মূল পৃষ্ঠা / সমাজ কল্যাণ / শিশু-সাহিত্য আৰু পৰিৱেশ সচেতনতা প্ৰসংগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশু-সাহিত্য আৰু পৰিৱেশ সচেতনতা প্ৰসংগ

অসমীয়া শিশু-সাহিত্যত পৰিৱেশ সচেতনতা প্ৰসংগ (নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকা ‘সেউজী সেউজী’ৰ আধাৰত)

‘অৰুনোদই’ কাকতৰ যোগেদিয়েই আধুনিক অসমীয়া শিশু-সাহিত্যৰ সূচনা হয় বুলিব পাৰি। এই কাকতত প্ৰকাশিত বিভিন্ন ধৰণৰ উপদেশমূলক সাধুকথা, দেশ-বিদেশৰ সাধুকথাৰ অনুবাদ আদিক শিশু-সাহিত্যৰ শাৰীত ধৰিব পাৰি। অৱশ্যে, এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে, অসমীয়া লোকসাহিত্যৰ ভালেখিনি সম্পদ শিশুসকলৰ লগত জড়িত। এই ক্ষেত্ৰত সাধুকথা, নিচুকনি গীত, ল’ৰা-ছোৱালী ওমলোৱা বা ল’ৰা-ছোৱালীয়ে ওমলা গীত, খেল-ধেমালিৰ গীত আদিৰ কথা ক’ব পাৰি। এইবোৰক যথাৰ্থতে শিশু-লোকসাহিত্য বুলিব পাৰি। (বেজবৰাঃ ২০০৪, পৃ. ৩১)

অসমীয়া শিশু-সাহিত্যিকসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ এক আগশাৰীৰ নাম। তেওঁ শিশুসকলৰ বাবে গীত, নাট, কবিতা আদি ৰচনা কৰিছিল। এই আলোচনাত বৰদলৈৰ শিশু-নাটিকা ‘সেউজী সেউজী’ত প্ৰকাশিত পৰিৱশে সচেতনতাৰ বিষয়ে এক চমু বিশ্লেষণ আগবঢ়াবৰ যত্ন কৰা হ’ব।

নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘নতুন অসমীয়া’ কাকতৰ ‘অকণমানিৰ চ’ৰা’ৰ যোগেদি শিশু-সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ এই কাকতত ‘নীলা বাইদেউ’ নামেৰে শিশুসকলৰ বাবে বিভিন্ন লেখা লিখিছিল। নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুসকলৰ বাবে গীত, নাট, কবিতা, সাধু সকলোবোৰ ৰচনা কৰিছিল।

বিষয়বস্তু, প্ৰকাশভংগী আৰু উপস্থাপনশৈলীৰ দিশৰপৰা নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-সাহিত্য মনোৰম। শিশু-মনস্তত্ত্বৰ মনোৰম প্ৰতিফলন তেওঁৰ শিশু-সাহিত্যত বৰ্তমান। শিশুসকলক নৈতিক আৰু মানৱীয় শিক্ষা প্ৰদানৰ লগতে পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন কৰি তোলাৰ প্ৰচেষ্টাও তেওঁৰ শিশু-সাহিত্যত সক্ৰিয়।

নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ কল্পনাৰ নিজা জগতখন ভালদৰে উপলব্ধি কৰিব পাৰিছিল। সেইবাবে তেওঁ কৈছিল— “অভিজ্ঞতাৰ আঘাত আৰু জীৱনৰ বোজা নথকা, যুক্তি আৰু ব্যাকৰণৰপৰা দূৰত থকা শিশুৰ জগতখনক “A big, blooming, buzzing confusion” বুলি ক’ব পাৰি। অসংলগ্ন, উৰি ফুৰা কল্পনাৰ সেই জগতখনত থাকে কেৱল অজস্ৰ বিস্ময় আৰু কৌতূহল।” (বৰদলৈঃ ১৯৮৭, পৃ. ২১) লগতে তেওঁ কৈছিল— “শিশুৰ কাৰণে মানুহৰ জগতৰ লগত জীৱ-জন্তুৰ জগতৰ অকণো পাৰ্থক্য নাই। “বসুধৈৱ কুটুম্বকম্”। উদাহৰণস্বৰূপে চোতালত পৰা শালিকী আছে, ঘৰৰ কাষতে থকা লঠৰা ফুলগছ আছে, মেঘৰ আঁৰত লুকাই থকা ৰ’দালি আছে— এই আটাইবোৰেই শিশু জগতৰ ওমলাৰ লগৰী।” (উল্লিখিত, পৃ. ২৬)

শিশু-মনস্তত্ত্ব সম্পৰ্কে থকা এনে ধাৰণাৰ বাবেই নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-সাহিত্য সাৰ্থক শিশু-সাহিত্য ৰূপে গঢ় লৈ উঠিছিল। গগন চন্দ্ৰ অধিকাৰীয়ে এই প্ৰসংগত এনেদৰে কৈছে— “শিশুৰ নিজস্ব কল্পনাৰ জগতখনৰ লগত একাত্ম হৈ, সিহঁতৰ বিচিত্ৰ কল্পনাৰ গতিপথেৰে চঞ্চল গতিৰে তেওঁ দৌৰিব পাৰিছিল বাবেই কবি, গীতিকাৰ আৰু চিন্তাশীল লেখিকা হৈও শিশু-সাহিত্যিক ৰূপেও বিপুল যশস্যা অৰ্জন কৰিছিল।” (নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰঃ ২০০৫, পৃষ্ঠা সংখ্যা উল্লেখ নাই।)

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটসমূহক দুটা ভাগত ভাগ কৰিব পাৰি—

  • শিশু-গীতিনাট আৰু
  • শিশু-নাটিকা।

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-গীতিনাট দুখন— ‘ৰজা’ আৰু ‘বন্ধু’। ১৯৯৩ চনত নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকাৰ সংকলন ‘হাঁয়, নাৰিকল পিঠা’ আৰু ‘সেউজী সেউজী’ প্ৰকাশিত হয়। দুয়োখনতে দুখনকৈ শিশু-নাটিকা সন্নিৱিষ্ট হৈছে। ‘হাঁয়, নাৰিকল পিঠা’ত অন্তৰ্ভুক্ত নাটিকা দুখন হ’ল— ‘হাঁয়, নাৰিকল পিঠা’ আৰু ‘গান শুনা ভূত’। আনহাতে, ‘সেউজী সেউজী’ত সন্নিৱিষ্ট নাটিকা দুখন হ’ল ‘সেউজী সেউজী’ আৰু ‘ধুনীয়া হাত’।

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু-নাটিকাকেইখনৰ ভিতৰত ‘সেউজী সেউজী’ অন্যতম। এই নাটিকাখনিৰ যোগেদি নাট্যকাৰে শিশুসকলক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিবলৈ যত্ন কৰিছে। ‘সেউজী সেউজী’ নাটিকাখনিৰ অন্তৰ্নিহিত অৰ্থ অতি গভীৰ। আজি অৰণ্য ধ্বংসই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে প্ৰেক্ষাপটত সকলো লোক পৰিৱেশ-সংৰক্ষণৰ প্ৰতি সচেতন হোৱা উচিত আৰু লগতে নিজক জড়িত কৰা উচিত। এই নাটিকাখনিৰ মাজেদি প্ৰকৃতি আৰু মানুহৰ মাজত থকা চিৰন্তন সম্পৰ্কৰ ছবি প্ৰকাশ কৰা হৈছে আৰু বন-সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে কোৱা হৈছে। নাটিকাখনিৰ মূল বক্তব্য হ’ল— গছ থাকিলেহে মানুহ থাকিব। আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ দায়িত্ব এদিন তেওঁলোকে ল’ব লাগিব। তাৰ বাবে এতিয়াই এক বুনিয়াদ তৈয়াৰ কৰা প্ৰয়োজন। এনে কাৰণতে নাটিকাখনিত থকা প্ৰচাৰধৰ্মী গুণক সহজতে আওকাণ কৰিব পাৰি। পৰিৱেশৰ প্ৰতি সকলো মানুহ সচেতন হ’ব পৰাকৈ ভগৱানে যাতে সকলোকে সদ্ মতি দিয়ে, সেই বক্তব্য তথা আশা নাটিকাখনিৰ শেহৰফালে প্ৰকাশিত হৈছে। যেনে―

ডাঙৰ আন এজন ল’ৰাঃ জানা, গছ থাকিলেহে মানুহ থাকিব। আমাক স্কুলত শিকাইছে নহয়। গছৰপৰা কিমান ডাঙৰ ডাঙৰ কাম হয়।

ডাঙৰ অন্য এজন ল’ৰাঃ মানুহ জীয়াই থাকিবলৈ উশাহত অক্সিজেন লাগে জানা। সেইটো গছেহে বতাহত এৰি দিয়ে। গছে বায়ু শোধন কৰে, বিশুদ্ধ কৰে। অক্সিজেন নহ’লে মানুহ মৰিয়ে থাকিব। গছ কটা পাপ।

মানুহঃ অ’ পাপৰ কথা মোকেহে শিকাৱ? চোৰাংকৈ গছ কাটি, বেচি টকা ঘটাবোৰক শিকাব নোৱাৰ?

ল’ৰাঃ আমি আটাইকে ভাল কথা ক’ম, ভাল কথা শিকাম। পঢ়া-শুনা কৰা মানুহৰ এইটোৱেই কাম। বেয়া মানুহৰ বেয়া মন গুচি ভাল মন হ’বৰ কাৰণে ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিম―

ছোৱালী (সুৰত):    ঈশ্বৰ আল্লা তেৰে নাম,

সবকো সদ্ মতি দে ভগৱান।

(উল্লিখিত, পৃ. ৩৫৫)

দুখীয়া মানুহ এজনে খৰিৰ বাবে গছ কাটিবলৈ লওঁতে কেইটামান ল’ৰা আৰু কেইজনীমান ছোৱালীয়ে বাধা দিছে। মধুৰীআম এজোপা কাটিবলৈ খোজা দেখি ছোৱালী এজনীয়ে গছজোপা সাবটি ধৰিছে আৰু চিঞৰি কৈছে― “নাকাটিবা, নাকাটিবা আমাৰ মধুৰীআম। কাটি যদি পেলোৱা আমি কি খাম?” (উল্লিখিত, পৃ. ৩৫৪) মানুহজনে এইবাৰ বকুল এজোপা কাটিবলৈ ওলাইছে। তেতিয়াও সিহঁতে বাধা দিছে। মানুহজনে এই বাধা পাই কৈছে― “গছ নেকাটিলে খৰি পাম ক’ৰ পৰা? ভাত ৰান্ধিম কেনেকৈ? খৰি নেবেচিলে ক’ত পইচা পাম!” (উল্লিখিত, পৃ. ৩৫৫) সমাজত এতিয়াও বহুতো দৰিদ্ৰ লোকে ইন্ধন হিচাপে খৰি ব্যৱহাৰ কৰে, খৰি বিক্ৰী কৰি পৰিয়াল চলায়। গতিকে, মানুহজনৰ সেই কথাখিনি একেবাৰে দলিয়াই দিব পৰা বিধৰ নহয়। ল’ৰা এজনে ইয়াৰ উপায় দিছে সেয়ে এনেদৰে― “ডাল-পাত কাটিবা। গছ জোপাকে কেলেই কাটিবা?” (উল্লিখিত)

সেউজীয়া পৃথিৱী এখন বিচাৰি আজিৰ সকলো শিশুৱে (ভৱিষ্যতৰ নাগৰিক) সমস্বৰে গাইছে―

গছবোৰ কি যে ভাল, কি বিতোপন

আমাৰ বন্ধু গছ গোটেই জীৱন।।

ৰিব্ ৰিব্ জিৰ্ জিৰ্ জিৰ্ জিৰ্ বা

গা জুৰ পৰি যায় গছে দিয়ে ছাঁ।।

লোভনীয়া ৰসে ভৰা পাওঁ কত ফল

ঘৰৰ কিমান কাম কাঠে বাঁহে কৰে

গছৰ জীৱন আছে আমাৰেই দৰে

এজোপা যদিহে কাটো এশজোপা ৰুম

সকলোৱে মিলি

সেউজীয়া অপৰূপা তেহে হ’ব ধৰা

তাতে থাকিম খেলি।।

বাঃ বাঃ বাঃ।।

(উল্লিখিত, পৃ. ৩৫৫-৩৫৬)

পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবেই বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱেশ অধ্যয়ন বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। সৃষ্টিশীল সাহিত্যৰ যোগেদিও পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ অৱকাশ আছে। অৱশ্যে সাহিত্যত পৰিৱেশ সচেতনতা বা সজাগতা সৃষ্টিৰ বাবে পোনপটীয়া প্ৰচেষ্টা দেখিবলৈ পোৱা নাযায়। সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা আৰু অধিক দুখলগা। হয়তো সাহিত্যৰ নন্দনতাত্ত্বিক দিশটো ক্ষতিগ্ৰস্ত হোৱাৰ আশঙ্কা ইয়াৰ লগত জৰিত হৈ আছে। কাৰণ সাহিত্য উদ্দেশ্যধৰ্মী হ’লে ই সৌন্দৰ্য সৃষ্টিতকৈ বিজ্ঞাপনধৰ্মী হৈ উঠাৰ সম্ভাৱনা অধিক। কিন্তু এনে সীমাৱদ্ধতাৰ মাজতো সাহিত্যত পৰিৱেশ সজাগতা সৃষ্টিৰ প্ৰয়াস একেবাৰে নাই বুলি ক’ব নোৱাৰি। এই প্ৰসঙ্গত অসমীয়া সাহিত্যৰ দুগৰাকী প্ৰথিতযশা সৃষ্টিশীল লেখকৰ নাম উল্লেখনীয়। সেই দুগৰাকী হ’ল ভৱেন্দ্ৰনাথ শইকীয়া আৰু শীলভদ্ৰ ওৰফে ৰেৱতীমোহন দত্ত চৌধুৰী। (মজুমদাৰঃ ২০১৬, পৃ. ১২) আমি ইয়াৰ লগত নিৰ্মলপ্ৰভা বৰদলৈৰ নামটোও সংযোগ কৰিব পাৰোঁ। ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ কবিতা আৰু শীলভদ্ৰৰ ‘মিছাকথা’, ‘দেৱশিশু’, ‘ককাদেউতা আৰু নাতিল’ৰা’ চুটিগল্পত সাহিত্যৰ গুণ ক্ষুণ্ণ নোহোৱাকৈ পৰিৱেশ সচেতনতা সম্পৰ্কীয় চিন্তা প্ৰকাশিত হৈছে। বৰদলৈৰ ‘সেউজী সেউজী’ নাটিকাৰ মাজতো সাহিত্যৰ গুণ বিনষ্ট নোহোৱাকৈয়ে পৰিৱেশ সম্পৰ্কীয় চিন্তা-চেতনা প্ৰকাশিত হৈছে। সেয়ে ক’ব পাৰি― ‘ধৰিত্ৰী দিৱস’, ‘বিশ্ব পৰিৱেশ দিৱস’, ‘আলোচনা-চক্ৰ’, ৰঙীণ বিজ্ঞাপন আদিৰ যোগেদি মানুহক পৰিৱেশৰ প্ৰতি যেনেদৰে সজাগ কৰি তুলিব পাৰি; তেনেদৰে সৃষ্টিশীল সাহিত্যৰ যোগেদিও (সাহিত্যৰ গুণ ক্ষুণ্ণ নোহোৱাকৈ) এনে প্ৰচেষ্টা কৰিব পাৰি। (উল্লিখিত, পৃ. ১৫)

—–

গ্ৰন্থপঞ্জীঃ

অসম শিশু সাহিত্য ন্যাস                                                       নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰ, অসম শিশু সাহিত্য ন্যাস, প্ৰথম প্ৰকাশঃ মাৰ্চ, ২০০৫

বৰদলৈ, নিৰ্মলপ্ৰভা                                                            অসমৰ লোক কবিতা, বীণা লাইব্ৰেৰী, গুৱাহাটী, ১৯৮৭

বেজবৰা, নীৰাজনা মহন্ত                                                       লোকতত্ত্ব জিজ্ঞাসা, বনলতা, ডিব্ৰুগড়, প্ৰথম সংস্কৰণঃ এপ্ৰিল, ২০০৪

মজুমদাৰ, বিমল     সাহিত্যঃ তত্ত্ব আৰু সমীক্ষা, জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশঃ আগষ্ট, ২০১৬

 

-মৃদুল মৰাণ।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top