অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শক্তিৰ ৰূপ

পানী

বোৱতী পানী আৰু সাগৰৰ ঢৌক শক্তিৰ উত্স ৰূপে গণ্য কৰা হয় ৷ জল শক্তিয়ে 2005 চনত মুঠ উপভোগ্য শক্তিৰ 26% অৰিহণা যোগাইছে ৷ বৃহত্ প্ৰকল্পসমূহত বৃহত্ বিনিয়োগ কৰা হয় ৷ শেহতীয়াকৈ, জল শক্তিৰ দ্বাৰা সৰু আৰু ক্ষুদ্ৰ জল শক্তি পৰিযোজনাতৰ দ্বাৰা বিজুলী ব্যৱস্থা নথকা দূৰবৰ্তী গাঁওসমূহলৈ বিজুলী শক্তি যোগান ধৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছে ৷ আমাৰ দেশত প্ৰয়োজনীয় ক্ষুদ্ৰ জল শক্তিৰ পৰিমাণ হৈছে 15,000 মেগাৱাট ৷ অন্তিম 10-12 বছৰত, ক্ষুদ্ৰ জল পৰিযোজনাৰ সক্ষমতা 3 মেগাৱাটৰ পৰা বৃদ্ধি পাই 63 মেগাৱাটৰ পৰা 240 মেগাৱাটলৈ 4 অংশ বৃদ্ধি পাইছে ৷ 25 মেগাৱাট ষ্টেচন সক্ষমতাৰে 1423 মেগাৱাট ক্ষমতাসম্পন্ন 420 টা ক্ষুদ্ৰ হাইড্ৰ’পাৱাৰ প্ৰকল্পৰ স্থাপন কৰা হৈছে আৰু 187 টা 521 মেগাৱাট ক্ষমতা সম্পন্ন প্ৰকল্প স্থাপন কৰি থকা হৈছে

ভূতাপীয় শক্তি

ভূতাপীয় মানে হৈছে ভূ ভাগৰ পৰা তাপ উত্পন্ন কৰা ৷ প্ৰকৃতিত বিদ্যমান উষ্ম জল স্ৰোত ভূতাপীয় শক্তিৰ উত্সৰ উপস্থিতিক সূচায় ৷ ভাৰতবৰ্ষত 300 টা উষ্ম জল স্ৰোত আছে আৰু এনেধৰণৰ শক্তিক এতিয়াও প্ৰাপ্ত কৰিবলৈ বাকী আছে

নিউক্লিয়েৰ শক্তি

নিউক্লিয়েৰ শক্তি হৈছে এনে এক শক্তি যি প্ৰতিটো পৰমাণুতে নিহিত হৈ থাকে ৷ নিউক্লিয়েৰ শক্তিক ফিউজন (সংযুক্ত পৰমাণু) বা ফিজিয়ন (পৰমাণুক বিভাজিত কৰি) প্ৰক্ৰিয়াৰ মাজেৰে উত্পাদন কৰিব পাৰি ৷ ফিজিয়ন প্ৰকিয়াক ব্যাপক ৰূপত ব্যৱহাৰ কৰা হয়

ইউৰেনিয়াম হৈছে মূল কেঁচাসামগ্ৰী ৷ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ইউৰেনিয়াম খান্দি উলিওৱা হয় ৷ ইয়াক সংশোধন কৰি ( সমৃদ্ধ ইউৰেনিয়াম ৰেডিঅ’ এক্টিভ আইচ’টপ প্ৰাপ্ত কৰিবৰ বাবে) ক্ষুদ্ৰ পেলেটত ৰখা হয় ৷ এই পেলেটসমূহক দীঘল ৰডত লোড কৰি ৰখা হয় আৰু ইয়াক পাৱাৰ প্লেণ্ট ৰিয়েকটৰত সুমুৱাই ৰখা হয় ৷ পৰমাণু শক্তিৰ প্লেণ্টৰ ৰিয়েকটৰৰ ভিতৰত, ইউৰেনিয়ামক পৰমাণু নিয়ন্ত্ৰিত শৃংখলা অভিক্ৰিয়া (কন্ট্ৰ’ল চেইন ৰিয়েকশ্বন) ৰ দ্বাৰা বিভাজিত কৰা হয় ৷ বিখণ্ডিত হোৱা উপাদানসমূহত প্লুট’নিয়াম আৰু থৰিয়ামো অন্তৰ্ভুক্ত

এই শৃংখলা অভিক্ৰিয়াত, পৰমাণুৰ বিখণ্ডিত হৈ সৃষ্টি হোৱা অণুসমূহ অন্য ইউৰেনিয়ামৰ পৰমাণুসমূহত খুন্দা মাৰে আৰু বিখণ্ডিত হয় ৷ এই অণুসমূহ এই শৃংখলাবদ্ধ প্ৰক্ৰিয়াত পিছৰ পৰ্যায়ৰ পৰমাণুসমূহক বিভাজিত কৰে ৷ নিউক্লিয়েৰ পাৱাৰ প্লেণ্টত, কণ্ট্ৰল ৰডসমূহ একেৰাহে বিভাজিত কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়, গতিকে ইয়াক অধিক ক্ষিপ্ৰ কৰি তোলাৰ প্ৰয়োজন নাই ৷ ইয়াকে মডাৰেটৰ বুলি কোৱা হয়

এই অভিকৰণৰ দ্বাৰা উষ্ম শক্তি প্ৰদান কৰে ৷ এই উষ্ম শক্তিক ৰিয়েক্টৰৰ মূল অংশত বিশাল পৰিমাণৰ পানী উতলাবলৈ ব্যৱহাৰ কৰা হয় ৷ গতিকে, ইন্ধন জ্বলোৱাৰ পৰিবৰ্তে, পৰমাণু শক্তিক বৃহত্ শক্তিলৈ সলনি কৰিবলৈ শৃংখলাবদ্ধ অভিকৰণৰ দ্বাৰা মুক্ত কৰা শক্তিক নিউক্লিয়েৰ পাৱাৰ প্লেণ্টে ব্যৱহাৰ কৰে ৷ নিউক্লিয়েৰৰ মূল অংশৰ চাৰিও দিশে থকা বৃহত্ জলক পাৱাৰ প্লেণ্টৰ অন্য অংশলৈ পঠিওৱা হয় ৷ ই ভাপ উত্পন্ন কৰিবৰ বাবে পানীৰে পূৰ্ণ পাইপসমূহ গৰম কৰি তোলে ৷ এই ভাপক ইলেক্ট্ৰিচিটি উত্পাদন কৰিবৰ বাবে চলোৱা টাৰ্বাইনত ব্যৱহাৰ কৰা হয়

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate