মূল পৃষ্ঠা / সমাজ কল্যাণ / আইনী সাহাৰ্য্য / শিশুক সুৰক্ষা প্ৰদান আইন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুক সুৰক্ষা প্ৰদান আইন :

শিশুক সুৰক্ষা প্ৰদান আইনৰ বিষয়ে লিখা হৈছে ।

 

আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। কাইলৈ যদি আমি এখন সুস্থ-সবল সমাজ চাবলৈ বিচাৰিছোঁ, তেনেহ’লে আজিৰ শিশুসকলক গঢ়িব লাগিব। শাৰীৰিক-মানসিক সকলো দিশৰ পৰা সবল কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগিব। কিন্তু ক্ৰমান্বয়ে দেশত শিশুৰ ওপৰত বাঢ়ি অহা যৌন আক্ৰমণ, যৌন হাৰাশাস্তিৰ ঘটনাবোৰ শংকাৰ সৃষ্টি কৰাই নহয়, এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। এই দিশবোৰ ৰুধিবলৈ চেষ্টা কৰাৰ লগতে শিশুসকলক সুৰক্ষা প্ৰদান কৰাটো আমাৰ প্ৰতিজন নাগৰিকৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য।

শেহতীয়া চৰকাৰী তথ্য অনুসৰি আমাৰ ভাৰতবৰ্ষত প্ৰতি ১৫ মিনিটত এটা শিশু যৌন নিৰ্যাতনৰ বলি হৈ আছে। আৰু আচৰিত ধৰণে National Crime Records Bureauৰ তথ্য অনুসৰি, শিশুৰ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হোৱা লোকৰ ৯৪.৮ শতাংশ লোকেই তেওঁলোকৰ পৰিচিত বা আত্মীয় ব্যক্তি। যাৰ বাবে শিশুটিয়ে বাধা দিবও নাজানে বা নোৱাৰে। যদি নিৰ্যাতনকাৰীয়ে পৰিয়ালৰ খুবেই ঘনিষ্ঠ হয়, তেতিয়া শিশুটিয়ে ভয় বা আন কাৰণত বেলেগৰ আগত কথাটো খোলাখুলিকৈ ক’বলৈ কুন্ঠাবোধ কৰে। যাৰ ফলত তেনে শিশুৱে ভয়, উৎকণ্ঠা, হতাশাত ভোগে। শৈশৱৰ সেই অপৰিপক সময়খিনিতে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা ল’ৰা বা ছোৱালী এগৰাকী শাৰীৰিক বা মানসিক দুইধৰণে বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। এইখিনিতে ক’ব লাগিব যে কেৱল ধৰ্ষণকে যে যৌন নিৰ্যাতন বুলি ধৰা হয়, তেনে নহয়। যৌন অভিপ্ৰায়েৰে শিশুৰ দেহত স্পৰ্শ কৰা, শিশুৰ সন্মুখত যৌন সম্পৰ্কীয় কথা পাতি বা স্পৰ্শ কৰি তেনে কোনো অসামাজিক কামত লিপ্ত হ’বলৈ উদ্বুদ্ধ কৰা, যৌনাংগ দেখুওৱা, যৌন সম্পৰ্কীয় ছবি দেখুওৱা, এনেধৰণৰ সকলোবোৰকে যৌন নিৰ্যাতন বুলি ধৰা হয়। এই সকলোবোৰৰ ওপৰত ভিত্তি কৰিয়ে ১৮ বছৰৰ তলৰ শিশুকে যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু পৰ্ন’গ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা হয় যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন ২০১২। National Crime Records Bureau ৰ তথ্য অনুসৰি, এই আইনৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ২০১৪ চনত আছিল ৮,৯০৪টা আৰু ২০১৫ চনত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ১৪,৯১৩টা। আনহাতে, ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত শিশু ধৰ্ষণৰ অপৰাধত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ২০১৪ চনত আছিল ১৩,৭৬৬টা আৰু ২০১৫ চনত হ’লগৈ ১০,৮৫৪টা। এনেদৰে চালে দেখা যায় যে এনে অপৰাধৰ সংখ্যা কমি যোৱা নাই, বৰঞ্চ প্ৰতিবছৰে এক ভাবিব নোৱাৰা হাৰত বৃদ্ধি পাইছে।

এনে যৌন আক্ৰমণৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা এই যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন ২০১২ৰ অধীনত অপৰাধীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে আৰু অপৰাধ কিমান গুৰুতৰ, তাৰ ওপৰত ভিত্তি কৰি শাস্তিৰ পৰিমাণ নিৰ্ণয় কৰা হৈছে।

আইনখনে নিৰ্ধাৰণ কৰা অপৰাধ আৰু শাস্তিৰ ব্যৱস্থাসমূহ হ’ল -

১. বলপূৰ্বক অন্তৰ্গমনমূলক যৌন আক্ৰমণৰ অপৰাধত কমেও সাত বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনা।

২. গুৰুতৰ বলপূৰ্বক অন্তৰ্গমনমূলক যৌন আক্ৰমণৰ অপৰাধত কমেও দহ বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনা।

৩. যৌন নিৰ্যাতনৰ অপৰাধত কমেও তিনি বছৰৰ কাৰাদণ্ড আৰু জৰিমনা।

৪. গুৰুতৰ যৌন নিৰ্যাতনৰ অপৰাধত কমেও পাঁচ বছৰলৈ কাৰাদণ্ড, যি সাত বছৰলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনা।

৫. শিশুক পৰ্ন’গ্ৰাফীৰ উদ্দেশ্যত ব্যৱহাৰৰ অপৰাধত আইনখনৰ বিভিন্ন ধাৰা অনুসৰি অপৰাধৰ ভাগ অনুযায়ী কাৰাদণ্ড বা জৰিমনাৰ ব্যৱস্থা আছে।

আকৌ যদি শিশুৰ বাবে বিশ্বাসযোগ্য অথবা শিশুৰ কৰ্তৃত্ব ল’ব পৰা ব্যক্তিয়ে অপৰাধ সংঘটিত কৰে, তেন্তে সেই অপৰাধক গুৰুতৰ অপৰাধক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। এনে লোকসকলৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা লোকসকল হ’ল-

১. আৰক্ষী বিষয়া।

২. নিৰাপত্তাৰক্ষী বাহিনীসমূহৰ সদস্য।

৩. জনসেৱক।

৪. শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ পৰিচালক বা কৰ্মচাৰী।

৫. চিকিৎসালয়ৰ কৰ্মচাৰী(চৰকাৰী বা বেচৰকাৰী)।

৬. কাৰাগাৰ, শিশুৰ যত্ন আৰু সুৰক্ষা গৃহৰ তত্ত্বাৱধায়ক।

৭. কোনো বিশ্বাসযোগ্য কৰ্তৃপক্ষ বা সংঘ পৰিচালক বা কৰ্মচাৰী ইত্যাদি।

আইনখনৰ অধীনলৈ অহা অপৰাধসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে। অপৰাধসমূহৰ বাতৰি পৰিৱেশন, সাক্ষ্য গ্ৰহণ, তদন্ত আৰু বিচাৰৰ ক্ষেত্ৰত আইনখনে শিশুৰ সহায়ক প্ৰক্ৰিয়া অনুসৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

শিশুৰ সহায়ক প্ৰক্ৰিয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে -

১. শিশুটোৰ বাসগৃহতেই অথবা তাৰ পছন্দৰ আন যিকোনো স্থানত তাৰ সাক্ষ্যগ্ৰহণৰ ব্যৱস্থা। এই কামৰ বাবে অগ্ৰাধিকাৰ পাব কমেও ছাব ইন্সপেক্টৰ পদবীধাৰী এগৰাকী মহিলা আৰক্ষী বিষয়াই।

২. কোনো শিশুকেই কোনো কাৰণতে নিশাৰ ভাগত আৰক্ষী থানাত আটক কৰি ৰাখিব পৰা নাযাব।

৩. শিশুটোৰ সাক্ষ্যগ্ৰহণৰ সময়ত আৰক্ষী বিষয়াই ইউনিফৰ্ম পৰিধান কৰা অৱস্থাত নাথাকিব।

৪. শিশুটোৰ আৱশ্যকীয়তা অনুসৰি এগৰকী দোভাষী বা বিশেষজ্ঞৰ সহায় ল’ব।

৫. যদি শিশুটো প্ৰতিবন্ধী হয়, তেন্তে এজন বিষয়ে জ্ঞাত যিকোনো ব্যক্তিৰ সহায় ল’ব।

৬. শিশুটোৰ পিতৃ-মাতৃ বা শিশুটোৱে বিশ্বাস কৰা আন যিকোনো লোকৰ উপস্থিতিহে শিশুটোৰ স্বাস্থ্য পৰীক্ষা কৰা যায়।

৭. যদি নিৰ্যাতনৰ বলি কন্যা শিশু হয়, তেন্তে মহিলা চিকিৎসকেহে শিশুটোৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব।

৮. সাক্ষ্যগ্ৰহণৰ সময়ত শিশুটোক বাৰে বাৰে সাক্ষ্যগ্ৰহণৰ বাবে আদালতলৈ মাতিব নোৱাৰিব।

৯. সংবাদ মাধ্যম, ষ্টুডিঅ’ আৰু অন্যান্য বাতৰিসমূহত যাতে শিশুটোৰ যৌন নিৰ্যাতন প্ৰকাশ নহয়, তাৰ প্ৰতি চকু দিব লাগে।

আইনখন বলৱতকৰণৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত অনুষ্ঠানসমূহ হ’ল ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু ৰাজ্যিক শিশু অধিকা সুৰক্ষা আয়োগসমূহ।

এনেবোৰ সুন্দৰ আইনী ব্যৱস্থা থকাৰ পাছতো কিন্তু বহু লোকেই এইক্ষেত্ৰত অজ্ঞ। গতিকে জনাসকলে ৰাইজৰ মাজত সচেতনতা আনিব লাগে।

এইখিনিতে প্ৰসংগক্ৰমে আন এটা কথা উল্লেখ কৰাটো প্ৰয়োজনীয়। আইন আছে ঠিকেই। আইনৰ দৃষ্টিত অপৰাধী হ’লে শাস্তি অনিবাৰ্য। কিন্তু প্ৰকৃততে সুস্থ শিশুৰ সৈতে এখন সুন্দৰ দেশৰ যদি আমি কামনা কৰোঁ, তেন্তে এই প্ৰক্ৰিয়ালৈ যোৱাতকৈ আচলতে এটি শিশু যাতে এনে অমানৱীয় আচৰণৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে চেষ্টা কৰাটোহে পিতৃ-মাতৃ বা অভিভাৱকসকলৰ দায়িত্ব আৰু কৰ্তব্য। দেখা যায় যে কৰ্তব্য বা জীৱনটো উদযাপন কৰাৰ খাতিৰত দিনটোৰ বেছিভাগ সময়ে বহু পিতৃ-মাতৃ দুয়োজনেই সন্তানৰ পৰা আঁতৰি সম্পৰ্কে জানিবলৈ সময়ে নহয়গৈ। এনে অমনোযোগিতাৰ সুবিধাতো বহু শিশুৰ জীৱনলৈ অন্ধকাৰ নামি আহে।

পিতৃ-মাতৃ বা অভিভাৱকসকলে কেইটামান কথাত মনোযোগ দিয়াটো অত্যন্ত প্ৰয়োজনীয় -

১. অত্যন্ত ব্যস্ততাৰ অন্ততো বন্ধুত্বসুলভ পৰিৱেশ এটাৰ সৃষ্টি কৰি আপোনাৰ লগত সহজ হোৱাৰ সুযোগ দিয়ক।

২. শিশুটোৰ দৈনিক কাৰ্যসূচী, বন্ধুবৰ্গৰ বিষয়ে খবৰ লওক।

৩. খেলা-ধূলা কৰিবলৈ যাওঁতে কেনেধৰণৰ বিষয় বা বস্তু খেলাৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছে, সেই বিষয়ে পৰ্যবেক্ষণ কৰক। কোনোবা যদি তদাৰকী হিচাপেও আছে তেওঁৰ পৰিচালনা বা আচৰণ সম্পৰ্কেও জানি থওক।

৪. আজিকালি ইন্টাৰনেট, টুইটাৰ, ফুচবুৰ যুগত সহজতে যিকোনো বস্তু উপলব্ধ হোৱাৰ দিনত শিশু এটাই যদি বহু সময় ম’বাইল বা কম্পিউটাৰৰ সৈতে সময় কটাইছে, তেন্তে কিহৰ সৈতে সময় কটাইছে মন কৰক। অথবা সম্পৰ্কীয় কোনোবায়ো যদি ম’বাইলত কিবা দেখুৱাই আছে, তেন্তে তাকো অনুসন্ধান কৰক।

৫. যদি কোনোবা নিকটাত্মীয় ঘৰলৈ আহোঁতে তেওঁৰ ওচৰলৈ যাবলৈ শিশুটোৱে ইতস্ততঃবোধ কৰিছে বা ভয় খাইছে, তেনেহ’লে জোৰ নকৰিব। নিৰ্দিষ্ট ব্যক্তিজন যোৱাৰ পাছত ইয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰক।

৬. সৰু ল’ৰা-ছোৱালী বুলি য’তে-ত’তে কাপোৰ সলাবলৈ নিদিব।

৭. যদি শিশুটোৱে আন দিনতকৈ বেলেগ আচৰণ কৰিছে বা খুব কথা কোৱা শিশুটোৱে কথা ক’বলৈ ক্ৰমান্বয়ে কমাই দিছে, তেন্তে সচেতন হওক আৰু কৌশলেৰে ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা কৰক।

৮. কোনো ব্যক্তিয়ে দেহৰ ক’ত স্পৰ্শ কৰিলে বেয়া ইংগিত দিয়ে, ক’ত স্পৰ্শ কৰিলে ভাল ইংগিত দিয়ে তাক স্পষ্টকে শিকাওক।

৯. যিকোনো এনেধৰণৰ নেতিবাচক ঘটনা হ’লে তৎকালে কাক ক’ব লাগে, বিশ্বাসী কোন, অবিশ্বাসী কোন সেয়া ভালকৈ বুজাওক।

১০. যদি একান্তই শিশুটো ঘৰত অকলশৰীয়াকৈ থাকিবই লাগে, তেন্তে কিছুমান নিয়ম বান্ধি দিয়ক। ক’ত যাব লাগে, ক’ত যাব নালাগেচ, কোন আহিলে কি কৰিব। জতাৰ পাছতো নহ’বলগীয় কিবা হ’লে পিতৃ-মাতৃ বা অভিভাৱকৰ লগত তৎকালীন যোগাযোগ কি হ’ব বা ঘৰটোৰ ভিতৰতে তেনে কোনো ব্যৱস্থা হ’ব পাৰে নেকি এই সকলোবোৰৰ বিষয়ে সজাগ আৰু সচেতন হওক।

১১. সন্তান বা শিশুৰ প্ৰতি সংবেদনশীল হওক। মনত ৰখাটো ভাল যে অত্যধিক অনুশাসনেও শিশুক বিপথে পৰিচালিত কৰিব পাৰে। আনহাতে, অবুজ বুলি অস্তিত্বক উপেক্ষা কৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত জীৱনৰ স’তে একাত্ম কৰিলেও বিপথে পৰিচালিত হ’ব পাৰে।

মুঠৰ ওপৰত এখন সুস্থ-সবল সমাজ বা দেশ পাবলৈ হ’লে আজিৰ শিশুসকলক গুৰুত্বসহকাৰে গঢ়ি তুলিবই লাগিব। শিশু সুৰক্ষাৰ ক্ষেত্ৰত আইনী ব্যৱস্থাটো সুন্দৰভাৱে সম্পাদন হ’বই লাগিব। আৰু ন্যায় ব্যৱস্থা বা আইন সম্পৰ্কে সচেতনতা নথকা লোকসকলেও যাতে এই সুবিধা আদায় কৰিব পাৰে তাৰ বাবে জনাসকলৰ সহায়-সহযোগিতা লাগিব। কিন্তু তাতকৈও শিশুসকলৰ পিতৃ-মাতৃ, অভিভাৱক আপোনালোকসকলৰ তেওঁলোকৰ প্ৰতি দায়বদ্ধতা বা দায়িত্ববোধ থকাটো বেছি গুৰুত্বপূৰ্ণ।

উৎস: সুকন্যা(লিউচিন্যা বৰচেতিয়া)

2.88461538462
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top