰ দৰে জীৱকূলৰ উপস্থিতি তথা বসবাসু সম্ভৱ হৈছে৷ হাতিপটীৰ দৰে আন তাৰকা ৰাজ্যত অন্তৰ্ভূক্ত বা আমাৰ সৌৰজগতৰেই আন আন গ্ৰহবোৰত এনে জীৱকূলৰ অৱস্থিতিৰ কথা বৰেণ্য বিজ্ঞানীসকলে যদিও সম্ভৱ বুলি ক’ব খোজে, তথাপি এতিয়ালৈকে পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা সঠিক সিদ্ধান্তলৈ আহিব পৰা নাই৷

ইয়াৰ বাবে হয়তো আমি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব৷ সি যি কি নহওক আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো জ্যোতিৰ্বিজ্ঞান বা বিশ্বব্ৰহ্মাণ্ড বুলি ক’লে ভুল হ’ব৷ দৰাচলতে বিশ্বব্ৰহ্মাণ্ডত ব্যাপ্ত হৈ থকা এবিধ শক্তিৰ বিষয়হে আলোচনা কৰিবলৈ লোৱা হৈছে৷

যি শক্তিৰ আলেখলেখ পৰ্যবেক্ষণ কৰি, আমাৰ বিজ্ঞানীসকলে নিতৌ ন- ন তথ্য উদ্ঘাটন কৰি আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ পৰিসীমা প্ৰসাৰ কৰি যোৱাত সমৰ্থ হৈছে৷ প্ৰযুক্তিৰে পৰিবেষ্টিত বৈজ্ঞানিক
আহিলাৰ দ্বাৰা দৃশ্যমান হোৱা বিশ্বব্ৰহ্মাণ্ডত ব্যাপ্ত হৈ থকা সেই শক্তিৰ বৈজ্ঞানিক বিশ্লেষণৰ দ্বাৰাহে বহুযোজন দূৰৈত থকা মহাজাগতিক পদাৰ্থবোৰৰ সন্দৰ্ভত সম্যক ধাৰণা এটা পাবলৈ আমাৰ বিজ্ঞানীসকল সক্ষম হৈছে৷

আনহাতে এই শক্তি আমাৰ জীৱকূলৰ বাবেও অতিকৈ প্ৰয়োজনীয় এক উপাদান৷ এই কথা আমি একমুখে স্বীকাৰ কৰিব লাগিব৷ এই শক্তি হ’ল পোহৰ, হয় নিশ্চয়কৈ পোহৰ হ’ল এবিধ শক্তি৷ এই বিধ শক্তিৰ অবিহনে আমাৰ জীৱন ধাৰণ অসম্ভৱ৷

আমাৰ জীৱনৰ মূল চালিকা শক্তি -

ই হ’ল আমাৰ জীৱনৰ মূল চালিকা শক্তি৷ আনহে নালাগে আমি বাস কৰা পৃথিৱী নামৰ গ্ৰহটোৰ মূল চালিকা শক্তি হ’ল প্ৰাকৃতিক ভাৱে সূৰ্যৰ পৰা পোৱা এই পোহৰ৷

সম্প্ৰতি বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ৷ প্ৰাকৃতিকভাৱে পোৱা পোহৰৰ উপৰিও, বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কৃত্ৰিম ভাৱেও পোহৰ সৃষ্টি কৰি সমগ্ৰ মানৱ জাতিটোৰ বিভিন্ন কৰ্মৰাজি সূচাৰুৰূপে সম্পন্ন কৰাৰ লগতে প্ৰগতিৰ দিশে ধাৱমান হ’ব পাৰিছে।

আৰু আজি আমি এনে এক স্থানত উপনীত হৈছোঁহি য’ৰপৰা পোহৰৰ অবিহনে (প্ৰাকৃতিক বা কৃত্ৰিম যি ভাবেই নহওক) আমি এখোজো আগ বাঢ়িব নোৱাৰোঁ৷

গতিকে বিশ্বায়নৰ গুৰিবঠা ধৰোঁতে বিজ্ঞ লোকসকলৰ পৰামৰ্শ সৰোগত কৰি বিশ্বৰ বিভিন্ন দেশসমূহৰ উমৈহতীয়া মঞ্চ ৰাষ্ট্ৰসংঘই ২০১৩ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক সাধাৰণ সভাত ২০১৫ বৰ্ষটো ‘আন্তৰ্জাতিক পোহৰ বৰ্ষ’ হিচাপে উদ্‌যাপন কৰাৰ সিদ্ধান্ত লৈছিল৷

এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত ২০১৫ বৰ্ষটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক পোহৰ বৰ্ষ হিচাপে উদ্‌যাপন কৰা হৈছিল৷ কিন্তু প্ৰশ্ন হ’ল- ৰাষ্ট্ৰসংঘই পোহৰক লৈ এটা সম্পূৰ্ণ বৰ্ষৰ উদ্‌যাপনৰ লেখিয়া সিদ্ধান্ত কিয় ল’ব লগা হৈছিল? ইয়াৰ পোনপটিয়া উত্তৰ-বৈজ্ঞানিক বিপ্লৱৰ জৰিয়তে পোহৰ ভিত্তিক প্ৰযুক্তিৰ উত্তৰণ৷

সম্প্ৰতি আমাৰ জীৱনশৈলী পোহৰ ভিত্তিক প্ৰযুক্তিৰে পৰিবেষ্টিত আৰু ইয়াৰ ভৱিষ্যতে নিৰ্ভৰ কৰিছে এই প্ৰযুক্তিসমূহৰ উদ্ভাৱনৰ সংবহনশীলতাৰ ওপৰত৷ গতিকে সংবহনশীল পোহৰ ভিত্তিক প্ৰযুক্তিৰ উত্তৰণ আৰু প্ৰসাৰণ হ’বলৈ হ’লে এই বিশ্বৰ সমগ্ৰ মানৱ জাতি সজাগ হ’ব লাগিব৷

কম-বেছি পৰিমাণে হ’লেও জানিব লাগিব বহু অতীজৰপৰা বিজ্ঞানীসকলে গৱেষণা কৰি ঠাৱৰ কৰা পোহৰ সম্বন্ধীয় বৈজ্ঞানিক ধাৰণা, আৱিষ্কাৰ কৰা পোহৰৰ পৰিঘটনাসমূহৰ বৈজ্ঞানিক তত্ব, বৈশিষ্ট্য, গুৰুত্ব ইত্যাদি৷

সম্প্ৰতি পোহৰ নামৰ শক্তিবিধৰ ওপৰত আমাৰ যি বৈজ্ঞানিক ধ্যান- ধাৰণা হৈছে সেয়া এদিনতে হোৱা নাই৷

ইতিহাসে কয় যে সুদীৰ্ঘ প্ৰায় ২৫০০ বছৰ ধৰি বহুকেইজন দাৰ্শনিক আৰু বিজ্ঞানীয়ে কৰা গৱেষণা-প্ৰণোদিত কৰ্মৰাজিৰ দ্বাৰাহে পোহৰৰ বিষয়ে আমি কিছু কথা জানিব পাৰিছোঁ৷

গতিকে পোহৰৰ গুৰুত্ব, বৈশিষ্ট্য, ধৰ্ম, পোহৰভিত্তিক প্ৰযুক্তি ইত্যাদি সন্দৰ্ভত গোলকীয়ভাৱে জনমানসত এক সজাগতাৰ সৃষ্টি কৰিবলৈহে ৰাষ্ট্ৰসংঘই এনে এক সিদ্ধান্ত ল’বলগা হৈছিল বুলি থোৰতে ক’ব পাৰি৷

পোহৰৰ প্ৰকৃতি সম্পৰ্কে ধ্যান-ধাৰণা আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব প্ৰায় ৫০০ বছৰ আগতে৷ সেইখিনি
সময়ক বিজ্ঞানৰ যুগ বুলি কোৱাতকৈ দৰ্শনৰ যুগ বুলি ক’লেহে ভাল হয়৷ সেই সময়ত গ্ৰীকসকল দৰ্শনৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল গ্ৰীক সভ্যতাৰ কেইবাগৰাকীও পুৰোধা দাৰ্শনিক, বিজ্ঞানীয়ে পোহৰ আৰু আমাৰ দৃষ্টিশক্তি ইত্যাদিৰ বিষয়ে প্ৰভূত চিন্তা-চৰ্চা কৰি মতামত আগবঢ়াইছিল৷

সেইসকলৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব দাৰ্শনিক তথা অংকবিদ ‘পাইথাগোৰাছ’ৰ৷ তেওঁ খ্ৰীষ্টপূৰ্ব ৫০০ বছৰৰ আগতেই মতামত আগ বঢ়াইছিল যে পোহৰ হ’ল কণাসদৃশ বস্তুৰ সমষ্টি আৰু এই কণাসমূহ যেতিয়া আমাৰ চকুৰ ভিতৰত সোমায়, তেতিয়া অনুভূতিৰ জাগ্ৰত হয় আৰু আমি দেখা পাওঁ৷

আনহাতে খ্ৰীষ্টপূৰ্ব ৩৪৭ চনতে ‘প্লেটো’ৱে ক’লে যে পোহৰ হ’ল আমাৰ চকুৰ ভিতৰতে সৃষ্টি হোৱা এক ৰশ্মি। যেতিয়া সেই ৰশ্মি আমাৰ চকুৰ পৰা ওলাই গৈ কোনো পাৰ্থিব বস্তুৰ ওপৰত পৰে তেতিয়া আমি দেখা পাওঁ৷

খ্ৰীষ্টপূৰ্ব ৩২২ চনত দাৰ্শনিক এৰিষ্টটোলে ক’লে যে পোহৰ হ’ল এবিধ তৰংগ৷ পুখুৰী এটাত শিল এটা পেলাই দিলে পানীৰ উপৰিভাগত শক্তিৰ যি হেন্দোলনিৰ সৃষ্টি হয় তেনে ধৰণৰ এক তৰংগ৷

আকৌ ইউক্লিয়ড-এ এৰিষ্টটোলৰ ধাৰণাটোক পুনৰ প্ৰতিষ্ঠা কৰি ক’লে যে এই তৰংগ সৰল ৰৈখিক গতিৰে গতি কৰে, আৰু তেওঁ জ্যামিতিৰ সহায়েৰে পোহৰৰ গতিপথ অধ্যয়ন কৰাৰো চেষ্টা কৰিছিল৷

আনহাতে খ্ৰীষ্টপূৰ্ব ১৫০ চনত ‘হিৰ অৱ আলেকজেন্দ্ৰিয়া’ই প্ৰথমবাৰৰ বাবে পোহৰৰ ‘প্ৰতিফলন’ পৰিঘটনা আৱিষ্কাৰ কৰি মতামত আগ বঢ়ালে৷ তাৰ পাছত সুদীৰ্ঘ ৩২০ বছৰৰ মূৰত, অৰ্থাৎ ১৭০ খ্ৰীষ্টাব্দত ক্লডিয়াছ টলৈমিয়ে (তেখেত এজন জ্যোতিৰ্বিদো আছিল) কেনেকৈ এটা মাধ্যমৰপৰা আন এটা মাধ্যমলৈ গতি কৰোতে পোহৰৰ গতিবেগ সলনি হয় তাক পৰীক্ষাৰ দ্বাৰা প্ৰতিষ্ঠা কৰি গণনা কৰাৰ চেষ্টা কৰে৷

দাৰ্শনিক দৃষ্টিৰে পোহৰক অধ্যয়ন কৰাৰ চেষ্টা অব্যাহত থাকিল৷ প্ৰায় দহটা শতিকা পাৰ হল, কিন্তু পোহৰৰ প্ৰকৃতি সম্পৰ্কে লব্ধ প্ৰতিষ্ঠ ধাৰণা এটা পাবলৈ দাৰ্শনিকসকল সমৰ্থ নহ’ল৷

দশম শতিকাত আৰবত জন্ম গ্ৰহণ কৰা ‘ইবন আল-হাথিম’ নামৰ এজন বিজ্ঞানীয়ে বৈজ্ঞানিক আহিলাৰে পোহৰৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলালে, আৰু বহু বছৰৰ গৱেষণাৰ অন্তত ১০১৫ খ্ৰীষ্টাব্দত তেওঁ “কিতাপ আল মান্‌জিৰ” নামৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পৰিপুষ্ট পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় এখন গ্ৰন্থ প্ৰণয়ন কৰিলে৷

সাতটা খণ্ডত বিভক্ত এই কিতাপখন পাছলৈ ‘The book of optics’ নামেৰে জনাজাত হৈছিল৷ এই কিতাপখনৰ জৰিয়তে তেওঁ পোহৰৰ কিছু পৰিঘটনা যেনে – প্ৰতিফলন, প্ৰতিসৰণ, বিচ্ছুৰণ, ছাঁয়া, ৰামধেনু, গ্ৰহণ ইত্যাদিৰ বিষয়ে পোন প্ৰথমবাৰৰ বাবে বৈজ্ঞানিক বিশ্লেষণ আগ বঢ়াবলৈ সক্ষম হৈছিল৷

তেওঁ পোহৰ সম্বন্ধীয় এনে কিছুমান মৌলিক কথা তাত সন্নিবিষ্ট কৰিছিল যিসমূহে সেই সময়ৰ পোহৰ সম্বন্ধীয় চিন্তা-চৰ্চাৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী পথ প্ৰদৰ্শনৰ কাম কৰিছিল৷ যিহেতু তেওঁ সেই কথাবাৰ আৱিষ্কাৰ কৰাৰ মূল ভেটি হ’ল বিভিন্ন ধৰণৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, গতিকে সেই সময়ৰ পৰা আজিৰ সাম্প্ৰতিক সময়লৈ পোহৰ সম্বন্ধীয় কথাবোৰক একেলগ কৰি ‘আলোক বিজ্ঞান’ বা ‘পোহৰ বিজ্ঞান’ বলি সামৰিব পাৰি৷

কিন্তু হাথিমৰ আগৰ কালছোৱাৰ কামখিনিক আমি পোহৰ সম্বন্ধীয় দাৰ্শনিক চিন্তাধাৰা বুলি কোৱা উচিত হ’ব কাৰণ তাত বৈজ্ঞানিক আহিলাৰে কৰা পৰ্যবেক্ষণৰ পৰিবৰ্তে দৰ্শনৰ প্ৰভাৱহে বেছিকৈ আছিল৷ পোহৰ সম্বন্ধীয় বৈপ্লৱিক চিন্তা ধাৰাক গ্ৰন্থ হিচাপে প্ৰণয়ন কৰা হাথিমে তেতিয়াই কৈছিল যে প্ৰকৃতিৰ সত্যক ভালকৈ জানিবলৈ হ’লে নিজাববীয়াকৈ কিছু পৰীক্ষা নিৰীক্ষা কৰি পৰ্যবেক্ষণ কৰা উচিত৷

গতিকে এই জন প্ৰসিদ্ধ লোকক আমি দাৰ্শনিক বুলি নকৈ আলোক বিজ্ঞানী বুলি ক’ম, যিজন পোহৰ সম্বন্ধীয় বৈজ্ঞানিক চিন্তাধাৰাৰ বাটকটীয়া আছিল৷

আনহাতে মধ্যযুগৰ আৰবৰ এই বিজ্ঞানীজনে প্ৰনয়ণ কৰা কিতাপখনে আমাৰ পৰিচিত বহুকেইজন বিজ্ঞানী যেনে, ৰজাৰ বেকন, লিঅ’নাৰ্ডো দ্যা ভিন্সি, গেলিলিও আদিৰ মনক প্ৰভাৱান্বিত কৰি নতুন চিন্তাৰ দিশ মুকলি কৰিছিল৷

২০১৫ বৰ্ষত এইজনা প্ৰসিদ্ধ বিজ্ঞানীৰ বৰ্ণিল কৰ্মৰাজিৰ ফচল “কিতাব-আল মান্‌জিৰ” প্ৰনয়ণৰ এহেজাৰ বছৰ সম্পূৰ্ণ হৈছে৷ গতিকে ৰাষ্ট্ৰসংঘই মূলতঃ এই বিজ্ঞানীজনাৰ বৈপ্লৱিক কৰ্মৰাজিৰ সহস্ৰ বাৰ্ষিকী উদ্‌যাপন কৰি লগতে তেওঁৰ পোহৰ সম্পৰ্কীয় গৱেষণাৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বৰ জনমানসত তেওঁক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি ২০১৫ বৰ্ষটো আন্তৰ্জাতিক আলোক বৰ্ষ হিচাপে উদ্‌যাপন কৰাৰ সিদ্ধান্ত লৈছিল৷

পোহৰৰ গতি, প্ৰকৃতি বৈশিষ্ট্য ইত্যাদি সম্পৰ্কে বিজ্ঞানীসকলৰ চিন্তা-চৰ্চাৰ ইতিহাস বৰ দীঘলীয়া৷ ১০১৫ বৰ্ষৰ পাছৰপৰা আৰু প্ৰায় সাতটামান শতিকা পাৰ হৈ গ’ল৷ বহুকেইজন বিজ্ঞানীয়ে বহু গৱেষণা কৰিলে, মতামত আগ বঢ়ালে; কিন্তু পোহৰৰ প্ৰকৃতি সম্পৰ্কে বিতংকৈ কোনেও এটা সঠিক সিদ্ধান্ত আগবঢ়াবলৈ সক্ষম নহ’ল৷

পোহৰ আচলতে কি?

পোহৰ আচলতে কি? ই এক ৰশ্মি, তৰঙ্গ নে শক্তিসম্পন্ন কণা- এই লৈ বহুতো জল্পনা কল্পনাৰ মাজত পোহৰৰ সত্বাটো সংপৃক্ত হৈ থাকিল৷

কিন্তু সেই সময়তে বিজ্ঞানীসকলে পোহৰৰ ওপৰত যি কিছু বৈজ্ঞানিক তথ্য আহৰণ কৰিছিল সেইসমূহৰ সুপ্ৰয়াগ কৰি পোহৰ সম্বন্ধীয় কিছু আহিলা, যেনে- অবতল, উত্তল লেন্স, কেমেৰা, পৰিবৰ্ধক লেন্স আদি উদ্ভাৱন কৰাত সক্ষম হ’ল আৰু সেইসমূহে মানৱ জাতিৰ জীৱন ধাৰণৰ গতি প্ৰকৃতি লাহে- লাহে সলনি কৰিবলৈ ধৰিলে৷

আনহাতে, ১৮ শতিকাত বহুকেইজন বিজ্ঞানীৰ কৰ্মৰাজিয়ে মানৱ জাতিৰ প্ৰগতিৰ ক্ষেত্ৰত বৰঙনি আগবঢ়ালে৷ তেওঁলোকৰ প্ৰত্যেকৰে উদ্দেশ্য আছিল পোহৰৰ প্ৰকৃতি সম্বন্ধে অধ্যয়ন কৰা৷ সেই বিজ্ঞানীসকলৰ ভিতৰত অন্যতম আছিল চাৰ আইজাক নিউটন৷

নিউটনে বৈজ্ঞানিকভাৱে বহু পৰীক্ষা নিৰীক্ষা কৰি ১৭০৪ চনত পোহৰৰ প্ৰকৃতি সম্বন্ধীয় ‘Opticks’ নামৰ এখন গ্ৰন্থ প্ৰণয়ন কৰিলে৷ সেই কিতাপখনৰ জৰিয়তে তেওঁ পোহৰৰ কণাতত্ব প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিলে৷

কণাতত্ব অনুসৰি তেওঁ ক’লে যে পোহৰ উৎসৰপৰা (সূৰ্য, বাল্ব, জুই, মম ইত্যাদি) অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা হৈ অতি বেগেৰে নিৰ্গত হৈ যেতিয়া আমাৰ চকুত পৰে তেতিয়া আমি পোহৰ দেখা পাও৷ কিন্তু তেওঁৰ কণাতত্ব সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা নহ’ল৷

এই তত্ব বিফল হোৱাৰ অন্যতম কাৰণ আছিল যে এই তত্ব অনুসৰি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বাদে অন্যান্য পৰিঘটনাবোৰৰ ব্যাখ্যা দাঙি ধৰিব নোৱাৰি৷ আনফালে সেই তত্বত আন এটা ধাৰণা পোষণ কৰিছিল যে- পোহৰে ঘন মাধ্যমৰ মাজেৰে যেতিয়া গতি কৰে তেতিয়া পোহৰৰ গতিবেগ বাঢ়ে৷

কিন্তু ১৮৫০ চনত ফকাল্ট নামৰ এজন বিজ্ঞানীৰ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ হয় যে- আচলতে ঘন মাধ্যমৰ মাজেৰে পোহৰ পাৰ হ’লে পোহৰৰ গতিবেগ কমেহে৷

গ্ৰীক দাৰ্শনিকসকলৰ মতবাদৰ পৰা আৰম্ভ কৰি প্ৰায় ১৮ শতিকালৈ পোহৰৰ প্ৰকৃতি সম্বন্ধীয় যি চিন্তা-চৰ্চা চলিল, তাৰ মূল হিচাপে এটা কথাই প্ৰতিষ্ঠিত হ’ল যে পোহৰ হ’ল এবিধ ৰশ্মি৷ এই ৰশ্মিয়ে জ্যামিতিৰ সূত্ৰসমূহ মানি চলে আৰু সেই ৰশ্মিসমূহে মানি চলা জ্যামিতিৰ সূত্ৰসমূহৰদ্বাৰা প্ৰতিফলন আৰু প্ৰতিসৰণৰ দৰে পৰিঘটনাসমূহ বিশ্লেষণ কৰিব পাৰি৷

এই ধাৰণাৰ ফলত বহুকেইটা গুৰুত্বপূৰ্ণ পোহৰ সম্বন্ধীয় আহিলাৰ উদ্ভাৱন হ’ল৷ সেইসমূহৰ ভিতৰত ঘাইকৈ প্ৰিজম্, লেন্স, আইনা, অণুবীক্ষণ যন্ত্ৰ, দূৰবীক্ষণ যন্ত্ৰ ইত্যাদি উল্লেখযোগ্য৷ এইসমূহ আহিলাৰ উদ্ভাৱনে বিজ্ঞানৰ কেইবাটাও দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই সমাজখন প্ৰগতিৰ দিশত উত্তৰণ ঘটালে৷ কিন্তু তেতিয়ালৈও পোহৰৰ প্ৰকৃতি অনিশ্চয়তাৰ মাজত বুৰ গৈ থাকিল৷

সৌ শতিকাটোতে নিউটনৰ সমান্তৰালভাৱে এজন প্ৰসিদ্ধ পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেনে এটা নতুন মতবাদ আগবঢ়ালে৷ তেওঁ ক’লে যে পোহৰ হ’ল এবিধ তৰঙ্গ৷

পোহৰে ৰশ্মি হিচাবে নহয়, তৰঙ্গ হিচাবেহে গতি কৰে৷ ১৮১৫ চনত পোহৰৰ অপৱৰ্তন পৰিঘটনা ব্যাখ্যা কৰিবলৈ আগষ্টাইন জাঁ ফ্ৰেনেলে হাইজেনৰ পোহৰৰ তৰঙ্গ ধৰ্মিতাৰ মতবাদৰ সহায় লয়৷

তেওঁৰ গৱেষণালব্ধ জ্ঞানে তৰঙ্গ ধৰ্মিতাৰ তত্বক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত সহায় কৰিলে৷ আনহাতে সকলোকে আচৰিত কৰি ১৮৭৩ চনত জেমছ মেক্সৱেলে এটা মতবাদ আগবঢ়ালে যে পোহৰে কেৱল তৰঙ্গ হিচাপেই গতি নকৰে বৰঞ্চ গতি পথত ই বিদ্যুৎ আৰু চুম্বকীয় ধৰ্মও দেখুৱায়৷

তেতিয়া প্ৰতিষ্ঠা হ’ল যে- পোহৰ এবিধ বিদ্যুৎ- চুম্বকীয় তৰঙ্গ, যি তৰঙ্গ গতি কৰিবলৈ কোনো মাধ্যমৰ প্ৰয়োজন নহয়৷ একো নাহোৱা অৱস্থাতো, অৰ্থাৎ মহাশূন্যতো এই পোহৰে গতি কৰিব পাৰে৷ এই সন্দৰ্ভত তেওঁ কেইটামান গাণিতিক সূত্ৰও আগবঢ়ালে আৰু সেই সূত্ৰৰ সুপ্ৰয়াগ কৰি পোহৰৰ গতিবেগৰ মান নিৰূপণ কৰিবলৈ বিজ্ঞানীসকল সক্ষম হ’ল৷

সেই গাণিতিক সূত্ৰকেইটাই বিদ্যুৎ ক্ষেত্ৰ, চুম্বক ক্ষেত্ৰ আৰু পোহৰৰ প্ৰকৃতিৰ গাণিতিক বৰ্ণনা দিয়াৰ লগতে এই কথাও প্ৰতিপন্ন কৰিলে যে পোহৰ আৰু পোহৰৰ উৎসৰ পৰা হোৱা বিকিৰণবাৰে চুম্বকক্ষেত্ৰ আৰু বিদ্যুৎ ক্ষেত্ৰৰ দোলন হিচাবে গতি কৰে৷

আনহাতে অন্য এজন ইংৰাজ বিজ্ঞানী থমাছ ইয়ঙ, যিজনে মানুহৰ চকুৰ বিষয়ে গৱেষণা কৰিছিল, তেওঁ আগষ্টাইন ফ্ৰেনেলৰ স’তে লগ লাগি পোহৰৰ আন এটা পৰিঘটনা ‘সমাবৰ্তন’ (Interference) আৱিষ্কাৰ কৰিলে আৰু মেক্সৱেলৰ বিদ্যুৎ সম্পৰ্কীয় তৰঙ্গধৰ্মী মতবাদৰ জৰিয়তে পৰিঘটনাটোৰ গাণিতিক ব্যাখ্যা আগবঢ়াব পাৰিলে লগতে পৰীক্ষাটোত ব্যৱহাৰ হোৱা পোহৰ তৰঙ্গ দৈৰ্ঘ্য্যৰ মান নিৰূপণ কৰি দেখুৱালে৷

গতিকে থমাছ ইয়ঙক পোহৰৰ তৰঙ্গ ধৰ্মী তত্ত্বৰ প্ৰতিষ্ঠাপক বুলি জনা যায়৷ সেইছোৱা সময় আছিল ১৮০১ চনৰ পৰা ১৮১৮ চন, অৰ্থাৎ ১৯ শতিকাৰ প্ৰথম-দ্বিতীয় দশক৷ থমাছ ইয়ঙৰ
গাণিতিক ব্যাখ্যা তথা সূত্ৰৰ সফল প্ৰয়াগৰদ্বাৰা তেতিয়ালৈকে আৱিষ্কাৰ কৰা পোহৰৰ সকলাবোৰ
পৰিঘটনাৰ সঠিকভাৱে বৈজ্ঞানিক বিশ্লেষণ কৰিব পৰা গ’ল আৰু তেতিয়া পোহৰ সম্বন্ধীয় বহুকেইটা আহিলা যেনে- ইণ্টাৰফেৰমিটাৰ (Interferometer), দিফ্ৰেক্টমিটাৰ (Defractometer), পলাৰিমিটাৰ (Polarimeter) ইত্যাদিৰ উদ্ভাৱন হ’ল আৰু সেইবোৰ বিভিন্ন দিশত প্ৰয়োগ কৰা হ’ল৷

প্ৰথমটো ইণ্টাৰফেমিটাৰ ১৮৮১ চনত মাইকেলচন আৰু ম’ৰ্লেই উদ্ভাৱন কৰিছিল আৰু সেয়ে তেওঁলোকক ১৯০৭ চনত পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছিল৷ খ্ৰীঃপূঃ ৫০০ বছৰৰ
পৰা ১৯ শতিকাৰ শেষ দশকলৈ পোহৰৰ প্ৰকৃতিৰ সন্দৰ্ভত যি দৰ্শন, বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা, গবেষণা অব্যাহত আছিল, সেই সকলোবোৰৰপৰা পোহৰৰ গতি- বিধি সম্বন্ধে এটা মতবাদ প্ৰতিষ্ঠা হ’ল যে পোহৰে বিদ্যুৎ চুম্বকীয় তৰঙ্গ হিচাবে গতি কৰে৷

আৰু এই মতবাদ বা তত্বৰদ্বাৰা পোহৰৰ সকলোবোৰ পৰিঘটনাৰ বৈজ্ঞানিক বিশ্লেষণ কৰিব পৰা হ’ল আৰু পোহৰৰ প্ৰকৃতি, গতিবিধি ইত্যাদি সম্পৰ্কে কৰা গৱেষণা ওৰ পৰিল বুলি সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে৷ কিন্তু অথন্তৰ লাগিল তেতিয়াহে, যেতিয়া বিশ্ব বিখ্যাত পদাৰ্থবিদ এলবাৰ্ট আইনষ্টাইনে ‘আলোক বিদ্যুৎ পৰিঘটনা’ (Photoelectric Effect) আৱিষ্কাৰ কৰিলে৷

তেওঁ এই পৰিঘটনাটোৰ গাণিতিক ব্যাখ্যা তৰঙ্গ তত্বৰদ্বাৰা বিশ্লেষণ কৰাত সক্ষম নহ’ল৷ গতিকে পোহৰৰ প্ৰকৃতি সম্পৰ্কে পুনৰ চিন্তা- চৰ্চা আৰম্ভ হ’ল আৰু সেই সময়ৰ গৱেষণালব্ধ অধ্যয়নত আইনষ্টাইনকে আদি কৰি মেক্সপ্লাংক (১৯০০ চন), নীল ব’ৰ (১৯১৩ চন) ইত্যাদি বিজ্ঞানীয়ে আগভাগ লয়৷

এলবাৰ্ট আইনষ্টাইনে ১৯০৫ চনত পোহৰৰ প্ৰকৃতি সম্পৰ্কে কেইটামান যুগান্তকাৰী ধাৰণা আগবঢ়ায়, যিসমূহে কেৱল আলোক বিজ্ঞানৰ ক্ষেত্ৰতে নহয় জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনতো এক বৈপ্লৱিক সূচনাৰ সৃষ্টি কৰিলে৷ তেওঁ আলোক বিদ্যুৎ পৰিঘটনাৰ সাপেক্ষে গাণিতিক ব্যাখ্যাৰে ক’লে যে পোহৰে নিৰ্দিষ্ট শক্তিযুক্ত কণা হিচাবে গতি কৰে, তৰঙ্গ হিচাবে নহয়৷

সেই শক্তিসম্পন্ন কণাসমূহক তেওঁ ’ফটন’ (Photon) নামেৰে অভিহিত কৰে৷ আৰু এটা ফটন কণাত থকা শক্তিৰ পৰিমাণো তেওঁ গাণিতিক ভাৱে নিৰূপণ কৰিবলৈ সক্ষম হয়৷ এই শক্তিৰ পৰিমাণ মুখ্যতঃ কণাটোৰ কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে৷ সেই কম্পনাংক আকৌ পোহৰৰ গতিবোৰ ওপৰত নিৰ্ভৰ কৰে৷

তেওঁ ক’লে যে শূন্যত পোহৰৰ গতিবেগ ধ্ৰুৱক৷ অদ্বিতীয় একো বস্তু নাই, যি পোহৰতকৈ বেছি গতিবেগেৰে গতি কৰিব পাৰে আৰু এই বেগ পোহৰ উৎসৰ বেগ বা পৰ্যবেক্ষকৰ বেগৰ ওপৰত নিৰ্ভৰ কৰে৷ এইসমূহ ধাৰণাক তেওঁ একমুঠ কৰি পোহৰৰ ‘কোৱাণ্টাম তত্ব’ (Quantum Theory) বুলি প্ৰতিষ্ঠা কৰে৷

আৰু সেয়েহে এলবাৰ্ট আইনষ্টাইনক আলোক বিদ্যুৎ পৰিঘটনাৰ আৱিষ্কাৰ তথা সঠিক গাণিতিক ব্যাখ্যা আগ বঢ়োৱাৰ বাবে তেওঁক পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাৰে বিভূষিত কৰা হয়৷ সেই সময়ছোৱাত, অৰ্থাৎ ১৯০৫ চনৰ পৰা ১৯১৫ চনলৈ আইনষ্টাইনে আৰু দুটা বৰ চমকপ্ৰদ তত্ব আগবঢ়ালে, যি কেইটা তত্বৰ বিষয়ে এতিয়াও বিভিন্ন বাদানুবাদৰ অৱসান ঘটা নাই৷

তেওঁ ‘বিশেষ আপেক্ষিকতা’ আৰু ‘সাধাৰণ আপেক্ষিকতা’ নামৰ পদাৰ্থ বিজ্ঞানৰ দুটা মতবাদ আগবঢ়ালে৷ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ গাণিতিক ব্যাখ্যাই পোহৰ শক্তিক মহাকৰ্ষণ শক্তিৰ লগত সংযুক্ত কৰিলে৷ সেই তত্ব অনুসৰি অতি বেগী পোহৰৰ মহাকৰ্ষণৰ কবলত পৰি গতিপথৰ বিচ্যুতি ঘটিব পাৰে৷ সেই সময় আছিল দ্বিতীয় মহাসমৰৰ সময়৷

তেতিয়া বিশ্বৰ পদাৰ্থ বিজ্ঞানীসকলে এনেধৰণে গাণিতিক ব্যাখ্যাৰে দিয়া কথাবোৰ গ্ৰহণ কৰাত হোঁহকা- পিছলা কৰিছিল৷ অৱশ্যে তাৰ অন্য এটা কাৰণো আছিল৷ সেয়া হ’ল আইনষ্টাইন আছিল এজন ইহুদী লোক৷

গতিকে মুষ্টিমেয় বিজ্ঞানীসকলে এই মতবাদক পোনচাটেই নাকচ কৰিছিল, কিন্তু বৃটিছ বিজ্ঞানী তথা বিজ্ঞান জনপ্ৰিয়কৰণৰ হোতা আৰ্থাৰ এডিংটনে কথাটো অলপ সুকীয়াকৈ বিবেচনা কৰিলে৷

তেওঁ ১৯৭৫ চনত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত পৰীক্ষা কৰি প্ৰমাণ কৰিলে যে কোনো এক প্ৰকাণ্ড ভৰৰ পদাৰ্থৰ কাষেৰে যেতিয়া পোহৰ পাৰ হৈ আহে, তেতিয়া সেই পদাৰ্থ আৰু পোহৰৰ মহাকৰ্ষণৰ ফলত পোহৰৰ গতিপথৰ বিচ্যুতি ঘটাটো সম্ভৱ আৰু তেওঁ সেই পৰীক্ষাৰ জৰিয়তে গণনা কৰি পোৱা বিচ্যুতিৰ পৰিমাণ আইনষ্টাইনে গাণিতিক ভাৱে দিয়া পৰিমাণৰ সৈতে প্ৰায় সমান৷ লগে- লগে সমগ্ৰ বিশ্বতে এক প্ৰবল জোকাৰণিৰ সৃষ্টি হ’ল৷

সাধাৰণ আপেক্ষিকতাবাদ তত্বৰ গ্ৰহণযোগ্যতাৰ প্ৰতি সকলোৱেই সহমতত উপনীত হ’ল৷ লগতে এই তত্বৰদ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ গঢ়, গতি, প্ৰকৃতি ইত্যাদিৰ বিষয়ে আৰু ভালকৈ জনাত সহায় হ’ল৷

সি যি কি নহওক, আলোক বিদ্যুৎ পৰিঘটনাটোনো কি? কোনো এক ধাতুৰ পৃষ্ঠত যদি পোহৰ পৰিবলৈ দিয়া হয় তেন্তে তাত বিদ্যুৎ আধানৰ সৃষ্টি হয়৷ এই পৰিঘটনাটোক আলোক বিদ্যুৎ পৰিঘটনা বোলা হয়৷ অৰ্থাৎ পোহৰৰদ্বাৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি৷

বা আমি কথাটো এনেকৈয়ো ক’ব পাৰোঁ যে পোহৰ শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনত ধাতু পৃষ্ঠই সহায় কৰে৷ কেনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ দ্বাৰা এই কাম সম্পন্ন হয় ইয়াক ব্যাখ্যা কৰিবৰ সময়ত যদি পোহৰক মেক্সৱেলে প্ৰতিষ্ঠা কৰাৰ দৰে বিদ্যুৎ চুম্বকীয় তৰঙ্গ হিচাবে ধৰা হয় তেন্তে আলোক বিদ্যুৎ পৰিঘটনাৰ বৈজ্ঞানিক ব্যাখ্যা দিব নোৱাৰি৷

যদি পোহৰক শক্তিৰ সৰু- সৰু কণাসদৃশ বস্তুৰ (ফটন কণা) সমষ্টি বুলি ধৰি লোৱা হয় তেন্তে পৰিঘটনাটো ব্যাখ্যা কৰা সহজ৷ তদুপৰি এই পৰিঘটনাৰ লগত সাঙোৰ খাই থকা অন্যান্য আনুসঙ্গিক পৰিঘটনাবোৰৰো ব্যাখ্যা কৰিব পাৰি৷

গতিকে এলবাৰ্ট আইনষ্টাইনক আলোক বিদ্যুৎ পৰিঘটনাৰ নিপুণ গাণিতিক ব্যাখ্যা দিব পৰা কাৰণে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাৰে বিভূষিত কৰা হৈছিল৷

অৱশ্যে তেওঁ সেই পৰিঘটনাটো ব্যাখ্যা কৰিবলৈ মেক্স প্লাংক নামৰ এজন জাৰ্মান বিজ্ঞানীয়ে প্ৰতিষ্ঠা কৰা পোহৰ সম্বন্ধীয় তত্বৰ সহায় লৈছিল৷ সেই তত্ব হ’ল, পোহৰৰ কোৱাণ্টাম তত্ব (Quantum Theory of Light) মেক্স প্লাংকে মত পোষণ কৰিছিল যে পোহৰে আচলতে বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ পৰিৱৰ্তে একো একোটা ক্ষুদ্ৰ শক্তিসম্পন্ন কণা হিচাবেহে গতি কৰে৷

এই শক্তি কণিকাবোৰৰ নাম যেনিবা আইনষ্টাইনে দিলে যে সেইবিলাকক ফটন কণা বুলি ক’ব পৰা যায়৷ গতিকে মেক্স প্লাংকক পোহৰৰ কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে জনা যায়৷

সি যি কি নহওক, বিজ্ঞানীসকল পুনৰ আচৰিত হ’ল৷ কাৰণ একেবিধ শক্তিৰ কেতিয়াবা তৰঙ্গ হিচাপে প্ৰকাশ ঘটে আৰু কেতিয়াবা কণা হিচাপে৷ কাৰণ কিছুমান পৰিঘটনাৰ ব্যাখ্যা দিবলৈ হ’লে পোহৰক বিদ্যুৎ চুম্বকীয় তৰঙ্গ হিচাবে ধৰিব লগা হয়; আকৌ আন কিছুমান পৰিঘটনাৰ বাবে পোহৰক শক্তিসম্পন্ন কণা হিচাবে ধৰিব লগা হয়৷ ই কি কথা!

একেটা বস্তুৰে দুটা ধৰ্ম বা দুটা বৈশিষ্ট্যগত প্ৰকৃতি৷ বহু জল্পনা-কল্পনাৰ অন্তত সকলোৱে একমতত উপনীত হ’ল যে- পোহৰে আচলতে দুয়োটা ধৰ্মকে দেখুৱায়, কেতিয়াবা তৰঙ্গ আৰু কেতিয়াবা কণা হিচাপে৷ এই কথা কেনেকৈ সম্ভৱ কোনেও ক’ব পৰা নাই৷

আজিও এই ৰহস্যৰ উদ্ঘাটনৰ বাবে সন্ধান অব্যাহত আছে৷ সি যি কি নহওক, সাম্প্ৰতিক সময়লৈ পোহৰ সম্পৰ্কে প্ৰতিষ্ঠা হোৱা ধাৰণাটো হ’ল যে পোহৰ এবিধ শক্তি, এই পোহৰৰ গতিবেগ কল্পনাতীত৷ এক ছেকেণ্ডত ৩ লাখ কিল’মিটাৰ দূৰত্ব গতি কৰিব পাৰে আৰু পোহৰ হ’ল দ্বৈত ধৰ্ম বিশিষ্ট শক্তি, কেতিয়াবা তৰঙ্গ, কেতিয়াবা কণা৷

এতিয়াও পোহৰৰ বৈজ্ঞানিক সত্বাটো অনিশ্চয়তাৰ মাজতে বুৰ গৈ আছে৷ হয়তো অনাগত দিনত পোহৰে আমাক আৰু বহু কথাই ক’ব পাৰে৷

ওৰেটো জীৱন নিতৌ থাওকতে পোৱা পোহৰ নামৰ শক্তিবিধৰ কিমান যে কথা! এই পোহৰ আমাৰ জীৱনৰ অবিচ্ছেদ্য অঙ্গস্বৰূপ৷ প্ৰাকৃতিক হওক বা কৃত্ৰিমভাৱেই হওক এই পোহৰৰ অবিহনে
আমি নিগমে মৰিব লাগিব৷

এতিয়া আমাৰ জীৱনশৈলী ফটন ভিত্তিক প্ৰযুক্তিৰ (Photonic Technology) দ্বাৰা পৰিচালিত আৰু পৰিবেষ্টিত৷ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰি থকা পোহৰ উৎপন্ন কৰিব পৰা আহিলাসমূহ যেনে- LED, CFL, LASER, SOLAR CELL, ইত্যাদিবোৰ এই ফটন ভিত্তিক প্ৰযুক্তিৰে ফচল৷

গতিকে খ্ৰীঃপূঃ ৫০০ বছৰৰ আগৰ পৰা দৰ্শনৰ জৰিয়তে পোহৰৰ ওপৰত চিন্তা-চৰ্চাৰ পাতনি মেলি সুদীৰ্ঘ ২৫০০ বছৰৰ অন্তত আজিৰ বিজ্ঞানীসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণ ঘটাই সমগ্ৰ বিশ্ববাসীক ফটন ভিত্তিক প্ৰযুক্তিৰ অংশীদাৰ কৰালে৷ আমি আজি এনে এটা অৱস্থাত উপনীত হ’লোঁহি যত এই শক্তি আৰু এই প্ৰযুক্তিৰ বাদে কোনো বিকল্প নাই৷ কিন্তু ইয়াৰ ভৱিষ্যত নিৰ্ভৰ কৰিব এনে প্ৰযুক্তিৰ সংবহনশীলতাৰ ওপৰত৷

সংবহনশীল পোহৰ ভিত্তিক প্ৰযুক্তিৰ উদ্ভাৱন তেতিয়াহে হ’ব যেতিয়া আমি সজাগ হ’ম, চৰ্চা কৰিম আৰু গৱেষণা কৰিম৷ এই চৰ্চা কেৱল বিজ্ঞানীসকলে কৰি থাকিলেই হ’বনে! এই ক্ষেত্ৰত আপোনাৰ, মোৰ বা তেওঁৰ কৰ্তব্য কি হোৱা উচিত? সঁচাকৈয়ে ইতিহাসে কিমান যে কথা কৈ যায় – বৰ্তমানক সাৱলীলভাৱে জানিবলৈ হ’লে ইতিহাস অধ্যয়ন কৰাৰ গত্যন্তৰ নাই৷

লেখক: ড° প্ৰণৱজ্যোতি চেতিয়া(সাহিত্য.অৰ্গ)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top