অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌৰশক্তিৰে উজলিছে বৰলাহৰ কৃষক

সৌৰশক্তিৰে উজলিছে বৰলাহৰ কৃষক

বৰষুণ কম আছিল যদিও যোৱাটো শালিৰ বতৰত সোণগুটি ভালদৰেই চপাইছিল বৰলাহৰ কৃষক অৰুণ চন্দ্ৰ দাসে। পথাৰত পানীৰ অভাৱ নোহোৱা বাবেই চাৰি বছৰৰ মূৰত শালি ধান ভঁৰালত সুমুৱাব পাৰিলে ক্ষুদ্ৰ খেতিয়কজনে। সময়ত বৰষুণ নহ’লেও পানীৰ অভাৱ নহয়, সেই আশা লৈয়েই এইবাৰো তেওঁ এবিঘা মাটিত বড়ো ধানৰ খেতি আৰম্ভ কৰিছে। কামৰূপ জিলাৰ শুৱালকুছিৰ সমীপৱৰ্তী বৰলাহৰ সোণেস্বৰ দাস, বিৰিঞ্চি ডেকা, হৰকান্ত দাসকে ধৰি আৰু কেইবাজনো কৃষক সাজু হৈছে বড়ো খেতিৰ বাবে। কোনোবাই যদি কঠীয়া ৰুইছে, অন্য কোনোবাই হাল-কোৰ মাৰি মাটিডৰা সাজু কৰিছে। বৰলাহ জোনাকী পথাৰ পৰিচালনা সমিতিৰ সদস্যসকল নিশ্চিত-বৰষুণ কম হ’লেও এইবাৰ তেওঁলোকৰ বড়ো খেতি ভাল হ’ব। ইয়াৰ প্ৰধান কাৰণটোৱেই হ’ল-তেওঁলোকৰ পথাৰৰ ওচৰতে থকা সৌৰশক্তি চালিত জলসিঞ্চন কেন্দ্ৰটো (গভীৰ নলীনাদ আঁচনি)। এই কেন্দ্ৰটোৱে ২০১৩ বৰ্ষৰ জুলাই মাহৰ পৰা কৃষকক সেৱা আগবঢ়াই আছে। পথাৰ পৰিচালনা সমিতিৰ সম্পাদক বিৰিঞ্চি ডেকাই জনালে- ‘সৌৰশক্তি চালিত জলসিঞ্চন কেন্দ্ৰটোৰ বাবেই যোৱাবাৰ আমাৰ পথাৰত আমি আশা কৰাতকৈ বহু বেছি ধান পাইছো’। বৰষুণ কম আছিল যদিও আমাৰ ক্ষতি নহ’ল। এইবাৰো সেই আশা লৈয়েই পথাৰত নামিছে কৃষকসকল’। পথাৰতে লগ পোৱা কৃষক ডেকাই সদৰি কৰা মতে-সম্প্ৰতি কেন্দ্ৰটোৱে ২৬ ঘৰ কৃষকৰ ৩৫ বিঘা মাটিত জলসিঞ্চনৰ সুবিধা দিছে। কিন্তু বিভাগে যদি আৰু ৪০০ মিটাৰ পকী নলাৰ ব্যৱস্থা কৰে, তেন্তে অন্য ২০০ ৰ পৰা ৩০০ বিঘাত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যাব। ৰাইজে তাৰ বাবে বিভাগৰ ওচৰত দাবী জনাইছে। বৰলাহৰ এই সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্প জলসিঞ্চন বিভাগৰ গুৱাহাটী পশ্চিম সংমণ্ডল (জল)ৰ অন্তৰ্গত

অৰুণ চন্দ্ৰ দাসে এবিঘা মাটিত শালি খেতি কৰিছিল। তাৰে আধা বিঘাত বাইচমুঠি আৰু আধা বিঘাত হাইব্ৰীড জাত এৰাইজ কৰিছিল। বাইচমুঠি ৮ মোন পালে আৰু এৰাইজ ১৪ মোন। পথাৰত কাম কৰি আছিল দাস। আমি মাতিলত খন্তেকৰ বাবে কাম বাদ দি আহি আমাৰ সৈতে কথা পাতিলে-

‘ইমান ধান কাহানিও পোৱা নাছিলোঁ। মোৰ আৰু এবিঘা মাটি আছে। তাতো অলপ পাইছোঁ। গোটেইখিনি মিলাই ৪ জনীয়া পৰিয়ালটোৰ বছৰটো চলি যাব।’ তেওঁৰ বৰ্তমানৰ জলসিঞ্চনৰ সুবিধা পোৱা মাটিখিনি ওখ। সেয়ে বৰষুণ পৰ্য্যাপ্ত পৰিমাণে হ’লেও প্ৰায় আধাবিঘা মাটিত ধান চপাবই নোৱাৰে। যোৱা তিনি-চাৰি বছৰে সেয়াই হৈ আছে বুলি জনালে কৃষকজনে। প্ৰথমবাৰৰ বাবে হাইব্ৰীড ধানৰ খেতি কৰিছে দাসে। কৃষক সোণেশ্বৰ দাসে জনালে-‘এই ধানৰ চাউলৰ সোৱাদ অলপ কম’। কৃষকসকলৰ সৈতে কথা পাতি থাকোতে লগ পাইছিলো গ্ৰামসেৱক গোবিন্দ দাসক। গ্ৰামসেৱক দাসৰ তথ্য মতে-‘বৰলাহ এলেকাত প্ৰায় ৫০০ বিঘা মাটিত বড়ো খেতি কৰা হয়।’ তাৰে ৫০ শতাংশত এইবাৰ পি এছ চি ৩৫৭ জাতৰ হাইব্ৰীড জাতেৰে খেতিয়কে বড়ো খেতি কৰিছে।‘ দাসৰ মন্তব্য-‘হাইব্ৰীড কৰিলেও আমি কৃষকসকলক থলুৱা জাতৰ ধানো কৰিবলৈ পৰামৰ্শ দিওঁ। হাইব্ৰীড কৰিলেও বেছি সাৰ দিবলৈ মানা কৰিছোঁ। গোবৰ, জাৱৰ দিবলৈ পৰামৰ্শ দিছোঁ।’ কৃষক হৰকান্ত দাসে ভাবে- যদিহে জলসিঞ্চন বিভাগে নতুনকৈ পকী নলাৰ ব্যৱস্থা কৰে, তেন্তে সৌৰশক্তি চালিত কেন্দ্ৰটোৰ জৰিয়তে পানী পোৱা অঞ্চলত দাসৰ ডেৰ বিঘা মাটি আছে। তাত এইবাৰ শালি খেতি কৰি তেওঁ ১৪ মোন ধান পাইছে। তেওঁ ক’লে-‘শালিৰ বতৰত পূৰ্বে ইমান ধান পোৱাৰ কথা ভাবিবই নোৱাৰি। যোৱা কেইবছৰমানৰ পৰা বৰষুণৰ প্ৰকৃতি বহুত সলনি হৈছে। বৰষুণৰ ওপৰত ভৰসা কৰিব নোৱাৰা হৈ আহিছে।’ ২ বিঘা মাটিত বড়ো খেতিৰ বাবে প্ৰস্তুতি চলোৱা বিৰিঞ্চি ডেকাৰো মন্তব্য-‘আগতে ফাগুন-চ’ত মাহত বৰষুণ আহিছিল। এতিয়া ব’হাগতো নাহে। বতৰৰ পৰিৱৰ্তন হৈছে। তাৰ প্ৰভাৱ পৰিছে কৃষিকাৰ্য্যত।’ সৌৰশক্তি চালিত জলসিঞ্চন কেন্দ্ৰটো হোৱাৰ পূৰ্বে সেই স্থানতে ডিজেল চালিত জলসিঞ্চন কেন্দ্ৰ আছিল। মাজতে প্ৰায় দুবছৰ ডিজেল চালিত কেন্দ্ৰটো বন্ধ হৈ আছিল। কৃষকসকলে জনোৱা মতে, ডিজেল চালিত কেন্দ্ৰটো চলি থকা সময়ত বড়ো খেতিৰ বাবে এজন খেতিয়কে এবিঘা মাটিৰ বিপৰীতে ৬০০-৭০০ টকাৰ ডিজেল ক্ৰয় কৰিব লাগিছিল। ডিজেলৰ দাম বঢ়া বাবে এতিয়া সেই মূল্য এহেজাৰ টকা হ’লহেতেন। কিন্তু সৌৰশক্তি চালিত কেন্দ্ৰটো হোৱা বাবে খেতিয়কসকল উপকৃত হ’ল। কৃষকসকলে এতিয়া বিনামূলীয়াকৈ পথাৰত পানী পাইছে। কেন্দ্ৰটোত বৰ্তমান চাৰিজন কৰ্মচাৰী আছে। দীনেশ কলিতা আৰু ডিম্বেশ্বৰ বৈশ্য নামৰ কৰ্মচাৰী দুজনে জনোৱা মতে- ‘আঘোণৰ পৰা মাঘৰ ১৫ তাৰিখ পৰ্য্যন্ত ৰ’দৰ উত্তাপ কম থাকে বাবে পানী তুলিব নোৱাৰি। গৰম দিনতহে ভালদৰে পানী তুলিব পাৰি। সেয়ে ঠাণ্ডা দিনত কৃষকে খেতি কৰিলে আমি সৌৰশক্তিৰে পানী দিব নোৱাৰোঁ’। এই অসুবিধাৰ বাবে অঞ্চলটোৰ কেইবাজনো কৃষকে সৰিয়হৰ খেতি কৰিছিল যদিও ভাল ফচল নাপালে। এতিয়া প্ৰতিদিনে চাৰি-পাঁচ ঘৰ মানুহৰ খেতি পথাৰত পানী দিয়া হয়। কৃষকসকলে তেওঁলোকৰ সুবিধা মতে পাল পাতি পানী লয়। গুৱাহাটী পশ্চিম সংমণ্ডলৰ ছেকচনেল অফিচাৰ প্ৰদীপ ডেকাই জনোৱা মতে-‘বৰ্তমান বিনামূলীয়াকৈ পানী যোগান ধৰি থকা হৈছে। বৰ্তমান যিমান কৃষকক পানী যোগান ধৰি থকা হৈছে, তাতকৈ অধিক কৃষকক পানী দিয়াৰ বিষয়টোও বিভাগীয়ভাৱে চিন্তা কৰা হ’ব বুলি জনালে বিষয়াজনে। ঠাণ্ডা দিনত পানী উত্তোলন কৰিব নোৱাৰি। কাৰণ সূৰ্য্যৰ উত্তাপ কম বাবে পানী উত্তোলনৰ মেচিন চলাবৰ বাবে প্ৰয়োজনীয় সৌৰ বিদ্যুৎ উৎপন্ন নহয়। ৰাইজে এই সমস্যাটো সমাধান কৰাৰ বাবেও বিভাগৰ ওচৰত আবেদন জনাইছে। জলসিঞ্চন বিভাগৰ গুৱাহাটী (ভড়াল) উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দেৱ কুমাৰ চৌধুৰীয়ে জনালে-ৰ’দ নোলোৱা দিনত কৃষকক কিদৰে সকাহ দিব পাৰি সেয়া চিন্তা কৰি আছোঁ। মূলত: খৰাঙৰ সময়ত, বৰষুণ কম হোৱা সময়ত যাতে কৃষকে সকাহ পায়, তাৰ প্ৰতি বিশেষ নজৰ দিছোঁ। প্ৰকল্পটোত সমুদায় খৰছ হৈছে ৪০.৫ লাখ টকা। চৌধুৰীয়ে জনোৱা মতে-‘সৌৰ প্লেটকেইখনৰ পৰা ১৫ অশ্বশক্তিৰ মেচিন চলোৱাৰ জোখাৰে সৌৰশক্তি উৎপন্ন হয়’।

লিখকৰ নাম: অৰূপ শাণ্ডিল্য

শেহতীয়া উন্নীতকৰণ: : 5/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate