অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌৰ কোষ

সৌৰ কোষ কি?

সৌৰ কোষ হ’ল এনে এবিধ আহিলা যি বিধে সূৰ্য্যৰ পোহৰ-বিভক্ৰিয়াৰ যোগেৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে। এই কোষসমূহে সূৰ্য্যৰ পোহৰৰ শক্তি সংগ্ৰহ কৰি ক্ষমতা অনুযায়ী নিৰ্দিষ্ট পৰিমাণৰ শক্তিক বিদ্যুৎলৈ পৰিৱৰ্তন কৰে।

পোহৰ-বিভৱ বা ফটো ভল্টিক শব্দটো গ্ৰীক শব্দ “ফচ” আৰু :ভল্টেইক” শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল পোহৰ আৰু বিদ্যুৎ। ইটালিৰ পদাৰ্থ বিজ্ঞানী আলেক চান্দ্ৰো ভল্টাৰ নামতেই এই শব্দ দুটা ৰখা হৈছে য’ৰ পৰা বিদ্যুতৰ একক ভল্টৰ নামকৰণো কৰা হৈছে। ১৮৪৯ চনৰ পৰা ফটো ভল্টিক নামটো  ইংৰাজী ভাষাত ব্যৱহাৰ কৰা হয়। ১৮৮৮ চনত পোনপ্ৰথম বাৰৰ বাবে ৰাছিয়াৰ পদাৰ্থ বিজ্ঞানী আলেকজেণ্ডাৰ ছল্ট টভে প্ৰথম ফটো ভল্টিক কোষ প্ৰস্তুত কৰি উলিয়ায়। চাৰ এলবাৰ্ট আইনষ্টাইনে ১৯০৫ চনত ফটো ইলেক্ট্ৰিক এফেক্টৰ ব্যাখ্যা দাঙি ধৰে আৰু ইয়াৰ বাবেই তেখেতে ১৯২১ চনত পদাৰ্থ বিজ্ঞানৰ ন’বেল পুৰষ্কাৰ লাভ কৰে। ১৯৪৬ চনত ৰাচেল ওহল নামৰ বিজ্ঞানীজনে বৰ্তমান প্ৰচলিত আধুনিক অৰ্ধপৰিবাহী সৌৰ কোষৰ পেটেন্ট কৰে।

সৌৰ কোষৰ প্ৰয়োগসমূহ

সৌৰ কোষসমূহক এটা সময়ৰ বিৰতিত বৈদ্যুতিকভাৱে সংযোগ কৰা হয় আৰু এটা বৰ্তনীত আৱদ্ধ কৰা হয়। এইটোক মডিউল বোলা হয়। এনে মডিউলবোৰত এটাফালে সাধাৰণতে আইনাৰ প্ৰলেপ থাকে (যিফালৰ পৰা সূৰ্য্যৰ ৰশ্মি আহে)। এই আইনাৰ প্ৰলেপে অৰ্ধ পৰিবাহী এই মডিউলসমূহক বতাহ বৰষুণ আৰু বাহ্যিক ক্ষতিৰ পৰা ৰক্ষা কৰে। এনেকুৱা একোটাকৈ মডিউল সমান্তৰালভাৱে সংযুক্ত কৰা হয়। যাৰ ফলত নিৰিখ অনুযায়ী আমি বিদ্যুৎ পাব পাৰোঁ। সমান্তৰাল ভাৱে সংযোগ কৰা এই সৌৰকোষৰ মডিউলবিলাকে এক উচ্চ মাত্ৰাৰ বৈদ্যুতিক তৰংগ প্ৰদান কৰে।

ব্যৱহাৰিকভাৱে সূৰ্য্যৰ পোহৰৰ পৰা পোৱা এই শক্তিক এক মাধ্যমৰ যোগেৰে বৈদ্যুতিক প্ৰৱাহৰ লগত যুক্ত কৰা হয় আৰু এটা বিশেষ বৰ্তনীৰ মাজেৰে একোটা বেটাৰীলৈ যোগান ধৰা হয় য’ত এই বৈদ্যুতিক শক্তিক সঞ্চয় কৰি ৰাখিব পৰা যায়।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate