-
সকলোৰে বাবে ধাৰণশীল শক্তিৰ দিশলৈ
আধুনিক শক্তিৰ সেৱাসমূহৰ অগ্ৰগতিয়েই হৈছে প্ৰগতিৰ মূল উৎস। এখন দেশত শক্তিৰ যোগান যিমানেই বাঢ়িব সিমানেই দেশখন উন্নতিৰ দিশে অগ্ৰসৰ হ’ব। শক্তি সংৰক্ষণ, শক্তিৰ নৱীকৰণযুক্ত সম্পদৰ পৰা উৎপাদন, শক্তিৰ কাৰ্য্যকৰীতা বৃদ্ধি কৰা ইত্যাদি দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতিকে আৱশ্যক।
-
এটা সেউজীয়া পৰিৱেশ গঢ়ি তোলাতো সকলোৰে দায়িত্ব
প্ৰতিজন নাগৰিকে গছ-গছনি সংৰক্ষণৰ উদ্দেশ্যে আগবাঢ়িলেহে ই সম্ভৱ হ’ব। ইয়াৰ ফলত বৰ্তমানে বৃদ্ধি হোৱা গোলকীয় উত্তাপৰ মাত্ৰা কমিব। ই প্ৰতিজন মানুহৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়। আহক আমি সকলোৱে সহযোগিতা আগবঢ়াও এখন সেউজীয়া পৃথিৱী গঢ়াত।
এই গ্ৰাম্য শক্তি পৰ্টেলটোৰ যোগেৰে আমি গ্ৰাম্য শক্তিৰ সকলোবোৰ তথ্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ যাতে এই লিখনিসমূহ পঢ়ি সকলোৱে অনুপ্ৰাণিত হয়। আৰু সকলোৱে যাতে ব্যৱহাৰিকভাৱে এই শক্তিসমূহ প্ৰয়োগ কৰি সুফল পায়।
আমাৰ সূৰ্যটো শক্তিৰ মূল উত্স ৷ ই দিনত আমাৰ ঘৰখন পোহৰাই ৰাখে, আমাৰ কাপোৰ শুকুৱাই আৰু কৃষিজাত সামগ্ৰীসমূহ উত্পাদনত অৰিহনা যোগোৱাৰ লগতে আমাক উমাল কৰি ৰাখে আৰু অন্যান্য বহুতো কামত আমাক শক্তি প্ৰদান কৰে ৷ ইয়াৰ সম্ভাৱনীয়তা আমি ভৱাতকৈ অধিক গুণে বেছি
বৰষুণৰ পানী সংগ্ৰহ কৰি তাক ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰা পদ্ধতিটোৱেই বৰষুণৰ পানী সংৰক্ষণ৷ ই আপোনাৰ ঘৰৰ চালৰ ওপৰত পৰা প্ৰাকৃতিক কোমল আৰু বিশুদ্ধ বৰষুণৰ পানীৰ সহজ সংগ্ৰহ, সংৰক্ষণ আৰু ইয়াৰ নিকাকৰণ পদ্ধতি৷
এই শিতানত পৰিৱেশ সম্পৰ্কীয় বিভিন্ন নীতি/আচঁনি, কিটিপ, প্ৰযুক্তি ইত্যাদিৰ বিষয়ে আলোচনা কৰা হৈছে।
আমাৰ দেশৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে শিক্ষাৰ আধুনিক লক্ষ্যৰ ভূমিকা