মূল পৃষ্ঠা / সমাজ কল্যাণ / এনৰেগা / এনৰেগা আঁচনিখনৰ উদ্দেশ্য আৰু গুৰুত্বপূৰ্ণ দিশ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এনৰেগা আঁচনিখনৰ উদ্দেশ্য আৰু গুৰুত্বপূৰ্ণ দিশ

এনৰেগা আঁচনিখনৰ উদ্দেশ্য আৰু গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন (এনৰেগা) ৰ অধিসূচনা জাৰি কৰা হৈছিল ২০০৫ চনৰ ৭ ছেপ্টেম্বৰত।

১.১ এনৰেগা আঁচনিখনৰ উদ্দেশ্য

অশৈলীগত কামৰ প্ৰতি আগ্ৰহী গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ প্ৰাপ্তবয়স্ক লোকসকলক এটা বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ মজুৰিভিত্তিক নিশ্চিত নিয়োগৰ সুবিধাৰে গ্ৰামাঞ্চলত জীৱন ধাৰণৰ নিৰাপত্তা বৃদ্ধি কৰাই হ’ল এই আইনৰ উদ্দেশ্য।

১.২ এনৰেগাৰ লক্ষ্য:

ক) নিয়োগৰ অন্যান্য বিকল্পসমূহৰ অভাৱ পৰ্য্যাপ্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত নিয়োগৰ উৎসৰ সুবিধা আগবঢ়াই দুৰ্বল গোটবোৰৰ মাজত  শক্তিশালী সামাজিক সুৰক্ষাৰ সম্পৰ্ক গঠন কৰা।

খ) কৃষিভিত্তিক অৰ্থনীতিৰ অবিৰত বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ। দীৰ্ঘম্যাদী দৰিদ্ৰতাৰ কাৰণ হিচাপে পৰিগণিত খৰাং, বনাঞ্চল ধ্বংস, ভূমি ক্ষয় আদিৰ দৰে সমস্যা সমাধানৰ সৈতে জড়িত কামৰ দ্বাৰা কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰাৰ পৰিপ্ৰেক্ষিতত এই আইনখনে গ্ৰাম্য জীৱন যাত্ৰাৰ প্ৰকৃতিৰ সম্পদৰ ভেটি সুদৃঢ় কৰাৰ লগতে গ্ৰামাঞ্চলত স্থায়ী সম্পদৰ সৃষ্টি কৰে। এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰিব পাৰিলে জনসাধাৰণৰ পৰা দৰিদ্ৰতা দূৰ কৰিবলৈ সক্ষম হ’ব।

গ) অধিকাৰভিত্তিক আইনৰ প্ৰক্ৰিয়াৰে গ্ৰামাঞ্চলীয় দৰিদ্ৰ জনতাৰ সৱলীকৰণ।

ঘ) পৰিচালনা সংস্কাৰৰ আৰ্হি হিচাপে ব্যৱসায়ৰ নতুন পথ সৃষ্টি, যাৰ ভিত্তি হ’ব স্বচ্ছতা আৰু তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ।

এনেদৰে, প্ৰাথমিক মজুৰিৰ নিৰাপত্তা তথা গ্ৰাম্য অৰ্থনীতিক গণতন্ত্ৰৰ পৰিৱৰ্তনশীল সৱলীকৰণ প্ৰক্ৰিয়াৰে সক্ৰিয়কৰণৰ পৰিৱেশ সৃষ্টিত এনৰেগাই অৰিহণা যোগায়।

১.৩ পৰিসীমা

২০০৬ চনৰ ২ ফেব্ৰুৱাৰীত জাৰি কৰা অধিসূচনাৰ জৰিয়তে আইনখন প্ৰথম পৰ্য্যায়ত ২০০ খন জিলাত প্ৰৱৰ্তন কৰা হয় আৰু তাৰ পাছত ২০০৭-০৮ বিত্তীয় বৰ্ষত অতিৰিক্ত ১৩০ খন জিলালৈ সম্প্ৰসাৰিত কৰা হয় (২০০৭ চনৰ ১ এপ্ৰিলত জাৰি কৰা অধিসূচনাৰে ১১৩ জিলাক সামৰি লোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ ১৭ খন জিলাত অধিসূচনা জাৰি কৰা হৈছিল ২০০৭ চনৰ ১৫ মে’ত)। বাকী জিলাবোৰক ২০০৮ চনৰ এক এপ্ৰিলত জাৰি কৰা অধিসূচনাৰে এনৰেগাৰ অধীনলৈ নিয়া হয়। অৰ্থাৎ ১০০ শতাংশ চহৰীয়া জনসংখ্যা বিশিষ্ট জিলাবোৰৰ বাহিৰে দেশৰ বাকী সকলো জিলাকে এনৰেগাই সামৰি লৈছে।

১.৪ এনৰেগা আঁচনিখনৰ প্ৰধান বৈশিষ্ট্যসমূহ

১) অশৈলীগত শাৰীৰিক কামৰ বাবে আগ্ৰহী গ্ৰামাঞ্চলীয় পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলে পঞ্জীয়নৰ বাবে লিখিত বা মৌখিকভাৱে স্থানীয় গাঁও পঞ্চায়তত আবেদন জনাব পাৰে।

২) সত্যতা নিৰূপণ যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত গাঁও পঞ্চায়তে জব কাৰ্ড আগবঢ়াব। এনৰেগাৰ অধীনত কাম কৰিবলৈ ইচ্ছুক পৰিয়ালটোৰ প্ৰতিজন প্ৰাপ্তবয়স্ক সদস্যৰে ফটো জবকাৰ্ডত থাকিব। জব কাৰ্ডখন বিনামূলীয়াকৈ আগবঢ়োৱা হ’ব।

৩) আবেদন দাখিলৰ ১৫ দিনৰ ভিতৰতে জবকাৰ্ড জাৰি কৰিব লাগিব।

৪) জবকাৰ্ড লাভ কৰা লোক এজনে কৰিব বিচৰা কামৰ সময় আৰু ম্যাদৰ বিষয়ে উল্লেখ কৰি নিয়োগৰ বাবে গাঁও পঞ্চায়তত লিখিত আবেদন দাখিল কৰিব পাৰে। ন্যূনতম ১৪ দিনৰ বাবে নিয়োগৰ সুবিধা আগবঢ়াব লাগে।

৫) নিয়োগৰ বাবে দাখিল কৰা লিখিত আবেদনৰ বিপৰীতে গাঁও পঞ্চায়তে তাৰিখযুক্ত ৰছিদ দিব আৰু তাৰ বিপৰীতে ১৫ দিনৰ ভিতৰত নিয়োগৰ নিশ্চিতি কাৰ্যকৰী হ’ব।

৬) কামৰ বাবে আবেদন জনোৱাৰ ১৫ দিনৰ ভিতৰত নিযুক্তি দিব লাগিব। যদি সেয়া নহয়গৈ তেন্তে আইনখনৰ আধাৰত দৈনিক নিবনুৱা ভাট্টা দিব লাগিব। নিবনুৱা ভাট্টা প্ৰদানৰ দায়িত্ব ৰাজ্যসমূহৰ ওপৰত ন্যস্ত থাকিব।

৭) গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সাধাৰণতে কামৰ সুবিধা আগবঢ়াব লাগিব। কিন্তু পাঁচ কিলোমিটাৰতকৈ অধিক দূৰত্বত কাম কৰিবলগীয়া হ’লে যাতায়ত আৰু জীৱন ধাৰণৰ বৰ্ধিত খৰচৰ বাবদ অতিৰিক্ত ১০ শতাংশ মজুৰি দিব লাগিব।

৮) কেন্দ্ৰীয় চৰকাৰে মজুৰিৰ নিৰিখ (প্ৰতিদিনে ৬০ টকাতকৈ কম নহয়) সম্পৰ্কীয় অধিসূচনা জাৰি নকৰিলে ৰাজ্যৰ কৃষি শ্ৰমিকৰ বাবে থকা ন্যূনতম মজুৰি আইন, ১৯৪৮ ৰ আধাৰত মজুৰি দিব লাগিব। পুৰুষ, মহিলা উভয়কে সমান মজুৰি দিব লাগিব।

৯) অংশকালীন অথবা দৈনিক নিৰিখ অনুসৰি মজুৰি প্ৰদান কৰিব লাগিব। সাপ্তাহিকভিত্তিক মজুৰি আগবঢ়াব লাগিব। এই ক্ষেত্ৰত কোনো কাৰণতে এপষেক অধিক পলম হ’ব নোৱাৰিব।

১০) হিতাধিকাৰীসকলৰ মাজৰ এক-তৃতীয়াংশ হ’ব লাগিব মহিলা। অৱশ্যে তেওঁলোকে উক্ত আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰাই কামৰ বাবে আবেদন জনোৱা হ’ব লাগিব।

১১) কৰ্মস্থলীত শিশু ৰখা ঘৰ, খোৱা পানী, জিৰণিৰ ঠাই আদিৰ সুবিধা আগবঢ়াব লাগিব।

১২) এখন গাঁৱৰ বাবে বিভিন্ন প্ৰকল্প সন্দৰ্ভত গাঁও সভাই নিৰ্বাচন কৰাৰ পিছত সেই প্ৰকল্প সমূহ জিলা পঞ্চায়তে অনুমোদন জনাব লাগিব।

১৩) কমেও ৫০ শতাংশ কাম গাঁও পঞ্চায়তক সম্পাদনৰ বাবে আবন্টন দিয়া হ’ব।

১৪) অনুমোদিত কামবোৰৰ ভিতৰত অন্যতম হ’ল ভূমি আৰু জিলা সংৰক্ষণ, বনানীকৰণ আৰু ভূমি উন্নয়ন।

১৫) মজুৰি আৰু সা-সামগ্ৰীৰ ক্ষেত্ৰত ৬০:৪০ অনুপাত মানি চলিব লাগিব। কোনো ঠিকাদাৰ আৰু যন্ত্ৰ প্ৰয়োগৰ অনুমতি নাথাকিব।

১৬) অদক্ষ তথা দৈহিক শ্ৰমৰ ১০০ শতাংশ মজুৰি কেন্দ্ৰই বহন কৰিব। তেনেদৰে দক্ষ আৰু আংশিক দক্ষ শ্ৰমিকৰ মজুৰিকে ধৰি সা-সামগ্ৰীৰ বাবে ব্যয়ৰ ৭৫ শতাংশও কেন্দ্ৰই বহন কৰিব।

১৭) গাঁও সভাৰ জৰিয়তে সামাজিক হিচাপ পৰীক্ষণ কৰোৱাব লাগিব।

১৮) ওজৰ আপত্তি সমূহৰ ক্ষিপ্ৰ নিষ্পত্তি কৰিবৰ এক সুপৰিকল্পিত ব্যৱস্থাৰ নিশ্চিতকৰণ কৰা।

১৯) আঁচনিৰ সৈতে সম্পৰ্কত থকা সকলো হিচাপ আৰু তথ্যপাতি ৰাজহুৱা পৰীক্ষণৰ বাবে উপলব্ধ কৰিব লাগিব।

১.৫ মজুৰিভিত্তিক নিয়োগ কাৰ্য্যসূচীৰে পৰা নিদৰ্শনমূলক পৰিৱৰ্তন

এনৰেগাই পূৰ্বৰ সকলোধৰণৰ মজুৰিভিত্তিক নিয়োগ কাৰ্য্যসূচীৰে পৰা নিদৰ্শনমূলক পৰিৱৰ্তন সূচনা কৰিছে। এই নিদৰ্শনমূলক পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ দিশবোৰ তলত উল্লেখ কৰা হ’ল।

১) মজুৰিভিত্তিক নিয়োগৰ এক স্থায়ী নিশ্চিত এনৰেগাই আগবঢ়ায়।

২) মজুৰিভিত্তিক নিয়োগৰ ক্ষেত্ৰত ই এক অধিকাৰভিত্তিক ব্যৱস্থা আগবঢ়ায়। এই আইনখনত পঞ্জীয়ন কৰোৱা, জব কাৰ্ড লাভ তথা শ্ৰমিক জনৰ সময় আৰু সুবিধা অনুযায়ী কাম বিচৰা এই আঁচনিখনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।

৩) নিযুক্তি দিয়াৰ ক্ষেত্ৰত থকা আইনগত নিশ্চিত কাৰ্য্যকৰী কৰাৰ বাবে ১৫ দিনৰ সময়সীমা থাকিব।

৪) সময়ভিত্তিক নিয়োগৰ সুবিধা আগবঢ়োৱাৰ আইনগত অধিকাৰৰ বিপৰীতে নিবনুৱা ভাট্টাৰ ব্যৱস্থা।

৫) নিয়োগৰ সুবিধাৰ বিপৰীতে ৰাজ্যবোৰক অনুদান গাঁথনি আগবঢ়োৱাৰ উদ্দেশ্যে এই আইনখন যুগুত কৰা হৈছে। কাৰণ নিয়োগৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত হোৱা ব্যয়ৰ ৯০ শতাংশ কেন্দ্ৰই বহন কৰে।

৬) অনুমোদনৰ ওপৰত আধাৰিত পূৰ্বৰ মজুৰিভিত্তিক নিয়োগ কাৰ্য্যসূচীবোৰৰ বিপৰীতে এনৰেগা পৰিচালিত হয় চাহিদাৰ ভিত্তিত। এনৰেগাৰ অধীনত সম্পদৰ হস্তান্তৰ কৰা হয় নিয়োগৰ চাহিদাৰ ভিত্তিত। ইয়াৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ লোকৰ নিয়োগৰ প্ৰয়োজনীয়তা পূৰণেৰে উক্ত আইন কাৰ্য্যকৰী কৰাৰ বাবে আন এক গুৰুত্বপূৰ্ণ অনুদান ৰাজ্যবোৰে লাভ কৰে।

৭) এনৰেগাৰ অন্তৰ্ভূক্ত হৈ আছে স্বচ্ছতাৰ ভালে সংখ্যা সুৰক্ষা ব্যৱস্থা।

ক) তথ্য: জব কাৰ্ডৰ তথ্যপাতি (শ্ৰমিকৰ লগত থাকিব), নিযুক্তিৰ বাবে লিখিত আবেদন, মাষ্টাৰৰোল, জোখ-মাপ বহী আৰু সম্পদৰ পঞ্জীয়ন বহী।

খ) প্ৰক্ৰিয়া: নিয়োগৰ আবেদন গ্ৰহণ, তাৰিখ সম্বলিত ৰছিদ প্ৰদান, সময়ভিত্তিক কামৰ আবন্টন আৰু মজুৰি প্ৰদান, কৰ্মস্থলীত নাগৰিকৰ বাবে তথ্য ফলকৰ ব্যৱস্থা, তদাৰক আৰু নিৰীক্ষণ সমিতি, ব্লক, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত নিয়মীয়া পৰিদৰ্শন আৰু সামাজিক হিচাপ পৰীক্ষণ।

৮) এই আইনখন ৰূপায়ণ কৰাত বিভিন্ন পৰ্য্যায়ত সকলোৰে দায়বদ্ধ নিশ্চিত কৰা হৈছে কাৰণ, এনৰেগাৰ ফলাফল সম্পৰ্কীয় এক বাৰ্ষিক প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে সংসদত আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰিব লাগে। উক্ত আইনৰ অধীনস্থ নিশ্চিত কাৰ্য্যকৰীকৰণৰ বাবে আইনখনৰ ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ব্যক্তিগত দায়বদ্ধতা আইনগতভাৱে নিশ্চিত কৰা হৈছে।

১.৬ ৰাজ্যিক ভিত্তিক নিয়োগ নিশ্চিত আঁচনি প্ৰস্ততকৰণ

আইনখনৰ ৪ নং অনুচ্ছেদৰ অধীনত ৰাজ্য চৰকাৰে আইনখনৰ প্ৰথম আৰু দ্বিতীয় অনুসূচিত সন্নিৱিষ্ট আইনগতভাৱে অপৰিৱৰ্তনীয় দিশবোৰৰ সৈতে সংগতি ৰাখি আঁচনিখন প্ৰস্তুত কৰিব। তদুপৰি নীতি-নিৰ্দেশনাত স্পষ্ট কৰি দিয়া কাৰ্য্যকৰী দিশবোৰৰ সৈতেও আঁচনিবোৰৰ সংগতি থাকিব লাগিব। এই প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰি উলিওৱা আঁচনিক ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এন আৰ ই জি এছ) বুলি অভিহিত কৰাৰ লগতে সংশ্লিষ্ট ৰাজ্যখনৰ নাম সংযোজিত হ’ব। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাম আৰু প্ৰতীক বাধ্যতামূলক। এই প্ৰতীকসমূহ এনৰেগাৰ সজাগতা বৃদ্ধিৰ বাবে লোৱা পদক্ষেপ আৰু কামৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। আইনখন নিৰ্ধাৰণ কৰি দিয়া মতে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ব্যয় ভগাই লৈ কেন্দ্ৰৰ দ্বাৰা স্পনছ’ৰ কৰা আঁচনি হিচাপে আঁচনিখন ৰূপায়ণ কৰিব লাগিব।

গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিয়ে সামৰি ল’বলগীয়া অত্যাৱশীয় বৈশিষ্ট্যসমূহ পৰিশিষ্ট এ-১ ৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে।

উৎস: অসম চৰকাৰ।

3.01694915254
নীলকমল নাথ Sep 21, 2017 07:55 AM

এবছৰ হৈ যোৱাৰ পিছতো এনৰেগাৰ মজুৰী সমূহ সম্পূৰ্ণৰূপে পোৱা নাই ইয়াৰ বাবে B D Oৰ ওচৰতR T I আবেদনো কৰিছিলোঁ কিন্তু এমাহৰ পিছতো কোনো উত্তৰ নাহিল আমাক কোনোবাই সহায় কৰিব নে?এতিয়া আমাক আপোনালোকৰ সহায় লাগে

চন্দ্ৰ কান্ত বৰ্‍‍ৱা Sep 11, 2016 03:55 PM

এনৰেগা আচঁনিখন বৰ্তমান সফল ভাবে ৰ্ৰপায়ন হোৱা নাই ৷ এচাম লোকে গাও্ঁৰ দৰিদ্ৰ, অশিক্ষিত লোক সকলৰ পৰা জব কাৰ্ড ওলিয়াই তেওঁ লোকৰ নামত কাম কৰা দেখুয়াই এই চাম লোকে টকা বোৰ আত্নসাত কৰি আহিছে ৷ এই ৰ্দুনীতি পৰায়ন লোক সকলৰ ভিতৰত অতি গভীৰ ভাবে জৰিত হৈ আছে গাঁও পঞ্চায়ত সভাপতি, উপ সভাপতি,সদস্্ৰ সকৰ লগতে ঠিকাদাৰ সকল ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top